April 4, 2025 6:40 PM

views 23

ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত এজন লোকক ৩০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ৫০ হাজাৰ টকাৰ জৰিমনা ধেমাজি জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতৰ

ধেমাজি জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতে আজি ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত এজন লোকক ৩০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ৫০ হাজাৰ টকাৰ জৰিমনা বিহে। ন্যায়াধীশ কৌশিক হাজৰিকাৰ বিচাৰপীঠে আজি ধেমাজি জিয়াচলৰ ৰামেশ্বৰ দলে নামৰ লোকজনক ৩০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ৫০ হাজাৰ টকাৰ জৰিমনা বিহে। জৰিমনা অনাদায়ে তেওঁ অতিৰিক্ত ৩ বছৰ কাৰাবাস খাটিব লাগিব বুলিও ৰায়টোত কোৱা হৈছে। ২০২৪ চনত এগৰাকী নাবালিকাক ধৰ্ষণৰ গোচৰত ৰামেশ্বৰ দলেৰ বিৰুদ্ধে ধেমাজি আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছিল। আদালতে বাদী আৰু বিবাদী পক্ষৰ যুক্তি-তর্ক শু...

April 3, 2025 7:30 PM

views 30

পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিল প্রক্রিয়া আৰম্ভ

অসমত অহা ২ আৰু ৭ মে'ত দুটা পৰ্যায়ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিল প্ৰক্ৰিয়া আৰম্ভ হৈছে। ১১ এপ্ৰিললৈ মনোনয়ন পত্র দাখিল কৰিব পৰা যাব। ১২ এপ্রিলত মনোনয়ন পত্রসমূহ পৰীক্ষা কৰা হ'ব আৰু ১৭ এপ্রিল মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন ধার্য কৰা হৈছে। সেইদিনাই নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীসকলৰ চূড়ান্ত তালিকা প্রকাশ কৰা হ'ব। ১১ মে'ত নিৰ্বাচনৰ ভোটগণনা কৰা হ'ব। উল্লেখযোগ্য যে প্রথম পৰ্যায়ত অহা ২ মে'ত উজনি অসম আৰু বৰাক উপত্যকাত ভোটগ্রহণ কৰা হ'ব। দ্বিতীয় পর্যায়ত অহা ৭ মে...

April 3, 2025 6:54 PM

views 18

BIMSTEC নতুন শৃংখলাটো মূলতঃ আঞ্চলিক তথা বিষয়নিষ্ঠ হৈ উঠিছেঃ ড° এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড° এছ জয়শংকৰে BIMSTEC গোষ্ঠীৰ সদস্য ৰাষ্ট্ৰসমূহক সাম্প্ৰতিক বিশ্বৰ প্ৰেক্ষাপটত সামগ্রিক অনিশ্চয়তা তথা অস্থিৰতাৰ বিষয়ে বিবেচনা কৰি সংগঠনটোৰ প্ৰতি অধিক অভিলাষী দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। থাইলেণ্ডৰ বেংককত BIMSTEC-ৰ মন্ত্ৰী পৰ্যায়ৰ ২০ সংখ্যক বৈঠকত ভাষণ দি ড° জয়শংকৰে কয়, যে সংগঠনটোৰ নতুন শৃংখলাটো মূলতঃ আঞ্চলিক তথা বিষয়নিষ্ঠ হৈ উঠিছে। BIMSTEC-ক ভাৰতবৰ্ষৰ পূবলৈ চোৱা, চুবুৰীয়াক অগ্ৰাধিকাৰ প্ৰদান আৰু মহা-সাগৰ দৃষ্টিভংগী-এই তিনিবিধ নীতিৰ সমাহাৰ বুলি অভিহ...

April 3, 2025 6:17 PM

views 18

ষষ্ঠ BIMSTEC শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে বেংককত উপস্থিত প্রধানমন্ত্ৰী মোদী

ষষ্ঠ BIMSTEC শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি থাইলেণ্ডৰ বেংককত উপস্থিত হৈছে। বেংকক বিমান বন্দৰত উপস্থিত হোৱাৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীক দেশখনৰ উপ-প্রধানমন্ত্ৰী ছুৰিয়া জুংকংৰেংগ্‌কিটে আদৰণি জনায়। ২০১৬ আৰু ২০১৯ বৰ্ষৰ পাছত এয়া হ'ল প্ৰধানমন্ত্রী মোদীৰ তৃতীয়টো থাইলেণ্ড ভ্রমণ। বেংককত উপস্থিত হোৱাৰ পাছত সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্রী মোদীয়ে কয়, যে আসন্ন আনুষ্ঠানিক আলোচনাত অংশগ্ৰহণ কৰাৰ বাবে আৰু থাইলেণ্ডৰ সৈতে ভাৰতৰ সহযোগিতামূলক সম্পর্ক সুদৃঢ় কৰি তোলাৰ...

April 3, 2025 6:00 PM

views 20

ৱাক্‌ফ সংশোধনী বিধেয়ক, ২০২৫ মুছলমান বিৰোধী বুলি বিৰোধী নেতাসকলে মিছাকৈ প্ৰচাৰ কৰিছেঃ চিৰাগ পাছোৱান

ৱাক্‌ফ সংশোধনী বিধেয়ক, ২০২৫ সন্দৰ্ভত অসত্যৰ আশ্ৰয় লোৱা বুলি এল জে পিৰ ৰামবিলাস গোটৰ মুৰব্বী চিৰাগ পাছোৱানে বিৰোধী পক্ষৰ নেতাসকলক দোষাৰোপ কৰিছে। এই বিধেয়কখন মুছলমান বিৰোধী বুলি বিৰোধী নেতাসকলে মিছাকৈ প্ৰচাৰ কৰিছে বুলি মত প্ৰকাশ কৰি তেওঁ ওলোটাই কয়, যে দৰাচলতে এই বিধেয়কখন দৰিদ্ৰ মুছলমান আৰু মহিলাসকলৰ স্বাৰ্থৰ অনুকুলেহে গ্ৰহণ কৰা হৈছে। ইয়াৰ জৰিয়তে সম্পূৰ্ণ প্ৰক্ৰিয়াটো স্বচ্ছ হৈ পৰিব বুলিও সংসদৰ বাহিৰত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত নেতাগৰাকীয়ে উল্লেখ কৰে।

April 3, 2025 5:29 PM

views 21

ৱক্‌ফ সংশোধনী বিধেয়কৰ প্ৰতি দেশৰ প্ৰখ্যাত নেতাসকলৰ আদৰণি

লোকসভাত কালি গৃহীত ৱক্‌ফ সংশোধনী বিধেয়কৰ প্ৰতি দেশৰ প্ৰখ্যাত নেতাসকলে আদৰণি জনাইছে। আইনী ক্ষেত্ৰ আৰু বৌদ্ধিক মহলৰ বিজ্ঞ ব্যক্তিসকলে এই বিধেয়কৰ প্ৰতি তেওঁলোকৰ সমৰ্থন আগবঢ়াইছে। তেওঁলোকে কৈছে যে ইয়াৰ ফলত কেন্দ্ৰীয় আৰু ৰাজ্যিক ৱক্‌ফ ব'ৰ্ডৰ বিভিন্ন দুৰ্নীতি আৰু ন্যায়িক দিশৰ সমস্যাসমূহ সমাধান কৰিব পৰা যাব। আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা কথা-বতৰাত কৰ্ণাটকৰ ৰাজ্যিক সংখ্যালঘু আয়োগৰ অধ্যক্ষ আনোৱাৰ মণিপাডিয়ে কয়, যে এই বিধেয়কখন কাৰ্যকৰী হ'লে ৱক্‌ফ ব'ৰ্ডৰ যিকোনো ৰায় সন্দৰ্ভত জনসাধাৰণে উচ্চ আদালত...

April 2, 2025 7:34 PM

views 20

গাজা ভূখণ্ডত অভিযানৰ সময়সীমা বৃদ্ধিৰ লগতে ভূখণ্ডটোৰ এক বৃহৎ অংশ অধিগ্রহণ ইজৰাইলৰ

ইজৰাইলে গাজা ভূখণ্ডত অভিযানৰ সময়সীমা বৃদ্ধি কৰাৰ লগতে ভূখণ্ডটোৰ এক বৃহৎ অংশ অধিগ্রহণ কৰিছে। এটা বিবৃতিত দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাজে কয়, যে অভিযানৰ এই বর্ধিত সময়ছোৱাত গাজা ভূখণ্ডত সন্ত্রাসবাদীক সম্পূৰ্ণৰূপে নিঃশেষ কৰাৰ লগতে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ আন্তঃগাথনি সম্পূৰ্ণৰূপে ধবংস কৰি দিয়াৰ লক্ষ্য লোৱা হৈছে। তেওঁ কয়, যে অধিগ্ৰহণ কৰা অঞ্চলসমূহ ইজৰাইলৰ সুৰক্ষা মণ্ডলৰ সৈতে চামিল কৰা হৈছে। এই ভূখণ্ডৰ পৰা বহুসংখ্যক পেলেষ্টাইনীক নিৰ্মূল কৰাৰ লগতে হামাচক ধ্বংস কৰি ইজৰাইলী বন্দীসকলক ঘুৰাই অনাৰ ...

April 2, 2025 5:56 PM

views 25

ৱাক্‌ফ সংশোধনী বিধেয়ক ২০২৫ লোকসভাত বিবেচনা আৰু গ্ৰহণৰ বাবে উত্থাপন

ৱাকফ সংশোধনী বিধেয়ক ২০২৫ লোকসভাত বিবেচনা আৰু গ্ৰহণৰ বাবে উত্থাপন কৰা হৈছে। কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে আজি বিধেয়কখন উত্থাপন কৰি কয় যে মুছলমান সকলৰ ধৰ্মীয় বিশ্বাসৰ সৈতে বিধেয়কখনৰ কোনো সম্পৰ্ক নাই আৰু ৱাকফ পৰিষদৰ সা-সম্পত্তিৰ সৈতেহে জড়িত। তেওঁ কয়, যে চৰকাৰে ৱাক্‌ফ পৰিষদসমূহক সৰ্বাত্মক আৰু ধৰ্ম নিৰপেক্ষ কৰি তুলিব খুজিছে। বিধেয়কখনৰ জৰিয়তে মছজিদৰ পৰিচালনা কৰিব খোজা হোৱা নাই বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমানৰ বিধেয়ক অনুসৰি ৱাক্‌ফ পৰিষদৰ বিভি...

March 28, 2025 7:30 PM

views 15

কাইলৈ আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ ‘আপুনি কেনে আছে’ শীৰ্ষক বিশেষ অন্তৰংগ অনুষ্ঠান

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ গুৱাহাটীৰ দিছপুৰ লাষ্টগেটৰ লোকনিৰ্মাণ বিভাগৰ সন্মিলন ভৱনত ‘আপুনি কেনে আছে’ শীৰ্ষক এটা বিশেষ অন্তৰংগ অনুষ্ঠানৰ আয়োজন কৰিছে। দিনৰ চাৰে ১০ বজাৰ পৰা হ'বলগীয়া এই অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ছটা দশকৰ নজহা-নপমা স্মৃতি ৰোমন্থনৰ লগতে কেইবাগৰাকীও প্রাক্তন বাতৰি পৰিৱেশক-পৰিৱেশিকা, সম্পাদক আৰু বিষয়াই বৰ্তমানৰ বাতৰি বিভাগৰ কৰ্মীসকলৰ সৈতে অন্তৰংগ আলাপত ভাগ ল'ব। এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ফেচবুক পেজ airnewsguwahati যোগেও পোনপতীয়াক...

March 27, 2025 3:58 PM

views 22

এছিয়াৰ দীর্ঘতম সুৰংগ, জম্মু-কাশ্মীৰৰ জ’জিলা সুৰংগ নিৰ্মাণৰ কাম প্রায় ৭০ শতাংশ সম্পূৰ্ণ

এছিয়াৰ দীর্ঘতম সুৰংগ, জম্মু-কাশ্মীৰৰ জ'জিলা সুৰংগ নিৰ্মাণৰ কাম প্রায় ৭০ শতাংশ সম্পূৰ্ণ হৈছে। ৫,৫০০ কোটিতকৈ অধিক টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই প্রকল্পই শ্রীনগৰ আৰু লাডাখৰ মাজত বছৰৰ সকলো সময়তে যোগাযোগ সম্ভৱ কৰি তুলিব। ১৩ কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ মূল সুৰংগপথ আৰু সুৰংগলৈ সংযোগী ১৭ কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ সুৰংগ পথকে ধৰি জ'জিলা সুৰংগ প্ৰকল্পৰ মুঠ দৈর্ঘ্য হৈছে ৩০ কিলোমিটাৰতকৈ অধিক। লোকসভাৰ প্ৰশ্নকালত আজি এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে এই কথা প্রক...