November 28, 2024 6:24 PM

views 15

১ ডিচেম্বৰৰ পৰা আকাশবাণী গুৱাহাটীৰ এফ এম ১০০.৮ মেগাহার্টজত, বিবিধ ভাৰতী চেনেলৰ পৰা প্ৰচাৰিত দিনৰ আৰু সন্ধিয়াৰ মুখ্য বাতৰিৰ প্ৰচাৰৰ সময়সূচী সামান্য সালসলনি

অহা ১ ডিচেম্বৰৰ পৰা আকাশবাণী গুৱাহাটীৰ এফ এম ১০০.৮ মেগাহার্টজত, বিবিধ ভাৰতী চেনেলৰ পৰা প্ৰচাৰিত দিনৰ আৰু সন্ধিয়াৰ মুখ্য বাতৰিৰ প্ৰচাৰৰ সময়সূচী সামান্য সালসলনি ঘটোৱা হৈছে। এই অনুসৰি দিনৰ ১০ বাজি ১৫ মিনিটত প্ৰচাৰিত মুখ্য বাতৰি সেইদিনাৰ পৰা পুৱা ৭ বাজি ২৮ মিনিটত আৰু সন্ধিয়া ৬ বাজি ১৫ মিনিটত প্ৰচাৰিত মুখ্য বাতৰি নিশা ৮ বাজি ২৮ মিনিটত প্ৰচাৰ কৰা হ'ব।

November 28, 2024 6:17 PM

views 14

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ পুৰণি টেলিফোন নম্বৰ ২৬৬০৪২৬ পুনৰ বাহাল কৰা হৈছে

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ পুৰণি টেলিফোন নম্বৰ ২৬৬০৪২৬ পুনৰ বাহাল কৰা হৈছে। দীৰ্ঘদিন ধৰি এই টেলিফোন নম্বৰটো বিকল হৈ থকাৰ বাবে বাতৰি বিভাগ, আমাৰ সংবাদদাতাসকল আৰু আমাৰ শ্ৰোতাসকল যথেষ্ট আহুকালৰ সন্মুখীন হ'বলগীয়া হৈছিল। ভাৰত সঞ্চাৰ নিগম লিমিটেড চমুকৈ বি এছ এন এলৰ অধীনৰ এই টেলিফোন নম্বৰলৈ মোবাইল ফোনৰ পৰা ০৩৬১- এই কোড ব্যৱহাৰ কৰি ডায়েল কৰিব লাগিব। সংবাদদাতা আৰু সৰ্বসাধাৰণ ৰাইজে ০৩৬১-২৬৬০৪২৬ নম্বৰত টেলিফোন কৰি যিকোনো বাতৰি আৰু মত-অভিমত জনাব পাৰিব।

November 22, 2024 8:13 PM

views 16

অহা ১ ডিচেম্বৰৰ পৰা আকাশবাণী গুৱাহাটীৰ বিবিধ ভাৰতী চেনেলৰ মুখ্য বাতৰিৰ সময়সূচী সামান্য পৰিৱৰ্তন

আকাশবাণী গুৱাহাটীৰ বিবিধ ভাৰতী চেনেলৰ পৰা প্ৰচাৰিত মুখ্য বাতৰিৰ সময়সূচী অহা ১ ডিচেম্বৰৰ পৰা সামান্য পৰিৱৰ্তন ঘটোৱা হ'ব। সেই অনুসৰি দিনৰ ১০ বাজি ১৫ মিনিটত প্ৰচাৰিত মুখ্য বাতৰি সেইদিনাৰ পৰা পুৱা ৭ বাজি ২৮ মিনিটত আৰু সন্ধিয়া ৬ বাজি ১৫ মিনিটত প্ৰচাৰিত মুখ্য বাতৰি নিশা ৮ বাজি ২৮ মিনিটত প্ৰচাৰিত হ'ব।

November 22, 2024 7:01 PM

views 17

উপ-সঞ্চালকপ্ৰধান ৰূপে পদোন্নতি লাভ আকাশবাণী গুৱাহাটীৰ অভিযান্ত্ৰিক শাখাৰ সঞ্চালক ৰবিন চন্দ্ৰ বড়োৰ

আকাশবাণী গুৱাহাটীৰ অভিযান্ত্ৰিক শাখাৰ সঞ্চালক ৰবিন চন্দ্ৰ বড়োক আজি আকাশবাণীৰ সমূহ বিষয়া-কৰ্মচাৰীয়ে তেওঁ অভিযান্ত্ৰিক শাখাৰ উপ-সঞ্চালকপ্ৰধান ৰূপে পদোন্নতি লাভ কৰাৰ বাবে আনুষ্ঠানিকভাৱে অভিনন্দন জনায়। শ্ৰী বড়োৱে দূৰদৰ্শনৰ উত্তৰ-পূব অতিৰিক্ত সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত অভিযান্ত্ৰিক শাখাৰ উপ-মহা নিৰ্দেশকৰ নতুন পদত যোগদান কৰিব। অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ অভিযান্ত্ৰিক শাখাৰ উপ-সঞ্চালকপ্ৰধান ৱালিউল্লা খান, বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰ, অনুষ্ঠান শাখাৰ মুৰববী কাৰ্তিক সূত্ৰধৰ আৰু অন্যান্যসক...

November 16, 2024 7:30 PM

views 23

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদৰ অধীনৰ কোচবিহাৰ ট্ৰফীৰ অসম আৰু ঝাৰখণ্ডৰ মাজৰ খেলখনৰ অমীমাংসিতভাৱে সামৰণি

বৰপেটাত অনুষ্ঠিত ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদৰ অধীনৰ কোচবিহাৰ ট্ৰফীৰ অসম আৰু ঝাৰখণ্ডৰ মাজৰ খেলখনৰ আজি অমীমাংসিতভাৱে সামৰণি পৰে। ইয়াৰ ফলত প্রথম ইনিংছত লাভ কৰা অগ্ৰগতিৰ ভিত্তিত ঝাৰখণ্ডে ৩ পইণ্ট অৰ্জন কৰাৰ বিপৰীতে অসমে এক পইণ্ট সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। উল্লেখযোগ্য যে অসম ক্রিকেট সন্থাৰ উদ্যোগত আৰু বৰপেটা জিলা ক্রীড়া সন্থাৰ সহযোগত জিলা ক্রীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত চাৰিদিনীয়া খেলখনত অসমে প্রথমে বেট ধৰি ২৭৬ ৰান সংগ্ৰহ কৰে। ইয়াৰ পাছত ঝাখণ্ডে প্রথম ইনিংছত ৩০৭ ৰান সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। দ্ব...

November 16, 2024 7:22 PM

views 27

আজি নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত ৫৫ সংখ্যক ভাৰত আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ সাপ্তাহিক ‘দৃষ্টিপাত’ অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত ৫৫ সংখ্যক ভাৰত আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ সন্দৰ্ভত আলোচনা কৰা হ'ব। অনুষ্ঠানত সমল ব্যক্তিৰূপে উপস্থিত থাকিব বিশিষ্ট চলচ্চিত্র সমালোচক নয়ন প্ৰসাদ আৰু বিতোপন বৰবৰা। অনুষ্ঠানৰ আঁত ধৰিব ৰাজীৱ লোচন বৰঠাকুৰে। শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০৩৬১-২৬৬১৮৭৬ আৰু ২৬৬২৩২৫ নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত পোনপটীয়াকৈ অংশ ল'ব পাৰিব। এই অনুষ্ঠান আমাৰ ইউটিউব চেনেল আৰু নিউজ অন এয়াৰ এপতো শুনিব পাৰিব।

November 16, 2024 7:05 PM

views 14

ডেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষ সামৰণি অনুষ্ঠানৰ আজি দ্বিতীয় দিনা কবি নীলমণি ফুকন ক্ষেত্ৰত ১০১খন পতাকা উত্তোলন

ডেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষ সামৰণি অনুষ্ঠানৰ আজি দ্বিতীয় দিনা কবি নীলমণি ফুকন ক্ষেত্ৰত ১০১খন পতাকা উত্তোলন কৰা হয়। ডেৰগাঁও সাহিত্য সভাৰ সভাপতি আৰু উদযাপন সমিতিৰ সভাপতি দুগৰাকীয়ে মূল পতাকা উত্তোলন কৰাৰ লগে লগে বিভিন্ন ক্ষেত্ৰৰ ১০১গৰাকী ব্যক্তিয়ে সাহিত্য সভাৰ পতাকা উত্তোলন কৰে।

November 16, 2024 6:54 PM

views 14

ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন চামলৰ ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদৰ প্ৰশাসনৰ নিয়ন্ত্রণাধীন বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ সৈতে পৰ্যালোচনা বৈঠক

ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন চামলে আজি ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদৰ প্ৰশাসনৰ নিয়ন্ত্রণাধীন বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। পৰিষদৰ সচিবালয়ৰ প্ৰধান সচিবৰ সভাগৃহত অনুষ্ঠিত এই বৈঠকত প্রধান সচিব থাই টিচ’ ডাওলাগাপু উপস্থিত থকাৰ লগতে পৰিষদৰ আন আন সচিব তথা বিষয়াসকল উপস্থিত থাকে। এই বৈঠকত বিভিন্ন বিভাগৰ কাম- কাজসমূহৰ লগতে আঁচনিসমূহ ৰূপায়নৰ অগ্ৰগতিৰ বিষয়ে বুজ লোৱা হয়। পৰিষদে গ্ৰহণ কৰা আঁচনিসমূহৰ কামৰ অগ্ৰগতি সম্পর্কে বুজ লোৱাৰ বাবে অতিৰিক্ত মুখ্য স...

November 14, 2024 12:20 PM

views 16

অসম বিশ্ববিদ্যালয় ডিফুৰ ৰাজনীতি বিভাগৰ সহযোগত দুদিনীয়াকৈ আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ সামৰণি

কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আৰু অসম বিশ্ববিদ্যালয় ডিফুৰ ৰাজনীতি বিভাগৰ সহযোগত দুদিনীয়াকৈ আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ কালি সন্ধিয়া সামৰণি পৰে। ছিকিমৰ বিশিষ্ট পৰিৱেশকর্মী ছ'নাম বাংচুকে উদ্বোধন কৰা এই আলোচনাচক্ৰত ষষ্ঠ অনুসূচী সম্পর্কে বহুলভাৱে আলোচনা কৰা হয়। উল্লেখযোগ্য যে ষষ্ঠ অনুসূচী সম্পূৰ্ণ হোৱা উপলক্ষে ৭৫ সংখ্যক এই ৰাষ্ট্ৰীয় আলোচনাচক্ৰখনৰ আয়োজন কৰা হৈছিল। উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ অহা বিশিষ্ট শিক্ষাবিদ আৰু অধ্যাপকসকলে ষষ্ঠ অনুসূচী সন্দৰ...

November 14, 2024 11:55 AM

views 21

বিদ্যালয় পৰ্যায়ত খালী হৈ থকা ১৫,২৬৫টা শিক্ষক পদ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ শিক্ষা বিভাগৰ

ৰাজ্যৰ শিক্ষা বিভাগে বিদ্যালয় পৰ্যায়ত খালী হৈ থকা ১৫ হাজাৰ ২৬৫টা শিক্ষক পদ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ২০২৩ চনৰ ডিচেম্বৰ মাহত বিজ্ঞাপন প্ৰকাশ হোৱা ৫ হাজাৰ ৫৫০টা প্রাথমিক শিক্ষক পদ পূৰণৰ বাবে প্ৰাৰ্থী বাছনি প্রক্রিয়া সম্পন্ন কৰাৰ পাছত মাধ্যমিক পৰ্যায়ত শিক্ষকৰ অভাৱ দূৰ কৰিবলৈ শিক্ষা বিভাগে ৯ হাজাৰ ৭১৭টা পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। মাধ্যমিক শিক্ষা সঞ্চালকালয়ে মাধ্যমিক স্তৰত চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয়ত স্নাতকোত্তৰ আৰু স্নাতক শিক্ষকৰ পদত নিযুক্তিৰ বাবে আবেদনৰ সময় বৃদ্ধি কৰিছে। ...