January 28, 2025 5:55 PM

views 25

যমুনাৰ পানীত বিহ মিহলোৱা বুলি আপে কৰা অভিযোগৰ তীব্ৰ প্ৰতিক্ৰিয়া বিজেপিৰ

দিল্লীত বিধানসভা নিৰ্বাচনৰ পূৰ্বে যমুনাৰ পানীক লৈ আম আদমী পাৰ্টী আৰু বিজেপিৰ বাক যুদ্ধই আকৰ্ষণীয় ৰূপ লৈছে। হাৰিয়ানাৰ বিজেপি চৰকাৰে যমুনাৰ পানীত বিহ মিহলোৱা বুলি আপে কৰা অভিযোগৰ বিজেপিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিজেপিৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে সংবাদ মাধ্যমক কয়, যে জল বোর্ডে এই অভিযোগ খণ্ডন কৰিছে আৰু এই কথাই চুবুৰীয়া ৰাজ্যখনৰ চৰকাৰৰ বিৰুদ্ধে আম আদমী পার্টীয়ে ভিত্তিহীন অভিযোগ কৰাৰ চেষ্টা কৰা বুলি প্ৰমাণ কৰিছে।দিল্লীৰ কংগ্ৰেছ নেতা সন্দীপ দীক্ষিতেও এই প্রসংগত আপৰ প্ৰধান নেতা অৰবিন্...

January 27, 2025 8:48 AM

views 28

মাজুলীত দেওবাৰৰ পৰা দুদিনীয়াকৈ নাট সমাৰোহ অনুষ্ঠিত

উজনি মাজুলীবাসী তথা নতুন বজাৰ সন্মিলিত সাংস্কৃতিক মঞ্চৰ উদ্যোগত উজনি মাজুলীত কালিৰে পৰা দুদিনীয়াকৈ নাট সমাৰোহ অনুষ্ঠিত হৈছে। নাট সমাৰোহৰ কালি প্ৰথম দিনাৰ কাৰ্যসূচীত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত ৰূপালীম নাটখন নৰ্থ-ইষ্ট থিয়েটাৰ একাডেমীয়ে মঞ্চস্থ কৰে। আজি সন্ধিয়া অসীম কুমাৰ নাথৰ পৰিচালনাত মাণিক সোণোৱালৰ নাট বগলী বগা ফোঁট দি যা মঞ্চস্থ কৰা হ'ব।  

January 25, 2025 8:00 PM

views 12

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সহযোগত কেন্দ্ৰীয় যোগাযোগ ব্যুৰোৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনৰ কেন্দ্ৰীয় যোগাযোগ ব্যুৰোৱে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সহযোগত কেন্দ্ৰটোৰ চৌহদত সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীত স্বচ্ছতা অভিযান, গছপুলি ৰোপণৰ লগতে সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয়।

January 24, 2025 7:58 PM

views 27

অষ্ট্ৰেলিয়াৰ বিমান বন্দৰসমূহৰ গ্ৰাউণ্ড কৰ্মচাৰীসকলে প্ৰধান বিমান বন্দৰসমূহত কৰা ধৰ্মঘটৰ ফলত আন্তৰাষ্ট্ৰীয় ভ্ৰমণকাৰীসকলৰ প্ৰতি সতর্কবাণী জাৰি

অষ্ট্ৰেলিয়াৰ বিমান বন্দৰসমূহৰ গ্ৰাউণ্ড কৰ্মচাৰীসকলে দেশখনৰ প্ৰধান বিমান বন্দৰসমূহত আৰম্ভ কৰা ধৰ্মঘটৰ ফলত আন্তৰাষ্ট্ৰীয় ভ্ৰমণকাৰীসকলৰ প্ৰতি সতর্কবাণী জাৰি কৰা হৈছে। সংবাদ সংস্থাসমূহৰ বাতৰি অনুসৰি চিডনী, মেলবৰ্ণ আৰু ব্ৰীজবেন বিমান বন্দৰত ডিনাতা নামৰ বিমানসেৱা কোম্পানীটোৱে নিয়োগ কৰা এহেজাৰৰো অধিক কৰ্মচাৰীয়ে দীৰ্ঘদিনীয়া দৰমহা বিবাদ নিষ্পত্তিৰ দাবীত আজি ৪ ঘণ্টাৰ বাবে কৰ্মবিৰতি পালন কৰে। অষ্ট্ৰেলিয়াৰ অগ্ৰণী বিমান পৰিবহন সংস্থা কোৱাণ্টাজে জনোৱা মতে, এই ধৰ্মঘটৰ ফলত তেওঁলোকৰ ঘৰুৱা সেৱা ব্যাহত হোৱা ...

January 24, 2025 7:41 PM

views 29

কাইলৈ পঞ্চদশ ৰাষ্ট্ৰীয় ভোটদাতা দিৱস

সমগ্ৰ দেশতে কাইলৈ পঞ্চদশ ৰাষ্ট্ৰীয় ভোটদাতা দিৱস পালন কৰা হ'ব। দেশত মুঠ ভোটদাতাৰ সংখ্যা প্রায় ১০০ কোটি হোৱাৰ পৰিপ্ৰেক্ষিতত এইবাৰ ৰাষ্ট্ৰীয় ভোটদাতা দিৱস বিশেষভাৱে পালন কৰা হ'ব । এই বছৰৰ ৰাষ্ট্ৰীয় ভোটদাতা দিৱসৰ মূলমন্ত্ৰ হৈছে ভোটদানৰ দৰে একোৱেই নহয়, মই নিশ্চিতভাৱে ভোটদান কৰিম। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে কাইলৈ নতুন দিল্লীত ৰাষ্ট্ৰীয় ভোটদাতা দিৱসৰ মূল কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত আইন আৰু ন্যায় বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল সন্মানীয় অতিথি ...

January 24, 2025 4:43 PM

views 35

মহাৰাষ্ট্ৰৰ ভাণ্ডাৰাত অৱস্থিত সেনাবাহিনীৰ অস্ত্ৰ নিৰ্মাণ কাৰখানাত বিস্ফোৰণ

মহাৰাষ্ট্ৰৰ ভাণ্ডাৰাত অৱস্থিত সেনাবাহিনীৰ অস্ত্ৰ নিৰ্মাণ কাৰখানাত আজি পুৱা এটা বিস্ফোৰণ সংঘটিত হয়। এই ঘটনাটোৰ পাছত উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে উদ্ধাৰকাৰী তথা চিকিৎসা সেৱাৰ সৈতে জড়িত লোক অঞ্চলটোত ব্যস্ত হৈ পৰিছে। ঘটনাটোৰ বিষয়ে সবিশেষ এতিয়াও জানিব পৰা হোৱা নাই।

January 22, 2025 8:37 PM

views 44

মৰিগাঁও জিলা সাংবাদিক সন্থাৰ তৃতীয় মহলাৰ ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন

তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে আজি পৰিষদৰ ২০২২-২৩ বৰ্ষৰ ১০ লাখ টকা পুঁজিৰে নিৰ্মাণ কৰা মৰিগাঁও জিলা সাংবাদিক সন্থাৰ তৃতীয় মহলাৰ ভৱনটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত সভাত মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে সাংবাদিক সন্থাৰ অত্যাধুনিক পুথিভঁৰাল আৰু অভিলেখাগাৰটো তিৱা স্বায়ত্তশাসিত পৰিষদৰ পৰা আগবঢ়োৱা হ'ব বুলি ঘোষণা কৰে।

January 22, 2025 8:34 PM

views 28

তামুলপুৰৰ ভিন্ন স্থানত জব্দ কৰা ভালেসংখ্যক নিষিদ্ধ নিচাযুক্ত দ্ৰব্য বিনষ্ট তামুলপুৰ আৰক্ষীৰ

তামুলপুৰ আৰক্ষীয়ে আজি জিলাখনৰ বিভিন্ন স্থানত জব্দ কৰা ভালেসংখ্যক নিষিদ্ধ নিচাযুক্ত দ্ৰব্য বিনষ্ট কৰে। তামুলপুৰৰ বৰখাটা শ্মশানত জিলা নিচাযুক্ত দ্ৰব্য বিনষ্ট সমিতিৰ সদস্যৰ উপস্থিতিত বিনষ্ট কৰা সামগ্ৰীৰ ভিতৰত ২০৭ দশমিক ৫ কিলোগ্ৰাম ভাং, ২৪ গ্রাম হেৰ'ইন, ৮ হাজাৰ ৫০০ নিচাযুক্ত দ্ৰব্যৰ বড়ি, ২ হাজাৰ ব্রাউন ছুগাৰৰ পেকেট আৰু নিচা কৰিব পৰা কাহৰ জুলীয়া ঔষধৰ ৩৬৮টা বটল আছিল। এই নিচাযুক্ত দ্রব্যখিনিৰ বজাৰ মূল্য প্রায় একো কোটি ৬৫ লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে।

January 22, 2025 8:30 PM

views 18

জ্যেষ্ঠ অধিবক্তা চিন্ময় প্রদীপ শৰ্মাক ৰাজ্যৰ অতিৰিক্ত মহাধিবক্তা হিচাপে নিযুক্তি

অসম চৰকাৰে আজি জ্যেষ্ঠ অধিবক্তা চিন্ময় প্রদীপ শৰ্মাক ৰাজ্যৰ অতিৰিক্ত মহাধিবক্তা হিচাপে নিযুক্তি দিছে। ৰাজ্য চৰকাৰৰ ন্যায়িক বিভাগে জাৰি কৰা নির্দেশনাত শ্রীশর্মাই উচ্চতম ন্যায়ালয়ৰ গোচৰসমূহত অসম চৰকাৰৰ পক্ষক প্রতিনিধিত্ব কৰিব বুলি কোৱা হৈছে।

January 22, 2025 8:24 PM

views 17

ৰাজ্যৰ মুঠ ৩৫৪ খন চাহ বাগিছা চিকিৎসালয়ক আয়ুষ্মান আৰোগ্য মন্দিৰলৈ উন্নীতকৰণৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ

ৰাজ্যৰ মুঠ ৩৫৪ খন চাহ বাগিছা চিকিৎসালয়ক আয়ুষ্মান আৰোগ্য মন্দিৰলৈ উন্নীতকৰণৰ বাবে আজি বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠান সম্পন্ন হয়। গুৱাহাটীত ৰাজ্যিক ভিত্তিত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহল আৰু চাহ তথা শ্রমিক কল্যাণ বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালাৰ উপস্থিতিত এই অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। এই চুক্তি অনুসৰি ৰাজ্য চৰকাৰে প্ৰতিখন বাগিছাত সুকীয়া চিকিৎ‍সালয় নিৰ্মাণৰ কাম গ্রহণ কৰিব আৰু প্ৰতিখন চিকিৎসালয়ৰ বাবে একোজনকৈ সমুহীয়া চিকিৎসা বিষয়া নিয়োগ কৰা হ'ব। একেদৰে চাহ বাগিচা কৰ্তৃপক্ষই...