January 17, 2026 12:51 PM

views 44

অসম চৰকাৰৰ ২০২৬ বৰ্ষৰ শিল্পী বঁটাৰ বাবে বিশিষ্ট সংগীত শিল্পী ধনদা পাঠক আৰু মৰণোত্তৰভাৱে সমৰ হাজৰিকাক মনোনীত

অসম চৰকাৰৰ ২০২৬ বৰ্ষৰ শিল্পী বঁটাৰ বাবে বিশিষ্ট সংগীত শিল্পী ধনদা পাঠক আৰু মৰণোত্তৰভাৱে সমৰ হাজৰিকাক মনোনীত কৰা হৈছে। অহা ফেব্ৰুৱাৰীত হ'বলগীয়া এটা অনুষ্ঠানত শিল্পী বঁটা প্ৰদান কৰা হ'ব। একেদৰে বিশিষ্ট সাহিত্যিক মনেশ্বৰ দেউৰীক ২০২৫ বৰ্ষৰ কৃষ্ণকান্ত সন্দিকৈ স্মাৰক বঁটা, শিক্ষাবিদ ড° অমলেন্দু চক্ৰৱৰ্তীক গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি বঁটা, নাট্যশিল্পী কৰুণা ডেকাক নটসূৰ্য ফণী শৰ্মা বঁটা, চলচ্চিত্র নির্মাতা অৰূপ মান্নাক ভৱেন্দ্ৰ নাথ শ‍ইকীয়া বঁটা আৰু অৱণীৰঞ্জন পাঠকক বিজু ফুকন বঁটাৰে সন্মানিত কৰা হ'ব।...

January 17, 2026 12:46 PM

views 35

অহা ৬ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ শুভাৰম্ভ কৰা হ’ব

অহা ৬ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ শুভাৰম্ভ কৰা হ'ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই কালি ফে'চবুক লাইভযোগে এই কথা প্ৰকাশ কৰি কয়, যে এই আঁচনিৰ জৰিয়তে ৭৫ হাজাৰ যুৱকে দুই লাখ টকাকৈ লাভ কৰিব। তেওঁ লগতে কয়, যে স্নাতক পৰীক্ষাত উত্তীর্ণসকলক আর্থিকভাৱে সহায়ৰ অৰ্থে ১১ ফেব্ৰুৱাৰীত জীৱন প্ৰেৰণা আঁচনি মুকলি কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে অহা ১০ ফেব্ৰুৱাৰীৰ ভিতৰত সকলোধৰণৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব বুলি জানিবলৈ দিয়ে। গুৱাহাটী আৰু যোৰহাটত নির্মীয়মান কেইবাখনো উৰণ সেতুও ফেব্ৰুৱাৰীতে ...

January 17, 2026 12:44 PM

views 16

অসমৰ ৪ খন জিলাত অগ্নিবীৰ নিযুক্তিৰ বাবে ইতিমধ্যে সূচীভুক্ত প্ৰাৰ্থীসকলৰ নিযুক্তি ৰেলীৰ ব্যৱস্থা

সেনা বাহিনীয়ে অসমৰ ৪ খন জিলা শোণিতপুৰ, বিশ্বনাথ, নগাওঁ আৰু মৰিগাওঁত অগ্নিপথ আঁচনিৰ অধীনত অগ্নিবীৰ হিচাপে নিযুক্তি দিয়াৰ বাবে ইতিমধ্যে সূচীভুক্ত কৰা প্ৰাৰ্থীসকলৰ বাবে নিযুক্তি ৰেলী ব্যৱস্থা কৰিছে। অহা ২২ ফেব্ৰুৱাৰীত মৰিগাঁও জিলাৰ প্ৰাৰ্থীসকলৰ বাবে এই ৰেলী অনুষ্ঠিত হ'ব। শোণিতপুৰ জিলাৰ মিছামাৰী সেনা শিবিৰৰ যশৱন্ত সেনা শিবিৰত এই ৰেলীৰ আয়োজন কৰা হৈছে। যোগ্যতা সম্পন্ন প্রার্থীয়ে ভাৰতীয় সেনা বাহিনীৰ ৱেবছাইট www.joininindianarmy.nic.in ৰ পৰা নিজৰ প্রবেশ পত্র ডাউনলোড কৰিব পাৰিব।

January 17, 2026 12:41 PM

views 16

বতৰৰ বতৰা-

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চল পুৱাৰ ভাগত ঘন কুঁৱলীয়ে আৱৰি ৰাখিব। পাছলৈ বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৭ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন ১৩ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে।

January 17, 2026 12:39 PM

views 12

যোৰহাটৰ তৰাজান নিবাসী সৰবৰহী মহিলা মৃণালিনী গোস্বামীৰ দেহাৱসান

যোৰহাটৰ তৰাজান নিবাসী সৰবৰহী মহিলা মৃণালিনী গোস্বামীৰ যোৱা নিশা বাৰ্দ্ধক্যজনিক ৰোগত নিজা বাসভৱনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৬ বছৰ। আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত অনুষ্ঠান কার্যবাহী সঞ্জয় গোস্বামী মাতৃ মৃণালিনী গোস্বামীৰ তৰাজান পূজা মন্দিৰ আৰু তৰাজান হস্তশিল্প অনুষ্ঠানৰ সৈতে জড়িত আছিল।

January 17, 2026 12:36 PM

views 20

মাজুলীত সোমবাৰে জাপানীজ এনকেফেলাইটিছৰ ছিটা প্ৰদান অভিযান আৰম্ভ

মাজুলীত পৰহিলৈ জাপানীজ এনকেফেলাইটিছৰ ছিটা প্ৰদান অভিযান আৰম্ভ হ'ব। ১৫ বছৰৰ পৰা ৬৫ বছৰ বয়সৰ সকলো প্ৰাপ্তবয়স্ক লোকক সামৰি ল'বলগীয়া এই কাৰ্য্যসূচী ২১ দিন ধৰি চলিব। এই প্রতিষেধক প্রদান কাৰ্য্যসূচী সম্পূর্ণ বিনামূলীয়া, নিৰাপদ আৰু ফলপ্ৰসূ হোৱাৰ লগতে ই দীৰ্ঘকালীন সুৰক্ষা প্ৰদান কৰিব। জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে মাজুলী জিলাক জাপানী এনকেফেলাইটিছৰ পৰা মুক্ত কৰাৰ লক্ষ্যত উপনীত কৰাৰ বাবে সকলো নাগৰিককে এই প্রতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। শ্রীভূমি জিলাতো ১৫ৰ পৰা ৬৫ বছৰ বয়সৰ লোকসকলক সামৰ...

January 17, 2026 12:34 PM

views 20

যোৰহাট সাহিত্য মঞ্চই যোৰহাট সাহিত্য উৎসৱৰ সৈতে সংগতি ৰাখি প্ৰতিবছৰে প্ৰদান কৰা সাহিত্য বঁটাসমূহ ঘোষণা

যোৰহাট সাহিত্য মঞ্চই যোৰহাট সাহিত্য উৎসৱৰ সৈতে সংগতি ৰাখি প্ৰতিবছৰে প্ৰদান কৰা সাহিত্য বঁটাসমূহ ঘোষণা কৰিছে। বিশিষ্ট বিজ্ঞান লেখক, গল্পকাৰ, শিশু সাহিত্যিক,ঔপন্যাসিক অনন্ত কুমাৰ শৰ্মালৈ এইবছৰৰ জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱা হৈছে। হস্ততাঁত বস্ত্রশিল্প আৰু ৰেচম বিভাগৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত বিশিষ্ট লেখক, শিক্ষাবিদ লক্ষ্মীনাথ তামুলীলৈ যোৰহাট প্ৰজ্ঞাৰত্ন বঁটা আগবঢ়োৱা হৈছে। এই বঁটাত থাকিব এটি স্মাৰক, সম্বর্ধনা পত্র, গামোচা আৰু গ্ৰন্থৰ টোপোলা। আনহাতে, বিশিষ্ট লেখক, বিজ্ঞানী ড০ সোমেন্দ্র নাথ বুঢ়াগোহাইক অসম...

January 17, 2026 12:32 PM

views 15

১৬ ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ অধিবেশন

অসম বিধানসভা সচিবালয়ে অহা ১৬ ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ অধিবেশন অনুষ্ঠিত কৰাৰ অনুমতি বিচাৰি ৰাজ্যপাললৈ পত্ৰ প্ৰেৰণ কৰিছে। সেই অনুসৰি ৰাজ্যপালে অনুমতি দিলে চৰকাৰে এই সন্দৰ্ভত অধিসূচনা জাৰি কৰিব বুলি বিধানসভা সচিবালয়ৰ এটা সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে সমাগত অসম বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ বিধানসভাৰ অধিবেশনত পূৰ্ণাংগ বাজেটৰ পৰিৱৰ্তে লেখানুদান দাখিল কৰা যাব।

January 16, 2026 12:55 PM

views 17

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত ঘোষিকা ফৌজিয়া ৰহমানৰ দেহাৱসান

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত ঘোষিকা ফৌজিয়া ৰহমানৰ আজি নিচেই পুৱা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৩ বছৰ। উত্তৰ-পূৰ্বাঞ্চলৰ আকাশবাণী কেন্দ্ৰসমূহৰ প্ৰথমগৰাকী ইংৰাজী ভাষাৰ ঘোষিকা হিচাপে নিযুক্তি লাভ কৰা ফৌজিয়া ৰহমান বিশেষকৈ উজনি অসমৰ শ্ৰোতাসকলৰ মাজত ইফি বাইদেউ হিচাপে পৰিচিত আছিল। অবিভক্ত অসমৰ ৰাজধানী শ্বিলঙত স্কুলীয়া আৰু কলেজীয়া শিক্ষা সাং কৰি তেওঁ যোৱা শতিকাৰ সপ্তম দশকৰ আগভাগত আকাশবাণী ডিব্ৰুগড় কেন্দ্রত ঘোষিকা হিচাপে যোগদান কৰে। ইয়াৰ পাছত প্রায় ...

January 15, 2026 12:08 AM

views 37

প্ৰতিথযথা সাংবাদিক, বিশিষ্ট লেখক, প্রান্তিক আলোচনীৰ সম্পাদক প্রদীপ বৰুৱাৰ দেহাৱসান

অসমৰ প্ৰতিথযথা সাংবাদিক, বিশিষ্ট লেখক, প্রান্তিক আলোচনীৰ সম্পাদক প্রদীপ বৰুৱাৰ আজি গুৱাহাটীৰ ডাউন টাউন হাস্পতালত বার্ধক্যজনিত কাৰণত মৃত্যু হয়। তেওঁৰ বয়স হৈছিল ৮৭ বছৰ। ১৯৩৮ চনত ডিব্ৰুগড়ত জন্মলাভ কৰা প্ৰদীপ বৰুৱাই গুৱাহাটীৰ ডনবস্কো বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰে আৰু কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ কণিষ্ঠ পুত্ৰ বৰুৱাই পিতৃৰ সৈতে ত্ৰিবিউন গোষ্ঠী আৰু সাহিত্য প্ৰকাশনৰ সৈতে জড়িত হৈছিল। ১৯৮১ চনৰ পহিলা ডিচেম্বৰৰ পৰা প্ৰখ্যাত সাহিত্যিক ভৱেন্দ্ৰ নাথ শ‍ইকীয়া...