July 28, 2025 6:41 PM

views 15

যক্ষ্মামুক্ত ভাৰত অভিযানৰ অংশ হিচাপে খোৱাং প্রাথমিক স্বাস্থ্য কেন্দ্ৰত ৬৫জন যক্ষ্মা ৰোগীক একোটাকৈ পুষ্টিকৰ খাদ্যৰ টোপোলা বিতৰণ

যক্ষ্মামুক্ত ভাৰত অভিযানৰ অংশ হিচাপে আজি ডিব্ৰুগড় জিলাৰ খোৱাং প্রাথমিক স্বাস্থ্য কেন্দ্ৰত ৬৫জন যক্ষ্মা ৰোগীক একোটাকৈ পুষ্টিকৰ খাদ্যৰ টোপোলা বিতৰণ কৰা হয়। মৰাণ বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে এই খাদ্যৰ টোপোলাসমূহ বিতৰণ কৰে। অনুষ্ঠানত জিলা যক্ষ্মা বিষয়া ডাঃ ৰবি বৰুৱাই ৰোগীসকলৰ বাবে সজাগতামূলক পৰামৰ্শ আগবঢ়ায়।

July 28, 2025 6:39 PM

views 21

ঐতিহাসিক আৰু পৌৰাণিক সম্পদসমূহ দখলমুক্ত কৰি সংৰক্ষণ কৰাৰ দাবী উত্থাপন আটাছুৰ

শিৱসাগৰ জিলাৰ ৰংঘৰৰ বাকৰিত আজি সদৌ টাই আহোম ছাত্ৰ সন্থা, আটাছুৱে এখন সংবাদ মেলৰ আয়োজন কৰি জিলাখনৰ ঐতিহাসিক আৰু পৌৰাণিক সম্পদসমূহ দখলমুক্ত কৰি সংৰক্ষণ কৰাৰ দাবী উত্থাপন কৰে। আটাছুৱে পূৰাতত্ব বিভাগ আৰু জিলা প্ৰশাসনক ইয়াৰ বাবে সাত দিনৰ সময়সীমা বান্ধি দিয়ে। সংগঠনটোৱে ৰংঘৰ, পহুগড়, ৰংগনাথ মন্দিৰ আৰু যমুনাৰ সংৰক্ষণ আৰু দখলমুক্ত কৰাৰ দাবী কৰে। সংগঠনটোৱে লগতে ৰংঘৰ চৌহদৰ কৃত্ৰিম বানৰ সমস্যা দূৰ কৰাৰ বাবে জল নিষ্কাষণ ব্যৱস্থা উন্নত কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষক আহ্বান জনায়।

July 28, 2025 6:31 PM

views 29

বনভূমি অধিকাৰ আইন ২০০৬ৰ অধীনত বিশ্বনাথ জিলা প্ৰশাসনৰ বনভূমিত বসবাস কৰা ২,১৪৫জন লোকক ভূমিস্বত্ব প্রমাণ-পত্ৰ বিতৰণ

বনভূমি অধিকাৰ আইন ২০০৬ৰ অধীনত বিশ্বনাথ জিলা প্ৰশাসনে আজি জিলাখনৰ বনভূমিত বসবাস কৰা ২,১৪৫জন লোকক ভূমিস্বত্ব প্রমাণ-পত্ৰ বিতৰণ কৰে। বিশ্বনাথৰ কমলাকান্ত নাট্য সমাজত এই উপলক্ষে অনুষ্ঠিত সভাত বিশ্বনাথৰ অভিভাৱক মন্ত্ৰী অশোক সিংহল, বিধায়ক প্রমোদ বৰঠাকুৰকে ধৰি আন কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে। মন্ত্রী অশোক সিংহলে তেওঁৰ ভাষণত কয় যে অসমৰ খিলঞ্জীয়া লোকসকলক সামাজিক আৰু সাংস্কৃতিক দিশত সুৰক্ষিত কৰিবলৈ বন অধিকাৰ আইন, ২০০৬ৰ অধীনত ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। এই আইনৰ জৰিয়তে চৰকাৰে খিলঞ্জীয়া লোকক...

July 28, 2025 6:18 PM

views 30

বিশ্ব হেপাটাইটিছ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন কার্যসূচী অনুষ্ঠিত

বিশ্ব হেপাটাইটিছ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন ভিন কার্যসূচী অনুষ্ঠিত হয়। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত এই দিৱস উপলক্ষে আজি চিকিৎসক আৰু স্বাস্থ্য কৰ্মীসকলৰ মাজত এখনী আলোচনাচক্র অনুষ্ঠিত হয়। আলোচনা কালত আজিৰে পৰা ৫ আগষ্টলৈ জিলাখনৰ প্ৰতিটো স্বাস্থ্য কেন্দ্ৰলৈ চিকিৎসাৰ বাবে অহা ৰোগীসকলক হেপাটাইটিছ ৰোগৰ পৰীক্ষা কৰাৰ লগতে তেওঁলোকৰ মাজত এই ৰোগ সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হ'ব। জিলাখনত বৰ্তমানলৈকে চাৰিগৰাকী হেপাটাইটিছ ৰোগীক চিনা...

July 28, 2025 6:15 PM

views 26

প্ৰধানমন্ত্ৰী মোদীক সৌহার্দ্যপূৰ্ণ সাক্ষাৎ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সৌহার্দ্যপূৰ্ণ সাক্ষাৎ কৰে। ড০ শৰ্মাই প্রধানমন্ত্ৰীৰ সৈতে ৰাজ্যৰ বিভিন্ন খণ্ডৰ অগ্ৰগতি সন্দৰ্ভত আলোচনা কৰে। অহা ৮ ছেপ্তেম্বৰত প্ৰধানমন্ত্রী মোদীৰ অসম ভ্ৰমণৰ বাবে ৰাজ্যবাসীয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰে। প্রধানমন্ত্ৰীৰ এই ভ্রমণ ৰাজ্যখনৰ উন্নয়নমুখী যাত্ৰাৰ আন এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হ'ব বুলি মুখ্যমন্ত্রী ড০ শৰ্মাই আশা প্রকাশ কৰে। ড০ শৰ্মাই ইয়াৰ পাছত নতুন দিল্লীত কেন্দ্রীয় বিত্ত মন্ত্রী নি...

July 28, 2025 5:59 PM

views 21

আজি বিশ্ব প্রকৃতি সংৰক্ষণ দিৱস

আজি বিশ্ব প্রকৃতি সংৰক্ষণ দিৱস। প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদসমূহৰ সংৰক্ষণ তথা বহনক্ষম ব্যৱহাৰৰ অভ্যাস গঢ়ি তোলাৰ প্ৰতি সজাগতা সৃষ্টিৰ লক্ষ্যৰে ২৮ জুলাইৰ দিনটো এই দিৱস হিচাপে বিশ্বজুৰি পালন কৰা হয়। দিৱসৰ কাৰ্যসূচীৰ জৰিয়তে বায়ু, মাটি, পানী আৰু বনাঞ্চল সংৰক্ষণ কৰি জীৱকুলৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ বাবে প্ৰয়াস কৰা হয়। এইবাৰ এই দিৱসৰ বিষয় হৈছে মানুহ আৰু গছ- গছনিৰ পাৰস্পৰিক সংযোগ, বনাঞ্চল সংৰক্ষণৰ বাবে ডিজিটেল উদ্ভাৱনৰ ব্যৱহাৰ। ইয়াৰ দ্বাৰা প্ৰযুক্তি ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ...

July 28, 2025 5:51 PM

views 30

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত কাইলৈ পুৱাৰে পৰা উচ্ছেদ অভিযান চলোৱা হ’ব

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত কাইলৈ পুৱাৰে পৰা উচ্ছেদ অভিযান চলোৱা হ'ব। আমাৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে প্রশাসনে ইতিমধ্যে অঞ্চলটোত উচ্ছেদৰ বাবে শ-শ এক্সকেভেটৰ সাজু কৰিছে। উল্লেখযোগ্য যে বন বিভাগৰ জাননী লাভ কৰাৰ পাছতে অঞ্চলটোৰ পৰা প্ৰায় ৭০ শতাংশ লোক আঁতৰি গৈছে যদিও একাংশ লোক এতিয়াও সেই স্থানতে আছে। উচ্ছেদৰ পূৰ্বে বন বিভাগে সোণাৰীবিল, মধুপুৰ, খেৰবাৰী, পিঠাঘাটকে ধৰি অন্যান্য গাঁওসমূহত বসতি কৰা লোকসকলক আজিৰ ভিতৰত অঞ্চলটো খালী কৰি দিবলৈ অন্তিমবাৰৰ বাবে সকিয়াই দিছে। ইয়াৰ আগেয়ে প্রশাসনে জ...

July 28, 2025 5:38 PM

views 21

লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ ১২ বজালৈ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত পুনৰ ১ বজালৈ স্থগিত

বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধন উঠাই লোৱাৰ দাবীকে ধৰি অন্যান্য বিষয়ত আলোচনাৰ দাবীৰে বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি সংসদৰ উভয় সদনৰ কামকাজ ব্যাহত হয়। লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ ১২ বজালৈ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত পুনৰ ১ বজালৈ স্থগিত ৰখা হয়। ৰাজ্যসভাও প্ৰথমে দুপৰীয়া ১২ বজালৈ আৰু পাছত দিনৰ ২ বজালৈ স্থগিত ৰখা হয়। কাৰ্যক্ৰমণিকা প্ৰথমবাৰ বাবে স্থগিত ৰখাৰ পাছত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী পক্ষৰ সদস্যসকলে সদনৰ মজিয়ালৈ উটি আহি ধ্বনি দিবলৈ ...

July 28, 2025 5:35 PM

views 36

সাংসদ ডিম্পল যাদৱৰ বিৰুদ্ধে মৌলানা ছাজিদ ৰাছিদিৰ আপত্তিজনক মন্তব্যৰ বাবে এন ডি এৰ সাংসদসকলৰ সংসদ ভৱনৰ চৌহদত প্ৰতিবাদী কাৰ্যসূচী

সৰ্বভাৰতীয় ইমাম সংস্থাৰ সভাপতি মৌলানা ছাজিদ ৰাছিদিয়ে সমাজবাদী পাৰ্টীৰ সাংসদ ডিম্পল যাদৱৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাক লৈ এন ডি এৰ সাংসদসকলে আজি সংসদ ভৱন চৌহদত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এন ডি এৰ সাংসদসকলে হাতে হাতে প্লাকার্ড লৈ কয়, যে সভাপতিগৰাকীৰ মন্তব্যই সকলো মহিলাকে অপমানিত কৰিছে আৰু এনে অপমান দেশে কেতিয়াও সহ্য নকৰে। লোক জনশক্তি পাৰ্টীৰ সাংসদ সম্ভাৱি চৌধুৰীয়ে সাংবাদিকৰ আগত কয়, যে এন ডি এ চৰকাৰে মহিলাৰ সন্মান আৰু মৰ্যাদাক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়ে।

July 28, 2025 5:28 PM

views 24

উত্তৰ প্ৰদেশৰ বাৰাবাংকিৰ ঔছনেশ্বৰ মহাদেৱ মন্দিৰৰ এখন টিঙৰ চালিত বৈদ্যুতিক তাঁৰ পৰি যোৱাৰ ফলত সৃষ্টি হোৱা ঠেলাহেঁচাত কমেও ২জন লোকৰ মৃত্যুৰ লগতে ১৭ জন লোক আহত

উত্তৰ প্ৰদেশৰ বাৰাবাংকিৰ ঔছনেশ্বৰ মহাদেৱ মন্দিৰৰ এখন টিঙৰ চালিত বৈদ্যুতিক তাঁৰ পৰি যোৱাৰ ফলত সৃষ্টি হোৱা ঠেলাহেচাত কমেও দুজন লোকৰ মৃত্যু হোৱাৰ লগতে ১৭ জন লোক আহত হয়। পৱিত্ৰ শাওণ মাহৰ আজি তৃতীয়টো সোমবাৰৰ দিনা ভক্তসকলে মন্দিৰত দৰ্শনৰ বাবে শাৰী পাতি থকাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে এই ঘটনাত শোক প্ৰকাশ কৰিছে। তেওঁ আহতসকলৰ প্ৰয়োজনীয় চিকিৎসা নিশ্চিত কৰিবলৈ বিষয়াসকলক নির্দেশ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে নিহতকেইজনৰ নিকতাত্মীয়লৈ পাঁচ লাখ টকাৰ এককালী...