June 19, 2025 8:29 PM

views 30

২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ সংকল্প পূৰণৰ ক্ষেত্ৰত যুৱ প্ৰজন্মই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিবঃ কেন্দ্রীয় শিক্ষা ধর্মেন্দ্র প্রধান

২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ সংকল্প পূৰণৰ ক্ষেত্ৰত যুৱ প্ৰজন্মই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব বুলি কেন্দ্রীয় শিক্ষা ধর্মেন্দ্র প্রধানে উল্লেখ কৰিছে। আজমেৰৰ সমীপত আজি ৰাজস্থান কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ নৱম সমাৱৰ্তন অনুষ্ঠিত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে অনাগত দুটা দশকত ভাৰতবৰ্ষক এখন শক্তিশালী ৰাষ্ট্ৰৰূপে গঢ়ি তোলাটো দেশৰ নাগৰিকসকলৰ সমূহীয়া সংকল্প আৰু এই সংকল্প পূৰণ কৰা হ'ব। যুৱ প্ৰজন্মৰ কঠোৰ পৰিশ্ৰম, দৃঢ়তা আৰু নিষ্ঠাই এই সংকল্প পূৰণত সহা...

June 19, 2025 8:02 PM

views 28

ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বাসগৃহত নগদ ধন উদ্ধাৰৰ অভিযোগৰ তদন্ত অব্যাহত

ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বাসগৃহত নগদ ধন উদ্ধাৰৰ অভিযোগৰ তদন্তৰ বাবে গঠন কৰা তিনিজনীয়া কমিটিখনে দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশগৰাকীক আঁতৰোৱাৰ ব্যৱস্থা আৰম্ভ কৰাৰ বাবে পৰ্য্যাপ্ত প্রমাণ আছে। পাঞ্জাৱ আৰু হাৰিয়াণা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শীল নাগু, হিমাচল প্রদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ জি এছ ছন্ধাৱালিয়া আৰু কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অনু শিৱৰামনক লৈ গঠিত কমিটিখনে ন্যায়াধীশগৰাকীয়ে তেওঁক জগৰীয়া কৰাৰ বাবে অভিসন্ধি ৰচনা কৰা হৈছে বুলি কৰা দাবী খাৰিজ কৰে। প্...

June 19, 2025 7:40 PM

views 14

নলবাৰীৰ মুকালমুৱাত ব্ৰহ্মপুত্ৰত সংঘটিত নাও দুৰ্ঘটনাত ২ জন ছাত্রসহ ৩ জন লোক সন্ধানহীন

নলবাৰী জিলাৰ মুকালমুৱাত ব্ৰহ্মপুত্ৰত আজি সংঘটিত নাও দুৰ্ঘটনাত দুজন ছাত্রসহ তিনিজন লোক সন্ধানহীন হৈ আছে। মুকালমুৱাৰ পেৰাধৰা ঘাটত আজি এই দুৰ্ঘটনাটো সংঘটিত হয়। নাওখনত কমেও ৩৫ গৰাকী যাত্ৰী আছিল বুলি আমাৰ সংবাদদাতাই জনাইছে। ঘটনাস্থলীত এছ ডি আৰ এফৰ কৰ্মীসকল উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই আছে।

June 19, 2025 7:11 PM

views 34

চৰাইদেউ জিলা আয়ুক্ত কার্যালয়ত এটা শিশু অনুকুল কক্ষ মুকলি

চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা শিশু সুৰক্ষা গোটৰ সহযোগত আজি জিলা আয়ুক্ত কার্যালয়ত এটা শিশু অনুকুল কক্ষ মুকলি কৰা হয়। এই কক্ষটোত শিশু ওমলা ঘৰ আৰু মাতৃ দুগ্ধপানৰ সুবিধাও থাকিব। জিলা আয়ুক্ত ডাঃ নেহা যাদৱে এই কক্ষৰ দ্বাৰ মুকলি কৰে। জিলা আয়ুক্ত কাৰ্যালয়লৈ অহা মাতৃ আৰু শিশুসকলৰ সুবিধা হোৱাকৈ এই ব্যৱস্থা কৰা হৈছে। এই কক্ষই মহিলাৰ প্ৰাপ্য মর্যাদা প্ৰদান কৰিব বুলি আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে।

June 19, 2025 6:55 PM

views 14

নিচামুক্তি ভাৰত অভিযানৰ সৈতে সংগতি ৰাখি বিশ্বনাথত ভিন্ন কাৰ্যসূচী ৰূপায়ণ

জিলা সমাজ কল্যাণ বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত নিচামুক্তি ভাৰত অভিযানৰ সৈতে সংগতি ৰাখি বিশ্বনাথত আজি কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীত জিলা আয়ুক্তগৰাকীয়ে সজাগতা ৰেলীৰ ফ্লেগ অফ কৰে। অভিযানৰ সৈতে সংগতি ৰাখি আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এখনি সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন কৰা হয়। অনাগত সময়ত জিলাখনৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয় আৰু সামাজিক স্থানত নিচামুক্ত ভাৰত গঢ়াৰ লক্ষ্যৰে সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি আয়ুক্তগৰাকীয়ে জানিবলৈ দিছে।

June 19, 2025 6:47 PM

views 27

শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰৰ ১৪৭ নম্বৰ তৈল খাদত গেছ নির্গমন ৰোধৰ বাবে গেছৰ চাপ হ্ৰাস কৰি ৰিগটোৰ গেছ অন্য কুপলৈ নিয়াৰ প্ৰচেষ্টা আৰম্ভ

শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰৰ ১৪৭ নম্বৰ তৈল খাদত গেছ নির্গমন ৰোধৰ বাবে গেছৰ চাপ হ্ৰাস কৰি ৰিগটোৰ গেছ অন্য কুপলৈ নিয়াৰ প্ৰচেষ্টা আৰম্ভ হৈছে। উল্লেখযোগ্য যে যোৱা ২২ জুনৰ পৰা ধাৰাবাহিকভাৱে এই অঞ্চলটোত গেছ নির্গমন হৈ আছে। ইয়াৰ মাজতে আজি পুৱা ২০৪ নম্বৰ খাৰুৱা তেল খাদত গেছৰ অত্যধিক চাপৰ বাবে এটা মৃদু বিস্ফোৰণ সংঘটিত হয়। স্থানীয় লোকে এই সন্দৰ্ভত কৰ্তৃপক্ষক খবৰ দিয়াৰ পাছত অ' এন জি চি কৰ্তৃপক্ষই পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। বিধায়ক অখিল গগৈয়ে গেছ নির্গমন ৰোধ কৰিব নোৱাৰাৰ বাবে অ' এন জি চি কৰ্তৃপক্ষক সমালোচন...

June 19, 2025 5:08 PM

views 27

তামিলনাডুৰ ত্ৰিপুৰত ২৬ জন অবৈধ বাংলাদেশীক গ্ৰেপ্তাৰ

তামিলনাডুৰ ত্ৰিপুৰত আজি ২৬ জন অবৈধ বাংলাদেশীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। প্ৰাপ্ত তথ্য মতে এই বাংলাদেশী নাগৰিককেইজনে প্রয়োজনীয় নথি পত্র অবিহনে অঞ্চলটোত বাস কৰি আহিছিল। পালাডম অঞ্চলত ৰাজ্যখনৰ আৰক্ষী বাহিনীয়ে চলোৱা অভিযানত এই কথা পোহৰলৈ আহে। অবৈধ বাংলাদেশী নাগৰিককেইজন ভুৱা আধাৰ কাৰ্ডৰ পৰিচয়েৰে শ্ৰমিক হিচাপে কাম কৰি আছিল। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাই আছে।

June 19, 2025 3:36 PM

views 13

কিউ এছ ৱৰ্লৰ্ড ইউনিভাৰচিটী তালিকাত ভাৰতৰ ৫৪ খন শৈক্ষিক প্রতিষ্ঠানৰ স্থান লাভ

কিউ এছ ৱৰ্লৰ্ড ইউনিভাৰচিটী তালিকাত ভাৰতৰ ৫৪ খন শৈক্ষিক প্রতিষ্ঠানে স্থান লাভ কৰিছে। ইয়াৰে ভিতৰত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান দিল্লীয়ে শীৰ্ষস্থান অধিকাৰ কৰিছে। ইয়াৰ পূৰ্বে বিশ্ব ৰেংকিঙত আই আই টি দিল্লীয়ে ১৫০ নম্বৰ স্থান দখল কৰিছিল। শেহতীয়াকৈ বিশ্বৰ উচ্চ শিক্ষাৰ প্রতিষ্ঠানসমূহৰ তালিকাত আই আই টি দিল্লীয়ে ১২৩ নম্বৰ স্থান লাভ কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে কয়, যে ২০১৪ চনত এই তালিকাত ভাৰতৰ মাত্ৰ ১১ খন বিশ্ববিদ্যালয়ে স্থান লাভ কৰিছিল। বৰ্তম...

June 19, 2025 3:31 PM

views 32

দেশৰ ৪ খন ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ বাবে আজি উপ-নির্বাচন অনুষ্ঠিত

দেশৰ ৪ খন ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ বাবে আজি উপ-নির্বাচন অনুষ্ঠিত হৈছে। গুজৰাটৰ বিশ্বভাডৰ আসনৰ বাবে দিনৰ ১১ বজালৈ ২৮ শতাংশ ভোটগ্রহণ সম্পন্ন হোৱাৰ লগতে কাদী বিধানসভা সমষ্টিত ২৪ শতাংশ ভোটগ্রহণ সম্পন্ন হৈছে। কেৰালাৰ নিলাম্বৰ বিধানসভা আসনৰ বাবে ইতিমধ্যে ৩০ শতাংশ ভোটগ্রহণ সম্পন্ন হৈছে। ইয়াৰ লগতে পঞ্জাবৰ লুধিয়ানা বিধানসভা আসনখনৰ বাবে ২১ শতাংশ ভোটগ্রহণ সম্পন্ন হৈছে। দিনৰ ১১ বজালৈ পশ্চিমবংগৰ কালিগঞ্জ বিধানসভা আসনখনৰ বাবে ৩১ শতাংশ ভোটগ্রহণ সম্পন্ন হৈছে। অহা সোমবাৰে পাঁচোটা বিধানসভা আসনৰ ভোটগণনা কৰা হ...

June 19, 2025 12:35 PM

views 16

আকাশবাণী গুৱাহাটীৰ ১ জুলাইত ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস বিস্তৃত কাৰ্যসূচীৰে পালনৰ আয়োজন কৰিছে

■ আকাশবাণী গুৱাহাটী কেন্দ্ৰই অহা ১ জুলাইত ইয়াৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস বিস্তৃত কাৰ্যসূচীৰে পালনৰ আয়োজন কৰিছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে বিভাগটোৰ উত্তৰণৰ বাবে কাম কৰি যোৱা কেইবাগৰাকীও প্রয়াত সহকৰ্মীৰ আলোকচিত্ৰ বাতৰি বিভাগৰ লবীত স্থাপনৰ ব্যৱস্থা কৰিছে। প্ৰয়াত সহকর্মী কেইগৰাকীৰ পৰিয়ালে আগবঢ়োৱা এই আলোকচিত্র কেইখন ১ জুলাইৰ দিনৰ ২.৩০ বজাত আনুষ্ঠানিকভাৱে স্থাপন কৰা হ'ব । প্ৰতিষ্ঠা দিৱস উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই সেইদিনা দিনৰ ১০ বজাত গুৱাহাটীৰ উজানবজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগ...