December 6, 2024 12:57 PM

views 19

বেংগালুৰুৰ কোৰামংগালা ইন্দোৰ ষ্টেডিয়ামত আজিৰেপৰা চিনিয়ৰ ৰাষ্ট্ৰীয় মল্লযুদ্ধ প্ৰতিযোগিতা আৰম্ভ

বেংগালুৰুৰ কোৰামংগালা ইন্দোৰ ষ্টেডিয়ামত আজিৰেপৰা চিনিয়ৰ ৰাষ্ট্ৰীয় মল্লযুদ্ধ প্ৰতিযোগিতা আৰম্ভ হ'ব। দেশৰ বিভিন্ন প্ৰান্তৰ আগশাৰীৰ মল্লযোদ্ধাসকলে এই প্রতিযোগিতাত ভাগ ল'ব। এই প্ৰতিযোগিতাত দেশৰ ২৪ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে অংশগ্রহণ কৰিব। সমগ্ৰ দেশৰ ৭০০তকৈও অধিক প্রতিযোগীয়ে এই প্রতিযোগিতাত ভাগ ল'ব। হাৰিয়ানাৰ ২৮ গৰাকী মল্লযোদ্ধাই বিভিন্ন শাখাত প্রতিদ্বন্দ্বিতা আগবঢ়াব। আয়োজক ৰাজ্য কৰ্ণাটকৰ ৩২ গৰাকী খেলুৱৈয়ে ভাগ ল'ব। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা উল্লেখযোগ্য খেলুৱৈসকলৰ ভিতৰত ২৩ বছৰ অনু...

December 6, 2024 12:55 PM

views 32

হোজাই জিলাৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত অহা ১৪ ডিচেম্বৰত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন

অসম ৰাজ্যিক আইন সেৱা প্ৰাধীনকৰণৰ নিৰ্দেশত আৰু হোজাই জিলা আইন সেৱা প্ৰাধীকৰণৰ উদ্যোগত হোজাই জিলাৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত অহা ১৪ ডিচেম্বৰত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে সেই দিনটোত ন্যায়িক আদালতত আপোচ যোগ্য বিভিন্ন গোচৰ যেনে- ফৌজদাৰী গোচৰ, দেৱানী গোচৰ, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিৰ ব্যায়হীন খৰতকীয় নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰি বেংকৰ লেন-দেন, ঋণ সম্বন্ধীয় গোচৰ, আদালত সম্বন্ধীয় বিবাদসমূহো নিষ্পত্তি কৰণৰ ব্যৱস্থা কৰা হৈছে। অহা ১৪ ডিচেম্বৰত অনুষ্ঠিত হ...

December 6, 2024 10:59 AM

views 22

বিকশিত ভাৰত কুইজ প্রতিযোগিতাত অংশগ্ৰহণৰ সময়সীমা ১০ ডিচেম্বৰলৈ বৃদ্ধি

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মন্দাভিয়াই চলিত বিকশিত ভাৰত কুইজ প্রতিযোগিতাত অংশগ্ৰহণ কৰাৰ সময়সীমা অহা ১০ ডিচেম্বৰলৈ বৃদ্ধি কৰা হৈছে বুলি ঘোষণা কৰিছে। যুৱক-যুৱতীসকলে এই কুইজ প্রতিযোগিতাত ভাগ লোৱাৰ বাবে মাই ভাৰত প্লেটফৰ্ম চাব পাৰে। উল্লেখযোগ্য যে, ১৫ৰ পৰা ২৯ বছৰ বয়সৰ সকলো যুৱক-যুৱতীয়ে এই প্ৰতিযোগিতাত ভাগ লৈ বিকশিত ভাৰতৰ বাবে নিজৰ ধাৰণাসমূহ প্ৰকাশ কৰিব পাৰে। এই প্ৰতিযোগিতাত বিজয়ীসকলে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অহা ১১ আৰু ১২ জানুৱাৰীত হ'বলগীয়া অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন...

December 6, 2024 10:58 AM

views 35

প্রধানমন্ত্ৰী ফচল বীমা যোজনাৰ ২০২৫ বৰ্ষৰ পঞ্জীকৰণৰ বাবে ১৫ ফেব্ৰুৱাৰী অন্তিম দিন

কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ৰ অধীনত প্রধানমন্ত্ৰী ফচল বীমা যোজনাৰ ২০২৫ বৰ্ষৰ পঞ্জীকৰণৰ বাবে অহা ১৫ ফেব্ৰুৱাৰীৰ দিনটো অন্তিম দিন হিচাপে ধাৰ্য কৰা হৈছে। এই যোজনাৰ অধীনত বতৰৰ অনিশ্চয়তাৰ সৈতে জড়িত ক্ষতিৰ শংকা কম কৰি পৰিশ্ৰমী কৃষক ভাই-ভনীৰ আৰ্থিক হিত ৰক্ষা কৰাত গুৰুত্ব প্ৰদান কৰা হৈছে। এতিয়ালৈকে এই আঁচনিৰ জৰিয়তে ১৯ কোটি ৬৭ লাখ কৃষক উপকৃত হোৱাৰ লগতে ৭০ কোটিৰো অধিক কৃষকৰ আবেদন লাভ কৰা হৈছে। আঁচনিৰ সবিশেষ জানিবলৈ ১৪৪৪৭ এই হেল্পলাইন নম্বৰ মুকলি কৰি দিয়া হৈছে।

December 6, 2024 10:55 AM

views 28

আজি সদৌ ভাৰত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনী দিৱস

আজি সদৌ ভাৰত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনী দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি অসমৰো বিভিন্ন স্থানত অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ পানীখাইতিত থকা কেন্দ্ৰীয় প্রশিক্ষণ প্ৰতিষ্ঠানত আজি কেন্দ্ৰীয়ভাৱে এই দিৱসৰ আয়োজন কৰা হৈছে। কাৰ্যসূচীত বিভাগীয় সঞ্চালক হার্ডি সিঙে অংশগ্ৰহণ কৰিব। দিৱস উপলক্ষে এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰা হ'ব। তিনিচুকীয়া জিলাতো অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত সদৌ ভাৰত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনী দিৱসৰ আয়োজন কৰা হৈছে। এই উপলক্ষে চাফাই অভিযান, পতাকা উত্তোলন, ...

December 6, 2024 10:53 AM

views 15

সৰুপথাৰত আজিৰেপৰা ৯ ডিচেম্বৰলৈ নেপালী সাহিত্য সভাৰ ষোড়শ ত্রিবার্ষিক অধিৱেশন

সৰুপথাৰত আজিৰেপৰা ৯ ডিচেম্বৰলৈ নেপালী সাহিত্য সভাৰ ষোড়শ ত্রিবার্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। এই অধিৱেশনত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ কেইবাগৰাকীও সাহিত্যিকে অংশগ্ৰহণ কৰিব। ৯ ডিচেম্বৰত সভাৰ মুকলি অধিৱেশনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকাৰ কথা।

December 6, 2024 10:32 AM

views 23

২০২৪-২৫ বৰ্ষৰ সাহিত্য বঁটা আৰু পেঞ্চন প্ৰাপকৰ তালিকা প্রকাশ

  ৰাজ্য চৰকাৰে ২০২৪-২৫ বৰ্ষৰ বাবে সাহিত্য বঁটা আৰু পেঞ্চন প্ৰাপকৰ তালিকা প্রকাশ কৰিছে। কাইলৈ প্ৰয়াত সাহিত্যিক হোমেন বৰগোহাঞিৰ জন্ম দিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত ৩১ গৰাকী ব্যক্তিক এই সন্মান জনোৱা হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুও উপস্থিত থাকিব।

December 5, 2024 8:50 PM

views 23

তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা তৃতীয় স্বাস্থ্য সেৱা উৎসৱৰ আজি সামৰণি

ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ সৰ্বাংগীণ উন্নয়নৰ লক্ষ্যৰে সমগ্ৰ অসমত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা তৃতীয় স্বাস্থ্য সেৱা উৎসৱৰ আজি সামৰণি পৰে। ২০২২ বৰ্ষৰ পৰা ৰাজ্যখনৰ স্বাস্থ্য খণ্ডৰ সৰ্বাত্মক মূল্যায়নৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰি অহা হৈছে। এই উৎসৱৰ সময়ছোৱাত ৰাজ্যৰ প্ৰায় এহেজাৰ ছশ স্বাস্থ্য কেন্দ্ৰত চিকিৎসা সেৱা আৰু আন্তঃগাঁথনি মূল্যায়ন কৰা হয় ৷ আমাৰ আগৰ বাতৰিত কোৱা হৈছে যে কামৰূপ মহানগৰ জিলাৰ ৫৬টা স্বাস্থ্য কেন্দ্র, শিৱসাগৰৰ ৪৫ খন চিকিৎসালয়, মাজুলীৰ ১৬টা স্বাস্থ্য কেন্দ্ৰ, দৰং জিলাত ৪৭টা...

December 5, 2024 8:34 PM

views 23

২০২২ বৰ্ষৰ এপ্ৰিল মাহৰ পৰা ২০২৩ বৰ্ষৰ মাৰ্চ মাহলৈ উদ্যোগসমূহৰ বাৰ্ষিক জৰীপৰ ফলাফল ঘোষণা

২০২২ বৰ্ষৰ এপ্ৰিল মাহৰ পৰা ২০২৩ বৰ্ষৰ মাৰ্চ মাহলৈ উদ্যোগসমূহৰ বাৰ্ষিক জৰীপৰ ফলাফল আজি ঘোষণা কৰা হয়। পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ে আজি এই বছৰেকীয়া ফলাফল প্ৰকাশ কৰে। এই বছৰেকীয়া জৰীপেই হৈছে দেশৰ তথ্যসমূহৰ সন্দৰ্ভত সঠিক তথ্য লাভ কৰাৰ প্ৰধান উৎস বুলি পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰী ৰাও ইণ্ডৰজিতে জানিবলৈ দিয়ে।

December 5, 2024 8:15 PM

views 22

নগাঁৱৰ শোলমাৰীত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু

নগাঁৱৰ শোলমাৰীত আজি নিচেই পুৱা বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হয়। লোকজনৰ পৰিচয় বৰ্তমানেও জানিব পৰা হোৱা নাই। নগাঁৱৰ বিভিন্ন প্ৰান্তত প্ৰায় এটা পষেক ধৰি বনৰীয়া হাতীৰ বৃহৎ জাকে উপদ্ৰৱ চলাই আহিছে বুলি জানিব পৰা গৈছে।