June 11, 2025 7:21 PM

views 34

চৰকাৰে ২০২৯ চনৰ ভিতৰত ৩ লাখ কোটি টকাৰ প্ৰতিৰক্ষা সামগ্রী উৎপাদনৰ লক্ষ্য নির্ধাৰণ কৰিছেঃ ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, যে চৰকাৰে ২০২৯ চনৰ ভিতৰত ৩ লাখ কোটি টকাৰ প্ৰতিৰক্ষা সামগ্রী উৎপাদনৰ লক্ষ্য নির্ধাৰণ কৰিছে। উত্তৰাখণ্ডৰ ডেৰাডুনত অনুষ্ঠিত ৰাষ্ট্ৰীয় সুৰক্ষা আৰু সন্ত্ৰাসবাদ শীৰ্ষক এটা অনুষ্ঠানত ভাগ লৈ শ্ৰীসিঙে কয়, যে সেই সময়লৈ প্ৰতিৰক্ষা খণ্ডত দেশৰ ৰপ্তানি ৫০ হাজাৰ কোটি টকা হ'বগৈ। তেওঁ কয়, যে দেশৰ বাৰ্ষিক প্ৰতিৰক্ষা উৎপাদন ২০১৪ চনৰ ৪০ হাজাৰ কোটিৰ বিপৰীতে বর্তমান এক লাখ ৩০ হাজাৰ কোটি অতিক্ৰম কৰিছে। চৰকাৰে এই বছৰত এক লাখ ৭৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ ক...

June 11, 2025 7:07 PM

views 23

সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণৰ আদৰ্শৰে দেশে ৰূপান্তৰৰ এটা দশক সম্পূৰ্ণ কৰিছে

সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণৰ আদৰ্শৰে দেশে ৰূপান্তৰৰ এটা দশক সম্পূৰ্ণ কৰিছে। চৰকাৰে যোৱা ১১ বছৰে বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভত আকাশবাণীয়ে বিশেষভাৱে প্ৰচাৰ কৰিছে। এনে প্ৰচাৰৰ অংশ হিচাপে আজি আমি ভাৰতৰ পৰিবহণ আন্তঃগাঁথনিৰ ৰূপান্তৰ সম্পৰ্কে আলোকপাত কৰিবলৈ লৈছে। দেশত বিগত দশকত সৰ্বাত্মক আৰু সংহত দৃষ্টিভংগীৰে অভূতপূৰ্ব আন্তঃগাঁথনিৰ উন্নয়ন হৈছে। এই সময়ছোৱাত দৈনিক নিৰ্মাণ কৰা ঘাইপথৰ গড় হাৰ ৩৪ কিলোমিটাৰৰ সৰ্বকালৰ সৰ্বাধিক পৰ্যায় পাইছেগৈ। এই হাৰ ২০১৪ চনৰ তুলনাত প্ৰায...

June 11, 2025 6:47 PM

views 77

প্ৰচণ্ড গ্রীষ্ম প্ৰৱাহৰ কৱলত ৰাজ্যঃ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ৰাজ্যত সতর্কতা জাৰি

অসম প্ৰচণ্ড গ্রীষ্ম প্ৰৱাহৰ কৱলত পৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনত সতর্কতা জাৰি কৰাৰ লগতে স্বাভাৱিক উষ্ণতাতকৈ এইবেলি উষ্ণতা অধিক হোৱা বুলি সদৰি কৰি এই তাপমাত্ৰা অহা ২-৩ দিনলৈ বাহাল থাকিব পাৰে বুলি সম্ভাৱনা প্রকাশ কৰে। বিভাগটোৱে এই গ্ৰীষ্ম প্ৰৱাহৰ পৰা সতৰ্ক হৈ থাকিবলৈ ৰাইজলৈ আহ্বান জনাই শিশু, বয়োজ্যেষ্ঠ, গৰ্ভৱতী মহিলা তথা ৰুগীয়া লোকক বিশেষ সাৱধানতা অৱলম্বন কৰাৰ পৰামৰ্শ দিয়ে। ৰাজ্যখনত নিশাৰ ভাগত তাপমাত্রা স্বাভাৱিক তাপমাত্ৰালৈ ৩ৰ পৰা ৫ ডিগ্রী ছেলছিয়াছ অধিক হৈ থাকিব বুলি বিভাগটোৱে সতর্...

June 11, 2025 5:56 PM

views 59

চৰকাৰে আত্মনিৰ্ভৰশীল ভাৰতৰ ভেটি গঢ়ি আছেঃ প্ৰধানমন্ত্ৰী

ভৱিষ্যত প্ৰজন্মৰ আন্তঃগাঁথনিৰ বাবে ভাৰতৰ প্ৰয়াস স্থায়ী আৰু দীৰ্ঘকালীন দৃষ্টিভংগীৰে পৰিচালিত বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্রী মোদীয়ে আজি সামাজিক মাধ্যমযোগে কয়, যে চৰকাৰে আত্মনিৰ্ভৰশীল ভাৰতৰ ভেটি গঢ়ি আছে। তেওঁ কয়, যে আন্তঃগাঁথনি বিপ্লৱৰ ১১ টা বছৰ সম্পূৰ্ণ হৈছে আৰু এই সময়ছোৱাত বিশ্বমানৰ আন্তঃগাঁথনি বিকশাই তোলা হৈছে। ইয়াৰ ফলত দেশৰ বিকাশ ত্বৰান্বিত হৈছে বুলি তেওঁ মন্তব্য কৰে। শ্ৰী মোদীয়ে কয়, যে ৰে'লপথৰ পৰা ঘাইপথলৈ, বন্দৰৰ পৰা বিমান বন্দৰলৈ ভাৰতৰ দ্ৰুত বিকাশশীল বুনিয়াদ...

June 10, 2025 9:27 PM

views 37

ইছলামাবাদক আন্তঃসীমা সন্ত্ৰাসবাদৰ ক্ষেত্ৰত সহযোগিতা আগ নবঢ়াবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ সঁকিয়নি

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ইছলামাবাদক আন্তঃসীমা সন্ত্ৰাসবাদৰ ক্ষেত্ৰত সহযোগিতা আগ নবঢ়াবলৈ সঁকিয়াই দিছে। তেওঁ লগতে কয়, যে শেহতীয়াকৈ পেহেলগামত হোৱা আক্ৰমণৰ দৰে পাকিস্তানে যদি কোনো ধৰণৰ প্ৰৰোচনাত পৰি ভাৰতক পুনৰ আক্ৰমণ কৰাৰ চেষ্টা কৰে, তেন্তে ভাৰতে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব। মন্ত্ৰীজনে আমেৰিকাৰ এখন ডিজিটেল বাতৰি কাকতৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত এইদৰে প্ৰকাশ কৰে। ড০ জয়শংকৰে লগতে কয়, যে চীনে পাকিস্তানৰ সৈতে থকা আত্মীয়তাৰ আঁৰত সন্ত্ৰাসবাদৰ পোষকতা কৰিব নোৱাৰে। তেওঁ লগতে কয়, যে সন্ত্...

June 10, 2025 8:38 PM

views 19

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাক মহাকাশলৈ কঢ়িয়াই নিব লগা AXIOM-4 অভিযান বেয়া বতৰৰ পৰিপ্ৰেক্ষিতত সাময়িকভাৱে পিছুৱাই দিয়া হৈছে

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাক মহাকাশলৈ কঢ়িয়াই নিব লগা AXIOM-4 অভিযান বেয়া বতৰৰ পৰিপ্ৰেক্ষিতত সাময়িকভাৱে পিছুৱাই দিয়া হৈছে। ভাৰতীয় সময় অনুসৰি কাইলৈ সন্ধিয়া ৫.৩০ বজাত মহাকাশযানৰ উৎক্ষেপনৰ সময় নিৰ্ধাৰণ কৰা হৈছে। সামাজিক মাধ্যমৰ এটা পোষ্টত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, ইছৰ'ৰ অধ্যক্ষ ভি নাৰায়ণনে এই কথা প্ৰকাশ কৰে। এই অভিযানত ভাৰতৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰ, প’লেণ্ড আৰু হাংগেৰীৰ একোগৰাকীকৈ মহাকাশচাৰী আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ উৰা মাৰিব। অভিযানকালত ভাৰতৰ শুভাংশু শুক্লাৰ লগতে আমেৰি...

June 10, 2025 8:03 PM

views 27

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত আশাৰ কিৰণ হিচাপে পৰিগণিত হৈছেঃ গজেন্দ্র সিং শেখাৱট

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত আশাৰ কিৰণ হিচাপে পৰিগণিত হৈছে বুলি কেন্দ্ৰীয় সংস্কৃতি মন্ত্রী গজেন্দ্র সিং শেখাৱটে প্রকাশ কৰিছে। মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে চেন্নাইত আজি সংবাদ মাধ্যমৰ আগত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰত এখন নিৰাশাৰ ৰাষ্ট্ৰৰ পৰা উজ্বল ভৱিষ্যতলৈ ৰূপান্তৰিত হৈছে। তেওঁ কয়, যে যোৱা ১১ বছৰত দেশৰ পৰা দৰিদ্ৰতা নিৰ্মূল কৰা হৈছে আৰু ভাৰতে সেৱা, সুশাসন আৰু জনসাধাৰণৰ কল্যাণৰ জৰিয়তে অমৃতকালত প্ৰৱেশ কৰাৰ দিশত উন্নয়নৰ নতুন যাত্ৰা আৰম্ভ কৰিছে।

June 10, 2025 8:01 PM

views 41

যুৱচামক ড্ৰাগছৰ আসক্তিৰ পৰা মুক্তৰ উদ্দেশ্যে পঞ্জাব চৰকাৰৰ ২০০ গৰাকী মনোৰোগ বিশেষজ্ঞ নিয়োগৰ সিদ্ধান্ত

পঞ্জাব চৰকাৰে ৰাজ্যখনত যুৱচামক ড্ৰাগছৰ আসক্তিৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যে যাৱতীয় সহযোগিতা আৰু পৰামৰ্শ প্ৰদানৰ বাবে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ২০০ গৰাকী মনোৰোগ বিশেষজ্ঞ নিয়োগ কৰাৰ সিদ্ধান্ত লৈছে। পঞ্জাব চৰকাৰে ৰাজ্যখনৰ পৰা ড্ৰাগছ নিৰ্মূল কৰাৰ বাবে আৰম্ভ কৰা য়ুধ নাছিয়ান বিৰুধ অর্থাৎ ড্ৰাগছৰ বিৰুদ্ধে যুঁজ কাৰ্যসূচীৰ উপ-সমিতিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ জৰিয়তে ড্ৰাগছৰ ওপৰত নিৰ্ভৰশীল ৰোগীসকলক পাৰ্যমানে মানসিক আৰু আৱেগিক সমৰ্থন প্রদানেৰে তেওঁলোকক এই আসক্তিৰ পৰা মুক্ত কৰাৰ চেষ্টা কৰা হ'ব। ...

June 10, 2025 7:15 PM

views 31

১১ বছৰত ভাৰতৰ প্ৰতিৰক্ষা খণ্ডই ঐতিহাসিক পৰিৱৰ্তনৰ দিশে ধাবিত হৈছেঃ ৰাজনাথ সিঙ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১১ বছৰত ভাৰতৰ প্ৰতিৰক্ষা খণ্ডই ঐতিহাসিক পৰিৱৰ্তনৰ দিশে ধাবিত হৈছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রী সিঙে কয়, যে প্রধানমন্ত্ৰীৰ নেতৃত্বত সীমান্ত শক্তিশালী হোৱাৰ উপৰি সশস্ত্র বাহিনীৰ আধুনিকীকৰণ, স্থানীয় ভাবে নির্মিত অস্ত্ৰ, প্ৰতিৰক্ষা উৎপাদনৰ ৰপ্তানিৰ অভিলেখ আৰু বিশ্বজোৰা আস্থা দেশবাসীয়ে দেখিবলৈ পাইছে। এই সময়ছোৱাত প্ৰতিৰক্ষা খণ্ড আত্মনিৰ্ভৰশীল হৈ উঠা বুলিও শ্ৰী সিঙে প্ৰকাশ কৰে।

June 10, 2025 6:53 PM

views 31

সাংসদ ফণীভূষণ চৌধুৰীৰ সৈতে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে কৃষিমন্ত্ৰী মন্ত্ৰী অতুল বৰাৰ বৈঠক

কৃষিমন্ত্ৰী তথা নলবাৰী জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই আজি মুখ্যমন্ত্ৰী নগৰীয়া মহিলা উদ্যমিতা অভিযানৰ জিলা পৰ্যায়ৰ কাম-কাজ পর্যালোচনা কৰাৰ বাবে সাংসদ ফণীভূষণ চৌধুৰীৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বৈঠকত মিলিত হয়। এই বৈঠকত আঁচনিখনৰ ৰূপায়ণৰ অগ্ৰগতিৰ বুজ লৈ মহিলাসকলক উপকৃত কৰিব পৰাকৈ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত যাৱতীয় কাম-কাজসমূহ সম্পূৰ্ণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নির্দেশ দিয়ে। জিলাখনত মিছন বসুন্ধৰা, অৰুণোদয়, অসম মালাকে ধৰি বিভিন্ন চৰকাৰী কল্যাণকামী আঁচনি ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত...