June 9, 2024 12:50 PM

views 25

আকাশবাণী দিল্লীত আজি সন্ধিয়া ৬.৪৫ বজাৰ পৰা প্ৰধানমন্ত্ৰী তথা নতুন চৰকাৰৰ শপতগ্রহণ অনুষ্ঠানৰ চলন্ত বিৱৰণী পোনপটীয়াকৈ প্ৰচাৰ

আকাশবাণী দিল্লীয়ে আজি সন্ধিয়া ৬ বাজি ৪৫ মিনিটৰ পৰা ৰাষ্ট্ৰপতি ভৱনত প্রধানমন্ত্রী তথা নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানৰ চলন্ত বিৱৰণী পোনপটীয়াকৈ প্ৰচাৰ কৰিব। এই কাৰ্যসূচী আকাশবাণীৰ এফ এম গ’ল্ড, ইন্দ্ৰপ্ৰস্থ আৰু আকাশবাণী লাইভ নিউজ চেনেলত শুনিবলৈ পোৱা যাব। আকাশবাণীৰ ইউ টিউব চেনেল, আকাশবাণী এ আই আৰৰ যোগেও এই অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। গুৱাহাটী, আহমেদাবাদ, বেগাংলুৰু, কটক, চেন্নাই, হায়দৰাবাদ, ইম্ফল, কলকাতা, মুম্বাই আৰু তিৰুৱনন্তপুৰম কেন্দ্ৰ যোগে এই অনুষ্ঠানৰ বিৱৰণী আঞ্চলিক ভাষাত প্ৰচাৰ কৰিব।...