June 11, 2025 5:56 PM June 11, 2025 5:56 PM

views 43

চৰকাৰে আত্মনিৰ্ভৰশীল ভাৰতৰ ভেটি গঢ়ি আছেঃ প্ৰধানমন্ত্ৰী

ভৱিষ্যত প্ৰজন্মৰ আন্তঃগাঁথনিৰ বাবে ভাৰতৰ প্ৰয়াস স্থায়ী আৰু দীৰ্ঘকালীন দৃষ্টিভংগীৰে পৰিচালিত বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্রী মোদীয়ে আজি সামাজিক মাধ্যমযোগে কয়, যে চৰকাৰে আত্মনিৰ্ভৰশীল ভাৰতৰ ভেটি গঢ়ি আছে। তেওঁ কয়, যে আন্তঃগাঁথনি বিপ্লৱৰ ১১ টা বছৰ সম্পূৰ্ণ হৈছে আৰু এই সময়ছোৱাত বিশ্বমানৰ আন্তঃগাঁথনি বিকশাই তোলা হৈছে। ইয়াৰ ফলত দেশৰ বিকাশ ত্বৰান্বিত হৈছে বুলি তেওঁ মন্তব্য কৰে। শ্ৰী মোদীয়ে কয়, যে ৰে'লপথৰ পৰা ঘাইপথলৈ, বন্দৰৰ পৰা বিমান বন্দৰলৈ ভাৰতৰ দ্ৰুত বিকাশশীল বুনিয়াদ...

June 10, 2025 9:27 PM June 10, 2025 9:27 PM

views 21

ইছলামাবাদক আন্তঃসীমা সন্ত্ৰাসবাদৰ ক্ষেত্ৰত সহযোগিতা আগ নবঢ়াবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ সঁকিয়নি

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ইছলামাবাদক আন্তঃসীমা সন্ত্ৰাসবাদৰ ক্ষেত্ৰত সহযোগিতা আগ নবঢ়াবলৈ সঁকিয়াই দিছে। তেওঁ লগতে কয়, যে শেহতীয়াকৈ পেহেলগামত হোৱা আক্ৰমণৰ দৰে পাকিস্তানে যদি কোনো ধৰণৰ প্ৰৰোচনাত পৰি ভাৰতক পুনৰ আক্ৰমণ কৰাৰ চেষ্টা কৰে, তেন্তে ভাৰতে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব। মন্ত্ৰীজনে আমেৰিকাৰ এখন ডিজিটেল বাতৰি কাকতৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত এইদৰে প্ৰকাশ কৰে। ড০ জয়শংকৰে লগতে কয়, যে চীনে পাকিস্তানৰ সৈতে থকা আত্মীয়তাৰ আঁৰত সন্ত্ৰাসবাদৰ পোষকতা কৰিব নোৱাৰে। তেওঁ লগতে কয়, যে সন্ত্...

June 10, 2025 8:38 PM June 10, 2025 8:38 PM

views 8

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাক মহাকাশলৈ কঢ়িয়াই নিব লগা AXIOM-4 অভিযান বেয়া বতৰৰ পৰিপ্ৰেক্ষিতত সাময়িকভাৱে পিছুৱাই দিয়া হৈছে

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাক মহাকাশলৈ কঢ়িয়াই নিব লগা AXIOM-4 অভিযান বেয়া বতৰৰ পৰিপ্ৰেক্ষিতত সাময়িকভাৱে পিছুৱাই দিয়া হৈছে। ভাৰতীয় সময় অনুসৰি কাইলৈ সন্ধিয়া ৫.৩০ বজাত মহাকাশযানৰ উৎক্ষেপনৰ সময় নিৰ্ধাৰণ কৰা হৈছে। সামাজিক মাধ্যমৰ এটা পোষ্টত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, ইছৰ'ৰ অধ্যক্ষ ভি নাৰায়ণনে এই কথা প্ৰকাশ কৰে। এই অভিযানত ভাৰতৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰ, প’লেণ্ড আৰু হাংগেৰীৰ একোগৰাকীকৈ মহাকাশচাৰী আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ উৰা মাৰিব। অভিযানকালত ভাৰতৰ শুভাংশু শুক্লাৰ লগতে আমেৰি...

June 10, 2025 8:21 PM June 10, 2025 8:21 PM

views 43

অসমৰ ৯ খন জিলাৰ ২১টা ৰাজহচক্ৰৰ ১ লাখ ৩৮ হাজাৰৰো অধিক লোক বৰ্তমানলৈকে বানৰ কবলত

অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে। অৱশ্যে ৯ খন জিলাৰ ২১টা ৰাজহচক্ৰৰ ১ লাখ ৩৮ হাজাৰৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। বানত আজি শ্রীভূমি জিলাত এজন লোকৰ মৃত্যু হয়। উল্লেখযোগ্য যে ৰাজ্যখনত বছৰৰ প্ৰথমটো বান আৰু ভূমিস্খলনত এতিয়ালৈকে ২৮ জন লোকে প্ৰাণ হেৰুৱাইছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে বানপীড়িত অঞ্চলত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্রাধীকৰণৰ তথ্য অনুসৰি এতিয়াও ৪৩ টা আশ্রয় শিবিৰত ছহেজাৰৰো অধিক লোকে আশ্রয় গ্রহণ কৰি আছে। ৰাজ্যখনৰ নদীসমূহ বৰ্তমা...

June 10, 2025 8:16 PM June 10, 2025 8:16 PM

views 12

কেন্দ্ৰই পাকিস্তানৰ গোলাবর্ষণত ক্ষতিগ্ৰস্ত ২,০৬০ টা বাসগৃহ পুনৰ নিৰ্মাণৰ বাবে ২৫ কোটি টকাৰ অতিৰিক্ত পুঁজি মুকলি কৰিব

কেন্দ্ৰীয় চৰকাৰে দেশৰ সীমান্ত অঞ্চলসমূহত পাকিস্তানৰ গোলাবর্ষণত ক্ষতিগ্ৰস্ত ২,০৬০ টা বাসগৃহ পুনৰ নিৰ্মাণৰ বাবে ২৫ কোটি টকাৰ অতিৰিক্ত পুঁজি মুকলি কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্পূৰ্ণৰূপে ক্ষতিগ্রস্ত প্ৰতিটো ঘৰৰ বাবে ২ লাখ টকাকৈ আৰু আংশিকভাৱে ক্ষতিগ্ৰস্ত প্ৰতিটো ঘৰৰ বাবে ১ লাখ টকাকৈ অতিৰিক্ত ক্ষতিপূৰণৰ কথা ঘোষণা কৰা বুলি গৃহ পৰিক্ৰমা মন্ত্ৰ্যালয়ে এটা বিবৃতিযোগে জানিবলৈ দিছে। মন্ত্ৰালয়ে প্রকাশ কৰা অনুসৰি এই সিদ্ধান্ত ক্ষিপ্ৰতাৰে কাৰ্যকৰী হোৱাটো নিশ্চিত কৰা হ'ব। পঞ্জাব সীমান্তৰ ক্ষতিগ্ৰস্...

June 10, 2025 8:03 PM June 10, 2025 8:03 PM

views 9

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত আশাৰ কিৰণ হিচাপে পৰিগণিত হৈছেঃ গজেন্দ্র সিং শেখাৱট

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত আশাৰ কিৰণ হিচাপে পৰিগণিত হৈছে বুলি কেন্দ্ৰীয় সংস্কৃতি মন্ত্রী গজেন্দ্র সিং শেখাৱটে প্রকাশ কৰিছে। মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে চেন্নাইত আজি সংবাদ মাধ্যমৰ আগত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰত এখন নিৰাশাৰ ৰাষ্ট্ৰৰ পৰা উজ্বল ভৱিষ্যতলৈ ৰূপান্তৰিত হৈছে। তেওঁ কয়, যে যোৱা ১১ বছৰত দেশৰ পৰা দৰিদ্ৰতা নিৰ্মূল কৰা হৈছে আৰু ভাৰতে সেৱা, সুশাসন আৰু জনসাধাৰণৰ কল্যাণৰ জৰিয়তে অমৃতকালত প্ৰৱেশ কৰাৰ দিশত উন্নয়নৰ নতুন যাত্ৰা আৰম্ভ কৰিছে।

June 10, 2025 7:56 PM June 10, 2025 7:56 PM

views 15

বিজ্ঞানীসকলক সহযোগিতাৰে কাম কৰিবলৈ কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানৰ আহ্বান

কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে কয়, যে বিজ্ঞানী, উদ্ভাৱক আৰু নীতি নির্মাতাসকলে একেলগ হৈ দুৰ্বল আৰু পিছপৰা শ্ৰেণীৰ সৱলীকৰণৰ ক্ষেত্ৰত এটা পৰিস্থিতিতন্ত্ৰ গঠনৰ বাবে এয়াই হৈছে উপযুক্ত সময়। হায়দাবাদত যুৱ বিজ্ঞানীসকলৰ আন্তঃৰাষ্ট্ৰীয় সমাৰোহ তথা গ্ল'বেল ইয়ং একাডেমীৰ বাৰ্ষিক সাধাৰণ বৈঠকত অংশ লৈ শ্ৰী প্ৰধানে বিজ্ঞানীসকলক সহযোগিতাৰে কাম কৰিবলৈ আহ্বান জনায়। ভাৰতীয় সভ্যতাৰ পৰম্পৰাত আলোকপাত কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে বসুধৈৱ কুটুম্বকম-এখন পৃথিৱী এটা পৰিয়াল আৰু এটা ভৱিষ্যৎ কেৱল...

June 10, 2025 7:52 PM June 10, 2025 7:52 PM

views 9

উজবেকিস্তানৰ তাছখণ্ডত ১৯ বছৰ অনুৰ্ধৰ কাৱা ভলিবল চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ বাবে ভাৰতীয় পুৰুষ দল সাজু

উজবেকিস্তানৰ তাছখণ্ডত আজিৰে পৰা হ'বলগীয়া ১৯ বছৰ অনুৰ্ধৰ কাৱা ভলিবল চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ বাবে ভাৰতীয় পুৰুষ দলটো সাজু হৈছে। ভাৰতে আজি প্ৰথমখন খেলত ইৰানৰ বিৰুদ্ধে আৰু কাইলৈ কিৰগিজস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ছিনিয়ৰ পুৰুষ ৰাষ্ট্ৰীয় দলৰ প্ৰশিক্ষক ছাৰ্বিয়াৰ ড্রাগন মিহাইল'ভিকে ১৯ বছৰ অনুৰ্ধৰ দলটোকো প্ৰশিক্ষণ দিছে। মধ্য এছিয়া ভলীবল এছ'চিয়েছন ছেম্পিয়নশ্বিপ, কাৱা হৈছে এই খণ্ডৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যুৱ ভলীবল প্ৰতিযোগিতা। ইয়াত ইৰান, উজবেকিস্তান আৰু কিৰগিজস্তানৰ দৰে শক্তিশালী দলসমূহে অংশগ্রহণ ক...

June 10, 2025 7:19 PM June 10, 2025 7:19 PM

views 14

ভাৰতে কোনো ধৰণৰ সন্ত্ৰাসবাদী কার্যকলাপ সহ্য নকৰেঃ নিত্যানন্দ ৰায়

ভাৰতে কোনো ধৰণৰ সন্ত্ৰাসবাদী কার্যকলাপ সহ্য নকৰে আৰু সন্ত্ৰাসবাদ দমনৰ বাবে কঠোৰ ব্যৱস্থা অব্যাহত ৰাখিব বুলি কেন্দ্ৰীয় গৃহ পৰিক্ৰমা ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে প্ৰকাশ কৰিছে। পেহেলগামৰ সন্ত্রাসবাদী আক্রমণক বৰ্বৰ কাৰ্য বুলি অভিহিত কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে অপাৰেচন সিন্দুৰৰ জৰিয়তে ভাৰতে পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিলে আৰু দেশখনত থকা সন্ত্ৰাসবাদীৰ ঘাটিসমূহ ধংস কৰিলে। মন্ত্ৰী ৰায়ে নতুন দিল্লীত আজি ৰাষ্ট্ৰীয় সুৰক্ষা গাৰ্ডৰ আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্র উদ্বোধন কৰি এইদৰে কয়। সন্ত্ৰাসবাদক বিশ্বজ...

June 10, 2025 7:15 PM June 10, 2025 7:15 PM

views 21

১১ বছৰত ভাৰতৰ প্ৰতিৰক্ষা খণ্ডই ঐতিহাসিক পৰিৱৰ্তনৰ দিশে ধাবিত হৈছেঃ ৰাজনাথ সিঙ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১১ বছৰত ভাৰতৰ প্ৰতিৰক্ষা খণ্ডই ঐতিহাসিক পৰিৱৰ্তনৰ দিশে ধাবিত হৈছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রী সিঙে কয়, যে প্রধানমন্ত্ৰীৰ নেতৃত্বত সীমান্ত শক্তিশালী হোৱাৰ উপৰি সশস্ত্র বাহিনীৰ আধুনিকীকৰণ, স্থানীয় ভাবে নির্মিত অস্ত্ৰ, প্ৰতিৰক্ষা উৎপাদনৰ ৰপ্তানিৰ অভিলেখ আৰু বিশ্বজোৰা আস্থা দেশবাসীয়ে দেখিবলৈ পাইছে। এই সময়ছোৱাত প্ৰতিৰক্ষা খণ্ড আত্মনিৰ্ভৰশীল হৈ উঠা বুলিও শ্ৰী সিঙে প্ৰকাশ কৰে।