August 7, 2025 7:58 PM

views 25

দেশজুৰি কাইলৈৰ পৰা হৰ ঘৰ তিৰংগা কাৰ্যসূচী ৰূপায়ণ

দেশপ্ৰেমৰ চেতনাৰে জনসাধাৰণক উদ্বুদ্ধ কৰাৰ বাবে দেশজুৰি কাইলৈৰ পৰা হৰ ঘৰ তিৰংগা কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেশাত্মবোধৰ মানসিকতাৰে ৰাইজক প্ৰেৰিত কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচী অনুষ্ঠিত হ'ব। মন্ত্রী পীযূষ হাজৰিকাই আজি বিজেপিৰ যোৰহাট জিলা সমিতিৰ তিৰংগা বিপণীখন উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত তেওঁ জিলাখনৰ দলীয় কৰ্মীসকলৰ সৈতে হৰ ঘৰ তিৰংগা সন্দৰ্ভত মত-বিনিময় কৰে। গোৱালপাৰাত জিলা পৰিবহণ বিভাগৰ উদ্যোগত আজি ৰাষ্ট্ৰীয় পতাকা লৈ বাইক ৰেলী উলিওৱা হয়। জিলা পৰিবহণ বিষয়া মনিৰুদ্দিন আহমেদ...

August 7, 2025 7:32 PM

views 26

দুৰ্ঘটনা ৰোধ কৰাৰ লক্ষ্যৰে বিশ্বনাথ জিলা পৰিবহণ বিভাগৰ যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ

দুৰ্ঘটনা ৰোধ কৰাৰ লক্ষ্যৰে বিশ্বনাথ জিলা পৰিবহণ বিভাগে যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈছে। পৰিবহণ বিভাগে হেলমেট পৰিধান নকৰা মটৰচাইকেল আৰোহী অথবা ৪ চকীয়া বাহনত ছিল্টবেল্ট ব্যৱহাৰ নকৰা চালকক জৰিমনা বিহিছে। চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা জুলাই মাহলৈ জিলা পৰিবহণ বিভাগে আইন উলংঘাকাৰীৰ বিৰুদ্ধে ই-চালান কাটি প্রায় ৭ কোটি ৯৫ লাখ টকাৰ ৰাজহ সংগ্ৰহ কৰিছে। সকলো চালককে যান-বাহন আইন মানি চলিবলৈ জিলা পৰিবহণ বিষয়া শৈলেন দাসে আহ্বান জনাইছে।

August 7, 2025 7:27 PM

views 30

দেশৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন

দেশৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই খণ্ডৰ সৈতে জড়িত লোকসকলক শুভেচ্ছা জ্ঞাপন কৰে। হস্ততাঁত খণ্ডৰ জৰিয়তে নাগৰিকৰ সৃষ্টিশীলতা প্রকাশ পাই বুলি তেওঁ কয়। নতুন দিল্লীত আয়োজিত কাৰ্যসূচীত কেন্দ্রীয় বস্ত্র মন্ত্রী গিৰিৰাজ সিঙে হস্ততাঁত খণ্ডত উল্লেখযোগ্য অৱদান আগবঢ়োৱা শিপিনীসকলক সন্ত কবিৰ হস্ততাঁত বঁটা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা প্ৰদান কৰে। দেশৰ প্ৰায় ৬৫০গৰাকী শিপিনী, বিদেশী ক্রেতা, বিশিষ্ট ব্যক্তি আৰু জ্যেষ্ঠ চৰকাৰী বিষয়াসকলে এই সমাৰ...

August 7, 2025 7:25 PM

views 22

নাওবৈচাৰ ফুকনদলনিৰ ২৩৪ বিঘা ভূমিত লখিমপুৰ জিলা প্ৰশাসনৰ উচ্ছেদ

লখিমপুৰ জিলা প্ৰশাসনে আজি নাওবৈচাৰ ফুকনদলনিৰ ২৩৪ বিঘা ভূমিত উচ্ছেদ চলায়। আৰক্ষী প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা মতে উচ্ছেদ অভিযান সুকলমে সম্পন্ন হয়। প্রশাসনে ফুকনদলনিৰ ১১৪টা পৰিয়াললৈ জাননী জাৰি কৰিছিল। উচ্ছেদৰ পূৰ্বে ৯০ শতাংশ পৰিয়ালে নিজৰ বাসগৃহ খালী কৰি অইন স্থানলৈ আঁতৰি যায়। জিলাখনত ৩ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰাৰ বাবে প্রশাসনে লক্ষ্য লৈছে। ইপিন, গোলাঘাট জিলা প্ৰশাসন আৰু বন বিভাগ কাইলৈ পুৱাৰে পৰা মেৰাপানী সীমান্তৰ দৈয়াং বনাঞ্চলৰ ২ নম্বৰ নেঘেৰীবিলত উচ্ছেদ চলাব। প্রায় ৭০খন এস্কেভেটৰৰ লগতে কেইব...

August 7, 2025 6:44 PM

views 17

মঙলদৈ-মাজিকুছি সংযোগী পথ নিৰ্মাণত উত্তৰ-পূব উন্নয়ন মন্ত্রালয়ৰ অনুমোদন

উত্তৰ-পূব উন্নয়ন মন্ত্রালয়ে মঙলদৈ-মাজিকুছি সংযোগী পথ নিৰ্মাণত অনুমোদন জনাইছে। উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ অধীনত প্রায় ৪৫ কোটি ৩১ লাখ টকা ব্যয়েৰে ১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথচোৱা নিৰ্মাণ কৰা হ'ব। উত্তৰ-পূব উন্নয়ন মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই পথচোৱাই দৰং আৰু ওদালগুৰি জিলাক পোনপটীয়াকৈ সংযোগ কৰিব আৰু মঙলদৈ আৰু ভেৰগাঁৱৰ মাজৰ দূৰত্ব ৭.২ কিলোমিটাৰ হ্ৰাস কৰিব।

August 7, 2025 12:51 PM

views 12

আকাশবাণী গুৱাহাটীৰ উদ্যোগত কাইলৈ আকাশবাণীৰ ৯০ বছৰীয়া বৰ্ণিল পৰিক্ৰমাক উদযাপন

ভাৰতীয় প্ৰচাৰণ সেৱাৰ ৯০ বছৰ : আকাশবাণী গুৱাহাটীৰ  উদ্যোগত কাইলৈ অসম ৰাজ্যিক সংগ্ৰাহলয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত আকাশবাণীৰ  ৯০ বছৰীয়া বৰ্ণিল পৰিক্ৰমাক উদযাপন কৰাৰ উদ্দেশ্যে  যুৱবাণী শাখাৰ দ্বাৰা বিশেষ কাৰ্য্যসূচীৰ আয়োজন কৰা হৈছে। কাইলৈ পুৱা চাৰে ন বজাৰ পৰা "আকাশবাণীৰ ৯০ বছৰ" শীৰ্ষক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত প্ৰচাৰণ সেৱাৰ গৌৰৱোজ্জ্বল ৯০ বছৰীয়া পৰিক্ৰমা আৰু অসম তথা আমাৰ দেশৰ বিভিন্ন ঠাইত থকা আকাশবাণী কেন্দ্ৰসমূহৰ সৈতে জড়িত প্ৰশ্নাৱলী থাকিব। বিশিষ্ট কুইজ পৰিচালক দীপাংকৰ ক...

August 4, 2025 8:31 PM

views 81

ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণৰ পাছত নেতাগৰাকীক তীব্ৰ সমালোচনা বিজেপিৰ

গালৱান সংঘৰ্ষৰ পাছত ভাৰতীয় সেনা বাহিনী সন্দৰ্ভত কৰা বিৰূপ মন্তব্যৰ পাছত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে এটা মানহানিৰ গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণৰ পাছত বিজেপিয়ে আজি নেতাগৰাকীক তীব্ৰ সমালোচনা কৰে। নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত বিজেপিৰ মুখপাত্ৰ গৌৰৱ ভাটিয়াই ৰাহুল গান্ধীৰ মন্তব্যক দুর্ভাগ্যজনক বুলি আখ্যা দিছে। তেওঁ কয় যে লোকসভাৰ বিৰোধী নেতাগৰাকীৰ দায়িত্বজ্ঞানহীন মন্তব্যই দেশৰ সাহসী সৈন্য বাহিনীৰ মনোবল হ্ৰাস কৰিছে।

August 4, 2025 8:04 PM

views 12

হোজাইত ভিন্ন সজাগতাৰে জিলা প্ৰশাসনৰ বিশেষ অভিযান ৰূপায়ণ

হোজাই জিলাত পথ সুৰক্ষাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ লগতে বাল্য বিবাহ, শিশু শ্ৰমিক আৰু মাদকদ্ৰব্যৰ বিৰুদ্ধে সজাগতাৰ সৃষ্টিৰ বাবে জিলা প্ৰশাসনে বিশেষ অভিযান ৰূপায়ণ কৰিছে। এই উপলক্ষে হোজাইৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত এখন বিশেষ বাহনৰ যাত্ৰাৰ শুভাৰম্ভ কৰা হয়। জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে এই যাত্ৰাৰ শুভাৰম্ভ কৰে।

August 4, 2025 6:46 PM

views 22

আজিৰে পৰা আই আই টি গুৱাহাটীত মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্রতিভা সন্ধান আঁচনি ২০২৫ৰ অধীনত বাছনি লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ ৫ দিনীয়া পৰামৰ্শদান শিবিৰ

মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্রতিভা সন্ধান আঁচনি ২০২৫ৰ অধীনত বাছনি লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ পাঁচ-দিনীয়া পৰামৰ্শদান শিবিৰ আজিৰে পৰা আই আই টি গুৱাহাটীত অনুষ্ঠিত হৈছে। উচ্চস্তৰৰ বিজ্ঞান আন্তঃগাঁথনি তথা বিজ্ঞানসন্মত বিষয়ৰ প্ৰত্যক্ষ অভিজ্ঞতা আহৰণৰ সুযোগ দিয়াৰ বাবে আই আই টি গুৱাহাটীৰ তত্বাৱধানত এই শিবিৰ মুকলি কৰা হৈছে। উন্নত মানৰ বাছনি প্ৰক্ৰিয়াই ৰাজ্যখনৰ বিভিন্ন জিলাৰ শিক্ষানুষ্ঠানত উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ প্ৰথম বৰ্ষত অধ্যয়নৰত ৪০গৰাকী শিক্ষাৰ্থীক এইবাৰ উদীয়মান বিজ্ঞান প্ৰতিভাৰূপে বাছনি কৰা হৈছ...

August 3, 2025 11:12 AM

views 39

কপিলী নদীৰে মালবাহী সামগ্ৰীৰ প্ৰথম পৰীক্ষামূলক যাত্ৰাৰ শুভাৰম্ভ

● অসমৰ নদী ভিত্তিক বাণিজ্য আৰু বহনক্ষম পৰিবহণৰ দিশত ঐতিহাসিক পদক্ষেপ হিচাপে ৫৭ নম্বৰ ৰাষ্ট্ৰীয় জলপথ হিচাপে চিহ্নিত কপিলী নদীৰে কালি মালবাহী সামগ্ৰীৰ প্ৰথম পৰীক্ষামূলক যাত্ৰাৰ শুভাৰম্ভ কৰা হয়। কামৰূপ মহানগৰ জিলাৰ চন্দ্ৰপুৰৰ গোৱৰ্দ্ধনৰ পৰা দক্ষিণ শালমৰাৰ হাটশিঙিমাৰীলৈ কালি এই যাত্ৰাৰ শুভাৰম্ভ কৰা হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই পদক্ষেপক অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্তৰ্দেশীয় জলপথ পৰিবহনৰ বাবে ঐতিহাসিক মুহূৰ্ত বুলি অভিহিত কৰে। স্বয়ংক্রিয়ভাৱে সামগ্রী বো...