June 1, 2025 11:53 AM

views 29

মেঘালয়ৰ চূণশিলৰ গুহাৰ গভীৰতাত এবিধ নতুন প্রজাতিৰ মাছ চিনাক্ত

● গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ এটা দলে ড০ কংকন শর্মাৰ নেতৃত্বত মেঘালয়ৰ চূণশিলৰ গুহাৰ গভীৰতাত এবিধ নতুন প্রজাতিৰ মাছ চিনাক্ত কৰিছে। লেডী কিন কলেজ, শ্বিলং আৰু আই চি এ আব নেচনেল ব্যুৰ’ অৱ ফিছ জেনেটিক বিছাৰ্ছ লক্ষ্ণৌৰ সহযোগিতাত আৱিষ্কাৰ কৰা মাছৰ প্ৰজাতিবিধক শ্বিষ্টুৰা ডেনচিক্লাভা নামেৰে নামকৰণ কৰিছে। মেঘালয়ৰ অতি অন্ধকাৰ গুহাৰ মাটিৰ তলত শ শ মিটাৰ গভীৰতাত পোৱা এই মাছবিধে অতি দুর্গম পৰিস্থিতিত জীয়াই থাকিব পাৰে। এই গৱেষণা আৰু আৱিষ্কাৰে গুহাৰ পৰিৱেশত মাছৰ জীৱন প্ৰণালী বিষয়ে বিশদ অধ্য...

June 1, 2025 11:49 AM

views 41

সোমবাৰৰ পৰা ৫ দিনীয়া নৰৱে’ আৰু ডেনমার্ক ভ্রমণসূচীৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

● কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল কাইলৈ পাঁচদিনীয়া নৰৱে' আৰু ডেনমার্ক ভ্রমণসূচীৰে ৰাওনা হ'ব। ন'ৰৱেত শ্ৰী সোণোৱালে অছলোত নৰ ছিপিং বাণিজ্য মেলা আৰু সন্মিলনৰ ৬০ সংখ্যক সংস্কৰণত মহাসাগৰ সম্পৰ্কীয় এখন উচ্চ পর্যায়ৰ বৈঠকত ভাষণ দিব আৰু প্ৰথমটো ভাৰতীয় মণ্ডপ মুকলি কৰিব। তেওঁ লগতে সন্মিলনত ভাগ লোৱাৰ সুযোগতে জাপান আৰু নৰ'ৱেৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হ'ব আৰু ইউৰোপৰ আগশাৰীৰ নৌ পৰিবহণ কোম্পানী, প্রযুক্তি বিকাশক আৰু যন্ত্রাংশ নির্মাতাৰ সৈতে মত-বিনিময়...

June 1, 2025 11:45 AM

views 47

নৌ সেনা বাহিনীত নিয়োগৰ ক্ষেত্ৰত অপৰিসীম সা-সুবিধা আছে

● ভাৰতীয় সশস্ত্র বাহিনীৰ তিনিওটা শাখাতে কর্ম সংস্থাপনৰ সুবিধা গ্ৰহণৰ বাবে অসমৰ নতুন প্ৰজন্মৰ মাজত আগ্রহ আৰু সজাগতা সৃষ্টিৰ প্ৰয়োজন আছে। আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত নৌ-বাহিনীৰ অৱসৰপ্ৰাপ্ত কমোডৰ কমলেশ চৌধুৰী আৰু স্থল সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত ব্রিগেডিয়াৰ বলেন্দ্ৰ গোস্বামীয়ে কালি এই কথা প্ৰকাশ কৰে। শ্ৰীচৌধুৰীয়ে কয়, যে নৌ সেনা বাহিনীত নিয়োগৰ ক্ষেত্ৰত অপৰিসীম সা-সুবিধা আছে যদিও অসমত ইয়াৰ নিযুক্তি কেন্দ্ৰ নথকা হেতুকে আৰু এই সম্পৰ্কত আগ্ৰহ আৰু সচেতনতাৰ অভাৱ হোৱা বাবে একেবাৰে কম সংখ্যক ...

June 1, 2025 11:39 AM

views 36

পাকিস্তানৰ সৈতে জড়িত চোৰাংচোৱাগিৰিৰ গোচৰত দেশৰ ৮ ৰাজ্যৰ ১৫ স্থানত ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ তালাচী

● ৰাষ্ট্ৰীয় তদন্ত সংস্থাই পাকিস্তানৰ সৈতে জড়িত চোৰাংচোৱাগিৰিৰ এটা গোচৰত কালি দেশৰ ৮ খন ৰাজ্যৰ ১৫টা স্থানত তালাচী চলায়। সংস্থাটোৱে এটা বিবৃতি যোগে অসম, পশ্চিমবংগ, দিল্লী, মুম্বাই, হাৰিয়ানা, উত্তৰ প্ৰদেশ, বাজস্থান আৰু চত্তিশগড়ত তালাচী চলোৱা বুলি প্ৰকাশ কৰিছে। তালাচীৰ সময়ত ভালেসংখ্যক বৈদ্যুতিন সঁজুলি, স্পর্ষকাতৰ বিত্তীয় নথি আৰু আন আপত্তিজনক সামগ্রি জব্দ কৰিছে। ৰাষ্টীয় তদন্ত সংস্থাৰ তদন্ত অনুসৰি এই সন্দেহজনক লোক কেইজনৰ পাকিস্তানী অভিসন্ধিকাৰীৰ সৈতে যোগাযোগ আছিল আৰু ধনৰ বিনিময়ত ভাৰতত চোৰাংচো...

June 1, 2025 11:35 AM

views 27

সীমান্তৰ ন’ মেনছ লেণ্ডলৈ প্ৰেৰণ কৰা বাংলাদেশৰ সুৰক্ষা বাহিনীয়ে ৬৫ জন লোকক পুনৰ ঘূৰাই পঠিয়াইছে

অসম আৰক্ষীয়ে এই সপ্তাহতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলাই আটক কৰা অবৈধ বাংলাদেশী নাগৰিকসকলক সীমান্ত সুৰক্ষা বাহিনীৰ সহযোগত বাংলাদেশ সীমান্তৰ ন' মেনছ লেণ্ডলৈ প্ৰেৰণ কৰা বাংলাদেশৰ সুৰক্ষা বাহিনীয়ে ইয়াৰে ৬৫ জন লোকক পুনৰ ঘূৰাই পঠিয়াইছে। ইয়াৰে ৬৪ গৰাকী সন্দেহজনক নাগৰিকক গোৱালপাৰা ডিটেনচন কেম্পত ৰখা হৈছে। ইপিনে মৰিগাঁৱৰ খাইৰুল ইছলাম নামৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষকগৰাকীক নিজ গৃহলৈ যোৱাৰ অনুমতি দিয়া হয়। জিলাখনৰ মিকিৰভেটা থানাৰ খান্দা পুখুৰী গাঁৱৰ বাসিন্দা শিক্ষকগৰাকীৰ পিতৃৰ নাম ১৯৬৫ চনৰ ভোটাৰ তা...

May 29, 2025 9:32 PM

views 16

আয়ুষ্মাণ ভাৰত হৈছে পৃথিৱীৰ পৃথিৱীৰ সৰ্ববৃহৎ স্বাস্থ্য অভিযানঃ জে পি নাড্ডা

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই কয়, যে আয়ুষ্মাণ ভাৰত হৈছে পৃথিৱীৰ পৃথিৱীৰ সৰ্ববৃহৎ স্বাস্থ্য অভিযান। আয়ুষ্মাণ ভাৰতৰ জৰিয়তে দেশৰ ৬২ কোটি লোকক সামৰি লোৱা হৈছে। নতুন দিল্লীত অনুষ্ঠিত চি আই আই বার্ষিক ব্যৱসায়িক সন্মিলনত অংশগ্ৰহণ কৰি শ্ৰী নাড্ডাই কয়, যে ৭০ বছৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিকসকলক অয়ুষ্মাণ ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত বছৰি ৫ লাখ টকা মূল্যৰ চিকিৎসা ব্যয় আগবঢ়োৱা হয়। এই আঁচনি প্ৰৱৰ্তনৰ সময়ৰে পৰা বৰ্তমানলৈ ৯ কোটি ৪০ লাখ হাস্পতালত ইয়াৰ সুবিধা অন্তৰ্ভুক্ত হৈছে।

May 29, 2025 9:30 PM

views 24

দুদিনীয়া ভ্ৰমণসূচীৰে দিল্লীত উপস্থিত নিউজিলেণ্ডৰ উপ-প্রধানমন্ত্ৰী তথা বৈদেশিক মন্ত্রী উইনষ্টন পিটাৰ্ছ

নিউজিলেণ্ডৰ উপ-প্রধানমন্ত্ৰী তথা বৈদেশিক মন্ত্রী উইনষ্টন পিটাৰ্ছ আজি দুদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হৈছে। মন্ত্ৰীগৰাকীক আদৰণি জনায় সামাজিক মাধ্যমৰ এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্র ৰনধীৰ জয়ছোৱালে কয়, যে নিউজিলেণ্ডৰ উপ-প্রধানমন্ত্ৰীগৰাকীৰ এই ভ্রমণে ভাৰত আৰু নিউজিলেণ্ডৰ মাজত উচ্চ পৰ্যায়ৰ আদান-প্ৰদানৰ সম্পৰ্কৰ্ক প্ৰতিফলিত কৰিছে। তেওঁ লগতে কয়, যে এই ভ্রমণে দুয়োখন দেশৰ আন্তৰিক আৰু বন্ধুত্বপূর্ণ সম্পৰ্কক অধিক শক্তিশালী কৰিব। এই ভ্ৰমণকালত উপ-প্রধানমন্ত্ৰী শ্ৰী পিটাৰ্...

May 29, 2025 8:16 PM

views 33

সমগ্র শিক্ষা অসমে বিশ্ব ধঁপাত বিৰোধী দিৱসৰ সৈতে সংগতি ৰাখি অহা ৩১ মে’ত সকলো বিদ্যালয়তে বিশেষ কার্যসূচী গ্ৰহণ কৰিবলৈ নিৰ্দেশ

সমগ্র শিক্ষা অসমে বিশ্ব ধঁপাত বিৰোধী দিৱসৰ সৈতে সংগতি ৰাখি অহা ৩১ মে'ত সকলো বিদ্যালয়তে বিশেষ কার্যসূচী গ্ৰহণ কৰিবলৈ সকলো জিলাৰে বিদ্যালয়সমূহৰ পৰিদৰ্শক, জিলা প্রাথমিক শিক্ষা বিষয়া আৰু জিলা মিছন সমন্বয়কলৈ পত্ৰ প্ৰেৰণ কৰিছে। এই দিনটোত প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ধপাত আৰু ধঁপাতজাতীয় সামগ্ৰী সেৱনৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে কুইজ, ৰচনা, শ্ল’গান লিখা প্রতিযোগিতা, বাটৰ নাট, স্বাক্ষৰ অভিযান, তথ্য চিত্ৰ প্ৰদৰ্শন, ৰেলী আদিৰ আয়োজন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

May 29, 2025 7:54 PM

views 34

ধেমাজিৰ কোলাজানৰ উত্তৰ অসমৰ প্ৰথমটো কম্প্ৰেছড নেচাৰেল গেছ অর্থাৎ চিএনজি ষ্টেচন আনুষ্ঠানিকভাৱে মুকলি

উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি ধেমাজিৰ কোলাজানৰ উত্তৰ অসমৰ প্ৰথমটো কম্প্ৰেছড নেচাৰেল গেছ অর্থাৎ চিএনজি ষ্টেচন আনুষ্ঠানিকভাৱে মুকলি কৰে। ধেমাজিৰ বগীবিল দলং সংযোগী পথত থকা এটা তেল ডিপোত এই চিএনজি ষ্টেচন মুকলি কৰি শ্ৰীবৰাই সেউজ শক্তি ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সুৰক্ষাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, যে তুলনামূলকভাৱে সুলভ চিএনজি ব্যৱহাৰ কৰি যান বাহনৰ ইঞ্জিনসমূহ দীর্ঘদিনলৈ কাৰ্যক্ষম কৰি ৰাখিব পাৰি। পৰিৱেশ সংৰক্ষণ আৰু আৰ্থিক সঞ্চয়ৰ বাবে সকলোকে চিএনজি ব্যৱহাৰ কৰিব...

May 29, 2025 7:22 PM

views 58

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে শিক্ষা সেতু এপৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ দৈনিক উপস্থিতিৰ তথ্য ৰখাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে শিক্ষা সেতু এপৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ দৈনিক উপস্থিতিৰ তথ্য ৰখাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। এই সন্দৰ্ভত বিদ্যালয় শিক্ষা বিভাগে এটা নিৰ্দেশনা জাৰি কৰি ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি সন্দৰ্ভত মাধ্যমিক শিক্ষা সঞ্চালক আৰু প্ৰাথমিক শিক্ষা সঞ্চালকক নিয়মীয়াকৈ বিদ্যালয়সমূহৰ পৰিদৰ্শক, প্ৰাথমিক শিক্ষা বিষয়া আৰু খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ সৈতে বৈঠক অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছে। এই অনুসৰি বিদ্যালয়সমূহৰ পৰিদৰ্শক, প্রাথমিক শিক্ষা বিষয়া আৰু খণ্ড প্ৰাথমিক শিক্ষা বিষয়া...