June 30, 2025 8:36 PM

views 16

আকাশবাণী তেজপুৰ কেন্দ্ৰৰ কাইলৈ গৌৰৱোজ্জ্বল ২৫ বছৰীয়া যাত্ৰা সম্পূৰ্ণ

আকাশবাণী তেজপুৰ কেন্দ্ৰই কাইলৈ গৌৰৱোজ্জ্বল ২৫ বছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰাৰ উপলক্ষে তেজপুৰ মহাবিদ্যালয় প্ৰেক্ষাগৃহত আজি সন্ধিয়া ৰূপালী জয়ন্তী সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছে। অনুষ্ঠানত আকাশবাণী আৰু দূৰদৰ্শনৰ উত্তৰ-পূব ক্ষেত্ৰৰ অতিৰিক্ত সঞ্চালকপ্ৰধান আশীষ ভাটনাগৰ বিশেষ অতিথি হিচাপে উপস্থিত থকাৰ লগতে তেজপুৰৰ সাহিত্য সংস্কৃতি জগতৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছে।

June 30, 2025 12:31 PM

views 18

আকাশবাণী তেজপুৰৰ আজি ৰূপালী জয়ন্তী সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন

আকাশবাণী তেজপুৰ কেন্দ্ৰই গৌৰৱোজ্জ্বল ২৫ বছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰাৰ উপলক্ষে তেজপুৰ মহাবিদ্যালয় প্ৰেক্ষাগৃহত আজি ৰূপালী জয়ন্তী সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আজি সন্ধিয়া ৬ বজাত আৰম্ভ হ’বলগীয়া এই অনুষ্ঠানত আকাশবাণী আৰু দূৰদৰ্শনৰ উত্তৰ-পূব ক্ষেত্ৰৰ অতিৰিক্ত সঞ্চালকপ্ৰধান আশীষ ভাটনাগৰ বিশেষ অতিথি হিচাপে উপস্থিত থাকিব।