July 28, 2025 9:25 PM

views 20

সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্য্যৰ আজি ওপজা দিন

দেশ বুলিলে আদেশ নালাগে বুলি কোৱা, প্ৰতিটো কাম প্ৰতিটো চিন্তাৰে স্বদেশৰ শ‍ইচ সোণোৱালী ভৱিষ্যতৰ সপোন ৰচা, সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্য্যৰ আজি ওপজা দিন। মৃত্যুৰ মাজতো শৈল্পিক ৰূপৰ সন্ধান কৰা কবিগৰাকীৰ কবিতাত সাৱলীল ৰূপত মূৰ্ত হৈছিল শাশ্বত প্ৰেম, বিপ্লৱ, বঞ্চিতজনৰ হাহাকাৰ, আবেগ, প্ৰকৃতি আৰু জীৱনৰ অপাৰ ৰহস্যময়তা। অসমীয়া ভাষাত ১৩ খন কাব্যগ্ৰন্থ আৰু বঙালী ভাষাত দুখনকৈ কাব্যপুথি অনুদিত হোৱা কবিগৰাকীৰ ১৯৯২ চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত হৈছিল। প্ৰেম আৰু ৰ'দালিৰ কবি বুলিও পৰিচিত কবিগৰাকীৰ কব...

July 28, 2025 9:23 PM

views 34

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অঞ্জনমণি কলিতা আৰু ৰাজেশ মজুমদাৰ, ন্যায়িক বিষয়া প্ৰাঞ্জল দাস আৰু সঞ্জীৱ কুমাৰ শৰ্মাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অঞ্জনমণি কলিতা আৰু ৰাজেশ মজুমদাৰ, ন্যায়িক বিষয়া প্ৰাঞ্জল দাস আৰু সঞ্জীৱ কুমাৰ শৰ্মাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা প্রকাশ কৰিছে।

July 28, 2025 9:18 PM

views 31

ফিডে মহিলা বিশ্বকাপত খিতাপ দখল কৰা ভাৰতীয় দবা খেলুৱৈ দিব্যা দেশমুখ আৰু প্ৰতিযোগিতাৰ ৰাণাৰ আপ কনেৰু হাম্পিক ৰাষ্ট্ৰপতি মুর্মুৰ অভিনন্দন জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে ফিডে মহিলা বিশ্বকাপত খিতাপ দখল কৰা ভাৰতীয় দবা খেলুৱৈ দিব্যা দেশমুখ আৰু প্ৰতিযোগিতাৰ ৰাণাৰ আপ কনেৰু হাম্পিক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমতী মুৰ্মুৱে ১৯ বছৰ বয়সত এই খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা দবা খেলুৱৈ হিচাপে বিবেচিত হোৱা দিব্যাৰ শলাগ লয়। শ্ৰীমতী মুৰ্মুৱে কনেৰু হাম্পিকো উন্নত প্ৰদৰ্শনৰ বাবে অভিনন্দন জ্ঞাপন কৰে। এই দুয়োগৰাকী খেলুৱৈয়ে ভৱিষ্যতেও দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰিব বুলি শ্রীমতী মুৰ্ম...

July 28, 2025 9:12 PM

views 25

ফিডে মহিলা বিশ্বকাপত ভাৰতৰ দিব্যা দেশমুখৰ খিতাপ অৰ্জন

ফিডে মহিলা বিশ্বকাপত ভাৰতৰ দিব্যা দেশমুখে খিতাপ অৰ্জন কৰিছে। জর্জিয়াৰ বাটুমিত অনুষ্ঠিত প্রতিযোগিতাৰ ফাইনেলত দিব্যা দেশমুখে স্বদেশৰেই কনেৰু হাম্পিক পৰাভূত কৰি খিতাপ দখল কৰে। তিনিদিন ধৰি চলা খেলখনত দিব্যাই টাই ব্ৰেকাৰৰ সহায়ত ২.৫১.৫ ফলাফলত জয়লাভ কৰে। কালি আৰু পৰহি হোৱা ফাইনেল খেল দুখন ড্র' হোৱাৰ পাছত টাই ব্ৰেকাৰৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

July 28, 2025 9:08 PM

views 16

BSNL-এ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ তৃতীয় আৰু চতুৰ্থ ত্রিমাসিকত একেৰাহে ২৬০ কোটি আৰু ২৮০ কোটি টকাৰ লাভ পঞ্জীয়ন

ভাৰত সঞ্চাৰ নিগম লিমিটেড - BSNL-এ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ তৃতীয় আৰু চতুৰ্থ ত্রিমাসিকত একেৰাহে ২৬০ কোটি আৰু ২৮০ কোটি টকাৰ লাভ পঞ্জীয়ন কৰিছে। নতুন দিল্লীত অনুষ্ঠিত বি এছ এন এলৰ মুখ্য মহা-প্ৰৱন্ধকৰ উচ্চ পৰ্য্যায়ৰ প্ৰথমখন পৰ্য্যালোচনা বৈঠকত অধ্যক্ষতা কৰি কেন্দ্ৰীয় যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই এইদৰে কয়। বি এছ এন এলৰ সহযোগত দূৰসংযোগ বিভাগে আয়োজন কৰা এই বৈঠকত দূৰসংযোগৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ২০২৪-২৫ বৰ্ষত অভিলেখ পৰিমাণৰ ধন বিনিয়োগ কৰা বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে কয়...

July 28, 2025 9:05 PM

views 15

অপাৰেচন মহাদেৱৰ অধীনত শ্ৰীনগৰৰ হাৰৱানৰ লিডৱাছ অঞ্চলত সেনাবাহিনৰ সৈতে হোৱা সংঘৰ্ষত ৩ গৰাকী সন্ত্ৰাসবাদী নিহত

অপাৰেচন মহাদেৱৰ অধীনত শ্ৰীনগৰৰ হাৰৱানৰ লিডৱাছ অঞ্চলত আজি সেনাবাহিনৰ সৈতে হোৱা সংঘৰ্ষত তিনিগৰাকী সন্ত্ৰাসবাদী নিহত হয়। সামাজিক মাধ্যম এক্স হেণ্ডেলত সেনা বাহিনীয়ে এই কথা সদৰী কৰে। উল্লেখযোগ্য যে, যোৱা ২২ এপ্ৰিলত পেহেলগামত হোৱা আক্ৰমণৰ ঘটনাত এই তিনি গৰাকী সন্ত্রাসবাদী জড়িত আছিল। কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শকে আকাশবাণীৰ শ্ৰীনগৰৰ সংবাদাতাক জনোৱা অনুসৰি, নিহত সন্ত্রাসবাদীকেইজনক চিনাক্ত কৰা হৈছে আৰু পৰৱৰ্তী সময়তো এই অভিযান চলি থাকিব।

July 28, 2025 8:55 PM

views 19

ড০ শ্যামা প্রসাদ মুখাৰ্জীৰ ১২৫ সংখ্যক জয়ন্তীৰ সৈতে সংগতি ৰাখি গুৰু উদ্যোগ মন্ত্রালয়ৰ বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন

ড০ শ্যামা প্রসাদ মুখাৰ্জীৰ ১২৫ সংখ্যক জয়ন্তীৰ সৈতে সংগতি ৰাখি গুৰু উদ্যোগ মন্ত্রালয়ে আজি নতুন দিল্লীত এখন বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় গুৰু উদ্যোগ ৰাজ্য মন্ত্ৰী ভূপতি ৰাজু শ্ৰীনিৱাস বাৰ্মাই সংবিধান সভাৰ এগৰাকী সদস্য আৰু পৰৱৰ্তী সময়ত কেন্দ্ৰীয় উদ্যোগ আৰু যোগান মন্ত্ৰী হিচাপে ড০ মুখাৰ্জীৰ প্ৰধান ভূমিকা আৰু অৱদান সন্দৰ্ভত আলোকপাত কৰে। ভাৰতৰ ঔদ্যোগিক খণ্ড আৰু প্রতিষ্ঠানগত উন্নয়নৰ বাবে প্ৰয়াত মুখাৰ্জীৰ মৌলিক অৱদান সন্দৰ্ভতো তেওঁ মন্তব্য আগবঢ়ায়। ড০ মুখার্জীক এগৰাকী...

July 28, 2025 8:13 PM

views 28

বিভিন্ন বিষয় লৈ বিৰোধীয়ে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যসভাৰ কাম-কাজ দিনটোৰ বাবে স্থগিত

বিভিন্ন বিষয় লৈ বিৰোধীয়ে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি ৰাজ্যসভাৰ কাম-কাজ দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। পূৰ্বে ৰাজ্যসভাৰ কাম-কাজ দ্বিতীয়বাৰৰ বাবে স্থগিত ৰখাৰ পাছত দিনৰ ২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত প্রিজাইডিং বিষয়া ভুবনেশ্বৰ কলিতাই সমুদ্র পথেৰে সামগ্ৰী পৰিবহণ বিধেয়ক-২০২৫ বিবেচনা আৰু গৃহীত কৰাৰ বাবে উত্থাপনৰ প্ৰয়াস কৰে আৰু উত্থাপন কৰে যদিও বিৰোধীসকলে তেওঁলোকৰ প্ৰতিবাদ অব্যাহত ৰাখে। এনে হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সভাপতিয়ে সদনৰ কাম-কাজ দিনটোৰ বাবে স...

July 28, 2025 8:06 PM

views 39

লোকসভাত আজি অপাৰেচন সিন্দূৰ সন্দৰ্ভত বিশেষ আলোচনা

লোকসভাত আজি পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতৰ শক্তিশালী, সফল আৰু নির্ণায়ক অভিযান - অপাৰেচন সিন্দূৰ সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হয়। এই আলোচনাৰ পাতনি মেলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, যে অপাৰেচন সিন্দূৰ কেৱল এটা সামৰিক অভিযানেই নাছিল, বৰং ই হৈছে ভাৰতৰ সাৰ্বভৌমত্ব, পৰিচয় তথা জনসাধাৰণৰ প্ৰতি চৰকাৰৰ দায়িত্ব আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ নীতিৰ ফলপ্ৰসূ আৰু নিৰ্ণায়ক প্ৰদর্শন। শ্রীসিঙে কয়, যে জম্মু-কাশ্মীৰৰ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতেই আৰম্ভ কৰা অপাৰেচন সিন্...

July 28, 2025 7:58 PM

views 31

উচ্চতম ন্যায়ালয় বিহাৰত নিৰ্বাচন আয়োগে চলাই থকা ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনীৰ অধীনত অহা ১ আগষ্টত খচৰা ভোটাৰ তালিকা প্রকাশত নিষেধাজ্ঞা আৰোপ কৰিবলৈ অমান্তি

উচ্চতম ন্যায়ালয় বিহাৰত নিৰ্বাচন আয়োগে চলাই থকা ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনীৰ অধীনত অহা ১ আগষ্টত খচৰা ভোটাৰ তালিকা প্রকাশত নিষেধাজ্ঞা আৰোপ কৰিবলৈ অমান্তি হৈছে। ন্যায়াধীশ সূৰ্য্যকান্ত আৰু জয়মালা বাগ্‌ছীক লৈ গঠিত খণ্ড আদালতে কয়, যে আধাৰ কাৰ্ড আৰু ভোটদাতাৰ পৰিচয় পত্রকো এই সংশোধনীত নথি হিচাপে গ্ৰহণ কৰিবলৈ যোৱা ১০ জুলাইত আদালতে দিয়া নিৰ্দেশৰ জৰিয়তে আবেদনকাৰীৰ যুক্তিক ঔচিত্য প্ৰদান কৰা হৈছে। খণ্ড আদালতে ভোটাৰ তালিকা প্ৰকাশৰ ক্ষেত্ৰত কোনো আইন ভংগ হ'লে ইয়াক নাকচ কৰা হ'ব বুলিও স্পষ্ট কৰি ...