December 5, 2024 8:08 PM

views 17

সৰুপথাৰত কাইলৈৰ পৰা ৯ ডিচেম্বৰলৈ নেপালী সাহিত্য সভাৰ ষোড়শ ত্রিবার্ষিক অধিৱেশন

সৰুপথাৰত কাইলৈৰ পৰা ৯ ডিচেম্বৰলৈ নেপালী সাহিত্য সভাৰ ষোড়শ ত্রিবার্ষিক অধিৱেশন অনুষ্ঠিত হ'ব। এই অধিৱেশনত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ কেইবাগৰাকীও সাহিত্যিকে অংশগ্রহণ কৰিব। ৯ ডিচেম্বৰত সভাৰ মুকলি অধিৱেশনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা অধিৱেশনত উপস্থিত থকাৰ কথা।

December 5, 2024 8:06 PM

views 18

বঢ়মপুৰ অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য

দুদিনীয়া ভ্ৰমণসূচীৰে কালি নগাঁৱত উপস্থিত হোৱা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আজি বঢ়মপুৰ অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হয়। বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে প্ৰাৰ্থনাৰে ৰাজ্যপালগৰাকীক আদৰণি জনোৱাৰ পাছত মত বিনিময় অনুষ্ঠান সম্পন্ন হয়। ৰাজ্যপাল শ্ৰীআচাৰ্যই শিক্ষাৰ্থীসকলৰ মাজত স্মার্টফোন আৰু ইলেকট্রনিক লাখুটি বিতৰণ কৰে।উল্লেখযোগ্য যে আজি পুৱাৰ ভাগত ৰাজ্যপালগৰাকী মহামৃত্যুঞ্জয় মন্দিৰত উপস্থিত হৈ পূজা-অৰ্চনাত ভাগ লয়। বিধায়ক জিতু গোস্বামী আৰু জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে শ্রীআচাৰ্যক সংগ ...

December 5, 2024 8:05 PM

views 20

অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগীতামূলক পৰীক্ষা-২০২৩ৰ ফলাফল ঘোষণা

অসম লোকসেৱা আয়োগে আজি সংযুক্ত প্রতিযোগীতামূলক পৰীক্ষা-২০২৩ৰ ফলাফল ঘোষণা কৰে। আয়োগে অসামৰিক সেৱা, অসম আৰক্ষী সেৱা আৰু সংলগ্ন সেৱাৰ মুঠ ২৩৫ গৰাকী প্ৰাৰ্থী নিযুক্তিত অনুমোদন দিছে। চিৰঞ্জীৱ ফুকনে ৮৭২ নম্বৰেৰে প্ৰথম স্থান লাভ কৰে। এনিশা বুঢ়াগোহাঁইয়ে ৮২৩ নম্বৰ লাভ কৰি মহিলা প্ৰাৰ্থীৰ ভিতৰত প্ৰথম স্থান দখল কৰে। হিমান্দ্ৰি জিতা বৰাই তৃতীয় স্থান আৰু মৃগাক্ষী বৰুৱাই চতুর্থ স্থান লাভ কৰে। পঞ্চম স্থান দখল কৰে টুটুমণি কাকতিয়ে। প্ৰথম দহৰ ভিতৰত থকা আন স্থানপ্ৰাপক সকলৰ ভিতৰত আছে মৃদুস্মিতা ৰয়, মেৰী কলিতা...

December 5, 2024 8:02 PM

views 84

নতুন সাহিত্য পৰিষদৰ ৰাজ্যিক পৰ্যায়ৰ সাহিত্য প্ৰতিযোগিতা

ৰাজ্যখনৰ অগ্ৰণী প্ৰগতিবাদী সাহিত্য সংগঠন নতুন সাহিত্য পৰিষদৰ অহা ১, ২ আৰু ৩ ফেব্ৰুৱাৰীত গুৱাহাটীত হ’বলগীয়া দ্বি—বাৰ্ষিক ৰাজ্যিক সন্মিলন উপলক্ষে ৰাজ্যিক ভিত্তিক অসমীয়া প্ৰগতিবাদী গল্প, কবিতা আৰু প্ৰবন্ধ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব বুলি সন্মিলনৰ আদৰণী সমিতিয়ে এক বিবৃতিযোগে জনাইছে৷ পঞ্চাশ বছৰ অনূৰ্ধ্বৰ সকলোৱে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব৷ এই প্ৰতিযোগিতাত গল্পৰ বাবে বিপুল খাটনিয়াৰ বঁটা,কবিতাৰ বাবে বিজনলাল চৌধুৰী বঁটা আৰু প্ৰবন্ধৰ বাবে মুকুট ভট্টাচাৰ্য সোঁৱৰণী বটা আগবঢ়োৱা হ’ব। বিজয়ী প্ৰতিযোগীসকলক...

December 3, 2024 5:03 PM

views 11

গায়েনাৰ এনজেৰেকোৰ চহৰত এখন ফুটবল খেলত হিংসাত্মক পৰিস্থিতিত পদপিষ্ট হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫৬ লৈ বৃদ্ধি

দক্ষিণ-পূব গায়েনাৰ এনজেৰেকোৰ চহৰত এখন ফুটবল খেলৰ সময়ত উদ্ভৱ হোৱা হিংসাত্মক পৰিস্থিতিৰ ফলত পদপিষ্ট হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫৬ লৈ বৃদ্ধি পাইছে। সামাজিক মাধ্যমৰ এটা বার্তাযোগে গায়েনাৰ ৰাষ্ট্ৰপতি মামাদি ডুমবৌয়াই শোকসন্তপ্ত পৰিয়ালসমূহৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। তেওঁ কয় যে, এই মর্মান্তিক ঘটনাত ক্ষতিগ্রস্তসকলক প্ৰাৰম্ভিক সঁহাৰি দিবলৈ চৰকাৰে সকলো প্ৰচেষ্টা চলাইছে।তদুপৰি এই ঘটনাৰ ক্ষয় ক্ষতি মূল্যায়নৰ বাবে প্রধানমন্ত্রী আমাডৌ আউৰি বাহৰ নেতৃত্বত এটা জৰুৰীকালীন অভিযান কাৰ্যকৰী কৰা হৈছে। এই ঘটনাৰ ...

December 3, 2024 4:58 PM

views 18

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ব্রডকাষ্ট এছিছটেণ্ট পদৰ বাবে ৫ ডিচেম্বৰত WALK-IN INTERVIEW

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগত অংশকালীন ব্রডকাষ্ট এছিছটেণ্ট নিয়োগৰ বাবে অহা ৫ ডিচেম্বৰ বৃহস্পতিবাৰে দিনৰ ১০ বজাৰ পৰা বাতৰি বিভাগৰ সঞ্চালকৰ কক্ষত এটা WALK-IN INTERVIEW অনুষ্ঠিত হ'ব। ২১ বছৰৰ পৰা ৪৫ বছৰ বয়সৰ স্নাতক প্ৰাৰ্থীয়ে এই সাক্ষাৎকাৰত অংশগ্রহণ কৰিব পাৰিব। প্ৰাৰ্থীৰ কম্পিউটাৰ বিষয়ক সম্যক জ্ঞান, SOCIAL MEDIA অর্থাৎ সামাজিক মাধ্যমত কাম কৰাৰ অভিজ্ঞতা, আকাশবাণীৰ বাতৰি আৰু অনুষ্ঠান সম্পৰ্কীয় সাধাৰণ জ্ঞান থকাৰ লগতে কণ্ঠ বাণীবন্ধন আৰু সম্পাদনাৰ জ্ঞান থাকিব লাগিব। প্রার্থী গুৱাহাটী মহানগ...

November 30, 2024 8:51 PM

views 23

বি এছ এফে চলিত বৰ্ষত বৰ্তমানলৈকে পাঞ্জাৱ সীমান্তৰে ভাৰতলৈ মাদক দ্রব্য, অস্ত্ৰ-শস্ত্ৰ সৰবৰাহ কৰা ২৪৫ খন ড্রোণ জব্দ কৰিছে

সীমান্ত সুৰক্ষা বাহিনী বি এছ এফে চলিত বৰ্ষত এতিয়ালৈকে পাঞ্জাৱ সীমান্তইদি ভাৰতলৈ মাদক দ্রব্য, অস্ত্ৰ-শস্ত্ৰ সৰবৰাহ কৰা ২৪৫ খন ড্রোণ জব্দ কৰিবলৈ সমৰ্থ হৈছে। বিগত বৰ্ষৰ তুলনাত জব্দ কৰা দ্ৰোণৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে। বিগত বৰ্ষৰ ৪৪০ কিলোগ্ৰাম হেৰ’ইনৰ তুলনাত এইবাৰ ২৫৪ কিলোগ্রাম হেৰ’ইন জব্দ কৰা হৈছে। বি এছ এফৰ অহৰহ পহৰা দিয়াৰ ফলত চলিত বৰ্ষত এই পৰিমাণ হ্ৰাস পাইছে। বি এছ এফে লগতে পাঞ্জাৱ সীমান্তত ৩টা পাকিস্তানী অনুপ্ৰৱেশকাৰী আৰু দুটা সৰবৰাহকাৰীসহ ৩০ জন পাকিস্তানী নাগৰিকক কৰায়ত্ত কৰিবলৈ সমৰ্থ হৈছে...

November 30, 2024 8:18 PM

views 13

জম্মু-কাশ্মীৰত অনুষ্ঠিত ৩৬ সংখ্যক চাব জুনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগিতাত ল’ৰাৰ একক শাখাত অনিকেশ দত্তৰ চেম্পিয়নৰ সন্মান অৰ্জন

অসমৰ অনিকেশ দত্তই জম্মু-কাশ্মীৰত অনুষ্ঠিত ৩৬ সংখ্যক চাব জুনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগিতাত ল'ৰাৰ একক শাখাত চেম্পিয়নৰ সন্মান অৰ্জন কৰিছে। আজি অনুষ্ঠিত ফাইনেলত অনিকেশে ৰাজস্থানৰ সাতৱিক আগৰৱালাক ২১- ১৭, ২১–৭ত পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে। আনহাতে ১৩ বছৰ অনুৰ্ধৰ ছোৱালীৰ একক শাখাত অসমৰ বেদাগ্নি গগৈ ৰানাৰ্ছ আপতে ক্ষান্ত থাকিবলগীয়া হয়। ফাইনেলত বেদাগ্নি তেলেংগানাৰ হামছিনি চাদৰামৰ বিৰুদ্ধে পৰাজিত হয়। মুখ্যমন্ত্ৰী তথা অসম বেডমিণ্টন সন্থাৰ সভাপতি হিমন্ত বিশ্ব শৰ্মা আৰু সম্পাদক ওমৰ ৰছিদে দুয়োগৰা...

November 30, 2024 8:16 PM

views 16

হাৰিয়ানাত ১৬ ডিচেম্বৰৰ পৰা ৫১ সংখ্যক ৰাষ্ট্ৰীয় শিক্ষ বৈজ্ঞানিক প্রদর্শনী প্রতিযোগিতা

চৰাইদেউ জিলাৰ দ'লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ শুভ্রনীল সন্দিকৈ আৰু ছাত্ৰ শিৱানী গগৈসহ শিক্ষক আব্দুল মালিকৰ দলটোৱে হাৰিয়ানাত ১৬ ডিচেম্বৰৰ পৰা হ'বলগীয়া ৫১ সংখ্যক ৰাষ্ট্ৰীয় শিক্ষ বৈজ্ঞানিক প্রদর্শনী প্রতিযোগিতাত ৰাজ্যখনক প্ৰতিনিধিত্ব কৰিব। চৰাইদেউ জিলা প্ৰশাসনৰ তৰফৰ পৰা আজি ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰিবলগীয়া দলটোক সম্বৰ্ধনা আৰু অভিনন্দন জনোৱা হয়।

November 30, 2024 8:12 PM

views 18

ঢেকীয়াজুলিত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰেৰণাদায়ক ভাষণ আৰু কেৰিয়াৰ পৰিকল্পনা সন্দৰ্ভত বিশেষ অনুষ্ঠান

শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত আজি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰেৰণাদায়ক ভাষণ আৰু কেৰিয়াৰ পৰিকল্পনা সন্দৰ্ভত বিশেষ অনুষ্ঠান আয়োজিত হয়। এই অনুষ্ঠানত অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ভাৰত ভূষণ দেৱচৌধুৰী উপস্থিত থাকে। অধ্যক্ষ শ্ৰী চৌধুৰীয়ে শিক্ষাৰ্থীসকলক চৰকাৰী সেৱাৰ সুযোগ আৰু পৰিশ্ৰমৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে।