August 11, 2025 7:21 PM
27
স্বাধীনতা দিৱসলৈ মাজত মাথো ৩ টা দিন বাকী
স্বাধীনতা দিৱসলৈ মাজত মাথো তিনিটা দিন বাকী থকা অৱস্থাত বিভিন্ন জিলা প্রশাসনে প্রস্তুতি প্রায় সম্পূর্ণ কৰি তুলিছে। বিভিন্ন জিলাত হৰ ঘৰ তিৰংগা অভিযানৰ অংশৰূপে চাইকেল সমদলৰ আয়োজন কৰা হৈছে। বিভিন্ন জিলাৰ সদৰত আৰক্ষী, চি আৰ পি এফ, এন চি চি আৰু স্কাউট এণ্ড গাইডৰ ছাত্ৰ-ছাত্ৰীসকলে পেৰেডৰ অনুশীলন কৰা পৰিলক্ষিত হৈছে। ইফালে গুৱাহাটীৰ চানমাৰিত অৱস্থিত অসম ৰাজ্যিক খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডে ৫ হাজাৰ জাতীয় পতাকা প্রস্তুত কৰাৰ কাম প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। এই সন্দৰ্ভত খাদী ব'ৰ্ডৰ বিপণন শাখাৰ ভাৰপ্ৰাপ্ত বি...