January 6, 2026 1:59 AM

views 12

গেছ নিৰ্গমনৰ ঘটনা

● কৃষ্ণা-গোদাবৰী অৱবাহিকাৰ অন্ধ্ৰপ্ৰদেশৰ ড° বি আৰ আম্বেদকাৰ ক'নাচিমা জিলাৰ ইৰুছুমন্দা গাঁৱৰ অ' এন জি চি ম'ৰি-৫ নম্বৰ খাদত আজি গেছ নিৰ্গমনৰ ঘটনা পোহৰলৈ আহিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে ঘটনাৰ সবিশেষ বুজ লোৱাৰ লগতে মন্ত্ৰী কে আছান্নাইডু আৰু বি সুভাষ তথা জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে গাঁৱবাসীৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়াৰ লগতে অবাঞ্চিত পৰিস্থিতিৰ পৰা ৰক্ষা পোৱাৰ উদ্দেশ্যে জনসাধাৰণক সুৰক্ষিত স্থানলৈ লৈ যোৱাৰ ব্যৱস্থা কৰে...

January 6, 2026 1:55 AM

views 15

দিল্লীত খুতবাত -এ-মোদী-লালকিল্লা কী ফটীল চে শীর্ষক এখন গ্ৰন্থ উন্মোচন কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানৰ

কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে আজি নতুন দিল্লীত খুতবাত -এ-মোদী-লালকিল্লা কী ফটীল চে শীর্ষক এখন গ্ৰন্থ উন্মোচন কৰে । সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে শ্ৰীপ্ৰধানে প্ৰকাশ কৰা অনুসৰি এই গ্ৰন্থখনত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ২০১৪ ৰ পৰা ২০২৫ চনলৈকে স্বাধীনতা দিৱস উপলক্ষে দিয়া ভাষণসমূহ সন্নিবিষ্ট কৰা হৈছে। শ্রীপ্রধানে লগতে কয় যে এই ভাষণ সমূহে সবকা সাথ সবকা বিকাশ আৰু সবকা প্রয়াসৰ আদর্শেৰে নিজৰ কৰ্মজীৱনক উজ্জীৱিত কৰা শ্ৰীমোদীৰ অবিৰত প্ৰচেষ্টাকে প্ৰতিফলিত কৰে। অন্ত্যোদয়, স্বচ্ছ ভাৰতৰ দৰে...

January 6, 2026 1:51 AM

views 8

জলশক্তি মন্ত্ৰী চি আৰ পাৰ্টিলৰ অধ্যক্ষতাত দিল্লীত শক্তিশালী কার্য গোটৰ সপ্তদশ বৈঠক অনুষ্ঠিত

জলশক্তি মন্ত্ৰী চি আৰ পাৰ্টিলৰ অধ্যক্ষতাত আজি নতুন দিল্লীত শক্তিশালী কার্য গোটৰ সপ্তদশ বৈঠক অনুষ্ঠিত হয়। বৈঠকত নমানী গংগে কাৰ্যসূচীৰ অধীনত ৰূপৰেখা গঠন তথা পর্যাবেক্ষণৰ ব্যৱস্থা আৰু তথ্য ভিত্তিক সিদ্ধান্ত গ্রহণ প্রক্রিয়া শক্তিশালী কৰা সন্দৰ্ভত আলোকপাত কৰা হয়। তদুপৰি বৈঠকত সুপৰিকল্পিত নিষ্কাষণ ব্যৱস্থা তথা ইয়াৰ আন্তঃগাথনি সন্দৰ্ভতো বিশেষ গুৰুত্ব আৰোপ কৰা হয়। চলিত কেলেণ্ডাৰ বৰ্ষত ১৫ টা প্ৰদূষণ নিয়ন্ত্রণ আন্তঃগাথনি প্ৰকল্পৰ সম্পূৰ্ণ হোৱাৰ বিষয়েও তেওঁ উল্লেখ কৰে।

January 6, 2026 1:48 AM

views 9

তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ

জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে আজি নতুন দিল্লীত তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। একলব্য আদর্শ আৱাসিক বিদ্যালয়সমূহৰ কৰ্পৰেট সামাজিক দায়বদ্ধতাৰ জৰিয়তে সমৰ্থিত আন্তঃগাথনিৰ বিকাশ তথা সক্ষমতা নিৰ্মাণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হৈছে। এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি জনজাতি পৰিক্ৰমা সচিব ৰঞ্জনা চোপ্ৰাই কয় যে, এই চুক্তিৰ জৰিয়তে অ' এন জি চিয়ে জনজাতীয় সম্প্রদায়সমূহৰ শিশুসকললৈ গুণগত শিক্ষা আগবঢ়োৱাৰ উদ্দেশ্যে একলব্য আদর্শ আৱাসিক বিদ্যালয়সম...

January 6, 2026 7:48 AM

views 23

মঙলদৈ বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ ৩১ হাজাৰ ১৭ গৰাকী মহিলাক উদ্যমিতা অভিযানৰ চেক বিতৰণ

মঙলদৈ বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ ৩১ হাজাৰ ১৭ গৰাকী মহিলাক উদ্যমিতা অভিযানৰ চেক বিতৰণ কাৰ্যসূচী আজি অনুষ্ঠিত হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই কাৰ্যসূচীত অংশ লয়। মুখ্যমন্ত্ৰীয়ে অনুষ্ঠানত অংশ লৈ মহিলাসকলৰ সবলীকৰণৰ কাৰণে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। মঙলদৈৰ পুনিয়াত দৰং চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ নিৰ্মাণস্থলীত আয়োজন কৰা এই কাৰ্যসূচীত দৰং-ওদালগুৰিৰ সাংসদ দিলীপ শ‍ইকীয়া, বিধায়ক বসন্ত দাস আৰু ভালেসংখ্যক লোক উপস্থিত থাকে। অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা...

January 6, 2026 6:35 AM

views 21

দেশৰ উদ্ভাৱনী শক্তিৰে সমৃদ্ধ নতুন প্ৰজন্মৰ ওপৰত বিনিয়োগ কৰিবলৈ ইচ্ছুক: প্ৰধানমন্ত্ৰী

● প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ বিশ্বই ভাৰতলৈ আশা আৰু ইতিবাচক দৃষ্টিভংগীৰে বাট চোৱা আৰু দেশৰ উদ্ভাৱনী শক্তিৰে সমৃদ্ধ নতুন প্ৰজন্মৰ ওপৰত বিনিয়োগ কৰিবলৈ ইচ্ছুক বুলি মন্তব্য কৰিছে। লগতে বিগত এহেজাৰ বছৰ ধৰি সোমনাথ মন্দিৰৰ অৱস্থিতিয়ে দেশৰ সভ্যতা-সংস্কৃতি অতুলনীয় হোৱাৰ কথাটোকে প্রতীয়মান কৰে বুলিও প্রধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। ১০২৬ খ্ৰীষ্টাব্দত গজনি মাহমুদে গুজৰাটৰ সোমনাথ মন্দিৰত চলোৱা নৃংশংস আক্ৰমনৰ এহেজাৰ বছৰ পূৰ্ণ হোৱা উপলক্ষে লিখা এটা প্ৰৱন্ধত এই কথা প্ৰকাশ কৰি তেওঁ কয় যে বিস্তৰ প...

January 6, 2026 1:45 AM

views 7

৬ দিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সত উপস্থিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ আজি ছদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সত উপস্থিত হয়। সামাজিক মাধ্যমৰ এটা বার্তাযোগে ড° জয়শংকৰে ভ্ৰমণৰ প্ৰথম দিনতে পেৰিছত চি ক্বী চে ট্রামে-ভাৰত আৰু ফ্ৰান্সৰ মাজৰ গাথা শীর্ষক এখন প্রদর্শনীলৈ যোৱাৰ কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই প্রদর্শনীয়ে ভাৰতৰ বস্ত্ৰ ঐতিহ্য আৰু সৃজনীশীলতাক প্ৰতিফলিত কৰাৰ লগতে দুয়োখন দেশৰ মাজত থকা শক্তিশালী সাংস্কৃতিক বান্ধোনৰ কথাও সোঁৱৰাই দিছে। উল্লেখযোগ্য যে এই ভ্ৰমণকালত ড° জয়শংকৰে পেৰিছত ফ্ৰান্সৰ নেতৃস্থানীয় লোকসকলক দেখা কৰাৰ লগতে ফ্ৰান্স...

January 6, 2026 1:38 AM

views 14

অপাৰেশ্যন সিন্দুৰৰ সময়ছোৱাত ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীয়ে প্রশংসনীয় ভূমিকা পালন কৰিছে: উপ-ৰাষ্ট্ৰপতি

অপাৰেচন সিন্দুৰৰ সময়ছোৱাত ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীয়ে প্রশংসনীয় ভূমিকা পালন কৰা বুলি উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে মত প্রকাশ কৰিছে। নতুন দিল্লীত ২০২৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ গণৰাজ্য দিৱস কুচকাৱাজ শিবিৰত আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ এই কথা প্ৰকাশ কৰে। অপাৰেশ্যন সিন্দুৰৰ সাফল্যক আলোকপাত কৰি শ্ৰীৰাধাকৃষ্ণণে কয় যে এই অভিযানৰ জৰিয়তে দেশবাসী তথা দেশৰ সন্মান আৰু সার্বভৌমত্ব সুৰক্ষিত কৰি ৰখাত দেশৰ প্ৰতিশ্ৰুতিবদ্ধতা প্রতিফলিত হৈছে। তেওঁ কয় যে একতা আৰু নিয়মানুবর্তিতাৰ দৃষ্টিভ...

January 6, 2026 7:33 AM

views 21

সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজীৱ ভৱনত কংগ্ৰেছ দলৰ তৎপৰতা আৰম্ভ

ৰাজ্যত সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজীৱ ভৱনত কংগ্ৰেছ দলৰ তৎপৰতা আৰম্ভ হৈছে। ২০২৬ চনৰ নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে দলটোৱে আবেদন পত্ৰ ৱেবছাইটযোগে মুকলি কৰি দিছে। WWW.APCC.ASSAM.ORG ৱেবছাইটযোগে প্রায় ৫ শতাধিক প্রার্থিত্ব প্রত্যাশীয়ে আবেদন সংগ্রহ কৰিছে। ইয়াৰে ৫গৰাকী আবেদনকাৰীয়ে আজি ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে আবেদন দাখিল কৰিছে। প্রার্থীসকলে অসম প্রদেশ কংগ্ৰেছ কমিটীলৈ সাহায্য হিচাপে ডিমাণ্ড ড্রাফ্‌টযোগে ৫০ হাজাৰকৈ টকা জমা দিছে। আবেদন পত্র জমা দিয়া প্ৰাৰ্থীসকলৰ ভিতৰত টিংখং সমষ্টিৰ...

January 6, 2026 7:04 AM

views 8

প্ৰচণ্ড শীতৰ বাবে বিদ্যালয়সমূহৰ সময়সীমা পৰিৱৰ্তনৰ বাবে অসম হাইস্কুল শিক্ষক সংস্থাৰ বজালী জিলা আয়ুক্তলৈ আবেদন পত্ৰ

● ৰাজ্যত অব্যাহত থকা প্ৰচণ্ড শীতৰ বাবে শিক্ষাৰ্থীসকলৰ সুবিধা হোৱাকৈ বিদ্যালয়সমূহৰ সময়সীমা পৰিৱৰ্তন কৰাৰ বাবে অসম হাইস্কুল শিক্ষক সংস্থাই আজি বজালী জিলাৰ আয়ুক্ত মৃদুল কুমাৰ দাসলৈ এখন আবেদন পত্ৰ প্ৰদান কৰে। শিক্ষক সংস্থাৰ বজালী জিলা সমিতিৰ হৈ সমিতিৰ সভাপতি কনক চন্দ্ৰ দাস আৰু সম্পাদক চাণক্য দাসে আবেদনখনত অতিপাত শীতৰ বাবে যোৱা কিছুদিন ধৰি শিক্ষাৰ্থীৰ উপস্থিতি হ্ৰাস হোৱা আৰু উপস্থিত থকা শিক্ষাৰ্থীসকলকো শ্ৰেণীকোঠাত ৰাখিব পৰা অনুকূল পৰিবেশ নোহোৱাৰ কথা উল্লেখ কৰে। কেইবাখনো শিক্ষানুষ্ঠানত জুইৰ উম দি শ...