October 9, 2024 7:13 PM

views 19

গোলাঘাট জিলাত আবকাৰী দলৰ অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান

গোলাঘাট জিলাৰ আবকাৰী বিভাগে অবৈধ সুৰাৰ প্ৰচলন ৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। জিলাখনৰ কেইবাটাও স্থানত আবকাৰীৰ দলে অভিযান চলাই অবৈধ সুৰাৰ লগতে সুৰা প্ৰস্তুত কৰা সামগ্ৰী নষ্ট কৰে। অভিযানৰ সময়ছোৱাত আবকাৰী বিভাগে কেইবাজনো লোকৰ বিৰুদ্ধে ১০টা গোচৰ ৰুজু কৰিছে।

October 9, 2024 6:56 PM

views 14

কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটৰ অধ্যক্ষতাত ভিডিঅ’ কনফাৰেন্সযোগে অনুষ্ঠিত পর্যালোচনা বৈঠকত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ অংশগ্ৰহণ

কেন্দ্ৰীয় পৰ্যটন দপ্তৰৰ মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটৰ অধ্যক্ষতাত আজি ভিডিঅ’ কনফাৰেন্সযোগে অনুষ্ঠিত এখন পর্যালোচনা বৈঠকত ৰাজ্যৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অংশগ্ৰহণ কৰে। এই বৈঠকত ৰাজ্যসমূহলৈ মূলধনী বিনিয়োগৰ বাবে আগবঢ়োৱা বিশেষ সাহায্যৰ বিষয়ে আলোচনা কৰা হয়। ৰাজ্যসমূহৰ বিখ্যাত পৰ্যটনস্থলীসমূহ বিশ্বমানলৈ উন্নীত কৰি বহনক্ষম পৰ্যটনৰ যোগেদি স্থানীয় লোকৰ নিযুক্তি সৃষ্টি কৰাৰ বিষয়েও বৈঠকত আলোচনা কৰা হয় বুলি মন্ত্ৰী শ্ৰী মল্লবৰুৱাই সামাজিক মাধ্যমযোগে জানিবলৈ দিয়ে। তেওঁ কয় যে কেন্দ্ৰীয় পর্যটন...

October 4, 2024 2:15 PM

views 15

কাইলৈ পৰ্যায়ক্ৰমে ৰাজ্যৰ ২১ খন জিলাত ৩৯ খন সম-জিলা উদ্বোধন কৰা হ’ব

প্ৰশাসনীয় ব্যৱস্থা নিয়াৰিকৈ পৰিচালনাৰ লক্ষ্যৰে আজি আৰু কাইলৈ পৰ্যায়ক্ৰমে ৰাজ্যৰ ২১ খন জিলাত ৩৯ খন সম-জিলা উদ্বোধন কৰা হ'ব। উল্লেখযোগ্য যে ধুবুৰী জিলাৰ বিলাসীপাৰা, গোলকগঞ্জ, বঙাইগাঁৱৰ অভয়াপুৰী, কামৰূপ জিলাৰ ৰঙিয়া, নগাঁও জিলাৰ কলিয়াবৰ আৰু ৰহাক সম-জিলা হিচাপে ঘোষণা কৰা হৈছে। একেদৰে বিশ্বনাথৰ গহপুৰ আৰু বিহালী, লখিমপুৰ জিলাৰ ঢকুৱাখনা, ধেমাজিৰ জোনাইক সমজিলা হিচাপে স্বীকৃতি দিয়া হৈছে। আনহাতে, তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা, ডুমডুমা আৰু শদিয়া সম-জিলা হ’ব। ইফালে, শিৱসাগৰৰ নাজিৰা আৰু ডিমৌ, যোৰহাটৰ ত...

October 4, 2024 11:17 AM

views 21

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ বন্যপ্রাণী সপ্তাহ ২০২৪ৰ অংশ হিচাপে দিনজোৰা কাৰ্যসূচীৰে বিশেষ অনুষ্ঠান

■ যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানে বন্যপ্রাণী সপ্তাহ ২০২৪ উদযাপনৰ অংশ হিচাপে দিনজোৰা কাৰ্যসূচীৰে কালি এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। এই কাৰ্যসূচীৰ অংশ হিচাপে প্ৰতিষ্ঠানটোৰ বিজ্ঞানী, বিষয়া আৰু অন্যান্য সহায়ক-কৰ্মচাৰীসকলে কালি পুৱা পক্ষী নিৰীক্ষণ কৰে। তেওঁলোকে প্রতিষ্ঠানটোৰ চৌহদত প্রায় ২৯টা বিভিন্ন প্ৰজাতিৰ চৰাই প্ৰত্যক্ষ কৰে। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি প্ৰতিষ্ঠানটোৰ বিষয়া- কৰ্মচাৰীসকলৰ মাজত কুইজ প্রতিযোগিতা, চিত্রাংকন প্রতিযোগিতা আদিও অনুষ্ঠিত হয়। এই উপলক্ষে আয়োজিত সভাত ভাষণ দি বেচৰক...

October 4, 2024 11:14 AM

views 35

ডাইনী সন্দেহত হত্যাকাণ্ড সংঘটিত কৰা ৬ অভিযুক্তৰ বিৰুদ্ধে দৃষ্টান্তমূলক ৰায় চিৰাং জিলা সত্ৰ ন্যায়াধীশ আদালতৰ

চিৰাং জিলা সত্ৰ ন্যায়াধীশ আদালতে কালি অন্ধবিশ্বাসৰ কবলত পৰি ডাইনী সন্দেহত হত্যাকাণ্ড সংঘটিত কৰা ৬ জন অভিযুক্তৰ বিৰুদ্ধে দৃষ্টান্তমূলক ৰায় প্ৰদান কৰে। জিলাখনৰ ভাৰত-ভূটান এলেকাৰ দশিনগাঁৱৰ এজন নিৰীহ লোকক ডাইনী সন্দেহত হত্যা কৰাৰ অপৰাধত দুগৰাকী মহিলাসহ মুঠ ছজন লোকক যাৱজ্জীৱন কাৰাদণ্ড বিহা হয়।

October 4, 2024 11:10 AM

views 26

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত নতুন হিতাধিকাৰীৰ বাছনি প্ৰক্ৰিয়াৰ বাবে তিনিচুকীয়া জিলা প্ৰশাসনৰ তৎপৰতা

■ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত নতুন হিতাধিকাৰীৰ বাছনি প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে তিনিচুকীয়া জিলা প্রশাসন তৎপৰ হৈ পৰিছে। এই ক্ষেত্ৰত যিসকল পৰিয়ালৰ বছৰি আয় ৪ লাখতকৈ কম আৰু কোনো চৰকাৰী ঠিকাভিত্তিক বা নিয়মীয়া চাকৰিয়াল নহয় অথবা পঞ্চায়ত আৰু পৌৰসভাৰ সদস্য নহয় তেওঁলোকে ৰেচন কাৰ্ডৰ বাবে যাৱতীয় নথিসহ আবেদন কৰিব পাৰিব। কোনো উপযুক্ত লোক যাতে ইয়াৰ পৰা বঞ্চিত নহয় সেইটো নিশ্চিত কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে ইতিমধ্যে বিভাগীয় বিষয়াসকলক নির্দেশ দিছে।

October 4, 2024 11:01 AM

views 34

৯ অক্টোবৰত পবিতৰা অভয়াৰণ্য মুকলি কৰা হ’ব

■ মৰিগাঁও জিলাৰ পবিতৰা অভয়াৰণ্যত অহা ৯ অক্টোবৰত ২০২৪ আৰু ২০২৫ পৰ্যটন বৰ্ষৰ বাবে মুকলি কৰা হ'ব। বন বিভাগৰ সূত্ৰ অনুসৰি যোৱা বৰ্ষত পবিতৰা অভয়াৰণ্যত দেশী-বিদেশী পৰ্যটকৰ পৰা অভয়াৰণ্য কর্তৃপক্ষই প্রায় ৮০ লাখ টকা ৰাজহ সংগ্ৰহ কৰিছিল। এই বৰ্ষত বন বিভাগে আৰু অধিক পৰ্যটক সমাগম হোৱাৰ লগতে অধিক ৰাজহ সংগ্ৰহ হ'ব বুলিও আশা ব্যক্ত কৰিছে।

October 4, 2024 10:51 AM

views 19

কাইলৈ পৰ্যায়ক্ৰমে ৰাজ্যৰ ২১ খন জিলাত ৩৯ খন সম-জিলা উদ্বোধন কৰা হ’ব

■ প্ৰশাসনীয় ব্যৱস্থা নিয়াৰিকৈ পৰিচালনাৰ লক্ষ্যৰে আজি আৰু কাইলৈ পৰ্যায়ক্ৰমে ৰাজ্যৰ ২১ খন জিলাত ৩৯ খন সম-জিলা উদ্বোধন কৰা হ'ব। উল্লেখযোগ্য যে ধুবুৰী জিলাৰ বিলাসীপাৰা, গোলকগঞ্জ, বঙাইগাঁৱৰ অভয়াপুৰী, কামৰূপ জিলাৰ ৰঙিয়া, নগাঁও জিলাৰ কলিয়াবৰ আৰু ৰহাক সম-জিলা হিচাপে ঘোষণা কৰা হৈছে। একেদৰে বিশ্বনাথৰ গহপুৰ আৰু বিহালী, লখিমপুৰ জিলাৰ ঢকুৱাখনা, ধেমাজিৰ জোনাইক সমজিলা হিচাপে স্বীকৃতি দিয়া হৈছে। আনহাতে, তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা, ডুমডুমা আৰু শদিয়া সম-জিলা হ'ব। ইফালে, শিৱসাগৰৰ নাজিৰা আৰু ডিমৌ, যোৰহাটৰ...

October 2, 2024 8:14 PM

views 17

আকাশবাণী গুৱাহাটী কেন্দ্ৰত ছাফাই মিত্ৰ সুৰক্ষা শিবিৰ আয়োজন

মহাত্মা গান্ধীৰ ১৫৫ সংখ্যক জয়ন্তীৰ লগত সংগতি ৰাখি আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰত ছাফাই মিত্ৰ সুৰক্ষা শিবিৰ আয়োজন কৰা হয়। যোৰাবাটৰ আৰ্হি হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক ডাº নয়নমণি ৰাভাৰ লগতে বহুকেইজন চিকিৎসাকর্মীৰ উপস্থিতিত এই শিবিৰত বিনামূলীয়াকৈ ছাফাই কর্মীসকলৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। উত্তৰ-পূৰ্বাঞ্চলৰ আকাশবাণী আৰু দূৰদৰ্শনৰ অতিৰিক্ত সঞ্চালকপ্রধান আশিস ভাটনাগৰে এই স্বাস্থ্য শিবিৰ উদ্বোধন কৰে।

October 2, 2024 4:12 PM

views 30

ৰাজ্যত প্ৰথম পৰ্যায়ত অহা ৪ আৰু ৫ অক্টোবৰত ৩৯ খন সমজিলাৰ কাৰ্যালয় মুকলি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ

ৰাজ্যত প্ৰথম পৰ্যায়ত অহা ৪ আৰু ৫ অক্টোবৰত ৩৯ খন সমজিলাৰ কাৰ্যালয় মুকলি কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। চৰকাৰৰ সিদ্ধান্ত অনুসৰি মন্ত্ৰীসকলে বিভিন্ন জিলালৈ গৈ এই দুদিনত সম জিলাৰ কাৰ্যালয়সমূহ মুকলি কৰিব আৰু সেইদিনাৰ পৰাই কাৰ্যালয়সমূহৰ কাম-কাজ আৰম্ভ হ'ব। প্ৰতিখন সমজিলাত একোজন এ ডি চি পৰ্যায়ৰ বিষয়া থাকিব আৰু তেওঁ সমজিলাৰ আয়ুক্ত বুলি জনা যাব। উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৬০ শতাংশৰে উত্তীৰ্...