June 23, 2025 7:18 PM

views 32

শিৱসাগৰৰ ভটিয়াপাৰত থকা অ’ এন জি চিৰ ১৪৭ নম্বৰ ৰীগৰ গেছ নিগমনৰ চাপ ৫০ শতাংশলৈ হ্ৰাস

শিৱসাগৰৰ ভটিয়াপাৰত থকা অ’ এন জি চিৰ ১৪৭ নম্বৰ ৰীগৰ গেছ নিগমনৰ চাপ ৫০ শতাংশলৈ হ্ৰাস হৈছে। আজি বিয়লি ঘটনাস্থলী পৰিদৰ্শন কৰা মন্ত্ৰী যোগেন মহনে এই বিষয়ে আমাৰ সংবাদদাতাক অৱগত কৰে। আজি মন্ত্ৰীগৰাকীৰ লগতে বিজেপিৰ এটা সজাতি দলে অঞ্চলটো পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে। ইয়াৰ পূৰ্বে বিগত ১২ দিনে অ’ এন জি চিয়ে সকলো সুৰক্ষা প্ৰট’কল অনুসৰণ কৰি গেছ নিগমন ৰোধ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি অ’ এন জি চিৰ অসম সম্পদৰ সাধাৰণ প্ৰবন্ধক কে এন ছাংৱানে সংবাদ মাধ্যমক সদৰি কৰিছিল। আন্তঃৰাষ্ট্ৰীয় ...

June 23, 2025 7:12 PM

views 17

৩০ জুনৰ ভিতৰত খাদ্য আৰু অসামৰিক বিভাগে হিতাধিকাৰীক E-KYC পৰীক্ষণ সম্পূৰ্ণ কৰিবলৈ আহ্বান

খাদ্য আৰু অসামৰিক বিভাগে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ সকলো হিতাধিকাৰীৰ অহা ৩০ জুনৰ ভিতৰত E-KYC পৰীক্ষণ সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাইছে। ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ নির্দেশ মর্মে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জিলাখনৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ সকলো হিতাধিকাৰীৰ E-KYC পৰীক্ষণৰ বাবে বিশেষকৈ চাহ বাগিচা অঞ্চলৰ সুলভ মূল্যৰ দোকানসমূহত বিশেষ কার্যসূচী গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে কালি জিলাখনৰ কেইবাখনো চাহ বাগিছা অঞ্চলৰ সুলভ মূল্যৰ দোকানত E-KYC পৰীক্ষণৰ বিশেষ শিবি...

June 23, 2025 7:05 PM

views 13

কোকৰাঝাৰ নয়েক গাঁৱৰ কাক্রিকোলা খেলপথাৰত হিতাধিকাৰীসকলৰ মাজত অসম চৰকাৰৰ আর্থ-সামাজিক সজাগতা কাৰ্যসূচী

কোকৰাঝাৰ জিলাৰ নয়েক গাঁৱৰ কাক্রিকোলা খেলপথাৰত আজি চৰকাৰে হিতাধিকাৰীসকলৰ মাজত আর্থ-সামাজিক সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰে। এই অনুষ্ঠানৰ মূল উদ্দেশ্য হৈছে চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনিৰ সৈতে জনসাধাৰণক পোনপটীয়াকৈ জড়িত কৰোৱাৰ লগতে চৰকাৰৰ মূল পদক্ষেপসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰা। ইয়াৰ উপৰি তৃণমূল পৰ্যায়ত আঁচনিসমূহৰ ৰূপায়ণ আৰু ইয়াৰ প্ৰভাৱ সম্পৰ্কে পর্যালোচনা কৰা। অনুষ্ঠানত বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো, ৰাজ্যসভাৰ সাংসদ ৰণগৌড়া নাৰ্জাৰী, কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, পাৰিষদ মা...

June 23, 2025 6:58 PM

views 12

অনুসূচিত জাতিৰ যুৱক-যুৱতীসকলৰ বাবে উত্তৰ-পূব দক্ষতা কেন্দ্ৰৰ বিনামূলীয়া বৃত্তিমূলক প্ৰশিক্ষণৰ পাঠ্যক্ৰমৰ ব্যৱস্থা

অসম দক্ষতা বিকাশ অভিযানৰ অন্তৰ্গত উত্তৰ-পূব দক্ষতা কেন্দ্ৰই অনুসূচিত জাতিৰ যুৱক-যুৱতীসকলৰ বাবে এটা বিনামূলীয়া বৃত্তিমূলক প্ৰশিক্ষণৰ পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিছে। অসম দক্ষতা বিশ্ববিদ্যালয়ৰ অধীনৰ এবছৰীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীৰ বাবে আবেদনৰ অন্তিম তাৰিখ ৩১ জুলাই ধাৰ্য কৰা হৈছে। নামভৰ্তিৰ ক্ষেত্ৰত প্ৰথমে অহা সকলক প্ৰথমে নামভৰ্তিৰ সুবিধা দিয়া হ'ব। প্ৰাৰ্থীসকলে যিকোনো শাখাত দ্বাদশ শ্রেণী উত্তীৰ্ণ হ'ব লাগিব আৰু তেওঁলোকৰ বয়স ১৮ৰ পৰা ২৫ বছৰ হ'ব লাগিব। বৃত্তিমূলক প্রশিক্ষণ কাৰ্যসূচীটোত সৌন্দৰ্য আৰু স্বা...

June 23, 2025 6:54 PM

views 17

ধেমাজিৰ গোগামুখত শিক্ষা আৰু ক্ৰীড়া ক্ষেত্ৰত সফলতা অৰ্জন কৰা ৬৯ গৰাকী প্ৰতিভাশালী যুৱক-যুৱতীক শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সম্বৰ্ধনা

শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজিৰ গোগামুখত শিক্ষা আৰু ক্ৰীড়া ক্ষেত্ৰত সফলতা অৰ্জন কৰা ৬৯ গৰাকী প্ৰতিভাশালী যুৱক-যুৱতীক সম্বৰ্ধনা জনায়। মিছিং ছাত্র সংগঠন টাকাম মিছিং পৰিণ কেবাঙৰ উদ্যোগত অনুষ্ঠিত সম্বর্ধনা অনুষ্ঠানটোত উপস্থিত থাকি মন্ত্রী ডাঃ পেগুৱে চলিত বৰ্ষৰ নীট, জে ই ইৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰা শিক্ষাৰ্থীসকলৰ লগতে ফুটবল, উছু, কিক বক্সিঙৰ দৰে খেলসমূহত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কৃতিত্ব অর্জন কৰা খেলুৱৈসকলকো সম্ব...

June 23, 2025 6:02 PM

views 14

আন্তর্জাতিক অলিম্পিক দিৱস উপলক্ষে তেজপুৰৰ প’ল’ ফিল্ডত আজি বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন

আন্তর্জাতিক অলিম্পিক দিৱস উপলক্ষে তেজপুৰৰ প’ল' ফিল্ডত আজি বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হয়। কেন্দ্ৰীয় জলপথ আৰু জাহাজ পৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অলিম্পিক শিখা প্রজ্বলন কৰে। এই কাৰ্যসূচীত ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লোৰ্ছা, দৌৰবিদ হিমা দাস, লোকসভাৰ সাংসদ ৰঞ্জিত দত্ত, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ তথা সভাপতি লৰেঞ্চ ইছলাৰী, স্থানীয় বিধায়ক পৃথ্বিৰাজ ৰাভা উপস্থিত থাকে। কার্যসূচীত জিলাখনৰ ভালেসংখ্যক ক্রীড়াপ্রেমী, খেলুৱৈ, শিক্ষার্থী তথা স্থানীয় লোকো ...

June 23, 2025 5:47 PM

views 28

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ প্ৰতিষ্ঠাৰ ৭৪ সংখ্যক দিৱস পালন

অসমৰ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে আজি ইয়াৰ প্ৰতিষ্ঠাৰ ৭৪ সংখ্যক দিৱস পালন কৰিছে। কাৰ্বি পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি ডিফু চহৰৰ ছাৰছিং টেন লাংকুং হাবে টাউন হলত পুৱা প্ৰতিষ্ঠা দিৱসৰ মূল কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ ৰাজু তিছ’ৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কাৰ্বি জনগোষ্ঠীক আগুৱাই নিয়া আৰু কাৰ্বি পৰিষদৰ প্ৰতিষ্ঠাত অৱদান আগবঢ়োৱা প্ৰয়াত ব্যক্তিসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে ...

June 23, 2025 5:45 PM

views 23

আম্মানৰ পৰা নতুন দিল্লীলৈ চলাচল কৰা বিমানত ইজৰাইলৰ পৰা গৃহমুখী শ্ৰীলংকাৰ নাগৰিকৰ বাবেও আসনৰ ব্যৱস্থা

আঞ্চলিক সহযোগিতাৰ নিদৰ্শনস্বৰূপে ভাৰতে আম্মানৰ পৰা নতুন দিল্লীলৈ চলাচল কৰা বিমানত ইজৰাইলৰ পৰা ঘৰলৈ উভতি আহিব বিচৰা শ্ৰীলংকাৰ নাগৰিকৰ বাবেও আসনৰ ব্যৱস্থা কৰিছে। ইজৰাইলত অৱস্থিত শ্ৰীলংকাৰ দূতাবাসে এই কথা সদৰি কৰিছে। তেল আভিভৰ পৰা আম্মানলৈ যাত্ৰীসকল অহাৰ বাবে বিনামূলীয়া পৰিবহণৰ ব্যৱস্থাৰ লগতে দিল্লীলৈ বিমানৰ ব্যৱস্থা কৰা হৈছে। নতুন দিল্লীৰ পৰা কলম্বোলৈ যোৱা বিমানৰ ব্যৱস্থা নিজে কৰিব লাগিব। ইয়াৰ বাবে ইজৰাইলত থকা শ্ৰীলংকাৰ দূতাবাসত আজি আৰু কাইলৈ পঞ্জীয়ন মুকলি ৰখা হৈছে। ইজৰাইলত থকা শ্ৰীলংকাৰ ৰাষ্ট্...

June 23, 2025 3:27 PM

views 18

আজি ড° শ্যামাপ্রসাদ মুখাৰ্জীৰ পুণ্য তিথিত দেশবাসীৰ শ্রদ্ধা

● সমগ্র দেশে আজি ড° শ্যামাপ্রসাদ মুখাৰ্জীৰ পুণ্য তিথিত শ্রদ্ধা জ্ঞাপন কৰিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয়, যে ড° শ্যামাপ্রসাদ মুখাৰ্জীৰ অতুলনীয় সাহস আৰু দেশৰ অখণ্ডতা ৰক্ষাৰ বাবে কৰা প্ৰয়াসক সদায় মনত ৰখা হ'ব। প্ৰধানমন্ত্ৰীয়ে লগতে কয়, যে ৰাষ্ট্ৰ নিৰ্মাণত তেওঁ আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানক সদায়ে শ্ৰদ্ধাৰে সোঁৱৰা হ'ব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই নতুন দিল্লীত থকা দলৰ মুখ্য কাৰ্যালয়ত ড° শ্যামাপ্রসাদ মুখাৰ্জীৰ প্ৰতিচ্ছবি...

June 19, 2025 8:36 PM

views 13

চৰকাৰে জনজাতীয় সম্প্রদায়সমূহৰ বাবে গুৰুতৰ স্বাস্থ্য সমস্যাৰূপে বিবেচিত চিল চেল ৰক্তাল্পতা দূৰ কৰাৰ বাবে কাম কৰি আছেঃ জুৱেল অ’ৰাম

চৰকাৰে জনজাতীয় সম্প্রদায়সমূহৰ বাবে গুৰুতৰ স্বাস্থ্য সমস্যাৰূপে বিবেচিত চিল চেল ৰক্তাল্পতা দূৰ কৰাৰ বাবে কাম কৰি আছে বুলি কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল অ'ৰামে প্ৰকাশ কৰিছে। আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে কয়, যে জনজাতীয় সম্প্রদায়সমূহৰ মাজত চিকেল চেল ৰক্তাল্পতাৰ বিষয়ে সজাগতা সৃষ্টি কৰা হৈছে। বিকশিত ভাৰতৰ অমৃত কালঃ সেৱা, সুশাসন, গৰীৱ কল্যাণৰ ১১ বছৰ শীৰ্ষক বিশেষ শৃংখলাৰ অংশ হিচপে আজি নিশা ৯.৩০ বজাত আকাশবাণীৰ এফ এম গোল্ড চেনেল আৰু আকাশবা...