December 3, 2025 12:25 PM December 3, 2025 12:25 PM
9
অহা ৯ আৰু ১০ ডিচেম্বৰত সংসদৰ নিম্ন সদনত নিৰ্বাচনী সংস্কাৰ সন্দৰ্ভত ১০ ঘণ্টা জোৰা আলোচনাৰ সিদ্ধান্ত
সংসদত ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ লগতে নিৰ্বাচনী সংস্কাৰ সন্দৰ্ভত দুয়ো পক্ষই আলোচনাৰ বাবে সন্মত হোৱাৰ পাছত চৰকাৰ আৰু বিৰোধী দলসমূহৰ মাজৰ অচলাৱস্থা দূৰ হৈছে। দুদিন ধৰি চলা হুলস্থূলীয়া পৰিৱেশ আৰু বিশৃংখলাতৰ পাছত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কাৰ্যকৰী পৰামৰ্শ সমিতিৰ এখন বৈঠকত অহা ৯ আৰু ১০ ডিচেম্বৰত সংসদৰ নিম্ন সদনত নিৰ্বাচনী সংস্কাৰ সন্দৰ্ভত ১০ ঘণ্টা জোৰা আলোচনাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই বৈঠকতে ৮ ডিচেম্বৰত দিনৰ ১২ বজাৰ পৰা বন্দে মাতৰমৰ ডেৰশ সংখ্যক বার্ষিকী সন্দৰ্ভতো বিশেষ আলোচনা কৰা হ'ব। প্ৰধানমন্ত্ৰী...