November 29, 2024 8:15 PM

views 17

অসম বিধানসভাৰ ৰাজহুৱা হিচাপ নিৰীক্ষণৰ এটা দল দুদিনীয়া ভ্ৰমণসূচীৰে তিনিচুকীয়া উপস্থিত

অসম বিধানসভাৰ ৰাজহুৱা হিচাপ নিৰীক্ষণৰ এটা দলে দুদিনীয়া ভ্ৰমণসূচীৰে আজি তিনিচুকীয়া জিলাত উপস্থিত হয়। বিধায়ক নুৰল হুদাৰ নেতৃত্বত যোৱা দলটোৱে জিলাখনৰ বিভিন্ন চৰকাৰী আঁচনি ৰূপায়ণ সন্দৰ্ভত পর্যবেক্ষণ কৰাৰ লগতে অগ্রগতি সন্দৰ্ভত বুজ লব। বিধানসভাৰ সজাতি দলটোৱে তিনিচুকীয়া জিলা প্ৰশাসনৰ সৈতে পর্যালোচনা বৈঠকতো অংশগ্ৰহণ কৰিব।

November 29, 2024 8:13 PM

views 20

গুৱাহাটী পৌৰ নিগমৰ উদ্যোগত আজি নশ্বৰ দেহ কঢ়িওৱা ‘মুক্তিথ’ নামৰ এখন বিনামুলীয়া বাহন মুকলি

গুৱাহাটী পৌৰ নিগমৰ উদ্যোগত আজি নশ্বৰ দেহ কঢ়িওৱা মুক্তিথ নামৰ এখন বিনামুলীয়া বাহন মুকলি কৰা হয়। গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই ফেডাৰেল বেংক পল্টন বজাৰ শাখাৰ সহযোগত মুকলি কৰা এই সেৱাৰ শুভাৰম্ভ কৰে। এই উপলক্ষে নেহৰু ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত দিয়া ভাষণত শ্ৰীশৰণীয়াই কয়, যে গুৱাহাটীৰ বাসিন্দাৰ বাবে বিনামুলীয়াকৈ আগবঢ়োৱা এই সেৱাই সৰ্বসাধাৰণ ৰাইজক বিশেষ সুবিধা আগবঢ়াব। অন্তেষ্টিক্ৰিয়াৰ খৰছ বহন কৰিব নোৱাৰা পৰিয়ালক সকাহ দিয়াৰ বাবে এই সেৱা মুকলি কৰা হৈছে বুলি তেওঁ কয়। এই মুক্তিৰথ বা...

November 29, 2024 8:00 PM

views 14

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগত অংশকালীন ব্রডকাষ্ট এছিছটেণ্ট নিয়োগৰ বাবে অহা ৫ ডিচেম্বৰত WALK-IN INTERVIEW

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগত অংশকালীন ব্রডকাষ্ট এছিছটেণ্ট নিয়োগৰ বাবে অহা ৫ ডিচেম্বৰ বৃহস্পতিবাৰে বাতৰি বিভাগৰ সঞ্চালকৰ কক্ষত এটা WALK-IN INTERVIEW অনুষ্ঠিত হ'ব। ২১ বছৰৰ পৰা ৪৫ বছৰ বয়সৰ স্নাতক প্ৰাৰ্থীয়ে এই সাক্ষাৎকাৰত অংশগ্ৰহণ কৰিব পাৰিব। প্ৰাৰ্থীৰ কম্পিউটাৰ বিষয়ক সম্যক জ্ঞান, আকাশবাণীৰ বাতৰি আৰু অনুষ্ঠান সম্পৰ্কীয় সাধাৰণ জ্ঞান থকাৰ লগতে কণ্ঠ বাণীবন্ধন আৰু সম্পাদনাৰ জ্ঞান থাকিব লাগিব। প্রার্থী গুৱাহাটী মহানগৰীৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত বাস কৰা হ’ব লাগিব ৷ SOCIAL MEDIA অর্থাৎ সামাজ...

November 29, 2024 7:14 PM

views 16

উপ-নির্বাচনত জয়ী হোৱা ৫ গৰাকী বিধায়কৰ বিধানসভাৰ সদস্যৰূপে শপতগ্ৰহণ

সদ্য সমাপ্ত বিধানসভাৰ উপ-নির্বাচনত জয়ী হোৱা পাঁচগৰাকী বিধায়কে আজি বিধানসভাৰ সদস্যৰূপে শপতগ্ৰহণ কৰে। আজি বিয়লি দিছপুৰৰ নতুন বিধানসভা ভৱনত আয়োজিত এটা অনাড়ম্বৰ অনুষ্ঠানত বিধানসভা অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিধায়ক কেইগৰাকীক গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। প্ৰথমে বিহালী সমষ্টিৰ পৰা নিৰ্বাচিত বিজেপি বিধায়ক দিগন্ত ঘাটোৱালে শপতগ্ৰহণ কৰে। ইয়াৰ পাছত চামগুৰিৰ পৰা নিৰ্বাচিত বিজেপি বিধায়ক দিপুৰঞ্জন শর্মা, ছিদলীৰ পৰা নিৰ্বাচিত বি পি এফৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম, বঙাইগাঁৱৰ পৰা নিৰ্বাচিত অসম গণ পৰি...

November 29, 2024 6:38 PM

views 21

গুৱাহাটী পৌৰ নিগমৰ ‘মুক্তিৰথ’ সেৱাৰ শুভাৰম্ভ

গুৱাহাটীবাসীলৈ জনমুখী সেৱা আগবঢোৱাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে আজি গুৱাহাটী পৌৰ নিগমে ‘মুক্তিৰথ’ শীৰ্ষক এক বিশেষ সেৱাৰ শুভাৰম্ভ কৰে। ফেডাৰেল বেংকৰ সহযোগত হাতত লোৱা এই বিশেষ শৱদেহ কঢ়িওৱা বাহনৰ সেৱা গুৱাহাটীবাসী ৰাইজলৈ আনুষ্ঠানিকভাৱে উৎসৰ্গা কৰে মেয়ৰ মৃগেন শৰণীয়াই। এই উপলক্ষে নেহৰু ষ্টেডিয়ামত আয়োজিত এক অনুষ্ঠানত উপ-মেয়ৰ স্মিতা ৰয় আৰু আয়ুক্ত মেঘনিধি দাহালকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মুক্তিৰথ হৈছে এক বিনামূলীয়া শৱদেহ কঢ়িওৱা বাহনৰ সেৱা, যি নাগৰিকৰ প্ৰাত্যহিক জীৱনৰ প্ৰ...

November 29, 2024 6:10 PM

views 20

উপ-নির্বাচনত জয়ী হোৱা ৫ গৰাকী বিধায়কৰ বিধানসভাৰ নতুন ভৱনত আয়োজিত বিশেষ কাৰ্যসূচীত শপত গ্ৰহণ

ৰাজ্যত অলপতে অনুষ্ঠিত বিধানসভাৰ উপ-নির্বাচনত জয়ী হোৱা পাঁচগৰাকী বিধায়কে আজি বিধানসভাৰ নতুন ভৱনত আয়োজিত বিশেষ কাৰ্যসূচীত শপত গ্ৰহণ কৰে। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বঙাইগাঁৱৰ দিপ্তীময়ী চৌধুৰী, বিহালীৰ দিগন্ত ঘাটোৱাল, ধলাইৰ নিহাৰৰঞ্জন দাস, ছিদলীৰ নিৰ্মল কুমাৰ ব্ৰহ্ম আৰু চামগুৰি সমষ্টিৰ পৰা জয়ী হোৱা দিল্লুৰঞ্জন শৰ্মাক শপত বাক্য পাঠ কৰোৱায়। শপতগ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে।

November 28, 2024 8:37 PM

views 19

ভাৰত আৰু কানাডাই দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ স্থিতিৰ বিষয়ে পৰস্পৰৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে

ভাৰত আৰু কানাডাই দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ স্থিতিৰ বিষয়ে পৰস্পৰৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে। বিদেশ ৰাজ্য মন্ত্রী কীৰ্তি বৰ্ধন সিঙে আজি ৰাজ্যসভাত এটা লিখিত উত্তৰত এই কথা সদৰি কৰে। তেওঁ কয় যে, সুস্থিৰ দ্বিপাক্ষিক সম্পৰ্কৰ বাবে পৰস্পৰৰ উদ্বেগ, ভৌগলিক অখণ্ডতা আৰু সাৰ্বভৌমত্তৰ প্ৰতি সন্মান পূর্ব চৰ্ত স্বৰূপ। নতুন দিল্লী মহলে ভাৰত বিৰোধী শক্তিসমূহৰ বিৰুদ্ধে ফলপ্ৰসূ আৰু ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অহৰহ কৈ আহিছে বুলি তেওঁ মন্তব্য কৰে।

November 28, 2024 8:10 PM

views 19

বিশিষ্ট সাংবাদিক বুলন কুমাৰ শ‍ইকীয়াৰ মৃত্যু

আজি পুৱতি নিশা নাহৰকটীয়াত পৰলোকপ্ৰাপ্তি ঘটা বিশিষ্ট সাংবাদিক বুলন কুমাৰ শ‍ইকীয়াৰ অন্ত্যেষ্টিক্রিয়া আজি দুপৰীয়াৰ ভাগত তেওঁৰ বাসভৱনৰ চৌহদত ভালেসংখ্যক গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন কৰা হয়। শ‍ইকীয়াৰ শেষকৃত্যত নাহৰকটীয়াৰ প্ৰাক্তন পৌৰপতি জগদীশ ৰাজকোঁৱৰ, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিশ্বজিৎ সোণোৱাল আৰু নাহৰকটীয়া, দুলীয়াজান আৰু ডিব্ৰুগড়ৰ ভালেসংখ্যক সংবাদকর্মী উপস্থিত আছিল। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে, আজি পুৱতি নিশা পৰলোকপ্ৰাপ্তি ঘটা নীতিনিষ্ঠ, আপোচহীন সাংবাদিকগৰাকীৰ মৃ...

November 28, 2024 8:03 PM

views 14

তিনিচুকীয়া জিলাত তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ বাবে যোগ্য হিতাধিকাৰী বাছনি সম্পৰ্কত জিলা আয়ুক্তৰ অধ্যক্ষতাত বৈঠক

তিনিচুকীয়া জিলাত তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ বাবে যোগ্য হিতাধিকাৰী বাছনি সম্পৰ্কত আলোচনা কৰিবলৈ আজি জিলাখনৰ আয়ুক্তৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়। তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ নিৰীক্ষণ সমিতিৰ এই বৈঠকত কোনো যোগ্য হিতাধিকাৰীয়ে যাতে আঁচনিৰ সুবিধা গ্ৰহণৰ পৰা বাদ পৰি নাযায় সেই বিষয়ে গুৰুত্ব আৰোপ কৰা হয়। সভাত জিলাখনৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অংশগ্ৰহণ কৰে৷

November 28, 2024 7:58 PM

views 16

বৰপেটা জিলাত অহা ৩ ডিচেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈ স্বাস্থ্য সেৱা উৎসৱৰ আয়োজন

বৰপেটা জিলাত অহা ৩ ডিচেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈ স্বাস্থ্য সেৱা উৎসৱৰ আয়োজন কৰা হৈছে। এই স্বাস্থ্য উৎসৱত জিলাখনৰ স্বাস্থ্য বিভাগৰ অধীনৰ ৰাজহুৱা খণ্ডৰ ৬৮ খন বিভিন্ন পৰ্যায়ৰ চিকিৎসালয়ক সামৰি লোৱা হ'ব। জিলাখনৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত গীতাশ্রী লাচিতে এই সন্দৰ্ভত সংবাদমেলযোগে তথ্য প্ৰকাশ কৰে। এই স্বাস্থ্য উৎসৱত পর্যবেক্ষকৰ দলে চিকিৎসালয় তথা স্বাস্থ্য কেন্দ্ৰবোৰৰ সকলো দিশ পৰ্যবেক্ষণ কৰাৰ লগতে স্বাস্থ্য কেন্দ্ৰৰ কৰ্তৃপক্ষৰ উপৰি ৰোগী আৰু স্থানীয় লোকৰ সৈতে মত-বিনিময় কৰিব।