November 24, 2025 7:47 PM November 24, 2025 7:47 PM
6
কাছাৰ জিলাৰ ধলাই সমজিলাত অসম-মিজোৰাম সীমান্ত উৎসৱ অনুষ্ঠিত
অসম আৰু মিজোৰামৰ সীমান্তৱৰ্তী জনগোষ্ঠীসমূহৰ মাজত সৌহাৰ্যপূৰ্ণ সম্পৰ্কৰ বান্ধোন সুদৃঢ় কৰাৰ লগতে সংস্কৃতি আৰু ক্ৰীড়া ক্ষেত্ৰতো আন্তঃসম্পর্ক উন্নত কৰাৰ লক্ষ্যৰে আজি কাছাৰ জিলাৰ ধলাই সমজিলাত অসম-মিজোৰাম সীমান্ত উৎসৱ অনুষ্ঠিত হয়। জিলা প্ৰশাসনৰ উদ্যোগত ছেলে ফিল্ডত আয়োজন কৰা এই উৎসৱত ৰাজ্য দুখনৰ বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতি প্ৰদৰ্শন কৰা হয়। ৰাজ্য দুখনৰ কৃষ্টি-সংস্কৃতি সমজোৱাকৈ তুলি ধৰিবলৈ বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য, নৃত্য, সাজ-পোচাক ইত্যাদি এই উৎসৱত প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত কাছাৰ জিলাৰ আয়ুক্...