July 23, 2025 9:26 PM

views 43

ভাৰতৰ এটা শক্তিশালী তথ্য প্রযুক্তি ব্যৱস্থা আছে, যাৰ বাৰ্ষিক ৰাজহ হৈছে ২৫ হাজাৰ কোটি ডলাৰঃ অশ্বিনী বৈষ্ণৱ

কেন্দ্ৰীয় বৈদ্যুতিন আৰু তথ্য প্রযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে ভাৰতৰ এটা শক্তিশালী তথ্য প্রযুক্তি ব্যৱস্থা আছে, যাৰ বাৰ্ষিক ৰাজহ হৈছে ২৫ হাজাৰ কোটি ডলাৰ। এই তথ্য প্রযুক্তি খণ্ডই ৬০ লাখৰো অধিক লোকক সংস্থাপন প্ৰদান কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। লোকসভাত আজি এটা প্ৰশ্নৰ লিখিত উত্তৰত শ্ৰী বৈষ্ণৱে কয়, যে ষ্টেনফোর্ড এ আই ৰেংকিঙত ভাৰত কৃত্রিম বুদ্ধিমত্তা দক্ষতা, সামৰ্থ্য আৰু কৃত্রিম বুদ্ধিমত্তা ব্যৱহাৰৰ নীতিৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশসমূহৰ সৈতে স্থান লাভ কৰিছে । তেওঁ কয়,...

July 23, 2025 9:23 PM

views 33

লোকসভাত ৰাষ্ট্ৰীয় ক্রীড়া পৰিচালন বিধেয়ক, ২০২৫ উত্থাপন কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মন্দাভিয়াৰ

কেন্দ্ৰীয় ক্রীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী মনসুখ মন্দাভিয়াই আজি লোকসভাত ৰাষ্ট্ৰীয় ক্রীড়া পৰিচালন বিধেয়ক, ২০২৫ উত্থাপন কৰে। এই বিধেয়কখনৰ জৰিয়তে দেশত ক্ৰীড়াৰ বিকাশ আৰু বিস্তাৰ ঘটোৱা ক্রীড়াবিদসকলৰ কল্যাণৰ বাবে আঁচনি গ্ৰহণ আৰু সু-শাসনৰ নীতিৰ অধীনত ক্রীড়া নীতিৰ নীতিগত সংশোধন ঘটাবলৈ বিচৰা হৈছে। বিধেয়কখন উত্থাপন কৰি ক্ৰীড়ামন্ত্রী মন্দাভিয়াই কয়, যে এই বিধেয়কখনত অলিম্পিক আৰু আন ক্রীড়া সমাৰোহত নিহিত থকা নীতিগত প্ৰমূল্য আৰু খেলুৱৈসুলভ মনোভাৱ অন্তৰ্ভুক্ত কৰাৰ লগতে পেৰা অলিম্পিক আৰু আন্তৰ্জাত...

July 23, 2025 9:15 PM

views 17

হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি একেৰাহে তৃতীয় দিনাও সংসদৰ দুয়োখন সদনৰ কাম-কাজ ব্যাহত

বিৰোধী পক্ষৰ সাংসদসকলে বিভিন্ন বিষয়ক লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি একেৰাহে তৃতীয় দিনাও সংসদৰ দুয়োখন সদনৰ কাম-কাজ ব্যাহত হয়। বিৰোধী পক্ষৰ সাংসদসকলে বিহাৰত ভোটাৰ তালিকাত বিশেষ সংশোধন আৰু বিভিন্ন বিষয় লৈ আলোচনাৰ বাবে দাবী জনায়। লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰখাৰ পূৰ্বে দুবাৰকৈ স্থগিত ৰাখিবলগীয়া হয়। দিনৰ ২ বজাত নিম্ন সদন দ্বিতীয়বাৰৰ বাবে পুনৰ মিলিত হোৱাৰ সময়ত কংগ্ৰেছ, ডি এম কে আৰু সমাজবাদী পাৰ্টীকে ধৰি বিৰোধী পক্ষৰ সাংসদসকলে সদনৰ মজিয়ালৈ উঠি আহি শ্...

July 23, 2025 9:03 PM

views 30

কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ৰ নিচামুক্ত ভাৰত অভিযানৰ অধীনত শ্রীভূমি জিলাত সজাগতা সমদল

কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ৰ নিচামুক্ত ভাৰত অভিযানৰ অধীনত শ্রীভূমি জিলাত আজি সজাগতা সমদল উলিওৱা হয়। শ্রীভূমিৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত আয়োজন কৰা এই সমদলত বহুলোকে অংশগ্ৰহণ কৰে। নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে এখন প্ৰচাৰ বাহনো আজি মুকলি কৰা হয়। শ্রীভূমিৰ জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিৱেদীয়ে প্ৰচাৰ বাহনখন মুকলি কৰে।

July 23, 2025 8:58 PM

views 16

গোলাঘাটৰ সৰুপথাৰৰ উৰিয়ামঘাটৰ পিঠাঘাটত বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ

গোলাঘাট জিলাৰ সৰুপথাৰৰ উৰিয়ামঘাটৰ পিঠাঘাটত আজি আৰক্ষীয়ে চলোৱা অভিযানত বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ কৰা হয়। আৰক্ষীয়ে এজন লোকৰ বাসগৃহৰ পৰা হেৰ’ইন জব্দ কৰাৰ লগতে লোকজনক গ্ৰেপ্তাৰ কৰে।

July 23, 2025 8:35 PM

views 28

ৰাজ্যৰ কেইবাখনো জিলাত আজি ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস উদযাপন

ৰাজ্যৰ কেইবাখনো জিলাত আজি ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস উদযাপন কৰা হয়। আকাশবাণী নগাওঁ কেন্দ্রই জাজৰিৰ ঘনস্মৃতি প্রাথমিক বিদ্যালয়ত এই অনুষ্ঠানটো উদযাপন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰধান শিক্ষক প্ৰবীন চন্দ্ৰ বৰদলৈ আৰু আকাশবাণী নগাওঁ কেন্দ্ৰৰ মুৰব্বী নিশাৰাণী বৰুৱাৰ লগতে কেন্দ্ৰটোৰ কেইবাগৰাকীও বিষয়া-কৰ্মী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। এই অনুষ্ঠানৰ অংশ হিচাপে দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত ভিন্নসুৰী অনুষ্ঠানত দক্ষিণ জাজৰি অঞ্চলৰ মহিলা আৰু শিশুসকলে বিয়া নাম, দিহা নাম, কবিতা আবৃত্তি...

July 23, 2025 8:19 PM

views 20

বৰপেটা জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাই বহুকেইখন সুলভ মূল্যৰ দোকানত উপস্থিত হৈ নথি-পত্ৰ পৰীক্ষা কৰে

বৰপেটা জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাই আজি জিলাখনৰ কেইবাখনো সুলভ মূল্যৰ দোকানত উপস্থিত হৈ নথি-পত্ৰ পৰীক্ষা কৰে। জিলা আয়ুক্তগৰাকীয়ে এজেণ্ট আৰু গ্ৰাহকৰ লগতো মত-বিনিময় কৰে জিলাখনৰ সুলভ মূল্যৰ দোকানৰ একাংশ এজেন্টে বিভিন্ন ধৰণে অনিয়ম সংঘটিত কৰাৰ অভিযোগ উঠাৰ পাছতে জিলা আয়ুক্তগৰাকীয়ে আজি নিজেই দোকানসমূহলৈ গৈ সকলো দিশ পৰ্যবেক্ষণ কৰে। জিলা আয়ুক্তগৰাকীয়ে এজেণ্টসকলক নিয়ম উলংঘা নকৰিবলৈ সতৰ্ক কৰি দিয়ে।

July 23, 2025 7:19 PM

views 35

আকাশবাণীৰ ৯০ বছৰ সম্পূৰ্ণ উপলক্ষে আকাশবাণীৰ সঞ্চালকপ্ৰধান ড° পালিৱাল গৌড়ৰ শ্বিলঙত আয়োজিত সংগীতানুষ্ঠানত অংশগ্ৰহণ

অসম আৰু মেঘালয়ত পাঁচদিনীয়া ভ্রমণসূচীৰে আকাশবাণীৰ সঞ্চালকপ্ৰধান ড° পালিৱাল গৌড়ে শ্বিলঙত আকাশবাণীৰ ৯০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত এটা সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰে। কাইলৈ তেওঁ শ্বিলঙত মেঘালয়ৰ আকাশবাণী কেন্দ্ৰসমূহত কাম-কাজৰ পৰ্যালোচনা কৰিব। ২৫ জুলাইৰ বিয়লি ড° পালিৱাল গৌড় গুৱাহাটীলৈ আহিব আৰু ২৬ জুলাইত তেওঁ গুৱাহাটীত অসমৰ আকাশবাণী কেন্দ্ৰসমূহৰ কাম-কাজৰ পৰ্যালোচনা কৰিব। ২৭ জুলাইত তেওঁ নতুন দিল্লীলৈ উভতি যাব।

July 23, 2025 6:59 PM

views 27

কাছাৰ জিলাৰ গুমৰাৰ সমীপৰ এখন নৈত সৌভিক সৰকাৰ নামৰ যুৱকৰ মৃতদেহ উদ্ধাৰ

কাছাৰ জিলাৰ গুমৰাৰ সমীপৰ এখন নৈত আজি সৌভিক সৰকাৰ নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে সৰকাৰৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰে।

July 23, 2025 6:46 PM

views 29

মাজুলীৰ সোণাৰিআটী নামঘৰত কৃতি ছাত্ৰ-ছাত্ৰীক বিশেষভাৱে অভিনন্দন আৰু সম্বৰ্ধনা জ্ঞাপন

মাজুলী জিলা যোগী সন্মিলনী, মহিলা সন্মিলনী আৰু নাথ-যোগী যুৱ পৰিষদে আজি সোণাৰিআটী নামঘৰত কৃতি ছাত্ৰ-ছাত্ৰীক বিশেষভাৱে অভিনন্দন আৰু সম্বৰ্ধনা জ্ঞাপন কৰে। ২০২৫ বৰ্ষত হাইস্কুল শিক্ষান্ত উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন আৰু সম্বৰ্ধনা জনোৱা হয়। অভিনন্দন অনুষ্ঠানত গড়মূৰ পীতাম্বৰ দেৱ গোস্বামী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা অৱসৰী অধ্যক্ষ ঘনকান্ত নাথৰ লগতে আন কেইবাজনো বিশিষ্ট ব্যক্তি আৰু মাজুলীৰ বিধায়ক ভূৱন গাম উপস্থিত থাকে।