January 3, 2025 9:53 PM

views 20

 ছাত্ৰ-ছাত্ৰীৰ মাজত বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োৰ চাইকেল বিতৰণ

বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োৱে আজি বাক্সা জিলাৰ শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু শালবাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চাইকেল বিতৰণ কৰে। ৰাজ্য চৰকাৰে বিটিআৰ প্ৰশাসনৰ সহযোগত বিতৰণ কৰা চাইকেলৰ ফলত ছাত্ৰ-ছাত্ৰীসকল উপকৃত হৈছে বুলি তেওঁ অৱগত কৰে। বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলৰ উত্তৰণৰ বাবে কেইবাটাও অভিলাসী আঁচনি গ্ৰহণ কৰাৰ কথা তেওঁ প্ৰকাশ কৰে। আজিৰ অনুষ্ঠানত শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ২০২ গৰাকী ছাত্ৰ-ছাত্ৰীক চাইকেল বিতৰ...

January 3, 2025 9:32 PM

views 23

কলাক্ষেত্ৰত ৰামধেনু উৎসৱৰ দ্বিতীয়টো দিনত পুতলা নাচ আৰু সত্ৰীয়া বৈভৱ শীৰ্ষক বর্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত চলি থকা কলাক্ষেত্ৰ ৰামধেনু উৎসৱৰ আজি দ্বিতীয় দিনা পুতলা নাচ আৰু সত্ৰীয়া বৈভৱ শীৰ্ষক বর্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰৰ শিল্পী পেন্সন লাভ কৰা বিশিষ্ট পুতলা নাট শিল্পী অবনী শৰ্মাই পৰিচালনা কৰা অভিশপ্ত অজগৰ নাটখনে দর্শকক আপ্লুট কৰে। একেদৰে মাজুলীৰ উত্তৰ কমলাবাৰীসত্ৰৰ শিল্পীসকলে গুৰুজনাৰ অমৰ সৃষ্টি গায়ন-বায়ন আৰু কেলিগোপাল নাটৰ খণ্ড দৃশ্যৰ লগতে বৰগীত, দশৱতাৰ নৃত্য, সত্ৰীয়া ওজাপালি আদি পৰিৱেশন কৰে।

January 3, 2025 8:05 PM

views 22

আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ ১০ কিলোৱাট শক্তি সম্পন্ন নতুন এফ এম ট্রান্সমিটাৰ আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাত উৎসৰ্গা

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে গুৱাহাটীত আয়োজিত অনুষ্ঠানত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ ১০ কিলোৱাট শক্তি সম্পন্ন নতুন এফ এম ট্রান্সমিটাৰটো আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাত উৎসৰ্গা কৰে। আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰই বি টি আৰৰ জনসাধাৰণৰ দীৰ্ঘ দিনীয়া সপোন পূৰণ কৰিলে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ১৯৯৯ চনৰ ১৫ আগষ্টৰ পৰা জনসাধাৰণৰ সুবিধার্থে সেৱা আগবঢ়াই অহা এই কেন্দ্ৰৰ নতুন এফ এম ট্রান্সমিটাৰে ৭০ কিলোমিটাৰ ব্যাসার্ধ সামৰি ল'ব। ইয়াৰ ফলত কোকৰাঝাৰ আৰু ইয়াৰ ক...

January 3, 2025 12:50 PM

views 13

দেশৰ দূৰ-দূৰণিৰ আওহতীয়া অঞ্চললৈকো আকাশবাণীৰ প্ৰচাৰ বিস্তৃত কৰাৰ ওপৰত গুৰুত্ব আৰোপ প্ৰজ্ঞা পালিৱাল গৌড়ৰ

আকাশবাণীৰ সঞ্চালকপ্ৰধান শ্ৰীমতী প্ৰজ্ঞা পালিৱাল গৌড়ে দেশৰ দূৰ-দূৰণিৰ আওহতীয়া অঞ্চললৈকো আকাশবাণীৰ প্ৰচাৰ বিস্তৃত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। দুদিনীয়া ভ্রমণসূচীৰে কালি গুৱাহাটীলৈ অহা সঞ্চালক প্ৰধানগৰাকীয়ে আকাশবাণীৰ সংবাদদাতাৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰি কয়, যে এই উদ্দেশ্যেৰেই আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰত কেন্দ্ৰীয় চৰকাৰে ১০ কিলোৱাটৰ এটা নতুন এফ এম ট্রান্সমিটাৰ স্থাপন কৰিছে। ইয়াৰ আগতে তেওঁ গুৱাহাটীত আকাশবাণী আৰু দূৰদৰ্শনৰ বিষয়াবৰ্গৰ সৈতে মাধ্যম দুটাৰ কাম-কাজৰ পৰ্যালোচনা...

January 2, 2025 8:02 PM

views 22

কাইলৈ আনুষ্ঠানিকভাৱে মুকলি আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ নতুন এফ এম ট্রান্সমিটাৰ

আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ ১০ কিলোৱাট শক্তি সম্পন্ন নতুন এফ এম ট্রান্সমিটাৰটো কাইলৈ আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাত উৎসৰ্গিত কৰা হ'ব। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কাইলৈ গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এই ট্রান্সমিটাৰটো আনুষ্ঠানিকভাৱে মুকলি কৰিব। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য, মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মা, আকাশবাণীৰ সঞ্চালক প্ৰধান প্ৰজ্ঞা পালিৱাল গৌড় আৰু আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি গুৱাহাটীত উপস্থিত থাকিব। এই উপলক্ষে একে সময়তে কোকৰাঝাৰ বি...

January 2, 2025 4:43 PM

views 22

দুদিনীয়া ভ্ৰমণসূচীৰে আজি গুৱাহাটীত উপস্থিত আকাশবাণীৰ সঞ্চালকপ্ৰধান প্ৰজ্ঞা পালিৱাল

আকাশবাণীৰ সঞ্চালকপ্ৰধান শ্ৰীমতী প্ৰজ্ঞা পালিৱাল গৌড় দুদিনীয়া ভ্ৰমণসূচীৰে আজি গুৱাহাটীত উপস্থিত হৈছে। তেওঁ আজি গুৱাহাটীত আকাশবাণী আৰু দূৰদৰ্শনৰ বিষয়াবৰ্গৰ সৈতে মাধ্যম দুটাৰ কাম- কাজৰ পৰ্যালোচনা কৰে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কাইলৈ গুৱাহাটীৰ পৰা ভার্চুৱেল ব্যৱস্থাৰে কোকৰাঝাৰৰ নতুন এফ এম ট্রান্সমিটাৰ উদ্বোধনৰ প্ৰস্তুতি সম্পর্কেও সঞ্চালকপ্ৰধানগৰাকীয়ে আকাশবাণীৰ বিষয়াসকলৰ সৈতে আলোচনা কৰে৷

January 2, 2025 10:05 AM

views 21

পদ্মশ্ৰী বঁটাপ্ৰাপক আৰু প্ৰখ্যাত উদ্ভিদ বিজ্ঞানী ড০ কে এছ মনিলালৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

পদ্মশ্ৰী বঁটাপ্ৰাপক আৰু প্ৰখ্যাত উদ্ভিদ বিজ্ঞানী ড০ কে এছ মনিলালৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে। এটা শোকবার্তাত শ্রীমোদীয়ে কয়, যে উদ্ভিদ বিজ্ঞানলৈ তেওঁ আগবঢ়োৱা অৱদান পৰৱৰ্ত্তী প্রজন্মৰ উদ্ভিদ বিজ্ঞানী আৰু গৱেষকসকলৰ বাবে পাথেয় হৈ ৰ'ব। শ্রীমোদীয়ে লগতে কয় যে কেৰালাৰ ইতিহাস আৰু সংস্কৃতিৰ প্ৰতি মনিলাল সমানে আগ্রহী আছিল।

January 2, 2025 9:58 AM

views 18

দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে ইৰাণৰ উপ-বিদেশ মন্ত্ৰী মজিদ টৰ্ট ৰাৱন্সি দিল্লীত উপস্থিত হ’ব

ইৰাণৰ উপ-বিদেশ মন্ত্ৰী মজিদ টৰ্ট ৰাৱন্সি দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে আজি নতুন দিল্লীত উপস্থিত হ'ব। উপ-বিদেশ মন্ত্ৰীগৰাকীয়ে আজি আৰু কাইলৈ নতুন দিল্লীত হ'বলগীয়া ইৰাণ-ভাৰত ৰাজনৈতিক পৰামৰ্শৰ উনবিংশলানি আলোচনাত অংশ ল'ব। ভাৰত আৰু ইৰাণৰ মাজত প্ৰাচীন কালৰে পৰা ঐতিহাসিক সম্পর্ক আছে আৰু সাংস্কৃতিক তথা অর্থনৈতিক সম্বন্ধ এই সম্পৰ্কৰ মূল ভেটি। ২০০৩ চনত দেশ দুখনৰ মাজত স্বাক্ষৰিত কৌশলগত সহযোগিতা চুক্তিয়ে এই সম্পর্কক আনুষ্ঠানিক ৰূপ দিছে। এই সম্পৰ্ক বিশেষকৈ শক্তি আৰু বাণিজ্য ক্ষেত্ৰত অধিক শক্তিশালী হৈ উঠিছে আৰ...

January 2, 2025 9:36 AM

views 21

ভূপালৰ অধুনালুপ্ত ইউনিয়ন কাৰ্বাইড কাৰখানাৰ পৰা বিষাক্ত আৱৰ্জনা স্থানান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ

■ ভূপাল গেছ দুৰ্ঘটনাৰ ৪০ বছৰৰ পাছত যোৱা নিশা অধুনালুপ্ত ইউনিয়ন কাৰ্বাইড কাৰখানাৰ পৰা প্ৰায় ৩৭৭ টন বিষাক্ত আৱৰ্জনা স্থানান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ হয়। এই বিষাক্ত আৱৰ্জনাখিনি ১২টা বন্ধ কণ্টেইনাৰ ট্রাকেৰে ভূপালৰ পৰা ২৫০ কিলোমিটাৰ নিলগৰ ধাৰ জিলাৰ পিঠমপুৰ ঔদ্যোগিক এলেকালৈ লৈ যোৱা হৈছে। আৱৰ্জনাখিনি লৈ যোৱা কণ্টেইনাৰ ট্ৰাককেইখনে কালি নিশা ৯ বজাত যাত্ৰা আৰম্ভ কৰে। ভূপাল গেছ দুর্ঘটনা সাহায্য আৰু পুনৰ্বাসন বিভাগৰ সঞ্চালক স্বতন্ত্ৰ কুমাৰ সিঙে বিষাক্ত আৱৰ্জনা লৈ যোৱা বাহনকেইখনৰ বাবে সেউজ কৰিড'ৰৰ ব্যৱস্থা কৰ...

December 30, 2024 12:43 PM

views 31

গোলাঘাটৰ খুমটাইত ৩ দিনীয়া কাৰ্যসূচীৰে খুমটাই উদ্ভিদ আৰু পুষ্প মহোৎসৱৰ আয়োজন

গোলাঘাট জিলাৰ খুমটাইত আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে তৃতীয় পৰ্যায়ত খুমটাই উদ্ভিদ আৰু পুষ্প মহোৎসৱৰ আয়োজন কৰা হৈছে। মন্ত্ৰী অতুল বৰাই বিধায়ক মৃণাল শ‍ইকীয়াৰ সৈতে কালি এই উৎসৱ সন্দৰ্ভত আলোচনাত মিলিত হয়। এই প্ৰয়াসৰ জৰিয়তে ৰাইজে নতুন অভিজ্ঞতা লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। উদ্ভিদ আৰু ফুলৰ ব্যৱসায়ৰ সৈতে জড়িত যুৱ উদ্যমীসকলক উৎসাহ যোগোৱা তথা ৰাইজৰ হিতার্থে গ্ৰহণ কৰা এনে পদক্ষেপৰ বাবে তেওঁ বিধায়কগৰাকীক ধন্যবাদ জনায়।