October 22, 2024 3:43 PM

views 29

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ অন্তিম পৰ্যায় সন্দৰ্ভত ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে বৈঠক

ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাই ২৭ অক্টোবৰত চতুৰ্থ বৰ্গৰ বাবে হ’বলগীয়া অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ অন্তিম পৰ্যায় সন্দৰ্ভত আজি জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে আলোচনাত মিলিত হয়। ২৭ অক্টোবৰত পুৱা ৯.৩০ বজাৰ পৰা ১১.৩০ বজালৈ ১,৮৪টা আৰু দিনৰ ডেৰ বজাৰ পৰা বিয়লি ৪ বজালৈ ৮০৮টা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ'ব। এই পৰীক্ষাত মুঠ ৮ লাখ ২৭ হাজাৰ ১৩০ গৰাকী প্ৰাৰ্থীয়ে অৱতীৰ্ণ হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মর্মে নিকা আৰু স্বচ্ছভাৱে পৰীক্ষা অনুষ্ঠিত কৰিবল...

October 22, 2024 2:48 PM

views 21

পূব লেবাননত ড্ৰ’ন আক্ৰমণত ৬ জন লোক নিহত

পূব লেবাননৰ বালবেক চহৰৰ এটা ঘৰত ইজৰাইলৰ ড্ৰ'ন আক্ৰমণত কালি ৬ জন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে। লেবাননৰ চৰকাৰী সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, মধ্য বালবেকৰ নবি ইনাম এলেকাত থকা ঘৰটোত ইজৰাইলী ড্র'নে আক্ৰমণ কৰে। ইফালে, হিজবুল্লাহে কৈছে যে খালেট ৱাৰ্ডেহ অঞ্চলত থকা ইজৰাইলৰ সেনা বাহিনীৰ ঘাটিক লক্ষ্য কৰি হিজবুল্লাহে ৰকেট চালভো নিক্ষেপ কৰিছে। ২৩ ছেপ্টেম্বৰৰ পৰা ইজৰাইলী সেনাই লেবাননত বিমান আক্রমণ অব্যাহত ৰাখিছে।

October 22, 2024 11:25 AM

views 11

৫ বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজনৈতিক তৎপৰতা ক্ৰমাৎ বৃদ্ধি

■ ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজনৈতিক তৎপৰতা ক্ৰমাৎ বৃদ্ধি পাইছে। শাসকীয় বিজেপিয়ে তিনিটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ বিপৰীতে কংগ্ৰেছ দলেও চাৰিটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ইতিমধ্যে আনুষ্ঠানিকভাবে ঘোষণা কৰে। বিজেপিয়ে ধলাই আসনত নিহাৰ ৰঞ্জন দাস, বিহালীত দিগন্ত ঘাটোৱাৰ আৰু চামগুৰিত দিল্লুৰঞ্জন শৰ্মাক প্রার্থিত্ব প্ৰদান কৰিছে। আনহাতে কংগ্ৰেছ দলে ধলাই সমষ্টিৰ বাবে ধ্ৰুৱজ্যোতি পুৰকায়স্থ, ছিদলী সমষ্টিত সঞ্জীৱ ওৱাৰী, বঙাইগাঁৱত ব্ৰজেনজিৎ সিনহা আৰু চামগুৰি সমষ্টিৰ বাবে তানজিল...

October 14, 2024 8:14 PM

views 11

ববিতা শর্মালৈ কিৰণ তামূলী শিশু সাহিত্য ন্যাসে চলিত বৰ্ষৰ বাবে প্ৰদান কৰা কিৰণ তামূলী শিশু সাহিত্য পর্যালোচনা বঁটা

অসমীয়া শিশু সাহিত্যৰ চৰ্চা, সৃষ্টি আৰু উত্তৰণৰ লক্ষ্যৰে প্ৰতিষ্ঠিত কিৰণ তামূলী শিশু সাহিত্য ন্যাসে চলিত বৰ্ষৰ বাবে প্ৰদান কৰা কিৰণ তামূলী শিশু সাহিত্য পর্যালোচনা বঁটা ববিতা শর্মালৈ আগবঢ়োৱা হৈছে। শিশু সাহিত্যৰ সুবাস শীৰ্ষক গ্ৰন্থৰ বাবে লেখিকাগৰাকীয়ে এই বঁটা লাভ কৰিছে। ২০১৯ চনৰ পৰা ২০২৩ চনৰ ভিতৰত প্ৰকাশিত সৃষ্টিমূলক শিশু সাহিত্য, শিশু সাহিত্য পর্যালোচনা, শিশু সাহিত্য অলংকৰণ আৰু শিশু সাহিত্য প্রকাশন এই চাৰিটা শিতানত শিশু গ্রন্থ আহ্বান জনোৱা হৈছিল। অহা ২৩ অক্টোবৰত যোৰহাটত নেচনেল বুক ট্রাষ্ট অৱ ইণ...

October 14, 2024 7:23 PM

views 19

দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰিগাঁও জিলা প্ৰশাসনৰ মৰিগাঁও জিলা দিৱস উদযাপন

মৰিগাঁও জিলা প্ৰশাসনে আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰিগাঁও জিলা দিৱস উদযাপন কৰিছে। এই উপলক্ষে আজি পুৱা পতাকা উত্তোলন আৰু সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰা হয়। এইবাৰ এই দিৱসত কৃষি আৰু ইয়াৰ আনুসংগিক ক্ষেত্ৰ, উদ্যান শস্য, কলা-সংস্কৃতি আৰু আৰ্থসামাজিক প্ৰতিটো দিশ সামৰিলৈ বিকাশৰ নতুন ধাৰাৰে জিলাখনক আগবঢ়াই লৈ যোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। গৱেষণামূলক কর্মপন্থা আৰু নাগৰিকসকলৰ ঐক্যবদ্ধ প্রয়াসেৰে জিলাখনৰ উন্নয়নৰ সম্ভাৱনাসমূহ চিনাক্ত কৰাৰ বাবে এই দিৱসৰ সৈতে সংগতি ৰাখি কেতবোৰ কাৰ্যসূচী লো...

October 14, 2024 6:47 PM

views 18

চতুৰ্থ বৰ্গৰ পদসমূহৰ পৰীক্ষাৰ বাবে আবেদনকাৰী প্ৰাৰ্থীসকলে কাইলৈৰ পৰা প্ৰৱেশ পত্র ডাউনলোড কৰিব পাৰিব

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ অধীনত হ'বলগীয়া চতুৰ্থ বৰ্গৰ পদসমূহৰ পৰীক্ষাৰ বাবে আবেদনকাৰী প্ৰাৰ্থীসকলে কাইলৈৰ পৰা প্ৰৱেশ পত্র ডাউনলোড কৰিব পাৰিব। ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে ইতিমধ্যে জাৰি কৰা নিৰ্দেশনা অনুসৰি প্ৰাৰ্থীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট www.site.sebaonline.org আৰু অসম চৰকাৰৰ ৱেবছাইট www.assam.gov.in ৰ পৰা ডাউনলোড কৰিব পাৰিব। উল্লেখযোগ্য যে, অহা ২৭ অক্টোবৰত চতুৰ্থবৰ্গৰ পদসমূহৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। সেইদিনা পুৱা ৯ বজাৰ পৰা ১১.৩০ বজালৈ আই টি আই উত্তীর...

October 14, 2024 6:26 PM

views 24

নিশা ৯.৩০ বজাত গ্রাহক অধিকাৰ আৰু দায়িত্ব সন্দৰ্ভত গ্ৰাহক পৰিক্ৰমা বিভাগৰ সচিব নিধি খাড়েৰ সৈতে আকাশবাণীৰ ‘পাব্লিক স্পীক’ অনুষ্ঠান

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা ৯.৩০ বজাত গ্রাহক অধিকাৰ আৰু দায়িত্ব সন্দৰ্ভত গ্ৰাহক পৰিক্ৰমা বিভাগৰ সচিব নিধি খাড়েৰ সৈতে হোৱা এলানি বিশেষ আলোচনা সম্প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি সমল ব্যক্তিগৰাকীক বিষয়টো সন্দৰ্ভত প্রশ্ন সুধিব পাৰিব। তেওঁলোকে ৱাটছএপ যোগে ৯২৮৯০ ৯৪০৪৪ নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব। আকাশবাণীৰ এফ এম গ'ল্ড চেনেল আৰু অতিৰিক্ত ফ্রিকুয়েন্সিসমূহৰ যোগেদি এই অনুষ্ঠ...

October 14, 2024 6:14 PM

views 40

২ গৰাকী সংমণ্ডলীয় আয়ুক্তকে ধৰি ২০গৰাকী আয়ুক্তক মন্দিৰৰ ভূমিৰ সীমা নিৰ্দ্ধাৰণ আৰু বেদখল আঁতৰোৱা সুনিশ্চিত কৰিবলৈ জম্মু কাশ্মীৰ চৰকাৰৰ নিৰ্দেশ

জম্মু কাশ্মীৰত চৰকাৰে দুয়োগৰাকী সংমণ্ডলীয় আয়ুক্তকে ধৰি ২০গৰাকী আয়ুক্তক নিজৰ নিজৰ অধীনৰ অঞ্চলসমূহৰ মন্দিৰৰ ভূমিৰ সীমা নিৰ্দ্ধাৰণ আৰু বেদখল আঁতৰোৱা সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে। জম্মু-কাশ্মীৰৰ মুখ্য সচিবে অলপতে জম্মু-কাশ্মীৰ আৰু লাডাখ উচ্চ ন্যায়ালয়ৰ দ্বাৰা দিয়া এটা নির্দেশত কেন্দ্রীয় শাসিত প্ৰদেশৰ মন্দিৰসমূহৰ বৰ্তমানৰ অৱস্থাৰ বিতং তথ্য জনাবলৈ নিৰ্দেশ দিছিল উল্লেখযোগ্য যে এই নিৰ্দেশৰ পাছত কেন্দ্ৰীয় শাসিত অঞ্চলত মন্দিৰ পুনৰুদ্ধাৰ সন্দৰ্ভত মুখ্য সচিবগৰাকী আলোচনাত মিলিত হয় আৰু মন্দিৰৰ চোৱাচ...

October 13, 2024 8:18 PM

views 24

প্রসিদ্ধ উদ্যোগপতি ৰতন টাটাৰ দেহাৱসানকে ধৰি কেইবাটাও গুৰুত্বপূর্ণ বাতৰিয়ে বিগত সপ্তাহৰ আকাশবাণীৰ আঞ্চলিক বাতৰিত স্থান লাভ কৰিছে

প্রসিদ্ধ উদ্যোগপতি তথা লোকহিতৈষী ৰতন টাটাৰ দেহাৱসান, ২০২২ চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান, অসম চৰকাৰৰ নিযুত মইনা আঁচনিৰ অধীনত আর্থিক অনুদান বিতৰণৰ শুভাৰম্ভকে ধৰি কেইবাটাও গুৰুত্বপূর্ণ বাতৰিয়ে বিগত সপ্তাহৰ আঞ্চলিক বাতৰিত স্থান লাভ কৰে। তদুপৰি শাৰদীয় দুর্গা পূজা উদযাপনৰ বিভিন্ন বা-বাতৰি আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱৰ বাতৰিও আঞ্চলিক বাতৰিত গুৰুত্বসহকাৰে প্ৰচাৰ কৰা হয়৷ যোৱা ৯ অক্টোবৰৰ নিশা প্রসিদ্ধ উদ্যোগপতি তথা লোকহিতৈষী ৰতন টাটাৰ মুম্বাইত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈ...

October 10, 2024 8:17 PM

views 13

বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ সৈতে সংগতি ৰাখি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ নতুন দিল্লীত টেলি-মানস এপ আৰু ভিডিঅ’ কলৰ সুবিধা মুকলি

বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ সৈতে সংগতি ৰাখি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে আজি নতুন দিল্লীত টেলি-মানস এপ আৰু ভিডিঅ’ কলৰ সুবিধা মুকলি কৰে। একেটা অনুষ্ঠানতে বিশ্ব স্বাস্থ্য সংস্থাৰ টেলি-মানস মূল্যায়ন প্রতিবেদন আৰু কৰ্মচাৰীসকলৰ বাবে আত্মযতন মডিউলো মুকলি কৰা হয়। মানসিক স্বাস্থ্য আৰু কৰ্মস্থলীৰ মাজৰ গুৰুত্বপূৰ্ণ সংযোগ সন্দৰ্ভত আলোকপাত কৰি এইবাৰ এই দিৱসৰ বিষয়বস্তু হৈছে— কৰ্মস্থলীত মানসিক স্বাস্থ্য। মন্ত্ৰ্যালয়ে লগতে টেলি-মানস হেল্পলাইনৰ দ্বিতীয় বৰ্ষপূর্তিও উদযাপন কৰে। স্বাস্থ্য আৰু প...