August 6, 2024 9:07 PM
18
অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত ৪ খন গুৰুত্বপূৰ্ণ বর্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সভা অনুষ্ঠিত
অসম গণ পৰিষদৰ আমবাৰীৰ মুখ্য কাৰ্যালয়ত আজি অসম মহিলা পৰিষদ, অসম কৃষক পৰিষদ, অসম ছাত্ৰ পৰিষদ আৰু অসম ধৰ্মীয় সংখ্যালঘু পৰিষদৰ ৪ খন গুৰুত্বপূৰ্ণ বর্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সভা অনুষ্ঠিত হয়। চাৰিখন সভাতে কেন্দ্রীয় সমিতি, জিলা সমিতি আৰু সমষ্টি সমিতিৰ সভাপতি, সম্পাদক তথা বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে। মূলতঃ তৃণমূল পৰ্যায়ৰ পৰা দলটোক সাংগঠনিকভাৱে শক্তিশালী কৰা আৰু নিৰ্বাচনকেন্দ্ৰিক প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে এই সভাকেইখন অনুষ্ঠিত কৰা হয়। সেই অনুসৰি অহা ১১, ১২ আৰু ১৩ আগষ্ট তাৰিখে সকল...