December 4, 2025 7:05 PM December 4, 2025 7:05 PM

views 12

নামনি অসমৰ ঠাই বিশেষে আজি মহোহো বা মহ খেদা উৎসৱ পালন

নামনি অসমৰ ঠাই বিশেষে আজি মহোহো বা মহ খেদা উৎসৱ পালন কৰা হ'ব। আঘোণ মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ পালন কৰা হয়। এই উপলক্ষে গধূলি গাঁৱৰ চেমনীয়াসকলে হাতত লাঠি লৈ চোতালত ঘূৰি ঘূৰি বিভিন্ন প্ৰক্ৰিয়াৰে মহ খেদা গীত গাই গৃহস্থৰ কুশল-মংগল কামনা কৰে আৰু আশীৰ্বাদ দিয়ে। লোকবিশ্বাস মতে মহ খেদাৰ পাছত লাহে লাহে মহবোৰ কমি যায়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মহোহো উপলক্ষে জনসাধাৰণক ওলগ জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত সকলোৰে কুশল- মংগল প্ৰাৰ্থনা কৰিছে।

December 4, 2025 7:01 PM December 4, 2025 7:01 PM

views 5

পুৰী মহোৎসৱৰ আজি সামৰণি

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য অৱদান আৰু সৃষ্টি সম্ভাৰক বিশ্বজনীন কৰাৰ প্ৰয়াসেৰে কালিৰে পৰা ওড়িশাৰ পুৰীত অনুষ্ঠিত পুৰী মহোৎসৱৰ আজি সামৰণি পৰিছে। দুদিনীয়া এই মহোৎসৱত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শন, মতবাদ আৰু কৃষ্টি-সংস্কৃতিক বিশ্বৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰা হয়। আজি অনুষ্ঠিত পালনামত অসমৰ কেইবাটাও দলে অংশগ্ৰহণ কৰে। কালি পুৰীৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰ প্ৰাংগণত বৰপেটা সত্ৰৰ চম্পক দাসৰ জাগৰণৰ গীত পৰিৱেশনেৰে মহোৎসৱ শুভাৰম্ভ কৰা হয়। পুৱাৰ প্ৰসংগ সংগীত- নাটক একাডেমী বঁটাপ্রাপক ৰাজ্যৰ বিশিষ্ট সত্ৰ...

December 4, 2025 6:58 PM December 4, 2025 6:58 PM

views 10

নগাঁও জিলা প্ৰশাসনে কাইলৈ ৰূপহীহাট থানাৰ অন্তৰ্গত ভকতগাঁৱত উচ্ছেদ অভিযান চলাব

নগাঁও জিলা প্ৰশাসনে ৰূপহীহাট থানাৰ অন্তৰ্গত ভকতগাঁৱত কাইলৈ উচ্ছেদ অভিযান চলাব। উচ্ছেদ অভিযানৰ বাবে ইতিমধ্যে জিলা প্রশাসনে যাৱতীয় প্রস্তুতি সম্পূৰ্ণ কৰিছে। প্ৰশাসনে প্রায় ৩৮ বিঘা ভূমিত থকা ৭৫টা পৰিয়ালৰ বাসগৃহত উচ্ছেদ চলাব। জিলা প্রশাসনে দখলকাৰীলৈ প্ৰেৰণ কৰা জাননীৰ সময়সীমা কালি উকলি গৈছে। উল্লেখযোগ্য যে দখলকাৰী পৰিয়ালসমূহক ১৫ দিনৰ ভিতৰত দখলীকৃত ভূমি খালী কৰিবলৈ জাননী প্ৰেৰণ কৰা হৈছিল। জাননী পোৱাৰ পাছতে একাংশ পৰিয়ালে সেই ঠাই এৰি আঁতৰি গৈছে। কালি ৰূপহীহাট আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ এটা দলে ...

December 4, 2025 6:57 PM December 4, 2025 6:57 PM

views 8

অসম ৰাজ্যিক মহিলা আয়োগক সক্ৰিয় কৰাৰ লক্ষ্যৰে অধ্যক্ষ আঙুৰলতা ডেকাৰ নেতৃত্বত উলিওৱা সজাগতামূলক মটৰ চাইকেল সমদল আজি বৰপেটাত উপস্থিত হয়

মহিলাসকলক সমস্যা সমাধানৰ ক্ষেত্ৰত অসম ৰাজ্যিক মহিলা আয়োগক সক্ৰিয় কৰি তোলাৰ লক্ষ্যৰে আয়োগৰ অধ্যক্ষ আঙুৰলতা ডেকাৰ নেতৃত্বত উলিওৱা সজাগতামূলক মটৰ চাইকেল সমদল আজি বৰপেটাত উপস্থিত হয়। দুপৰীয়া দলটো জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছত জিলা প্ৰশাসন, আৰক্ষী আৰু জিলা মহিলা আয়োগৰ বিষয়ববীয়াই তেওঁলোকক শুভেচ্ছা জনায়। ইয়াৰ পাছতে অনুষ্ঠিত এখন সভাত বৰপেটা জিলাত মহিলা আয়োগৰ কামকাজ কাজ পর্যালোচনা কৰা হয়। তদুপৰি জিলাখনত মহিলাৰ বিৰুদ্ধে অপৰাধ, নির্যাতন আদি ব্যৱস্থা সম্পৰ্কেও পর্যালোচনা কৰা হয়। আ...

December 4, 2025 6:48 PM December 4, 2025 6:48 PM

views 7

তামুলপুৰত ৩৫ হাজাৰ ৪৩ গৰাকী আত্মসহায়ক গোটৰ মহিলাক মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ চেক বিতৰণ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি তামুলপুৰত ৩৫ হাজাৰ ৪৩ গৰাকী আত্মসহায়ক গোটৰ মহিলাক মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। জিলাখনৰ পথালিকুছিত এই উপলক্ষে আয়োজিত অনুষ্ঠানত বি টি আৰৰ মুৰববী হাগ্ৰামা মহিলাৰি আৰু বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী উপস্থিত থাকে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মহিলাসকলৰ সবলীকৰণৰ জৰিয়তে গ্রাম্য অর্থনীতি শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। তেওঁ মহিলাসকলক উদ্যমিতা পুঁজিৰ ধনৰাশিৰ সঠিক ব্যৱহাৰ কৰি উপকৃত হ...

December 4, 2025 6:42 PM December 4, 2025 6:42 PM

views 9

ৰাজ্যত অহা ৬ মাহৰ ভিতৰত যোৰহাট-ডিব্ৰুগড় সংযোগী পথৰ মেৰামতিৰ কাম কৰা হ’বঃ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী

ৰাজ্যত অহা ৬ মাহৰ ভিতৰত যোৰহাট-ডিব্ৰুগড় সংযোগী পথৰ মেৰামতিৰ কাম কৰা হ'ব বুলি কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰকাশ কৰিছে। লোকসভাত আজি শূন্যকালত সাংসদ গৌৰৱ গগৈয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে সদৰি কৰে। তেওঁ লগতে শিৱসাগৰৰ পৰা ডিব্ৰুগড়লৈ চাৰিটা লেনযুক্ত পথ সম্প্ৰসাৰণৰ কামো শীঘ্ৰে আৰম্ভ হ'ব বুলি উল্লেখ কৰে। পথছোৱা সম্প্ৰসাৰণৰ ক্ষেত্ৰত অনিয়ম হোৱাৰ কথা স্বীকাৰ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট ঠিকাদাৰৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সদনক জানিবল...

December 4, 2025 6:32 PM December 4, 2025 6:32 PM

views 18

২৩ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিন আজি নতুন দিল্লীলৈ আহিব

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিন ২৩ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি নতুন দিল্লীলৈ আহিব। এই দুদিনীয়া ভ্ৰমণসূচীৰ অংশ হিচাপে ৰাষ্ট্ৰপতি পুটিনে কাইলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বার্থ জড়িত বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় সন্দৰ্ভত আলোচনা কৰিব। ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণৰ সময়ত বাণিজ্য, অর্থনীতি, স্বাস্থ্য যতন, শিক্ষা সংস্কৃতি আদিকে ধৰি বিভিন্ন খণ্ডত কেইবাখনো বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰপত...

December 4, 2025 6:28 PM December 4, 2025 6:28 PM

views 5

যোৱা কেইটামান বছৰত উত্তৰ-পূৰ্বাঞ্চল দেশৰ উন্নয়নৰ কেন্দ্ৰবিন্দুৰূপে পৰিগণিত হৈছেঃ সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৱা কেইটামান বছৰত উত্তৰ-পূৰ্বাঞ্চল দেশৰ উন্নয়নৰ কেন্দ্ৰবিন্দুৰূপে পৰিগণিত হোৱা বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয়, যে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন নীতি আৰু আঁচনি ৰূপায়ণৰ ফলত অঞ্চলটোত যোগাযোগসহ বিভিন্ন ক্ষেত্ৰত দ্রুত উন্নয়ন হৈছে। বাণিজ্যিক বিমান বন্দৰৰ সম্প্ৰসাৰণ, ছেমি কণ্ডাক্টৰ, ৰে'লৱে আৰু অন্য খণ্ডসমূহক উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰগতিৰ মূল চালিকাশক্তি বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।...

December 4, 2025 6:27 PM December 4, 2025 6:27 PM

views 12

জল জীৱন অভিযানৰ অধীনত দেশৰ ১৫ কোটিৰো অধিক পৰিয়ালক নলযোগে খোৱা পানীৰ সংযোগ প্ৰদান কৰা হৈছে

জল জীৱন অভিযানৰ অধীনত দেশৰ ১৫ কোটিৰো অধিক পৰিয়ালক নলযোগে খোৱা পানীৰ সংযোগ প্ৰদান কৰা হৈছে। লোকসভাৰ প্রশ্নোত্তৰকালত আজি এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত জল শক্তি মন্ত্ৰী চি আৰ পাৰ্টিলে এই কথা প্ৰকাশ কৰি কয় যে ৪ কোটিৰো অধিক পৰিয়ালক বিশুদ্ধ খোৱা পানী যোগানৰ ব্যৱস্থা কৰি থকা হৈছে। তেওঁ কয় যে ২০১৯ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জল জীৱন অভিযান মুকলি কৰিছিল আৰু দেশৰ প্ৰতিটো বাসগৃহত নলযোগে খোৱা পানী যোগানৰ এয়া হৈছে অতি গুৰুত্বপূৰ্ণ প্ৰকল্প কেন্দ্ৰীয় চৰকাৰে এই আঁচনি ৰূপায়নৰ বাবে হিমালয় আৰু উত্তৰ-পূ...

December 4, 2025 6:26 PM December 4, 2025 6:26 PM

views 7

বিৰোধী পক্ষই তেওঁলোকে উত্থাপন কৰা বিষয়সমূহক লৈ আলোচনাৰ পৰা চৰকাৰে আঁতৰি ফুৰিছে বুলি অনা অভিযোগক খণ্ডন জে পি নাড্ডাৰ

বিৰোধী পক্ষই তেওঁলোকে উত্থাপন কৰা বিষয়সমূহক লৈ আলোচনা কৰাৰ পৰা চৰকাৰ আঁতৰি ফুৰিছে বুলি অনা অভিযোগ কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যসভাৰ নেতা জে পি নাড্ডাই খণ্ডন কৰিছে। কংগ্ৰেছ দলৰ সদস্য তথা ৰাজ্যসভাত বিৰোধী পক্ষৰ নেতা মল্লিকার্জুন খাগেই উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰত শ্ৰী নাড্ডাই আজি সদনত কয়, যে সংসদত যিকোনো বিষয় লৈ আলোচনা কৰিবলৈ চৰকাৰ সাজু আৰু ই বিৰোধীয়ে দাবী কৰা বিষয়সমূহক লৈ আলোচনা কৰাৰ পৰা আঁতৰি ফুৰা নাই। শ্ৰী নাড্ডাই লগতে সংসদৰ যোৱাবাৰৰ অধিৱেশনত চৰকাৰে আলোচনাৰ বাবে সময় নিৰ্ধাৰণ কৰি দিয়া ...