October 2, 2024 3:57 PM

views 20

গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰত ছাফাই মিত্ৰ সুৰক্ষা শিবিৰ আয়োজন

গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰত ছাফাই মিত্ৰ সুৰক্ষা শিবিৰ আয়োজন কৰা হয়। যোৰাবাটৰ আৰ্হি হাস্পাতালৰ জ্যেষ্ঠ চিকিৎসক ডা০ নয়নমণি ৰাভাৰ লগতে বহুকেইজন চিকিৎসাকর্মীৰ উপস্থিতিত এই শিবিৰত বিনামূলীয়াকৈ ছাফাই কৰ্মীসকলৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। উত্তৰ-পূৰ্বাঞ্চলৰ আকাশবাণী আৰু দূৰদৰ্শনৰ অতিৰিক্ত সঞ্চালকপ্রধান আশিস ভাটনাগৰে এই স্বাস্থ্য শিবিৰ উদ্বোধন কৰে।

October 2, 2024 9:51 AM

views 13

গান্ধী জয়ন্তী উপলক্ষে যোৰহাট জিলাত মাংসৰ দোকান আৰু জীৱ-জন্তুৰ বধশালাসমূহ বন্ধৰ আহ্বান আয়ুক্তৰ

● গান্ধী জয়ন্তী উপলক্ষে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে মাংসৰ দোকান আৰু জীৱ-জন্তুৰ বধশালাসমূহ বন্ধ কৰাৰ বাবে দিয়া নিৰ্দেশনাৰ অংশ হিচাপে যোৰহাট জিলা আয়ুক্তইও জিলাখনত আজি এই নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে। আয়ুক্তগৰাকীয়ে আজিৰ দিনটোত জিলাখনৰ সকলো মাংসৰ দোকান আৰু বধশালাসমূহ বন্ধ ৰখাৰ লগতে এইক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনৰ সংশ্লিষ্ট বিষয়াসকলক আহ্বান জনাইছে।

October 2, 2024 9:32 AM

views 14

চি বি জি প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে ভার্চুৱেলী অংশগ্ৰহণ কৰিব

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অইল ইণ্ডিয়া লিমিটেড গুৱাহাটী, তিনিচুকীয়া, যোৰহাট আৰু শিৱসাগৰত স্থাপন কৰিবলগীয়া চি বি জি প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠানত ভার্চুৱেলী অংশগ্ৰহণ কৰিব। শিৱসাগৰ, যোৰহাট আৰু তিনিচুকীয়াত আজি পুৱা ৯.৩০ বজাত আৰু গুৱাহাটীত পুৱা ১০ বজাত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অইল ইণ্ডিয়া লিমিটেডে এখন বিবৃতিযোগে এই কথা প্রকাশ কৰিছে।

October 1, 2024 2:47 PM

views 30

জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালকপ্ৰধান হিচাপে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া নলীন প্রভাতৰ কাৰ্যভাৰ গ্ৰহণ

ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া নলীন প্রভাতে কালি জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালকপ্ৰধান হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। আমাৰ সংবাদদাতাই জানিবলৈ দিয়া অনুসৰি গৃহ মন্ত্ৰ্যালয়ে চলিত বৰ্ষৰ আগষ্ট মাহত তেওঁৰ নিযুক্তিৰ কথা ঘোষণা কৰিছিল।

October 1, 2024 12:41 PM

views 20

ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া হিচাপে ড° বাবুল চন্দ্ৰ দাসক নিৰ্বাচিত

ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া হিচাপে বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক, বৰপেটা প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি ড° বাবুল চন্দ্ৰ দাসক নিৰ্বাচিত কৰা হৈছে। বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ কাৰ্যকাল উকলি যোৱাৰ লগতে পূৰ্বৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ কুমাৰ শৰ্মাৰ পৰলোকপ্ৰাপ্তিৰ পাছত কালি ১৫ টা সমষ্টিৰে গঠিত পৰিচালনা সমিতিৰ সদস্য আৰু বুঢ়া সত্ৰীয়া পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়। উল্লেখযোগ্য যে ১৯৩৫ চনৰ পৰা বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া, ডেকা সত্ৰীয়া আৰু সত্ৰ পৰিচা...

October 1, 2024 12:44 PM

views 16

ৰাষ্ট্ৰীয় ৰক্তদান দিৱসৰ সৈতে সংগতি মঙলদৈ অসামৰিক চিকিৎ‍সালয়ৰ ৰক্ত কেন্দ্ৰৰ উদ্যোগত সজাগতা শোভাযাত্ৰা

ৰাষ্ট্ৰীয় ৰক্তদান দিৱসৰ সৈতে সংগতি ৰাখি মঙলদৈ অসামৰিক চিকিৎ‍সালয়ৰ ৰক্ত কেন্দ্ৰৰ উদ্যোগত আজি নগৰখনৰ মাজেৰে এটা সজাগতা শোভাযাত্ৰা উলিওৱা হয়। জিলাৰ ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ৰমেশ গোস্বামীয়ে এই শোভাযাত্ৰা মুকলি কৰে।

October 1, 2024 10:32 AM

views 25

ৰাজ্যৰ ১১৩ গৰাকী আৰক্ষী বিষয়া-কৰ্মচাৰীলৈ ২০২৪ বৰ্ষৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ প্ৰশংসাসূচক পদক

■ ৰাজ্যৰ ১১৩ গৰাকী আৰক্ষী বিষয়া-কৰ্মচাৰীলৈ ২০২৪ বৰ্ষৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ প্ৰশংসাসূচক পদক আগবঢ়োৱা হৈছে। ইয়াৰে ১১ গৰাকীক সোণৰ, ১০২ গৰাকীক ৰূপৰ পদক প্ৰদান কৰা হ'ব। অসম আৰক্ষীয়ে এটা বিবৃতিযোগে এই কথা প্ৰকাশ কৰিছে।

September 28, 2024 7:50 PM

views 17

আজি নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত স্বচ্ছতা হি সেৱা সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাত অনুষ্ঠানত স্বচ্ছতা হি সেৱা সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত ৰাজ্যিক পঞ্চায়তি ৰাজ আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ যুটীয়া সঞ্চালক সুৰজিৎ‍ বৰগোঁহাই আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ সহযোগী অধ্যাপক ডাঃ ভাস্কৰ ঠাকুৰীয়া সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটিৰ আঁত ধৰি মানস প্রতীম শৰ্মাই।

September 28, 2024 7:43 PM

views 16

আজি বিশ্ব জলাতংক দিৱস

আজি বিশ্ব জলাতংক দিৱস। প্রতিষেধকবিহীন কুকুৰ বা অন্য জীৱ জন্তুৱে কামোৰাৰ ফলত দেখা দিয়া এই ৰোগ সন্দৰ্ভত বিশ্বজুৰি সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয়। এইবাৰৰ এই দিৱসৰ মূল বিষয় হ'ল ব্ৰেকিং ৰেবিজ বাউণ্ডেৰিজ অর্থাৎ জলাতংক ৰোগৰ সজাগতাৰ ক্ষেত্ৰত সীমা অতিক্ৰম কৰা। জৰীপ অনুসৰি প্ৰতিবছৰে সমগ্ৰ বিশ্বত এই ৰোগত ৫৯ হাজাৰ লোকৰ মৃত্যু হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা স্বীকৃত জি এ আৰ চি নামৰ সংস্থাৰ উদ্যোগত ২০০৭ বৰ্ষৰ আজিৰ দিনটোত প্ৰথম বিশ্ব জলতংক দিৱস পালন কৰা হৈছে। জলাতংক ৰোগৰ প্ৰথমটো প্ৰতিষেধক বিকশা...

September 28, 2024 5:57 PM

views 11

আকাশবাণী গুৱাহাটী কেন্দ্ৰত অংশকালীন ঘোষক-ঘোষিকাৰ বাবে আগ্রহী প্রার্থীৰ পৰা আবেদনৰ আহ্বান

আকাশবাণী গুৱাহাটী কেন্দ্ৰত অসমীয়া ভাষাৰ সাধাৰণ ঘোষণা তথা শিশু আৰু মহিলা শাখাৰ লগতে হিন্দী, নেপালী, কাৰ্বি, বড়ো, চাহ জনগোষ্ঠীৰ অনুষ্ঠান আৰু পাশ্চাত্য সংগীত শাখাত অংশকালীন ঘোষক-ঘোষিকাৰ বাবে আগ্রহী প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে। ২০ৰ পৰা ৫০ বছৰ বয়সৰ ভিতৰৰ স্নাতক ডিগ্ৰীধাৰী প্ৰাৰ্থীয়ে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। প্ৰাৰ্থী গুৱাহাটী পৌৰ এলেকাৰ বাসিন্দা হ'ব লাগিব। আগ্রহীসকলে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজ AIR GUWAHATI-ৰ পৰা আবেদন প্ৰ-পত্ৰ ডাউনল'ড কৰি অথবা আকাশবাণী গুৱাহাটীৰ সমন্বয় শাখাৰ পৰা আবেদন প...