August 5, 2025 11:50 AM

views 29

বতৰৰ বতৰা-

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩২ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৫ ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে বিজুলী-ঢেৰেকনীৰ সৈতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি...

August 5, 2025 11:42 AM

views 31

আজি আলাবৈ ৰণ স্মৃতি দিৱস

● আজি আলাবৈ ৰণ স্মৃতি দিৱস। ১৬৬৯ চনৰ আজিৰ দিনটোতে আহোম আৰু মোগল সেনাৰ মাজত উত্তৰ গুৱাহাটীৰ সমীপৰ আলাবৈত এই যুদ্ধ সংঘটিত হৈছিল। ইতিহাসৰ পাতত অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হোৱা আলাবৈৰ ৰণত অসমৰ ১০ হাজাৰ সেনাই মৃত্যুবৰণ কৰিবলগীয়া হৈছিল। অসমীয়া সেনাৰ বীৰত্ব আৰু ত্যাগক সোঁৱৰণ কৰি প্ৰতিবছৰে আজিৰ এই দিনটোতে আলাবৈ ৰণ স্মৃতি দিৱস পালন কৰি অহা হৈছে। অসম চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ উদ্যোগত, কামৰূপ জিলা প্ৰশাসন আৰু শৰাইঘাট জাৰ্নেলিষ্ট ফ'ৰামৰ সহযোগত আজি এই দিৱস উদযাপনৰ আয়োজ...

August 4, 2025 8:44 PM

views 32

ভাৰতীয় আৰ্ছাৰী সন্থাই নতুন দিল্লীৰ যমুনা স্পোর্টছ কমপ্লেক্সত অহা অক্টোবৰ মাহত আৰ্ছাৰী লীগ প্রতিযোগিতা মুকলি কৰিব

ভাৰতীয় আৰ্ছাৰী সন্থাই নতুন দিল্লীৰ যমুনা স্পোর্টছ কমপ্লেক্সত অহা অক্টোবৰ মাহত আৰ্ছাৰী লীগ প্রতিযোগিতা মুকলি কৰিব। ১১ দিনৰ বাবে হ'বলগীয়া এই প্ৰতিযোগিতাত পুৰুষ আৰু মহিলাৰ ৰিকাৰ্ভ আৰু কম্পাউণ্ড শাখাত দেশৰ লগতে বিশ্বৰ শীৰ্ষস্থানীয় আৰ্ছাৰসকলে অংশ ল'ব। এই প্ৰতিযোগিতা বিশ্ব আৰ্ছাৰী, এছিয়াৰ বিশ্ব আৰ্ছাৰী আৰু ভাৰতৰ ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনত ছটা দলৰ সৈতে আৰম্ভ হ'ব। আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ ধনুবিদসকলৰ সংস্পৰ্শত ভাৰতীয় আৰ্ছাৰসকলৰ কৌশল উন্নত কৰাৰ উদ্দেশ্যৰে এই লীগ আৰম্ভ কৰা হ'ব।

August 4, 2025 8:31 PM

views 81

ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণৰ পাছত নেতাগৰাকীক তীব্ৰ সমালোচনা বিজেপিৰ

গালৱান সংঘৰ্ষৰ পাছত ভাৰতীয় সেনা বাহিনী সন্দৰ্ভত কৰা বিৰূপ মন্তব্যৰ পাছত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে এটা মানহানিৰ গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণৰ পাছত বিজেপিয়ে আজি নেতাগৰাকীক তীব্ৰ সমালোচনা কৰে। নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত বিজেপিৰ মুখপাত্ৰ গৌৰৱ ভাটিয়াই ৰাহুল গান্ধীৰ মন্তব্যক দুর্ভাগ্যজনক বুলি আখ্যা দিছে। তেওঁ কয় যে লোকসভাৰ বিৰোধী নেতাগৰাকীৰ দায়িত্বজ্ঞানহীন মন্তব্যই দেশৰ সাহসী সৈন্য বাহিনীৰ মনোবল হ্ৰাস কৰিছে।

August 4, 2025 8:26 PM

views 17

ফিলিপিনছৰ ৰাষ্ট্ৰপতি ফার্দিনান্দ ৰোমুঅ’লডেজ মাৰ্কোচ জুনিয়ৰ ৫ দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি নতুন দিল্লীত উপস্থিত

ফিলিপিনছৰ ৰাষ্ট্ৰপতি ফার্দিনান্দ ৰোমুঅ'লডেজ মাৰ্কোচ জুনিয়ৰ ৫ দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি নতুন দিল্লীত উপস্থিত হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে জানিবলৈ দিছে যে, ৰাষ্ট্ৰপতিগৰাকী নতুন দিল্লীত উপস্থিত হোৱাৰ পাছত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আদৰণি জনায়। ভাৰত আৰু ফিলিপিনছৰ মাজৰ কুটনৈতিক সম্বন্ধৰ ৭৫ বছৰ উদযাপনৰ সময়ত ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্রমণে দুয়োখন দেশৰ মাজৰ সম্বন্ধ আৰু অধিক সূদৃঢ় কৰিব।

August 4, 2025 8:20 PM

views 33

সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা আজি দিনটোৰ বাবে স্থগিত

সংসদৰ উভয় সদন আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। আজি পুৱা নতুন দিল্লীত দেহাৱসান ঘটা ঝাৰখণ্ড মুক্তি মৰ্চাৰ জ্যেষ্ঠ নেতা তথা সাংসদ শিবু চোৰেণৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছত ৰাজ্যসভাৰ কাম-কাজ স্থগিত ৰখা হয়। ইপিনে, বিৰোধী সাংসদসকলে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধন উঠাই লোৱাকে ধৰি অন্যান্য বিষয় লৈ হুলস্থুলীয়া পৰিবেশ অব্যাহত ৰখাৰ পৰিপ্ৰেক্ষিতত লোকসভাও স্থগিত ৰখা হয়। প্ৰথমবাৰ স্থগিত ৰখাৰ পাছত দিনৰ ২ বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী সাংসদসকলে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধন সম্পর্কে ...

August 4, 2025 8:08 PM

views 34

নগাঁৱৰ ছাপানলাৰ হদহদী জলপ্ৰপাতত গা ধুবলৈ গৈ এজন যুৱকৰ মৃত্যু

নগাঁও জিলাৰ ছাপানলাৰ হদহদী জলপ্ৰপাতত গা ধুবলৈ গৈ আজি পুৱা এজন যুৱকৰ মৃত্যু হয়। যুৱকজন নগাঁৱৰ লাওখোৱা ৰোডৰ ২১ বছৰীয়া ছনায়াম জৈন বুলি জানিব পৰা গৈছে। পুৱা গা ধুবলৈ গৈ যুৱকজন পানীত বুৰ যোৱাৰ পাছত এছ ডি আৰ এফৰ দলে ঘটনাস্থলীত উপস্থিত হৈ তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে।

August 4, 2025 8:04 PM

views 12

হোজাইত ভিন্ন সজাগতাৰে জিলা প্ৰশাসনৰ বিশেষ অভিযান ৰূপায়ণ

হোজাই জিলাত পথ সুৰক্ষাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ লগতে বাল্য বিবাহ, শিশু শ্ৰমিক আৰু মাদকদ্ৰব্যৰ বিৰুদ্ধে সজাগতাৰ সৃষ্টিৰ বাবে জিলা প্ৰশাসনে বিশেষ অভিযান ৰূপায়ণ কৰিছে। এই উপলক্ষে হোজাইৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত এখন বিশেষ বাহনৰ যাত্ৰাৰ শুভাৰম্ভ কৰা হয়। জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে এই যাত্ৰাৰ শুভাৰম্ভ কৰে।

August 4, 2025 7:51 PM

views 33

এআইইউডিএফৰ প্ৰতিনিধি দলৰ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আইন শৃংখলাৰ মহা পৰিদৰ্শক অখিলেশ সিঙক সাক্ষাৎ

উজনি অসমৰ কেইবাখনো জিলাত একাংশ দল-সংগঠনে বিশেষ সম্প্ৰদায়ৰ লোকৰ ওপৰত আতিশয্য চলোৱাৰ অভিযোগ তুলি আজি এ আই ইউ ডি এফৰ এটা প্ৰতিনিধি দলে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আইন শৃংখলাৰ মহা পৰিদৰ্শক অখিলেশ সিঙক সাক্ষাৎ কৰে। বিধায়ক ৰফিকুল ইছলাম, কৰিমউদ্দিন বৰভূঞা, সুজামুদ্দিন লস্কৰসহ প্রতিনিধি দলটোৱে আৰক্ষী মহাপৰিদৰ্শক গৰাকীক সাক্ষাৎ কৰি একাংশ দল- সংগঠনে সংগঠনটোৰ লোকক কৰা হাৰাশাস্তিৰ ঘটনা ৰোধ কৰিবলৈ আহ্বান জনায়। ইপিনে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি বজালী জিলাত সাংবাদিকৰ আগত কয়, যে এনেধৰণৰ কোনো আত...

August 4, 2025 7:47 PM

views 11

সমগ্ৰ শিক্ষা অসমে ৰাজ্যৰ ৩৯ হাজাৰ ৫১৫ খন প্রাথমিক বিদ্যালয়লৈ ২০২৫-২৬ বৰ্ষৰ বাবে ৫০ শতাংশ বার্ষিক অনুদান হিচাপে ৫৬ কোটি ৯৭ লাখ টকা মুকলি কৰিছে

সমগ্ৰ শিক্ষা অসমে ৰাজ্যৰ ৩৯ হাজাৰ ৫১৫ খন প্রাথমিক বিদ্যালয়লৈ ২০২৫-২৬ বৰ্ষৰ বাবে ৫০ শতাংশ বার্ষিক অনুদান হিচাপে ৫৬ কোটি ৯৭ লাখ টকা মুকলি কৰি দিছে। এই সন্দৰ্ভত জাৰি কৰা নিৰ্দেশনাৰ জৰিয়তে সমগ্র শিক্ষা অসমে এই ধনেৰে বিদ্যুতৰ মাচুল, ইণ্টাৰনেট মাচুল, বিদ্যালয় গৃহ মেৰামতিকে ধৰি আন্তঃগাঁথনিমূলক কাম-কাজ কৰিবলৈ পৰামৰ্শ দিছে। এই অনুদানৰ ধনৰ ১০ শতাংশ স্বচ্ছতা কার্যসূচী পৰিকল্পনাৰ অধীনত ব্যৱহাৰ কৰিবলৈ নিৰ্দেশনাত কোৱা হৈছে।