June 6, 2025 7:13 PM June 6, 2025 7:13 PM
20
চৰাইদেউ জিলাৰ সোণাৰি আৰু মাহমৰা বিধানসভা সমষ্টিৰ অংগনবাড়ী কৰ্মীসকলৰ মাজত স্মার্ট ফোন বিতৰণ
চৰাইদেউ জিলাৰ সোণাৰি আৰু মাহমৰা বিধানসভা সমষ্টিৰ অংগনবাড়ী কৰ্মীসকলৰ মাজত আজি স্মার্ট ফোন বিতৰণ কৰা হয়। এই উপলক্ষে জিলাখনৰ সোণাৰিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত চৰাইদেউ জিলা মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত, জিলা প্ৰশাসনৰ সহযোগত আয়োজিত অনুষ্ঠানত মন্ত্ৰী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। সমাজ কল্যাণ বিভাগৰ এই পদক্ষেপে ডিজিটেল সৱলীকৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। উল্লেখযোগ্য চৰাইদেউ জিলাত ৬২৫ গৰাকী অংগনবাড়ী কৰ্মী আছে। ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ সংহত...