December 9, 2024 1:45 PM

views 21

শ্রীভূমি জিলাৰ অসম-ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ অভিযানত প্ৰায় ৫ কোটি টকা মূল্যৰ কাহৰ ঔষধ জব্দ

শ্রীভূমি জিলাৰ চূড়াইবাৰী আৰক্ষীয়ে কালি অসম-ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই প্ৰায় ৫ কোটি টকা মূল্যৰ কাহৰ ঔষধ জব্দ কৰে। এখন পিঁয়াজভর্তি ট্রাকত কলকতাৰ পৰা অসম হৈ ত্ৰিপুৰালৈ এই কাহৰ ঔষধখিনি কঢ়িয়াই নি থকা অৱস্থাত আৰক্ষীয়ে ঔষধখিনি জব্দ কৰে। ২৯৪ টা বাকচত এই ঔষধখিনি ট্রাকখনত কঢ়িয়াই অনা হৈছিল।

December 9, 2024 1:43 PM

views 32

চিৰাং জিলাৰ ঝাৰবিষপানীত বন বিভাগৰ অভিযানত বন্য জন্তুৰ অংগ-প্রত্যংগসহ এজন লোকক গ্ৰেপ্তাৰ

চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত ঝাৰবিষপানীত কালি বন বিভাগৰ দলে অভিযান চলাই বন্য জন্তুৰ অংগ-প্রত্যংগসহ এজন লোকক গ্ৰেপ্তাৰ কৰে। বন বিভাগৰ দলটোৱে বাসুদেৱ ৰায় নামৰ লোকজনক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ বাসগৃহৰ পৰা নাহৰফুটুকীৰ হাৰ, হৰিণাৰ শিং আদি জব্দ কৰি ফৰেণচিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। বন্যজন্তুৰ অংগ- প্ৰত্যংগ সৰবৰাহত জড়িত আন এজন লোকক বিচাৰি বন বিভাগৰ দলটোৱে অভিযান অব্যাহত ৰাখিছে।

December 9, 2024 1:36 PM

views 41

অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত কাইলৈ গুৱাহাটীত শ্বহীদ দিৱসৰ আয়োজন

ৰাজ্য চৰকাৰৰ অসম চুক্তি ৰূপায়ণ বিভাগৰ উদ্যোগত অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত কাইলৈ গুৱাহাটীত শ্বহীদ দিৱসৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত কাইলৈ দিনৰ ১০ বজাত আয়োজিত শ্বহীদ দিৱস অনুষ্ঠানত অসম আন্দোলনৰ শ্বহীদসকলক স্মৰণ কৰা হ'ব। এই অনুষ্ঠানতে অসম আন্দোলনৰ তথ্য কোষৰ ষষ্ঠ খণ্ডটো উন্মোচন কৰা হ'ব।

December 9, 2024 1:16 PM

views 17

যোৰহাটৰ টিয়কৰ চিন্তামনি গড় জেলেঙিটুপত পথ দুৰ্ঘটনাত দুজন ব্যক্তিৰ মৃত্যু

যোৰহাট জিলাৰ টিয়কৰ চিন্তামনি গড় জেলেঙিটুপত যোৱা নিশা সংঘটিত পথ দুৰ্ঘটনাত দুজন ব্যক্তিৰ মৃত্যু হয়। মটৰ চাইকেলেৰে আহি থকা লোক দুজনে এজোপা গছত খুন্দা মৰাৰ ফলত অভিজিৎ ৰাজখোৱা নামৰ লোকজনৰ থিতাতে মৃত্যু হোৱাৰ উপৰি গুৰুতৰভাৱে আহত বিদ্যুৎ বৰা নামৰ আনজন লোকৰ চিকিৎ‍সালয়লৈ নিয়াৰ পথত মৃত্যু হয়।একেদৰে শিলচৰ-হাফলং সংযোগী ঘাইপথৰ গোঁসাইপুৰত কালি সংঘটিত আন এটা দুৰ্ঘটনাত তিনিজন লোক গুৰুতৰভাৱে আহত হয়। আহত লোককেইজনক শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

December 7, 2024 8:45 PM

views 23

মুম্বাই আৰু আহমেদাবাদৰ ৭টা স্থানত অভিযান চলাই আজি নগদ ১৩ কোটি ৫০ লাখ টকা জব্দ বিধি বলবৎকাৰী সঞ্চালকালয়ৰ

বিধি বলবৎকাৰী সঞ্চালকালয়ে, মুম্বাই আৰু আহমেদাবাদৰ ৭টা স্থানত অভিযান চলাই আজি নগদ ১৩ কোটি ৫০ লাখ টকা জব্দ কৰে। বেংক অৱ মহাৰাষ্ট্ৰ আৰু নাছিক মার্চেণ্ট সমবায় বেংকৰ একাউণ্টৰ পৰা ডেবিট লেনদেনৰ তদন্তত বিভিন্ন কোম্পানীলৈ শ শ কোটি টকাৰ হস্তান্তৰৰ তথ্য পোহৰলৈ আহিছে। একেদৰে ভূৱা একাউণ্টৰ পৰা যথেষ্ট ধন উলিয়াই মুম্বাই, আহমেদাবাদ আৰু চুৰাটৰ হাৱালা কাৰ্য্যকৰ্তালৈ প্ৰেৰণ কৰা হৈছিল। ইয়াৰ পূৰ্বে নৱেম্বৰ মাহত এই গোচৰৰ সৈতে জড়িত নাছিক মার্চেণ্ট সমবায় বেংকৰ মালেগাওঁ শাখাত অভিযান চলোৱা হৈছিল।

December 7, 2024 8:13 PM

views 15

ডুবাইত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদৰ ব’ৰ্ডৰ সভাত ভাৰতক প্রতিনিধিত্ব প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ দেৱজিৎ শ‍ইকীয়াৰ

ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব'ৰ্ডৰ যুটীয়া সচিব, অসমৰ প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ দেৱজিৎ শ‍ইকীয়াই আজি ডুবাইত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদৰ ব'ৰ্ডৰ সভাত ভাৰতক প্রতিনিধিত্ব কৰে। উল্লেখযোগ্য যে পূৰ্বে এই দায়িত্বত বি চি চি আইৰ সচিব জয় শ্বাহ আছিল। কিন্তু শ্বাহ সম্প্ৰতি আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদৰ অধ্যক্ষ হোৱাত বি চি চি আইৰ ফালৰ পৰা আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদত ব'ৰ্ড অধ্যক্ষৰূপে দেৱজিৎ শ‍ইকীয়াই প্ৰতিনিধিত্ব কৰিব।

December 7, 2024 8:11 PM

views 16

আজি নিশা ৮বাজি ২মিনিটত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠান

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে ইয়াৰ সাপ্তাহিক দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮বাজি ২মিনিটত বনভোজৰ বতৰ - হাঁহি-ধেমালি, পৰিবেশ আৰু ইয়াৰ প্ৰভাৱ শীৰ্ষক এটা অনুষ্ঠানৰ প্ৰচাৰ কৰিব ৷ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ লগতে অৰুণিমা গোস্বামী আৰু পৰিস্মিতা দিহিঙ্গীয়া এই অনুষ্ঠানত উপস্থিত থাকিব। টেলিফোনযোগে আমাৰ সংবাদদাতা আৰু কিছু সচেতন ব্যক্তি এই অনুষ্ঠানত সংযোজিত হ'ব।

December 7, 2024 7:57 PM

views 22

সোণাপুৰৰ আমগ্ৰীভেলীত আজিৰে পৰা দুদিনীয়াকৈ কমলা উৎসৱ অনুষ্ঠিত

গুৱাহাটী মহানগৰীৰ সমীপৰ সোণাপুৰৰ আমগ্ৰীভেলীত আজিৰে পৰা দুদিনীয়াকৈ কমলা উৎসৱ অনুষ্ঠিত হৈছে। সোণাপুৰৰ ৰসাল আৰু সুমিষ্ট কমলাক বিশ্বমুখী কৰাৰ প্ৰচেষ্টাৰে অসম-মেঘালয় সীমান্তৱৰ্তী দন্দুৰাইত আজিৰে পৰা এই উৎসৱৰ আয়োজন কৰা হৈছে। পাহাৰীয়া অঞ্চলটোৰ বিস্তীর্ণ এলেকাত কৰা কমলা খেতি প্ৰত্যক্ষ কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোক অঞ্চলটোত উপস্থিত হৈছে। অসম মেঘালয় সীমান্তৱৰ্তী বৃহত্তৰ আমন্ত্ৰী অঞ্চলৰ বান্দৰগোগ, মাগুৰচিলা, দন্দুৰাই, মাৰকাং, কলংপুৰ, কাচমলাকে ধৰি কেইবাখনো গাওঁ প্ৰচুৰ পৰিমাণে এই সময়ছোৱাত কমলা উৎপ...

December 7, 2024 7:42 PM

views 23

জাগীৰোডত কেন্দ্ৰীয় বিদ্যালয় স্থাপনৰ অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে জাগীৰোডত এখন কেন্দ্ৰীয় বিদ্যালয় স্থাপনৰ বাবে অনুমোদন জনোৱাত অঞ্চলটোৰ ৰাইজ উৎফুল্লিত হৈ পৰিছে। কেন্দ্ৰীয় চৰকাৰৰ এই ঘোষণাৰ পাছতেই জাগীৰোড কেন্দ্ৰীয় বিদ্যালয় সুৰক্ষা সমিতিয়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে। উল্লেখযোগ্য যে হিন্দুস্তান কাগজ নিগমৰ অধীনস্থ নগাওঁ কাগজ কলৰ অধীনত জাগীৰোডত এখন কেন্দ্ৰীয় বিদ্যালয় চলি আছিল যদিও কাগজ কল বন্ধ হোৱাৰ পাছত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত সন্দৰ্ভত অনিশ্চয়তাৰ সৃষ্টি হৈছিল। কেন্দ্ৰীয় বি...

December 7, 2024 7:31 PM

views 28

৪ গৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে আজি অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ

চাৰিগৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে আজি অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হয়। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত বিশেষ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই নতুন মন্ত্ৰীকেইগৰাকীক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। এই সম্প্ৰসাৰণৰ জৰিয়তে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায়, পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল আৰু ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাক নতুনকৈ মন্ত্রীসভাত অন্তৰ্ভুক্ত কৰা হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা প্রশান্ত ফুকনে ডিব্ৰুগড় সমষ্টিৰ পৰা ৪ বাৰকৈ বিধায়ক...