November 29, 2025 6:49 PM November 29, 2025 6:49 PM

views 9

অসমত ২০১৯ চনৰ পৰা বৰ্তমানলৈকে ৪৩০ জন চৰকাৰী বিষয়া কৰ্মচাৰীক দুৰ্ণীতি নিবাৰণ আইনৰ অধীনত গ্ৰেপ্তাৰ

● অসমত ২০১৯ চনৰ পৰা বৰ্তমানলৈকে ৪৩০ জন চৰকাৰী বিষয়া কৰ্মচাৰীক দুৰ্ণীতি নিবাৰণ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে ভিতৰত অসম আৰক্ষীৰ দূৰ্ণীতি নিবাৰক আৰু তদাৰক শাখাই ৩০২ জনক মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ শাখাই ৮৮ জন আৰু আৰক্ষীয়ে ৪০ জন বিষয়া কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে। অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ আজি অন্তিম দিনা বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ এটা প্রশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰে।

November 29, 2025 5:27 PM November 29, 2025 5:27 PM

views 8

ডিট্‌ৱা নামৰ ঘূৰ্ণী বতাহৰ প্ৰভাৱত শ্ৰীলংকাত নেৰা-নেপেৰা বৰষুণ

■ ডিট্‌ৱা নামৰ ঘূৰ্ণী বতাহৰ প্ৰভাৱত হোৱা নেৰা-নেপেৰা বৰষুণৰ বাবে শ্ৰীলংকাৰ ভালেমান অংশত ব্যাপক ধন-জন হানি হৈছে। ধুমুহাজাকৰ ফলত ১২৩ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু ১৩০ জন লোক সন্ধানহীন হৈ আছে। বতাহজাকৰ ফলত ৩ লাখ ৭০ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। শ্রীলংকাত কেইবাদিনো ধৰি হোৱা নেৰা-নেপেৰা বৰষুণ হ্ৰাস পাইছে আৰু বতাহজাক সম্প্রতি তামিলনাডুৰ উপকূলভাগৰ দিশে অগ্ৰসৰ হৈছে। ঘূৰ্ণী বতাহজাক কাৰাইকলৰ পৰা প্ৰায় ২২০ কিলোমিটাৰ দক্ষিণ-পূব আৰু পুডুচেৰীৰ পৰা ৩৮০ কিলোমিটাৰ নিলগত কেন্দ্ৰীভূত হৈ আছে আৰু প্ৰতি ঘণ্টাত ৭ ...

November 29, 2025 5:20 PM November 29, 2025 5:20 PM

views 10

উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ কাইলৈ কুৰুক্ষেত্ৰলৈ যাব

● উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ কাইলৈ কুৰুক্ষেত্ৰলৈ যাব। এই ভ্ৰমণকালত শ্ৰী ৰাধাকৃষ্ণণে কুৰুক্ষেত্ৰৰ ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ কুৰি সংখ্যক সমাবর্তন সমাৰোহত মুখ্য অতিথি হিচাপে ভাগ ল'ব। তেওঁ লগতে আন্তঃৰাষ্ট্ৰীয় গীতা মহোৎসৱৰ সৈতে সংগতি ৰাখি আয়োজন কৰা অখিল ভাৰতীয় দেৱস্থানম সন্মিলনত অংশ গ্ৰহণ কৰিব।

November 27, 2025 3:47 PM November 27, 2025 3:47 PM

views 13

দেওবাৰে আকাশবাণীৰ ১২৮ সংখ্যক খণ্ডৰ মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১২৮ সংখ্যক খণ্ড। জনসাধাৰণে ১৮০০ ১১ ৭৮০০ শুল্ক বিহীন নম্বৰত ফোন কৰি এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব। নমো এপ নাইবা মাই গ’ভ মুকলি মঞ্চ অথবা ১৯২২ নম্বৰত মিছডকল দিয়াৰ পাছত লাভ কৰা লিংকৰ জৰিয়তেও জনসাধাৰণে কাইলৈ পৰ্যন্ত দিহা-পৰামৰ্শ আগবঢ়াব পাৰিব।

November 27, 2025 2:30 PM November 27, 2025 2:30 PM

views 7

ভাৰত আৰু সংযুক্ত আৰৱ আমেৰী ৰাষ্ট্ৰৰ অংশীদাৰিত্ব চুক্তিৰ তৃতীয়খন বৈঠক সফলভাৱে অনুষ্ঠিত

● ভাৰত আৰু সংযুক্ত আৰৱ আমেৰী ৰাষ্ট্ৰই ভাৰত-ইউ এ ই ব্যাপক অর্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ অধীনত যুটীয়া সমিতিৰ তৃতীয়খন বৈঠক সফলভাৱে অনুষ্ঠিত কৰে। নতুন দিল্লীত কালি বাণিজ্য বিভাগৰ অতিৰিক্ত সচিব অজয় ভাদো আৰু ইউ এ ইৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য পৰিক্ৰমাৰ সহকাৰী সচিব জুমা অল কেইটে এই বৈঠকত সহ-অধ্যক্ষতা কৰে। দুয়োখন দেশে দ্বিপাক্ষিক বাণিজ্যৰ বিকাশক আদৰণি জনোৱাৰ লগতে ভাৰতৰ মুখ্য বাণিজ্য অংশীদাৰ হিচাপে ইউ এ ইৰ স্থিতি পুনৰ নিশ্চিত কৰে। উল্লেখযোগ্য যে, ভাৰত আৰু ইউএ ইৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য ২০২৪-২৫ বৰ্ষত ১০...

November 27, 2025 2:33 PM November 27, 2025 2:33 PM

views 26

অসমৰ ৪০৬ খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হৈছে: শিক্ষামন্ত্ৰী

অসমৰ ৪০৬ খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হৈছে আৰু বৰ্তমান এনে বিদ্যালয়সমূহত মুঠ ২৩ হাজাৰ ১৫৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিছে। অসম বিধানসভাত আজি বিধায়ক তেৰছ গোৱালাৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই তথ্য প্ৰকাশ কৰে। ডাঃ পেগুৱে লগতে কয়, যে বৰ্তমান ৰাজ্যখনৰ চাহ বাগিছাসমূহত ১১৮ খন আদর্শ বিদ্যালয়ৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু প্ৰতিখন আদর্শ বিদ্যালয়তে পাঠদান ইতিমধ্যে আৰম্ভ হৈছে। ইয়াৰে ৮৭ খন বিদ্যালয়ত ষষ্ঠৰ পৰা দশম শ্ৰেণীলৈ আৰু ৩১ খন ব...

November 27, 2025 2:26 PM November 27, 2025 2:26 PM

views 9

ৰাষ্ট্ৰপতি মুৰ্মুৱে আজি বিয়লি ওড়িশা বিধানসভাৰ সদস্যসকলক উদ্দেশি ভাষণ দিব

● ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি বিয়লি ওড়িশা বিধানসভাৰ সদস্যসকলক উদ্দেশি ভাষণ দিব। এয়া হ'ব ওড়িশা বিধানসভাক উদ্দেশি কোনো এগৰাকী ৰাষ্ট্ৰপতিৰ প্ৰথম ভাষণ। দুদিনীয়া ভ্ৰমণসূচীৰে গৃহ ৰাজ্য ওড়িশালৈ যাবলগীয়া ৰাষ্ট্ৰপতি মুমুৱে ভ্ৰমণকালত ওড়িশা বিধানসভাৰ ১১ নম্বৰ কক্ষটো পৰিদৰ্শন কৰিব। শ্ৰীমতী মুমুৱে বিধায়ক হিচাপে কাৰ্য্য নিৰ্বাহ কৰাৰ সময়ত এই কক্ষটোৰ পৰাই কাম কৰিছিল। শ্ৰীমতী মুর্মু ২০০০ আৰু ২০০৪ চনত ওড়িশাৰ ময়ুভঞ্জ জিলাৰ ৰাইৰাংপুৰ বিধানসভা সমষ্টিৰ পৰা দুবাৰ নিৰ্বাচিত হৈছিল।

November 27, 2025 2:24 PM November 27, 2025 2:24 PM

views 9

ভাৰতৰ মহাকাশ খণ্ড গোলকীয় বিনিয়োগকাৰীসকলৰ বাবে আকৰ্ষণীয় গন্তব্যস্থলত পৰিণত হৈছেঃ প্রধানমন্ত্ৰী মোদী

● ভাৰতৰ মহাকাশ খণ্ড গোলকীয় বিনিয়োগকাৰীসকলৰ বাবে আকৰ্ষণীয় গন্তব্যস্থলত পৰিণত হৈছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্রীমোদীয়ে আজি ভি ডি অ' কনফাৰেন্সিং ব্যৱস্থাৰে হায়দাবাদত স্কাইটৰ ইনফিনিটী চৌহদ মুকলি কৰি কয়, যে চৰকাৰে দেশৰ মহাকাশ খণ্ডত বহু ঐতিহাসিক সংস্কাৰ সাধন কৰিছে। তেওঁ কয়, যে চৰকাৰে মহাকাশ খণ্ডক ব্যক্তিগত উদ্ভাৱনৰ বাবে মুকলি কৰি দিয়াৰ লগতে ষ্টাৰ্ট-আপ আৰু উদ্যোগসমূহক দেশৰ বৈজ্ঞানিক পৰিস্থিতি তন্ত্ৰৰ সৈতে কাম কৰাৰ সুযোগ প্ৰদান কৰিছে। শ্রীমোদীয়ে লগতে উল্লেখ কৰে যে, অনাগ...

November 27, 2025 2:21 PM November 27, 2025 2:21 PM

views 10

সশস্ত্র বাহিনীসমূহে দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ ক্ষেত্ৰত পেচাদাৰী মনোভাৱ আৰু দেশভক্তিৰ পৰিচয় দি আহিছেঃ ৰাষ্ট্ৰপতি

সশস্ত্র বাহিনীসমূহে দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ ক্ষেত্ৰত পেচাদাৰী মনোভাৱ আৰু দেশভক্তিৰ পৰিচয় দি আহিছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত চাণক্য প্ৰতিৰক্ষা আলোচনা-২০২৫ত দিয়া ভাষণত আজি ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে প্ৰতিটো সুৰক্ষা প্ৰত্যাহ্বানৰ সময়ত সশস্ত্র বাহিনীসমূহে অভূতপূর্ব অভিযোজ্যতা আৰু দৃঢ় সংকল্প প্ৰদৰ্শন কৰি আহিছে। তেওঁ লগতে অলপতে চলোৱা অপাৰেচন সিন্দূৰৰ সাফল্য দেশৰ সন্ত্ৰাস প্ৰতিৰোধী ৰণকৌশলৰ বাবে নির্ণায়ক ক্ষণ বুলি অভিহিত কৰে। শ্রীমতী মুৰ্মুৱে কয়, য...

November 27, 2025 3:40 PM November 27, 2025 3:40 PM

views 8

শনিবাৰে দুদিনীয়া ভ্রমণসূচীৰে প্রধানমন্ত্ৰী মোদী ছত্তিশগড়লৈ যাব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা শনিবাৰে দুদিনীয়া ভ্রমণসূচীৰে ছত্তিশগড়লৈ যাব। ভ্রমণকালত শ্রীমোদীয়ে আৰক্ষী সঞ্চালকপ্ৰধান আৰু আৰক্ষী মহা-পৰিদৰ্শকসকলৰ সৰ্ব ভাৰতীয় সন্মিলনৰ ৬০ সংখ্যক সংস্কৰণত অংশগ্ৰহণ কৰিব। ৰায়পুৰত কাইলৈৰ পৰা ৩ দিনীয়া কাৰ্য্যসূচীৰে হ'বলগীয়া এই সন্মিলনত শান্তি ৰক্ষাৰ ক্ষেত্ৰত থকা মূল প্ৰত্যাহ্বানসমূহ দূৰ কৰাৰ ক্ষেত্ৰত বৰ্তমানলৈ লাভ কৰা অগ্ৰগতিৰ পৰ্য্যালোচনা কৰা হ'ব আৰু উন্নত ভাৰতৰ দৃষ্টিভংগী অনুযায়ী সুৰক্ষিত ভাৰত গঢ়াৰ বাবে বিশদ পৰিকল্পনাৰ ৰূপৰেখা প্ৰস্তুত কৰা হ'ব। সন্মিলনত শ্...