August 19, 2025 12:32 PM

views 19

কলাক্ষেত্ৰত পৰাক্ৰমী পূৰ্বোত্তৰ নাট মেলাত জ্যোতিপ্রসাদ-সংগ্রামী জ্যোতিশিখা শীর্ষক নাট মঞ্চস্থ

● স্বাধীনতা সংগ্ৰামৰ উত্তৰ-পূৰ্বাঞ্চলৰ সংগ্ৰামীসকলৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য জনোৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত আয়োজিত পৰাক্ৰমী পূৰ্বোত্তৰ নাট মেলাত আজি জ্যোতিপ্রসাদ-সংগ্রামী জ্যোতিশিখা শীর্ষক নাটখন মঞ্চস্থ কৰা হ'ব। লখিমপুৰৰ ৰংগভূমি নাট্য গোষ্ঠীয়ে পৰিৱেশন কৰিবলগীয়া এই নাটখনৰ নাট্যকাৰ প্রশান্ত কটকী। কৃষ্ণ ভূঞাই পৰিচালনা কৰিবলগীয়া নাটখনৰ সন্ধিয়া ৫ বজা আৰু ৭.৩০ বজাত দুটা দৰ্শনী মঞ্চস্থ হ'ব। ...

August 19, 2025 12:04 PM

views 15

উৰিয়ামঘাটৰ উচ্ছেদৰ সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ে শুনানি গ্রহণ কৰি ৭ দিনৰ ভিতৰত লোকসকলক স্থান ত্যাগ কৰিবলৈ নিৰ্দেশ

■ উৰিয়ামঘাটৰ উচ্ছেদৰ সম্পৰ্কত কালি গুৱাহাটী উচ্চ ন্যায়ালয়ে শুনানি গ্রহণ কৰি বনভূমি দখল কৰি থকা লোকসকলক ৭ দিনৰ ভিতৰত সেই স্থান খালী কৰিবলৈ নিৰ্দেশ দিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱচৌধুৰী খণ্ড বিচাৰপীঠে দিয়া ৰায় অনুসৰি উৰিয়ামঘাটৰ বনভূমি দখল কৰি থকা লোকসকলে যিকোনো পৰিস্থিতিতে সেই স্থান ত্যাগ কৰিব লাগিব। উৰিয়ামঘাটৰ ৰাণা নগৰ, হাতীডুবি, হালধিবাৰী, দুর্গাপুৰ আৰু ১ নম্বৰ মধুপুৰ গাঁৱত কালি প্ৰশাসনে দ্বিতীয় পর্যায়ত উচ্ছেদ অভিযান আৰম্ভ কৰিছিল। এই...

August 19, 2025 11:55 AM

views 17

GMCHত নৱজাতকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত তদন্তৰ বাবে মুখ্যমন্ত্ৰীৰ ৩ জনীয়া সমিতি গঠন

■ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নৱজাতকৰ বাবে থকা আই চি ইউত কালি এটি নৱজাতকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত তদন্তৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তিনিজনীয়া সমিতি গঠন কৰি দিছে। ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ছুইটি চাংচন, চিকিৎসা শিক্ষা বিভাগৰ সঞ্চালক আৰু এইমছৰ বিশেষজ্ঞ চিকিৎসকক লৈ এই সমিতিখন গঠন কৰা হৈছে। সমিতিয়ে অহা ৩-৪ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। এই ঘটনাৰ সময়ত দায়িত্বত থকা নাৰ্ছগৰাকীক ৰাজ্য চৰকাৰে ইতিমধ্যে নিলম্বনৰ নিৰ্দেশ দিছে আৰু চিচিটিভি ফুটেজ চাই নিৰপেক্ষভাৱে ঘটনাৰ তদন্...

August 18, 2025 8:46 PM

views 19

দুদিনীয়া ভ্ৰমণসূচীৰে দিল্লীত উপস্থিত চীনৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ৱাং ই

চীনৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ৱাং ই আজি দুদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হৈছে। ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভালৰ আমন্ত্ৰণত তেওঁ ভাৰতলৈ আহিছে। ভ্ৰমণকালত চীনৰ মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা তথা ভাৰতৰ বিশেষ প্রতিনিধি অজিত দোভালৰ সৈতে ভাৰত-চীন সীমান্তৰ সন্দৰ্ভত ২৪ সংখ্যক বিশেষ প্রতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হ'ব। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড° এছ জয়শংকৰৰ সৈতেও তেওঁ দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব।

August 18, 2025 7:36 PM

views 20

ভোটদাতা অধিকাৰ যাত্ৰাৰ অংশ হিচাপে বিহাৰৰ ঔৰংগবাদৰ ডিঅ’ত উপস্থিত ৰাহুল গান্ধী

বিহাৰত ভোটদাতা অধিকাৰ যাত্ৰাৰ অংশ হিচাপে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আজি ঔৰংগবাদ জিলাৰ ডিঅ'ত উপস্থিত হয়। তেওঁ বিশ্ববিখ্যাত ডিঅ' সূৰ্য মন্দিৰত পূজা-অৰ্চনা আগবঢ়ায়। উল্লেখযোগ্য যে বিহাৰত ভোটদাতা অধিকাৰ যাত্ৰাৰ আজি দ্বিতীয় দিন ৷ ৰাজ্যখনত চলি থকা ভোটদাতা তালিকাৰ বিশেষ বিস্তৃত সংশোধনীৰ বিৰোধিতাৰে এই যাত্ৰা আৰম্ভ কৰা হৈছে। ইণ্ডি মিত্ৰজোঁটৰ নেতাসকলেও এই যাত্ৰাত অংশগ্ৰহণ কৰিছে। ১৬ দিনীয়া এই যাত্রা ২০ খনতকৈও অধিক জিলাৰ মাজেৰে অগ্ৰসৰ হৈ অহা পহিলা ছেপ্তেম্বৰত পাৰ্টনাত অন্ত পৰিব। এই যাত্ৰাকালত আজি...

August 18, 2025 7:21 PM

views 22

অবৈধ বিদেশী নাগৰিকক চিনাক্ত কৰি বিতাৰণৰ দাবীৰে নেছ’ৰ আহ্বানত প্ৰতিখন ৰাজ্যৰ জিলা সদৰত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ

অবৈধ বিদেশী নাগৰিকক চিনাক্ত কৰি বিতাৰণৰ দাবীৰে উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সন্থা অর্থাৎ নেছ'ৰ আহ্বানত আজি ৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ জিলা সদৰত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। নেছ'ৰ আহ্বান মৰ্মে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আজি গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত এই কাৰ্যসূচী অনুষ্ঠিত হয়। প্ৰতিবাদকাৰী সদস্যসকলে ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰা, অবৈধ বাংলাদেশী নাগৰিকক বহিষ্কাৰ, শুদ্ধ এন আৰ চি, অসম চুক্তি ৰূপায়ণকে ধৰি কেইবাটাও দাবী তোলে। নেছ'ৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই অবৈধ বিদেশ...

August 17, 2025 8:08 PM

views 50

দেশৰ নিৰ্বাচন আয়োগৰ বাবে প্ৰতিটো ৰাজনৈতিক দলেই সমান

■ ভাৰতৰ নিৰ্বাচন আয়োগে আজি জনাইছে যে, আয়োগৰ বাবে প্ৰতিটো ৰাজনৈতিক দলেই সমান আৰু কোনো ভেদাভেদহীনভাৱে প্ৰতিটো দলকে একেদৰে গুৰুত্ব প্ৰদান কৰে। নতুন দিল্লীত আজি বিয়লি এখন সংবাদমেল সম্বোধন কৰি মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কয়, যে আয়োগে সাংবিধানিক দায়িত্বৰ পৰা কেতিয়াও পিচ পৰি নৰয়। তেওঁ লগতে এজন ব্যক্তিয়ে দুবাৰকৈ ভোটদান কৰাৰ অভিযোগ খণ্ডন কৰি তেওঁ ইয়াৰ প্ৰমাণ বিচাৰে যদিও উপস্থিত লোকসকলৰ সকলোবোৰ নিস্তব্ধ হৈ থাকে। আয়ুক্তজনে লগতে জানিবলৈ দিয়ে, যে নির্বাচন আয়োগে কোনো বৈষম্য অবিহনে সকলো ...

August 16, 2025 8:41 PM

views 42

কাইলৈ দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে নেপাললৈ বিদেশ সচিব বিক্রম মিশ্রি

বিদেশ সচিব বিক্রম মিশ্রিয়ে কাইলৈ দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে নেপাললৈ যাব। নেপালৰ বৈদেশিক সচিব অমৃত বাহাদুৰ ৰায়ৰ আমন্ত্ৰণ মর্মে শ্রী মিশ্রি দেশখনলৈ যাব। ছেপ্টেম্বৰত নেপালৰ প্ৰধানমন্ত্রী কে পি শৰ্মা অলিৰ সম্ভাব্য নেপাল ভ্ৰণৰ পূৰ্বে সচিব পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত উভয় দেশৰ সীমান্ত সুৰক্ষা, বিমান পৰিবহণ, শক্তি খণ্ডকে ধৰি আন বিভিন্ন ক্ষেত্ৰত থকা সহযোগিতা অধিক বৃদ্ধি কৰাৰ সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে, ভাৰত আৰু নেপালৰ মাজত শক্তিশালী আৰু বন্ধুত্বসুলভ সম্পর্ক আছে আৰু যোৱা...

August 16, 2025 8:24 PM

views 20

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্রত ১৮ দিনীয়া সফল অভিযান সম্পূৰ্ণ কৰা প্ৰথমগৰাকী ভাৰতীয় গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাই পুনর্বাসনৰ পিছত ভাৰতলৈ উভতনি

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্র, আই. এছ. এছ. ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতীয় গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাই মহাকাশত অৱস্থিত পৰীক্ষাগাৰত ১৮ দিনীয়া সফল অভিযান সম্পূৰ্ণ কৰি ভাৰতলৈ উভতি আহিছে। সফল মহাকাশ অভিযানৰ পিছত পুনর্বাসনৰ বাবে আমেৰিকাত থকা ভাৰতীয় মহাকাশচাৰীজন কাইলৈ ভাৰতত উপস্থিত হ'ব বুলি আশা কৰা হৈছে। সামাজিক মাধ্যমত শুভাংশু শুক্লাই তেওঁৰ মহাকাশ যাত্ৰা আৰু বন্ধুবৰ্গ আৰু পৰিয়ালৰ সৈতে সাক্ষাৎ কৰাৰ উত্তেজনাৰ কথা স্মৰণ কৰি এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰিছিল। উল্লেখযোগ্য যে বিশ্বৰ এগৰাকী আগশাৰীৰ মহাকা...

August 16, 2025 8:16 PM

views 13

অষ্ট্রেলিয়ান ক্রিকেট দলৰ প্ৰাক্তন অধিনায়ক, প্রশিক্ষক ব’ব চিম্পচনৰ ৮৯ বছৰ বয়সত মৃত্যু

অষ্ট্রেলিয়ান ক্রিকেট দলৰ প্ৰাক্তন অধিনায়ক, প্রশিক্ষক ব’ব চিম্পচনৰ আজি চিদনীত ৮৯ বছৰ বয়সত মৃত্যু হয়। এজন অপেনিং বেটছমেন, স্পীনাৰ, সুদক্ষ ফিল্ডাৰ আৰু প্ৰশিক্ষক হিচাপে ক্রিকেট বিশ্বতে সমাদৃত ব'ব চিম্পচনে অষ্ট্ৰেলিয়াক এছেজ, বিশ্বকাপৰ উপৰিও বহুকেইখন আগশাৰীৰ শৃংখলাত নেতৃত্ব দিছিল। অষ্ট্ৰেলিয়াৰ হৈ ৬২ খন টেষ্ট খেলা চিম্পচনে ১০টা শতক আৰু ২৭ টা অৰ্ধশতকেৰে মুঠ ৪৮৬৯ ৰান সংগ্ৰহ কৰিছিল৷