September 28, 2024 5:56 PM

views 19

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগত অংশকালীন সংবাদদাতাৰ বাবে আবেদনৰ আহ্বান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে অংশকালীন সংবাদদাতা হিচাপে বজালী, বিশ্বনাথ, ডিব্ৰুগড়, হোজাই, কামৰূপ, পশ্চিম কাৰ্বি আংলং, ধেমাজি আৰু কাছাৰ জিলাৰ বাবে আগ্রহী প্রার্থীৰ পৰা আবেদন আহ্বান কৰিছে। আগ্রহী প্রার্থীসকলে আকাশবাণীৰ ৱেৱছাইট www.newsonair.gov.in ত লগ ইন কৰি সবিশেষ তথ্য লাভ কৰাৰ লগতে আবেদন পত্র ডাউনলোড কৰিব পাৰিব। প্ৰাৰ্থীসকলে নিজ হাতে নাইবা ডাকযোগে অহা ৩০ ছেপ্তেম্বৰৰ ভিতৰত প্ৰয়োজনীয় নথিপত্রসহ The Head of Office, Akashvani, Guwahati, Chandmari, Guwahati-781003 এই ঠিকনালৈ আবেদ...

September 23, 2024 3:04 PM

views 25

গুৱাহাটী মহানগৰীৰ সৰু মটৰীয়াত সন্দেহজনকভাৱে চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ড সংঘটিত

গুৱাহাটী মহানগৰীৰ সৰু মটৰীয়াত আজি সন্দেহজনকভাৱে চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডৰ ঘটনাত কেইবাখনো দোকান ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে।

September 23, 2024 12:34 PM

views 21

মাজুলীৰ ২৬টা পৰীক্ষাকেন্দ্ৰত ৫০০ৰো অধিক নিৰক্ষৰ লোকৰ মাজত প্ৰথম পৰ্যায়ৰ মূল্যায়ন পৰীক্ষা অনুষ্ঠিত

কেন্দ্ৰীয় চৰকাৰে দেশৰ পৰা নিৰক্ষৰতা দূৰীকৰণৰ উদ্দেশ্যে ৰূপায়ণ কৰা নব্য ভাৰত সাক্ষৰতা অভিযানৰ অংশ হিচাপে দেশৰ অনান্য প্ৰান্তৰ লগতে কালি মাজুলী জিলাৰ ২৬টা পৰীক্ষাকেন্দ্ৰত ৫০০ৰো অধিক নিৰক্ষৰ লোকৰ মাজত প্ৰথম পৰ্যায়ৰ মূল্যায়ন পৰীক্ষা অনুষ্ঠিত হয়। এই লোকসকলক স্বেচ্ছাসেৱক শিক্ষকৰ দ্বাৰা দীৰ্ঘদিনীয়াকৈ পাঠদান দিয়াৰ পাছত তেওঁলোকক মূল্যায়ন পৰীক্ষাত অৱতীৰ্ণ কৰোৱা হয়।

September 23, 2024 12:12 PM

views 21

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগত অংশকালীন সংবাদদাতাৰ বাবে আবেদনৰ আহ্বান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে অংশকালীন সংবাদদাতা হিচাপে বজালী, বিশ্বনাথ, ডিব্ৰুগড়, হোজাই, কামৰূপ, পশ্চিম কাৰ্বি আংলং, ধেমাজি আৰু কাছাৰ জিলাৰ বাবে আগ্রহী প্রার্থীৰ পৰা আবেদন আহ্বান কৰিছে। আগ্রহী প্রার্থীসকলে আকাশবাণীৰ ৱেৱছাইট www.newsonair.gov.in ত লগ ইন কৰি সবিশেষ তথ্য লাভ কৰাৰ লগতে আবেদন পত্র ডাউনলোড কৰিব পাৰিব। প্ৰাৰ্থীসকলে নিজ হাতে নাইবা ডাকযোগে অহা ৩০ চেপ্তেম্বৰৰ ভিতৰত প্ৰয়োজনীয় নথিপত্রসহ The Head of Office, Akashvani, Guwahati, Chandmari, Guwahati - 781003 এই ঠিকনালৈ আব...

September 16, 2024 7:28 PM

views 24

বোকাখাটৰ সাপজুৰিত ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৪ৰ লগত সংগতি ৰাখি বিশেষ কাৰ্যসূচী ৰূপায়ণ

দেশজুৰি চলি থকা ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৪ৰ লগত সংগতি ৰাখি আজি পশ্চিম গোলাঘাট সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত বোকাখাটৰ সাপজুৰিত বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। স্থানীয় অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী তথা সহায়িকাসকলৰ লগতে শিশু উন্নয়ন প্রকল্প বিষয়া, কৰ্মচাৰী, পৰিদৰ্শক আৰু স্থানীয় ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত মন্ত্ৰী অতুল বৰাই অংশ গ্ৰহণ কৰে। মন্ত্ৰী শ্ৰীবৰাই অনুষ্ঠানত ভাষণ দি গৰ্ভৱতী মহিলাই লবলগীয়া সাৱধানতা আৰু সন্তানৰ লালন-পালনৰ ক্ষেত্ৰত থাকিবলগা সজাগতাত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত...

September 16, 2024 7:24 PM

views 29

কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা, বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ

কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা, বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কাইলৈ গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই পূজাৰ বাবে ব্যাপক আয়োজন কৰা হৈছে। গুৱাহাটী মহানগৰীৰ বজাৰসমূহত আজি পূজাৰ বাবে প্ৰয়োজনীয় বিভিন্ন সম্ভাৰেৰে ভৰি পৰিছে। আনহাতে বিশ্বকৰ্মাৰ মৃণ্ময় মূৰ্তি ক্ৰয় কৰিবলৈ মৃৎশিল্পীসকলৰ ওচৰত অগণন লোকে ভিৰ কৰা দেখা গৈছে। ৰাজ্যৰ অন্যান্য জিলাৰ লগতে চিৰাং জিলাতো এই পূজাৰ বাবে উলহ-মালহৰ পৰিৱেশে বিৰাজ কৰিছে। ইপিনে কোকৰাঝাৰ জিলাৰ বজাৰসমূহত আজি পূজাৰ প্ৰয়োজনী...

September 16, 2024 7:21 PM

views 19

জলজ কৃষি পদ্ধতিৰ বিকাশৰ লগতে সমগ্ৰ দেশতে সংহত মীন পালন ব্যৱস্থাৰ প্ৰসাৰৰ বাবে ১০০ দিনীয়া পৰিকল্পনা যুগুত মীন বিভাগৰ

মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰ্যালয়ৰ অধীনৰ মীন বিভাগে জলজ কৃষি পদ্ধতিৰ বিকাশৰ লগতে সমগ্ৰ দেশতে সংহত মীন পালন ব্যৱস্থাৰ প্ৰসাৰৰ বাবে ১০০ দিনীয়া পৰিকল্পনা যুগুত কৰিছে। আজি মন্ত্ৰ্যালয়ে জাৰি কৰা এখন বিবৃতিত এই বিষয়ে প্ৰকাশ কৰে। এই অনুসৰি প্ৰধানমন্ত্রী মৎস্য সম্পদ যোজনাৰ অধীনত মীন খণ্ডক শক্তিশালী কৰাৰ লগতে বহনক্ষম উন্নয়নক ত্বৰান্বিত কৰাৰ বাবে কৌশল যুগুতাই উলিওৱা হৈছে। এই যোজনাৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰামৰ উপৰি দেশৰ কেবাখনো ৰাজ্যত জলজ কৃষ...

September 16, 2024 7:18 PM

views 32

ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী মির্জুমলাত আৰক্ষীৰ তালাচীৰ তিনি গৰাকী মহিলাসহ পাঁচজন বাংলাদেশী নাগৰিকক আটক

দক্ষিণ শালমাৰা, মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী মির্জুমলাত আৰক্ষীয়ে চলোৱা তালাচীৰ সময়ত তিনি গৰাকী মহিলাসহ পাঁচজন বাংলাদেশী নাগৰিকক আটক কৰা হয়। মানকাচৰ আৰক্ষীয়ে যোৱা নিশা মানকাচৰত প্ৰৱেশ কৰাৰ সময়ত এখন বাহন ৰখাই সোধাপোছা কৰাৰ সময়তে বাংলাদেশী লোককেইজন ধৰা পৰে। এই লোক কেইজনে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গালু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছিল বুলি লোক কেইজনে আৰক্ষীৰ ওচৰত স্বীকাৰ কৰে। সম্প্ৰতি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আৰক্ষী অধীক্ষকে মানকাচৰ থানাত লোক কেইজনৰ জেৰা অব্যাহত ৰাখ...

September 16, 2024 6:37 PM

views 24

আজি নিশা ৯.৩০ বজাত আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান ‘পাব্লিক স্পীক’

আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাৱলিক স্পীকত আজি নিশা ৯.৩০ বজাত স্বচ্ছতাই সেৱা অভিযানৰ অধীনত স্বচ্ছ ভাৰত সুনিশ্চিত কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত এক বিশেষ আলোচনা সম্প্ৰচাৰ কৰা হ'ব। এই আলোচনাত অংশগ্রহণ কৰিব জলশক্তি মন্ত্ৰ্যালয়ৰ স্বচ্ছ ভাৰত অভিযানৰ সঞ্চালক তথা যুটীয়া সচিব জীতেন্দ্ৰ শ্ৰীবাস্তৱ আৰু গৃহ নিৰ্মাণ তথা নগৰ পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ সঞ্চালক অনিতা মীনাই। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি এই সন্দৰ্ভত অতিথি...

September 16, 2024 5:42 PM

views 19

পৰীক্ষাগৃহত প্ৰৱেশৰ পূৰ্বে চলোৱা তালাচী সন্দৰ্ভত নলবাৰীৰ এগৰাকী ছাত্ৰীয়ে উত্থাপন কৰা অভিযোগ সম্পৰ্কে অসম আৰক্ষীক তদন্তৰ নির্দেশ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি অনুষ্ঠিত অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষাত নলবাৰীৰ এগৰাকী ছাত্ৰীয়ে পৰীক্ষাগৃহত প্ৰৱেশৰ পূৰ্বে চলোৱা তালাচী সন্দৰ্ভত উত্থাপন কৰা অভিযোগ সম্পৰ্কে অসম আৰক্ষীক তদন্তৰ নির্দেশ দিছে। মুখ্যমন্ত্ৰীয়ে কয় যে এই পৰীক্ষা স্বচ্ছ আৰু নিকাকৈ অনুষ্ঠিত কৰাটোৱেই চৰকাৰৰ লক্ষ্য যদিও কোনো লোকৰে মৰ্যাদা আৰু সন্মানকলৈ আপোচ কৰা নহ'ব। বিষয়টো চিন্তনীয় হোৱা হেতুকে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ সৈতে আলোচনা কৰি ঘটনাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে লগতে ক...