March 27, 2025 11:34 AM

views 30

বিশ্ব নাট্য দিৱস উপলক্ষে সন্ধিয়া ৬.৪৫ বজাত কলাক্ষেত্ৰত ‘ন্যায়’ নামৰ নাটখন মঞ্চস্থ হ’ব

■ বিশ্ব নাট্য দিৱস উপলক্ষে সমাহাৰ নাট্য গোষ্ঠীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত আজি ড° সীতানাথ লহকৰ ৰচিত আৰু পৰিচালিত ‘ন্যায়' নামৰ নাটকখন মঞ্চস্থ কৰিব। বিশিষ্ট লেখক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° অৱণী কুমাৰ ভাগৱতীয়ে সন্ধিয়া ৬ বাজি ৪৫ মিনিটত নাটকখন উদ্বোধন কৰিব।

March 27, 2025 11:06 AM

views 21

১০ বছৰৰ ভিতৰত ভাৰত-ম্যানমাৰ সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰাৰ সিদ্ধান্ত কেন্দ্ৰৰ

■ উগ্রপন্থী সংগঠন আলফা স্বাধীনকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ উগ্ৰপন্থী গোটসমূহৰ আহ-যাহ বন্ধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অহা ১০ বছৰৰ ভিতৰত ভাৰত-ম্যানমাৰ সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰাৰ সিদ্ধান্ত লৈছে। ৩১ হাজাৰ কোটি টকা ব্যয়সাপেক্ষ এই কাম ইতিমধ্যে আৰম্ভ হৈছে। ইয়াৰ অধীনত এহেজাৰ ৬৪৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত-ম্যানমাৰ সীমান্তত অত্যাধুনিক প্রযুক্তিৰে নিৰ্মিত কাঁইটিয়া তাঁৰৰ বেৰ দিয়া হ'ব। আছাম ৰাইফল্‌ছৰ অভিযন্তাই কাটিব নোৱাৰা আৰু বগাব নোৱাৰা কাঁইটিয়া তাঁৰৰ বেৰৰ নতুন প্রযুক্তি উদ্ভাৱন কৰিছে আৰু এই প্ৰযুক্তিৰে...

March 20, 2025 3:14 PM

views 29

হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত

লোকসভা আৰু বিধানসভাৰ প্ৰস্তাৱিত সমষ্টি পুনৰনিৰ্ধাৰণ বিষয়ক লৈ ডি এম কেকে ধৰি বিৰোধী পক্ষৰ সাংসদসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত ৰখা হয়। লোকসভাত দিনৰ ১২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত ডি এম কেৰ সাংসদসকলক প্ৰস্তাৱিত সমষ্টি পুনৰনিৰ্ধাৰণৰ প্ৰতিবাদৰ সময়ত টি চাৰ্ট পৰিধান কৰি অহা পৰিলক্ষিত হয়। সদনৰ সভাপতিয়ে প্ৰতিবাদৰত সদস্যসকলে এনে পোছাক পৰিধান কৰাৰ বিৰোধিতা কৰে। ডি এম কে আৰু কংগ্ৰেছৰ একাংশ সাংসদে পুনৰ হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি...

March 20, 2025 10:55 AM

views 20

মুখ্যমন্ত্রীৰ অধ্যক্ষতাত ডিব্ৰুগড়ত অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠক

■ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ডিব্ৰুগড়ত আজি অসম মন্ত্ৰীসভাৰ বৈঠকৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড়ৰ মাইজানৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত দ্বিতীয়বাৰৰ বাবে বৈঠক হ'ব। বিয়লি ৪ বজাৰ পৰা হ'বলগীয়া বৈঠকে ৰাজ্যৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ে সামৰি ল'ব। বৈঠকত অংশ লোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড০ শৰ্মাই বিয়লি ডিব্ৰুগড়ত উপস্থিত হ'ব। এই ভ্ৰমণকালত তেওঁ উজনি অসমৰ কেইবাখনো সমজিলাৰ লগতে সমষ্টি পৰ্যায়ৰ চৰকাৰী উন্নয়নমূলক কাম-কাজৰো পৰ্যালোচনা কৰিব।

March 19, 2025 6:20 PM

views 41

ভাৰত-মালদ্বীপৰ দ্বিপাক্ষিক বাণিজ্যৰ লেনদেন এছিয় ক্লিয়াৰিং ইউনিয়ন ধনাদায় ব্যৱস্থাৰ লগতে ভাৰতীয় টকা আৰু মালদ্বীপৰ মুদ্ৰা ৰুফিয়াৰে সম্পন্ন কৰিব পাৰিব

ভাৰত আৰু মালদ্বীপৰ দ্বিপাক্ষিক বাণিজ্যৰ লেনদেন এতিয়াৰে পৰা এছিয় ক্লিয়াৰিং ইউনিয়ন ধনাদায় ব্যৱস্থাৰ উপৰি ভাৰতীয় টকা আৰু মালদ্বীপৰ মুদ্ৰা ৰুফিয়াৰে সম্পন্ন কৰিব পৰা যাব। মালদ্বীপৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ভাৰতীয় ৰিজাৰ্ভ বেংক আৰ বি আয়ে এই সন্দৰ্ভত এখন পৰিপত্ৰ জাৰি কৰিছে। এই পদক্ষেপে মালদ্বীপক সহায় কৰিব বুলি আশা কৰা হৈছে। ভাৰত-মালদ্বীপৰ সবাতোকৈ বৃহৎ ব্যৱসায়িক সহযোগী আৰু দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ ৫৪ কোটি ৮০ লাখ মার্কিন ডলাৰৰো অধিক৷

March 18, 2025 9:18 PM

views 14

বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ আজীৱন সদস্য ভৱানী প্রসাদ অধিকাৰীৰ দেহাৱসান

বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ আজীৱন সদস্য ভৱানী প্রসাদ অধিকাৰীৰ আজি দেহাৱসান ঘটিছে। পাণ্ডু মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক তথা সমালোচক অধিকাৰীয়ে ভাষা আৰু ভাষা তত্বকে ধৰি গৱেষণাধৰ্মী আৰু সমালোচনাত্মক লেখাৰে অসমীয়া সাহিত্যক চহকী কৰি থৈ গৈছে। ছুটিগল্প, কবিতা, গীত আৰু নাট্য চৰ্চাৰেও বৰঙণি আগবঢ়োৱা অধিকাৰীয়ে কেইবাখনো গ্ৰন্থ প্রণয়ন আৰু সম্পাদনাও কৰি গৈছে। ১৯৪৩ চনত নলবাৰী জিলাৰ টিহুৰ মাখিবাহা গাঁৱত জন্মগ্রহণ কৰা অধিকাৰীয়ে স্কুলীয়া দিনৰেপৰা নিৰৱচ্ছিন্নভাৱে সাহিত্য চৰ্চা কৰি আহিছিল। ২০২১ চনত তেওঁ...

March 13, 2025 11:41 AM

views 28

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত জীৱ-জন্তুৰ সংখ্যা বৃদ্ধি পাইছে

■ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত জীৱ-জন্তুৰ সংখ্যা বৃদ্ধি পোৱা বুলি ৱেলফেয়াৰ ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ সহযোগত বন বিভাগে কৰা জৰীপত প্ৰকাশ পাইছে। এই জৰীপ অনুসৰি ৰাষ্ট্ৰীয় উদ্যানখনত হাতীৰ সংখ্যা পূৰ্বৰ ১৯৬ৰ পৰা ৩৪৮লৈ বৃদ্ধি হৈছে। একেদৰে উদ্যানখনত ৮টাকৈ দুষ্প্রাপ্য বন মেকুৰীৰ অৱস্থিতিৰ কথা গম পোৱা গৈছে। ৰাষ্ট্ৰীয় উদ্যানখনত পহু আৰু ধনেশ পক্ষীৰ সংখ্যাও বৃদ্ধি পাইছে। বন বিভাগে ২০০ৰো অধিক কেমেৰা সংস্থাপন কৰি এই জৰীপ চলাইছে। ডিগবৈ বন সংমণ্ডল প্রাধিকাৰীয়ে উদ্যানখনলৈ পৰ্যটকৰ আগমনো বৃদ্ধি পোৱা বুলি প্ৰকা...

March 11, 2025 9:02 PM

views 20

গুৱাহাটী বিশ্ববিদ্যালয়ত কৃত্রিম বুদ্ধিমত্তাৰ প্ৰেক্ষাপটত উত্তৰ পূৰ্বাঞ্চলৰ ভাষা প্ৰযুক্তি বিষয়ক ২ দিনীয়া কৰ্মশালাৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত কৃত্রিম বুদ্ধিমত্তাৰ প্ৰেক্ষাপটত উত্তৰ পূৰ্বাঞ্চলৰ ভাষা প্ৰযুক্তি বিষয়ক দুদিনীয়া কৰ্মশালাৰ আজি অন্ত পৰে। কর্মশালাখনত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ভাষাৰ কৃত্রিম বুদ্ধিমত্তাৰ প্ৰযুক্তিসমূহ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিভংগীৰে ভাৰতীয় ভাষাসমূহক ডিজিটেল বিশ্বত উন্নীতকৰণ আৰু সৱলীকৰণ কৰাৰ ক্ষেত্ৰত পৰ্যালোচনা কৰা হয়। বিশেষকৈ অসমীয়া, বড়ো, নেপালী, মণিপুৰী আৰু ইংৰাজী ভাষাৰ মাজত নিউৰেল মেচিন অনুবাদ আৰু ভাৰতীয় ভাষাত কৃত্রিম বুদ্ধিমত্তাৰ ওপৰত আগতীয়...

March 7, 2025 8:48 PM

views 23

প্রধানমন্ত্রী জন ঔষধী দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ

প্রধানমন্ত্রী জন ঔষধী দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। কামৰূপ জিলাৰ ৰামপুৰ ভাগৱতীপাৰাত থকা জন ঔষধী কেন্দ্ৰত এই দিৱস উপলক্ষে এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত ঔষধ পৰিদৰ্শক ড০ শ্যামল নাথ আৰু ভাস্কৰ জ্যোতি পাঠকে জনসাধাৰণক এই কেন্দ্ৰৰ পৰা সুলভ মূল্যত ঔষধ ক্রয় কৰিবলৈ আহ্বান জনায়। ডিব্ৰুগড় জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আজি চৌকিডিঙিৰ জন ঔষধী কেন্দ্ৰত আয়োজিত কাৰ্যসূচীত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই অংশগ্ৰহণ কৰে। ওডালগুৰি জিলাতো স্বাস্থ...

March 6, 2025 11:21 AM

views 21

আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে ড০ বিভাষ দেৱক নিযুক্তি

■ ড০ বিভাষ দেৱক আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছে। শিলচৰৰ গুৰুচৰণ মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ড০ দেৱৰ বৰাক উপত্যকাত উচ্চ শিক্ষাৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেওঁৰ নেতৃত্বতেই মহাবিদ্যালয়খনত জৈৱ প্ৰযুক্তি বিভাগ আৰম্ভ হোৱাৰ লগতে বায়োটেক হাব আৰু বায়ো ইনফৰমেটিক্স চেণ্টাৰ নিৰ্মাণ হৈছিল। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি লাভৰ পাছত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ড০ দেৱক অভিনন্দন জ্ঞাপন কৰিছে।