June 10, 2025 6:46 PM

views 44

বিজ্ঞাপনৰ বাবদ পাবলগীয়া ধন সময়মতে আদায় দিবলৈ অসম চৰকাৰক অনুৰোধ আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নৰ

আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নে ট্রিবিউন গোষ্ঠীৰ বৰ্তমানৰ বিত্তীয় সংকটৰ সমাধানৰ বাবে চৰকাৰৰ পৰা বিজ্ঞাপনৰ বাবদ পাবলগীয়া ধন সময়মতে আদায় দিবলৈ অসম চৰকাৰক অনুৰোধ জনাইছে। আজি দুপৰীয়া গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এখন সংবাদমেলত ইউনিয়নৰ সভাপতি শিৱপ্ৰসাদ ডেকা আৰু সাধাৰণ সম্পাদক দুগ্ধৰাম কলিতাই কয়, যে ট্ৰিবিউন গোষ্ঠীৰ কৰ্মচাৰীসকলে যোৱা মাৰ্চ মাহৰ দৰমহাৰ ৭৫ শতাংশ লাভ কৰিছে আৰু এপ্ৰিল আৰু মে' মাহৰ দৰমহা আজি পর্যন্ত লাভ কৰা নাই । ইয়াৰ পৰিপ্ৰেক্ষিতত ইউনিয়নে যোৱা ১৩ মে'ৰ পৰা আসাম ট্ৰিবিউন পৰিসৰত প্ৰত...

June 10, 2025 6:33 PM

views 39

উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়ৰ সাল-সলনি

উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময় সাল-সলনি কৰাৰ বাবে বিদ্যালয়সমূহৰ পৰিদৰ্শকে এটা নিৰ্দেশ জাৰি কৰিছে। এই অনুসৰি কাইলৈৰ পৰা নিম্ন প্ৰাথমিক বিদ্যালয়সমূহৰ পাঠদান পুৱা ৭.৩০ বজাৰ পৰা ১১.৩০ বজালৈ, মধ্য ইংৰাজী বিদ্যালয়সমূহৰ পাঠদান পুৱা ৭.৩০ বজাৰ পৰা দিনৰ ১২ বজালৈ আৰু উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ পাঠদান পুৱা ৭.৩০ বজাৰ পৰা দিনৰ ১২.৩০ বজালৈ কৰা হ'ব। বিদ্যালয়সমূহক লগতে প্রাতঃসভা শ্ৰেণীকোঠাৰ ভিতৰত অথবা ছাঁ পৰা স্থানত অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। তদু...

June 6, 2025 9:22 PM

views 34

২৬–১১ৰ মুম্বাই আক্ৰমণৰ সৈতে জড়িতৰ অভিযোগত অভিযুক্ত তাহাবুৰ হুছেইন ৰাণাৰ ন্যায়িক জিম্মাৰ ম্যাদ ৯ জুলাইলৈ বৃদ্ধি

দিল্লীৰ এখন আদালতে আজি ২৬–১১ৰ মুম্বাই আক্ৰমণৰ সৈতে জড়িত থকাৰ অভিযোগত অভিযুক্ত তাহাবুৰ হুছেইন ৰাণাৰ ন্যায়িক জিম্মাৰ ম্যাদ ৯ জুলাইলৈকে বৃদ্ধি কৰিছে। আজি অভিযুক্ত ৰাণাক ভি ডি অ' কনফাৰেন্সিঙৰ জৰিয়তে আদালতত হাজিৰ কৰোৱাৰ সময়ত বিশেষ ন্যায়াধীশ চন্দ্ৰেজিৎ সিঙে ৰাণাক পুনৰ ন্যায়িক জিম্মাত ৰখাৰ নির্দেশ দিয়ে। পাটিয়ালা হাউছ আদালতে তিহাৰ জে'ল কৰ্তৃপক্ষক ৰাণাৰ স্বাস্থ্যৰ স্থিতি সন্দৰ্ভত অহা সোমবাৰৰ ভিতৰত এখন প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

June 6, 2025 9:19 PM

views 33

পলাতক ব্যৱসায়ী মেহুল চক্সীৰ বেংক একাউণ্ট, মিউচুৱেল ফাণ্ড আৰু শ্বেয়াৰসমূহ জব্দ কৰি ২ কোটিতকৈও অধিক টকা উচুল কৰাৰ বাবে ছেবিৰ নির্দেশ

পলাতক ব্যৱসায়ী মেহুল চক্সীৰ বেংক একাউণ্ট, মিউচুৱেল ফাণ্ড আৰু শ্বেয়াৰসমূহ জব্দ কৰি ২ কোটিতকৈও অধিক টকা উচুল কৰাৰ বাবে ছেবিয়ে নির্দেশ দিছে। মেহুল চক্সীক গীতাঞ্জলি জেমছৰ শ্বেয়াৰসমূহ বে-আইনীভাৱে ব্যৱসায় কৰাৰ বাবে ২ কোটি টকাৰ জৰিমনা বিহা হৈছিল। চক্সী গীতাঞ্জলি জেমছৰ অধ্যক্ষ তথা ব্যৱস্থাপন সঞ্চালক হৈ থকা সময়ত কোম্পানীটোৰ শ্বেয়াৰৰ বিষয়ে কিছুমান অভ্যন্তৰীণ তথ্য নিজৰ সহযোগীক সদৰী কৰাৰ বাবে অভিযুক্ত কৰা হৈছিল। এই তথ্যসমূহৰ ওপৰত ভিত্তি কৰি তেওঁৰ সহযোগীয়ে ২০১৭ চনত নিজৰ সম্পূর্ণ ৫ দশমিক ৭-৫ শতাংশ অং...

June 6, 2025 9:05 PM

views 40

কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্র ঈদ-উল আজহা

ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্র ঈদ-উল আজহা কাইলৈ পালন কৰা হ'ব। এই উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। কাইলৈ ঈদৰ নামাজৰ বাবে ঈদগাহসমূহ ছাফ চিকুণ কৰি সজাই পৰাই তোলা হৈছে। সমাজত ভাতৃত্ববোধ আৰু বিশ্ব শান্তিৰ বাবে কাইলৈ পুৱা ঈদ নামাজ পঢ়া হ'ব। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ২০০ ৰো অধিক ঈদগাহত প্ৰায় ৪ লাখ লোকে ঈদ সমূহীয়া নামাজ পঢ়িব। ঈদৰ সময়ত কোনো ঠাইতে যাতে অপ্রীতিকৰ পৰিবেশৰ সৃষ্টি নহয় তাৰ বাবে জিলা প্রশাসনে আজি ঈদ সমিতি আৰু আৰক্ষীৰ সৈতে এখন বৈঠকত মিলিত হয়। গুৱাহ...

June 6, 2025 9:00 PM

views 24

কামৰূপৰ মীন উন্নয়ন বিভাগৰ উদ্যোগত আমিনগাঁৱত একুৱা কালচাৰত সৌৰ শক্তিৰ ব্যৱহাৰ শীৰ্ষক দিনযোৰা কৰ্মশালা

কামৰূপ জিলাৰ মীন উন্নয়ন বিভাগৰ উদ্যোগত আমিনগাঁৱত আজি একুৱা কালচাৰত সৌৰ শক্তিৰ ব্যৱহাৰ শীৰ্ষক দিনযোৰা কৰ্মশালা অনুষ্ঠিত হয়। জিলাখনৰ আগশাৰীৰ ৫০ গৰাকী মৎস পালকে অংশগ্রহণ কৰা এই কৰ্মশালাত সৌৰ শক্তিৰ জৰিয়তে কম খৰচত মৎস পালন আৰু সংৰক্ষণৰ বিষয়ত প্ৰশিক্ষণ দিয়া হয়। জিল মীন উন্নয়ন বিষয়া ড০ সঞ্চয় শর্মা কর্মশালাত মুখ্য প্রশিক্ষক হিচাপে উপস্থিত থাকে। কর্মশালাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই শীঘ্ৰে জিলাখনত সৌৰশক্তিৰ জৰিয়তে মীন পালন কৰি মৎস্য পালকসকল লাভৱান হব বুলি উল্ল...

June 6, 2025 8:53 PM

views 19

কাইলৈ নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ কাইলৈ নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত আকাশবাণীৰ বাতৰি কক্ষৰ বাহিৰতো এটা নিজস্ব পৰিচয় দাঙি ধৰিবলৈ সমৰ্থ হোৱা কেইগৰাকীমান বাতৰি পঢ়োতাৰ সৈতে অন্তৰংগ আলাপ প্ৰচাৰ কৰা হ'ব। আকাশবাণী বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ সৈতে এই অনুষ্ঠানত অন্তৰংগ আলাপত ভাগ ল'ব আকাশবাণী গুৱাহাটীৰ তিনিগৰাকী বাতৰি পৰিৱেশকে।

June 6, 2025 8:24 PM

views 33

জম্মু-কাশ্মীৰৰ বিকাশৰ যাত্ৰাত নতুনকৈ উদ্বোধন কৰা বৃহৎ প্রকল্পসমূহে বিশেষ গুৰুত্ব বহন কৰিছেঃ প্রধানমন্ত্ৰী

জম্মু-কাশ্মীৰৰ বিকাশৰ যাত্ৰাত নতুনকৈ উদ্বোধন কৰা বৃহৎ প্রকল্পসমূহে বিশেষ গুৰুত্ব বহন কৰিছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে। কাট্ৰাত চেনাব দলং আৰু আঞ্জি খাদ দলং উদ্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে কয়, যে এই অত্যাধুনিক চেনাব দলঙে জম্মু আৰু শ্ৰীনগৰৰ মাজৰ যোগাযোগ ব্যৱস্থা অধিক উন্নত কৰিব। প্ৰধানমন্ত্ৰীয়ে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে এতিয়া সমগ্ৰ দেশ ৰে'লৱে নেটৱৰ্কেৰে সংযোজিত হোৱাত সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয়, যে উধমপুৰ-শ্ৰীনগৰ-বাৰামুল্লা ৰে'ল লাইন প্রকল্প হৈছে, এখন নতুন আৰু শক...

June 6, 2025 7:26 PM

views 27

চিকিমৰ মাংগন জিলাৰ লাচেনত আৱদ্ধ পৰ্যটকসকলৰ উদ্ধাৰ অভিযান সম্পূৰ্ণ

চিকিমৰ মাংগন জিলাৰ লাচেনত আৱদ্ধ পৰ্যটকসকলৰ উদ্ধাৰ অভিযান আজি সম্পূৰ্ণ হৈছে। এই সমগ্ৰ অভিযান নিৰীক্ষণত থকা মাংগন জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে এই কথা নিশ্চিত কৰিছে। বাগদোগৰা আৰু পাকয়ঙৰ পৰা বায়ু সেনাৰ হেলিকপ্তাৰে বাকী থকা পৰ্যটকসকলৰ উপৰি চাতেনত বাস কৰা কিছু লোকক উদ্ধাৰ কৰে। আকাশবাণী গেংটকৰ সংবাদদাতাই জনোৱা মতে, বায়ু সেনা, স্থল সেনা, এন ডি আৰ এফ আৰু ৰাজ্য চৰকাৰৰ কেইবাটাও সংস্থাই যুটীয়াভাৱে এই উদ্ধাৰ অভিযান চলায়। উদ্ধাৰকাৰী দলসমূহে পৰ্যটকসকলক উদ্ধাৰ কৰাৰ সময়ত অতি প্ৰতিকূল বতৰৰ সন্মুখীন হ...

June 6, 2025 6:58 PM

views 32

দৰং জিলাৰ পাথৰিঘাট ৰাজহচক্ৰৰ অন্তৰ্গত উত্তৰ কমাৰ গাঁৱত খাদ্যত বিষক্রিয়া হৈ প্ৰায় ২০০ লোক অসুস্থ

দৰং জিলাৰ পাথৰিঘাট ৰাজহচক্ৰৰ অন্তৰ্গত উত্তৰ কমাৰ গাঁৱত কালি খাদ্যত বিষক্রিয়া হৈ প্ৰায় ২০০ লোক অসুস্থ হৈ পৰাৰ পাছত জিলা স্বাস্থ্য বিভাগে মোৱামাৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন হৈ থকা ৬ জন ৰোগীক আজি মঙলদৈ অসামৰিক চিকিৎসালয়লৈ স্থানান্তৰ কৰে। গাঁওখনৰ লক্ষ্মী মন্দিৰত অনুষ্ঠিত জেঠমহীয়া মাংগলিক অনুষ্ঠানত মাহ-প্ৰসাদ খোৱাৰ পাছত শিশু আৰু মহিলাকে ধৰি প্ৰায় ২০০ লোক অসুস্থ হৈ পৰে। জিলা স্বাস্থ্য বিভাগৰ সূত্ৰৰ উদ্ধৃতি দি আমাৰ মঙলদৈৰ সংবাদদাতাই জনোৱা মতে আক্রান্তসকলৰ ৫৭ জনক পাথৰিঘাট খণ্ড প্ৰাথমিক...