August 18, 2025 8:46 PM

views 19

দুদিনীয়া ভ্ৰমণসূচীৰে দিল্লীত উপস্থিত চীনৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ৱাং ই

চীনৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ৱাং ই আজি দুদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হৈছে। ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভালৰ আমন্ত্ৰণত তেওঁ ভাৰতলৈ আহিছে। ভ্ৰমণকালত চীনৰ মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা তথা ভাৰতৰ বিশেষ প্রতিনিধি অজিত দোভালৰ সৈতে ভাৰত-চীন সীমান্তৰ সন্দৰ্ভত ২৪ সংখ্যক বিশেষ প্রতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হ'ব। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড° এছ জয়শংকৰৰ সৈতেও তেওঁ দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব।

August 18, 2025 8:43 PM

views 29

ভাৰতীয় বিমান সেৱা বাহিনীৰ গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাৰ সফলতাক লৈ সমগ্ৰ দেশবাসীয়ে গৌৰৱ অনুভৱ কৰিছেঃ ড° জীতেন্দ্ৰ সিঙ

বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী ড° জীতেন্দ্ৰ সিঙে আজি ২০৩৫ চনৰ ভিতৰত কাৰ্যক্ষম ভাৰতীয় অন্তৰীক্ষ কেন্দ্ৰ স্থাপন কৰা আৰু ২০৪০ চনৰ ভিতৰত ভাৰতে চন্দ্ৰপৃষ্ঠলৈ মানৱ অভিযান প্ৰেৰণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোঁহাৰিছে। তেওঁ কয়, যে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্য পূৰণৰ ক্ষেত্ৰত এনেধৰণৰ অভিযানে বিশেষ গুৰুত্ব প্ৰদান কৰিব। লোকসভাত আজি ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত ভাৰতৰ প্ৰথমগৰাকী মহাকাশচাৰীৰ আন্তৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণ আৰু মহাকাশ অভিযানৰ গুৰুত্বপূৰ্ণ অৱদান...

August 18, 2025 8:38 PM

views 19

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে টেলিফোনিক বাৰ্তালাপ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনে আজি ফোন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বাৰ্তালাপ কৰে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীমোদীয়ে কয়, যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ সৈতে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকী আলাস্কাত অলপতে মিলিত হোৱা সন্দৰ্ভত তেওঁক অৱগত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। প্রধানমন্ত্রী মোদীয়ে কয়, যে ভাৰতে ইউক্রেইনৰ সৈতে সংঘাট শান্তিপূর্ণভাৱে অৱসান হোৱাৰ ক্ষেত্ৰত আহ্বান জনাই আহিছে আৰু এই ক্ষেত্ৰত প্ৰয়োজনীয় সকলো ধৰণৰ সমৰ্থন আগবঢ়াব। শ্রীমোদীয়ে কয় যে অনাগত দিনতো ৰাছিয়াৰ ৰাষ্ট...

August 18, 2025 7:36 PM

views 20

ভোটদাতা অধিকাৰ যাত্ৰাৰ অংশ হিচাপে বিহাৰৰ ঔৰংগবাদৰ ডিঅ’ত উপস্থিত ৰাহুল গান্ধী

বিহাৰত ভোটদাতা অধিকাৰ যাত্ৰাৰ অংশ হিচাপে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আজি ঔৰংগবাদ জিলাৰ ডিঅ'ত উপস্থিত হয়। তেওঁ বিশ্ববিখ্যাত ডিঅ' সূৰ্য মন্দিৰত পূজা-অৰ্চনা আগবঢ়ায়। উল্লেখযোগ্য যে বিহাৰত ভোটদাতা অধিকাৰ যাত্ৰাৰ আজি দ্বিতীয় দিন ৷ ৰাজ্যখনত চলি থকা ভোটদাতা তালিকাৰ বিশেষ বিস্তৃত সংশোধনীৰ বিৰোধিতাৰে এই যাত্ৰা আৰম্ভ কৰা হৈছে। ইণ্ডি মিত্ৰজোঁটৰ নেতাসকলেও এই যাত্ৰাত অংশগ্ৰহণ কৰিছে। ১৬ দিনীয়া এই যাত্রা ২০ খনতকৈও অধিক জিলাৰ মাজেৰে অগ্ৰসৰ হৈ অহা পহিলা ছেপ্তেম্বৰত পাৰ্টনাত অন্ত পৰিব। এই যাত্ৰাকালত আজি...

August 18, 2025 7:21 PM

views 22

অবৈধ বিদেশী নাগৰিকক চিনাক্ত কৰি বিতাৰণৰ দাবীৰে নেছ’ৰ আহ্বানত প্ৰতিখন ৰাজ্যৰ জিলা সদৰত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ

অবৈধ বিদেশী নাগৰিকক চিনাক্ত কৰি বিতাৰণৰ দাবীৰে উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সন্থা অর্থাৎ নেছ'ৰ আহ্বানত আজি ৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ জিলা সদৰত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। নেছ'ৰ আহ্বান মৰ্মে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আজি গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত এই কাৰ্যসূচী অনুষ্ঠিত হয়। প্ৰতিবাদকাৰী সদস্যসকলে ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰা, অবৈধ বাংলাদেশী নাগৰিকক বহিষ্কাৰ, শুদ্ধ এন আৰ চি, অসম চুক্তি ৰূপায়ণকে ধৰি কেইবাটাও দাবী তোলে। নেছ'ৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই অবৈধ বিদেশ...

August 18, 2025 7:03 PM

views 24

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনক সমাগত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে এন ডি এৰ প্ৰাৰ্থী হিচাপে মনোনীত

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনক সমাগত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে এন ডি এৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰা হৈছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাই কালি নতুন দিল্লীৰ বিজেপি মুখ্য কাৰ্যালয়ত দলৰ সংসদীয় পৰিষদৰ বৈঠকৰ অন্তত সাংবাদিকৰ আগত এই কথা ঘোষণা কৰে। তেওঁ কয়, যে এন ডি এৰ সকলো লোকে এই সিদ্ধান্তৰ সমৰ্থন কৰিছে। শ্রীনাড্ডাই লগতে কয়, যে উপ-ৰাষ্ট্ৰপতি নির্বাচন সুনিশ্চিত কৰাৰ বাবে বিজেপিয়ে সকলো দলৰ সৈতে সমন্বয় ৰক্ষাৰ প্ৰয়াস কৰিছে। বিগত সপ্তাহত এন ডি এৰ সহযোগী দল আৰ...

August 18, 2025 6:56 PM

views 20

বিদ্যালয়সমূহত শিক্ষাৰ্থীসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ নীতি অৱলম্বন কৰা হ’ব: কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী জয়ন্ত চৌধুৰী

কেন্দ্ৰীয় শিক্ষা দপ্তৰৰ ৰাজ্য মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে কয়, যে বিদ্যালয়সমূহত শিক্ষাৰ্থীসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ নীতি অৱলম্বন কৰা হ'ব। লোকসভাৰ প্ৰশ্নকালত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত শ্ৰী চৌধুৰীয়ে কয়, যে এই সন্দৰ্ভত সময়ে সময়ে বিদ্যালয় পৰিষদসমূহ, ৰাজ্য তথা কেন্দ্রীয় শাসিত অঞ্চলসমূহক নির্দেশনা দিয়া হয়। শেহতীয়াকৈ শিক্ষাৰ্থীসকলৰ নিৰাপত্তা সন্দৰ্ভত শিক্ষা মন্ত্ৰ্যালয়ে ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ পত্ৰ প্ৰেৰণ কৰা বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

August 18, 2025 4:23 PM

views 27

হুলস্থূলীয়া পৰিস্থিতিৰ বাবে উভয় সদনৰ কার্যক্রমণিকা দিনৰ ২ বজালৈ স্থগিত

● বিৰোধী পক্ষৰ সদস্যসকলে কেইবাটাও বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সংসদৰ দুয়োখন সদন আজি দিনৰ দুই বজালৈ স্থগিত ৰখা হৈছে। দিনৰ ১১ বজাত ৰাজ্যসভাৰ অধিৱেশন আৰম্ভ হোৱাৰ পাছতে উচ্চ সদনে যোৱা ১৫ আগষ্টত দেহাৱসান ঘটা নাগালেণ্ডৰ ৰাজ্যপাল, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ লা গণেশনৰ স্মৃতিত শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। উপ-সভাপতি হৰিবংশে ২০১৬ চনৰ অক্টোবৰৰ পৰা ২০১৮ চনৰ এপ্ৰিললৈ মধ্য প্ৰদেশৰ পৰা উচ্চ সদনক প্ৰতিনিধিত্ব কৰা লা গণেশনৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে। উপ-সভাপতিগৰাকীয়ে কয়, যে এগৰাকী জন স...

August 17, 2025 8:26 PM

views 24

ডুৰাণ্ড কাপ ফুটবলত ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাবৰ ছেমি ফাইনেলত প্ৰৱেশ

■ ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত আজি ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাবে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। জামচেদপুৰৰ জে আৰ ডি টাটা ক্রীড়া প্ৰকল্পত অনুষ্ঠিত এখন কোৱাৰ্টাৰ ফাইনেল খেলত জামচেদপুৰ ফুটবল ক্লাবক ২-০ গ'লত পৰাজিত কৰি দলটোৱে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আনহাতে, কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াঙ্গনত অনুষ্ঠিত হ'বলগীয়া আন এখন কোৱাৰ্টাৰ ফাইনেল খেলত মোহন বাগান ছুপাৰ জায়েণ্টছ দল ইষ্ট বেংগলৰ মুখামুখি হ'ব। মোহন বাগানে ১৮ তম ডুৰাণ্ড কাপ খিতাপ লাভৰ লক্ষ্যৰে আগবঢ়াৰ বিপৰীতে ইষ্ট বেংগল দলে ডুৰাও কাপৰ ১৭ তম ...

August 17, 2025 8:22 PM

views 24

২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথম ৩ মাহত বৈদ্যুতিন সামগ্ৰীৰ ৰপ্তানি ২০২৪-২৫ বৰ্ষৰ একেই সময়ছোৱাৰ তুলনাত ৪৭% অধিক বৃদ্ধি

■ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথম তিনি মাহত দেশৰ বৈদ্যুতিন সামগ্ৰীৰ ৰপ্তানি ২০২৪-২৫ বৰ্ষৰ একেই সময়ছোৱাৰ তুলনাত ৪৭ শতাংশৰো অধিক বৃদ্ধি হৈছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয়, যে মেক ইন ইণ্ডিয়া অভিযানৰ সাফল্যৰ বাবে যোৱা দশকত বৈদ্যুতিন সামগ্ৰীৰ উৎপাদন তিনি হাজাৰ ১০০ কোটি ডলাৰৰ পৰা ১৩ হাজাৰ ৩০০ কোটি ডলাৰলৈ বৃদ্ধি হৈছে। চৰকাৰে নিৰ্মাণ খণ্ডত দেশক আত্মনিৰ্ভৰ কৰি তোলাৰ বাবে প্ৰয়াস চলাই আছে বুলি উল্লেখ কৰি তেওঁ কয়, যে এনে প্ৰয়াসৰ ফলস্বৰূপ...