August 21, 2025 8:42 PM

views 7

পৰাক্ৰমী পূৰ্বোত্তৰ নাট মেলাত চন্দ্ৰপ্ৰভা নামৰ নাটখন মঞ্চস্থ

পৰাক্ৰমী পূৰ্বোত্তৰ নাট মেলাত আজি সামৰণি সন্ধিয়া নাট্যকাৰ সপোনজ্যোতি ঠাকুৰৰ ৰচনা আৰু সীমান্ত ফুকনৰ পৰিচালনাৰে ডেৰগাঁৱৰ নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীয়ে চন্দ্ৰপ্ৰভা নাটখন মঞ্চস্থ কৰিছে। বিয়লি ৫ বজাত নাটকখনৰ প্ৰথম দৰ্শনী হৈছে আৰু সন্ধিয়া চাৰে ৭ বজাত দ্বিতীয় দৰ্শনীৰ নাট মঞ্চস্থ হ'ব। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত পৰাক্ৰমী পূৰ্বোত্তৰ নাট মেলাত কালি কৰুণা ডেকা ৰচিত আৰু গুণাকৰ দেৱ গোস্বামী পৰিচালিত নাট অম্বিকাগিৰী অনির্বাপিত একুৰা জুই মঞ...

August 21, 2025 8:34 PM

views 27

বিত্তীয় প্ৰৱঞ্চনাৰ সৈতে জড়িতৰ অভিযোগত অসম আৰক্ষীয়ে দক্ষিণ দিল্লীত অনিৰ্বাণ দেউৰী নামৰ লোকক আটক

নগাঁও জিলাৰ বিভিন্ন ব্যক্তিৰ পৰা অধিক মুনাফা দিয়াৰ প্ৰতিশ্ৰুতিৰে বিত্তীয় প্ৰৱঞ্চনাৰ সৈতে জড়িত থকাৰ অভিযোগত অসম আৰক্ষীয়ে কালি দক্ষিণ দিল্লীত অনিৰ্বাণ দেউৰী নামৰ এজন লোকক আটক কৰে। ধৃত লোকজনে অনলাইন ট্রেডিঙৰ জৰিয়তে প্রায় ৮০ কোটি টকা আত্মসাৎ কৰি যোৱা দুমাহ ধৰি পলাতক হৈ আছিল। নগাঁও সদৰ আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আৰক্ষীৰ এটা দলে অনিৰ্বাণ দেউৰীক আটক কৰে। আৰক্ষীয়ে যোৱা নিশা দিল্লীৰ পৰা বিমানযোগে গুৱাহাটীলৈ অনাৰ পাছত অনিৰ্বাণ দেউৰীক আজি নগাঁও সদৰ থানাত হাজিৰ কৰোৱা হয়। নগাঁও আৰক্ষীয়ে অন...

August 21, 2025 8:31 PM

views 19

তেজপুৰস্থিত শোণিতপুৰ জিলা আদালত প্ৰাঙ্গনত ১৩ ছেপ্তেম্বৰত বিশেষ ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ’ব

তেজপুৰস্থিত শোণিতপুৰ জিলা আদালত প্ৰাঙ্গনত অহা ১৩ ছেপ্তেম্বৰত বিশেষ ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত আয়োজিত এই লোক আদালতত মটৰ দুৰ্ঘটনা গোচৰ, দেৱানী গোচৰ, যান-বাহন আৰু আবকাৰি গোচৰ, আপোচযোগ্য ফৌজদাৰী গোচৰৰ উপৰি বকেয়া ধন, ভূমি অধিগ্ৰহণ, ১০৭ ধাৰা, বেংক ঋণ, বি এচ এন এল, বিদ্যুৎ বিল, শ্রমিক সম্পৰ্কীয় আইনী ব্যৱস্থাৰ মাজলৈ নোযোৱাকৈ মীমাংসা কৰিব পৰা গোচৰ নিষ্পত্তি কৰা হ'ব। প্ৰাধিকৰণে লোক আদালতত অংশগ্ৰহণ কৰিবলৈ জিলাবাসীক আহ্বান জনাইছে।

August 21, 2025 7:11 PM

views 32

ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ সামাজিক ন্যায় আৰু সবলীকৰণ সঞ্চালকালয়ৰ উদ্যোগত কামৰূপ জিলাত নিচামুক্ত অভিযানৰ অধীনত প্ৰশিক্ষণ প্ৰদান

ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ সামাজিক ন্যায় আৰু সবলীকৰণ সঞ্চালকালয়ৰ উদ্যোগত তথা বেচৰকাৰী সামাজিক অনুষ্ঠান কোছেডাৰ সহযোগত আজি কামৰূপ জিলাত নিচামুক্ত অভিযানৰ অধীনত প্ৰশিক্ষণ প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাখনৰ ৯১গৰাকী স্বেচ্ছাসেৱকৰ লগতে কামৰূপ মহানগৰ, দৰং, গোৱালপাৰা আৰু নলবাৰী জিলাৰ ৪ শতাধিক স্বেচ্ছাসেৱকক নিচামুক্ত অভিযানৰ অধীনত বিশেষ প্রশিক্ষণ দিয়া হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনত অনুষ্ঠিত এই কাৰ্যসূচীত ডাঃ অংশুমান কলিতা আৰু ডাঃ সন্দীপ হান্সে অংশগ্রহণ কৰে। তেওঁলোকে মাদক দ্ৰৱ্যই সমাজ...

August 21, 2025 6:34 PM

views 28

ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে গাজাত দেশখনৰ সৈন্য বাহিনীক স্থল পথেৰে আক্ৰমণ পুনৰ আৰম্ভ কৰাৰ পাছৰে পৰা ২০০০ অধিক সন্ত্ৰাসবাদীক নিধন কৰাৰ দাবী

ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে গাজাত দেশখনৰ সৈন্য বাহিনীক স্থল পথেৰে আক্ৰমণ পুনৰ আৰম্ভ কৰাৰ পাছৰে পৰা দুহেজাৰৰো অধিক সন্ত্ৰাসবাদীক নিধন কৰা বুলি দাবী কৰিছে। এই আক্ৰমণত সন্ত্ৰাসবাদীৰ প্ৰায় ১০ হাজাৰ ঘাটিক লক্ষ্য কৰি লোৱা হৈছে আৰু হামাছৰ ওপৰত হেঁচা বৃদ্ধি কৰাৰ বাবে নিয়ন্ত্ৰণ কৰিড'ৰ স্থাপন কৰা হৈছে। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে দেশখনৰ সামৰিক বাহিনীয়ে গাজাৰ প্ৰায় ৭৫ শতাংশ অঞ্চল নিজৰ নিয়ন্ত্ৰণলৈ নিছে।

August 21, 2025 5:36 PM

views 24

ত্রিবেণী ৰয়ৰ শ্বেপ অব্ ম’ম’ নামৰ চলচ্চিত্ৰখনক বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ভিজন ছেক্সনৰ বাবে আনুষ্ঠানিকভাৱে বাছনি

ত্রিবেণী ৰয়ৰ শ্বেপ অব্ ম'ম' নামৰ চলচ্চিত্ৰখনক বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ভিজন ছেক্সনৰ বাবে আনুষ্ঠানিকভাৱে বাছনি কৰা হৈছে। দক্ষিণ কোৰিয়াৰ বুছান চহৰত প্ৰতিবছৰে অনুষ্ঠিত এই চলচ্চিত্ৰ মহোৎসৱ এছিয়াৰ আটাইতকৈ সন্মানীয় আৰু প্ৰসিদ্ধ মহোৎসৱ বুলি গণ্য কৰা হয়। এছিয়াৰ চলচ্চিত্ৰসমূহক বিশ্ব প্রেক্ষাপটলৈ লৈ যোৱাই এই চলচ্চিত্ৰ মহোৎসৱৰ মূল উদ্দেশ্য। এই মহোৎসৱৰ ভিজন ছেক্সনত এছিয়াৰ উদীয়মান আৰু কিছু পৰিমাণে অভিজ্ঞ তথা সাহসী আৰু মৌলিক কাহিনী প্ৰদৰ্শন কৰা হয়। ত্রিবেণী ৰায়ৰ প্ৰথম চলচ্চিত্ৰ শ্বেপ ...

August 21, 2025 5:32 PM

views 27

গৰাকীবিহীন কুকুৰক আশ্ৰয়গৃহলৈ প্ৰেৰণ সন্দৰ্ভত দিল্লী পৌৰ নিগমৰ জাননীক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ তাৎক্ষণিক শুনানি গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ অস্বীকাৰ

উচ্চতম ন্যায়ালয়ে আজি গৰাকীবিহীন কুকুৰ একেলগে ধৰি আশ্ৰয়গৃহলৈ প্ৰেৰণ সন্দৰ্ভত দিল্লী পৌৰ নিগমে জাৰি কৰা এখন জাননীক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ তাৎক্ষণিক শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। এগৰাকী অধিবক্তাই এই সন্দৰ্ভত আবেদন দাখিল কৰা বুলি উল্লেখ কৰাৰ পাছত ন্যায়াধীশ জে কে মহেশ্বৰী আৰু বিজয় বিষ্ণুয়ক লৈ গঠিত এখন বিচাৰপীঠে আজি বিষয়টোৰ তাৎক্ষণিক শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। ১৪ আগষ্টত সৰ্বোচ্চ ন্যায়ালয়ে বিষয়টো সন্দৰ্ভত ৰায়দান সুৰক্ষিত ৰখাৰ পাছতো দিল্লী পৌৰ নিগমে জাননী জাৰি কৰা বুল...

August 19, 2025 8:25 PM

views 4

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সভাকক্ষত অস্ত্ৰোপচাৰবিহীন বিষ নিৰাময় সম্পর্কত ডাঃ ভৱেন চন্দ্ৰ বড়োৰ ব্যাখ্যা

বিশিষ্ট বিষ নিৰাময় বিশেষজ্ঞ তথা গুৱাহাটীৰ এখন আগশাৰীৰ ব্যক্তিগত চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ ভৱেন চন্দ্ৰ বড়োৱে আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সভাকক্ষত অস্ত্ৰোপচাৰবিহীন বিষ নিৰাময় সম্পর্কত ব্যাখ্যা আগবঢ়ায়। তেওঁ কয়, যে অত্যাধুনিক ৰেডিঅ' ইণ্টাৰভেনছন পদ্ধতিৰ জৰিয়তে বর্তমান মানৱ শৰীৰত বিষৰ উৎসৰ সন্ধান কৰি ইয়াৰ চিকিৎসা কৰা হয়। আকাশবাণী গুৱাহাটীৰ বিষয়া কৰ্মচাৰীসকলে বিষ সম্পৰ্কত কৰা ভালেমান প্রশ্নৰো চিকিৎসকগৰাকীয়ে সদুত্তৰ দিয়ে। তেওঁ ৰাজহাড়ৰ বিষ সম্পৰ্কত থকা ভালেমান ভুল ধাৰণা সম্পর্কতো বৈ...

August 19, 2025 12:58 PM

views 24

ডিব্ৰুগড়ৰ মাইজান ঠাকুৰবাৰীত মহাবাহুৰ গৰাখহনীয়া অব্যাহত

● ডিব্ৰুগড়ৰ মাইজান ঠাকুৰবাৰীত মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া অব্যাহত আছে। বিগত এসপ্তাহত ব্ৰহ্মপুত্ৰৰ সোঁতে ৪০ মিটাৰ ভূমিৰ লগতে কেইবাটাও বাসগৃহ উটুৱাই লৈ যায়। জিলাখনৰ জলসম্পদ বিভাগে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও নদীৰ কোবাল সোঁতে জিঅ' বেগ উটুৱাই লৈ গৈছে।

August 19, 2025 12:41 PM

views 23

মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী কৌশিক ৰায়ৰ সভাপতিত্বত জিলা আয়ুক্তৰ কাৰ্যালয়ত পৰ্যালোচনা বৈঠক

● মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী কৌশিক ৰায়ৰ সভাপতিত্বত কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলা পৰ্যায়ৰ বিভিন্ন বিষয় পর্যালোচনা কৰাৰ লগতে খাদ্য আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থা, সুলভ মূল্যৰ দোকান পৰিচালনা, গুদাম ব্যৱস্থাপনাকে ধৰি কেইবাটাও বিষয় বিস্তৃতভাৱে আলোচনা কৰা হয় ৷ এই বৈঠকত অতিৰিক্ত মুখ্য সচিব, জিলা আয়ুক্ত আৰু বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।