August 19, 2025 12:26 PM

views 137

প্রধানমন্ত্রী আবাস যোজনা গ্রামীণ আঁচনি ৰূপায়ণৰ বাবে অসমলৈ ৫,৪৭০ কোটি ৫১ লাখ টকা আৱণ্টন অনুমোদন

■ কেন্দ্ৰীয় চৰকাৰে চলিত বিত্তীয় বৰ্ষত প্রধানমন্ত্রী আবাস যোজনা গ্রামীণ আঁচনি ৰূপায়ণৰ বাবে অসমলৈ ৫ হাজাৰ ৪৭০ কোটি ৫১ লাখ টকা আৱণ্টন অনুমোদন জনাইছে। চৰকাৰে যোৱা জুনত দেশৰ ১৮ খন ৰাজ্যলৈ প্রধানমন্ত্রী আবাস যোজনা গ্রামীণ আঁচনিৰ অধীনত মুঠ ৪৭ হাজাৰ ৪৭৪ কোটি ৫৮ লাখ টকাৰ আৱণ্টন দিছে। এই আঁচনিখনৰ অধীনত কেন্দ্ৰীয় চৰকাৰে পুঁজি আৱণ্টন দিয়া ১৮ খন ৰাজ্যৰ তালিকাত উত্তৰ-পূৰ্বাঞ্চলৰ অসম আৰু মণিপুৰৰ নামো আছে। মণিপুৰে এই আঁচনিৰ অধীনত ৪৬ কোটি ১৮ লাখ টকাৰ আৱণ্টন লাভ কৰিছে। উল্লেখযোগ্য যে প্রধানমন্ত্রী আবাস যোজনা...

August 19, 2025 12:07 PM

views 28

বিশ্বনাথত উচ্ছেদ অভিযানৰ দ্বিতীয় দিনা মুঠ ১৭৫ বিঘা ভূমি দখলমুক্ত

● বিশ্বনাথত চলি থকা উচ্ছেদ অভিযানৰ কালি দ্বিতীয় দিনা মুঠ ১৭৫ বিঘা ভূমি দখলমুক্ত কৰা হয়। কালি পুৱা অবৈধ দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলোৱাৰ বাবে প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলি সেই স্থানত সাধাৰণ লোকক প্ৰৱেশ নিষিদ্ধ কৰে। ইয়াৰ পাছতে ১০ খন এছকেভেটৰৰ জৰিয়তে প্রশাসনে উচ্ছেদ আৰম্ভ কৰে। দ্বিতীয়দিনা বিশ্বনাথৰ ননকে জাপৰিগুৰিৰ ১৭৫ বিঘা ভূমি দখলমুক্ত কৰা হৈছে বুলি প্ৰশাসনে প্ৰকাশ কৰিছে।

August 19, 2025 11:59 AM

views 49

ৰাজ্যৰ সংৰক্ষিত বনাঞ্চলসমূহত হোৱা অবৈধ দখল সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে কঠোৰ স্থিতি গ্রহণ

● ৰাজ্যৰ সংৰক্ষিত বনাঞ্চলসমূহত হোৱা অবৈধ দখল সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে কঠোৰ স্থিতি গ্রহণ কৰিছে। সংৰক্ষিত বনাঞ্চলত হোৱা উচ্ছেদক প্ৰত্যাহ্বান জনাই তৰা কেইবাটাও গোচৰৰ শুনানি গ্ৰহণ কৰি কালি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে বিষয়টো সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। ৰাজ্যৰ সংৰক্ষিত বনাঞ্চলসমূহত যাতে কোনো ধৰণৰ অবৈধ দখল হব নোৱাৰে তাৰ বাবে সঠিক ব্যৱস্থাপনা গ্রহণ কৰিবলৈ ন্যায়ালয়ে চৰকাৰক নিৰ্দেশ দিছে। সংৰক্ষিত বনাঞ্চলসমূহৰ দখল ৰোধ কৰাৰ বাবে ফেন্সিং দিয়াৰ ব্যৱস্থা কৰিবলৈও ন্যায়াল...

August 18, 2025 9:25 PM

views 35

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ আৰু নামঘৰসমূহত ভাদ মাহৰ আৰম্ভণি উপলক্ষে ভকত-বৈষ্ণৱ আৰু আয়তীসকলৰ হৰিনামৰ ধ্বনিৰে মুখৰিত

আজি পহিলা ভাদ। অসমীয়া সমাজত পবিত্ৰ মাহ হিচাপে পৰিগণিত ভাদ মাহৰ আৰম্ভণি উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ আৰু নামঘৰসমূহ ভকত-বৈষ্ণৱ আৰু আয়তীসকলৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই শ্ৰীকৃষ্ণৰ জন্মোৎসৱ আৰু মহাপুৰুষ দুজনাৰ পূণ্য তিথি পালন কৰা এই পবিত্ৰ মাহটোত হৰিনামৰ ধ্বনিয়ে আধ্যাত্মিক চিন্তা-চেতনাৰে আমাৰ উজ্জীৱিত কৰি ৰাখে বুলি মন্তব্য কৰে। ড০ শৰ্মাই পহিলা ভাদৰ দিনটোত ৰাজ্যবাসীলৈ শুভেচ্ছা যাঁচি অসমীয়া সমাজৰ শান্তি-সম্প্ৰীতি অক্ষুণ্ণ ৰখাৰ কামনা কৰে। অসমীয়া বৈষ...

August 18, 2025 9:21 PM

views 23

খ্যাতনামা অস্থিৰোগ বিশেষজ্ঞ ডাঃ বি কে এছ সঞ্জয়ক এইমছ গুৱাহাটীৰ অধ্যক্ষ হিচাপে মনোনীত

কেন্দ্ৰীয় চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত খ্যাতনামা অস্থিৰোগ বিশেষজ্ঞ ডাঃ বি কে এছ সঞ্জয়ক এইমছ গুৱাহাটীৰ অধ্যক্ষ হিচাপে মনোনীত কৰিছে। ডাঃ সঞ্জয় এগৰাকী প্ৰখ্যাত অস্থিৰোগ বিশেষজ্ঞ হোৱাৰ উপৰি গৱেষক, শিক্ষাবিদ, লেখক, সুবক্তা, কবি আৰু সমাজকৰ্মী হিচাপেও খ্যাতি অৰ্জন কৰিছে। কেইবাটাও জটিল অস্ত্ৰোপচাৰ, চিকিৎসা বিষয়ক গৱেষণা আৰু সামাজিক ক্ষেত্ৰত কৃতিত্বৰ বাবে তেওঁৰ নাম গীনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছতো অন্তৰ্ভুক্ত হৈছে। উল্লেখযোগ্য যে দেশৰ চিকিৎসা, শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত এইমছ অগ্ৰণী প্ৰতিষ্ঠান হিচা...

August 18, 2025 9:16 PM

views 36

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নৱজাতকৰ বাবে থকা আই চি ইউত বিছনাৰ পৰা পৰি দেওবাৰে এটি নৱজাতকৰ মৃত্যু

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নৱজাতকৰ বাবে থকা আই চি ইউত বিছনাৰ পৰা পৰি কালি এটি নৱজাতকৰ মৃত্যু হোৱাৰ লগতে আন এটি নৱজাতক গুৰুতৰভাৱে আহত হয়। আমাৰ সংবাদদাতাই জনোৱা মতে কালি বিয়লি এটি নৱজাতক বিছনাৰ পৰা পৰি যোৱাৰ লগতে আন এটি ফটো থেৰাপি মেচিনত ওলমি ৰয়। এগৰাকী মহিলাই এই ঘটনা প্রত্যক্ষ কৰি দায়িত্বত থকা চিকিৎসক আৰু নাৰ্ছক খবৰ দিয়াত দুয়োটা নৱজাতককে উদ্ধাৰ কৰা হয় যদিও এটি শিশুৰ মৃত্যু হয়। মৃত শিশুটিৰ যোৱা ১৫ আগষ্টত হাস্পতালখনত জন্ম হৈছিল। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাৰ তদন্...

August 18, 2025 9:12 PM

views 21

বিশিষ্ট সাহিত্যিক, চলচ্চিত্র পৰিচালক, অভিনেতা আৰু ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী লক্ষ্যধৰ চৌধুৰীৰ পূণ্য তিথি উপলক্ষে ৰাজ্যবাসীৰ শ্রদ্ধা নিবেদন

বিশিষ্ট সাহিত্যিক, চলচ্চিত্র পৰিচালক, অভিনেতা আৰু ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী লক্ষ্যধৰ চৌধুৰীৰ পূণ্য তিথি উপলক্ষে আজি শ্রদ্ধা নিবেদন কৰা হৈছে। স্বাধীনতা সংগ্ৰামী আৰু সুবক্তা চৌধুৰীয়ে ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত সক্রিয়ভাৱে অংশগ্ৰহণ কৰিছিল। ১৯৬৭ চনত অসম বিধানসভালৈ নিৰ্বাচিত চৌধুৰীয়ে ১৯৭৮ চনত পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ ৰাজ্যৰ শিক্ষা আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল। ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত জাগৰণৰ সূচনা কৰাত অগ্রণী ভূমিকা লোৱা চৌধুৰী শৈশৱৰে পৰা নাট্যাভিনয়ৰ সৈতে জড়িত ...

August 18, 2025 8:57 PM

views 25

কেপ্তেইন শুক্লাই এক্‌জিয়ম মিছন ফ’ৰৰ অধীনত আন্তৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয় হিচাপে ইতিহাস গঢ়িললেঃ ওম বিৰলা

বিৰোধী সাংসদসকলে বিভিন্ন বিষয় লৈ হুলস্থুলীয়া পৰিবেশ সৃষ্টি কৰাৰ বাবে লোকসভা আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। দ্বিতীয় বাৰ স্থগিত ৰখাৰ পাছত দিনৰ ২ বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই ভাৰতীয় বিমান সেৱা বাহিনীৰ গ্ৰুপ কেপ্তেইন তথা মহাকাশচাৰী শুভাংশু শুক্লাক লোকসভাৰ সকলো সদস্যৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰীবিৰলাই কয়, যে কেপ্তেইন শুক্লাই এক্‌জিয়ম মিছন ফ'ৰৰ অধীনত আন্তৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয় হিচাপে ইতিহাস গঢ়িলে। ইয়াৰ পাছতে তেওঁ ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত...

August 18, 2025 8:54 PM

views 23

ৰাজ্যসভাত গৃহীত ভাৰতীয় বন্দৰ বিধেয়ক-২০২৫

ৰাজ্যসভাত আজি ভাৰতীয় বন্দৰ বিধেয়ক ২০২৫ গৃহীত হয়। এই বিধেয়কে বৃহৎ বন্দৰসমূহৰ লগতে ৰাজ্যৰ সামুদ্রিক বোর্ডৰ প্ৰতিষ্ঠা আৰু ইয়াৰ সৱলীকৰণ, বন্দৰ খণ্ডৰ উন্নয়ন আৰু ৰাজ্যিক সামুদ্রিক উন্নয়ন পৰিষদৰ আন্তঃগাথনি বিকশাই তোলাৰ লগতে প্ৰদূষণ, দুৰ্যোগ, জৰুৰীকালীন, সুৰক্ষা, দিশ নিৰ্ণয়, বন্দৰৰ তথ্য আদি আহৰণৰ সুবিধা প্ৰদান কৰিব। এই বিধেয়কে লগতে বন্দৰৰ লগত জড়িত বিভিন্ন বিবাদসমূহ মীমাংসা আৰু ইয়াৰ লগত জড়িত বিষয়সমূহ চোৱা-চিতা কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব। এই বিধেয়কৰ সন্দৰ্ভত হোৱা আলোচনাত অংশ লৈ কেন্দ্ৰীয় বন্দ...

August 18, 2025 8:49 PM

views 28

উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বাবে প্রক্ষেপিত এন ডি এ প্রার্থী চি পি ৰাধাকৃষ্ণণৰ প্রধানমন্ত্ৰী মোদীক সাক্ষাৎ

উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বাবে প্রক্ষেপিত এন ডি এ প্রার্থী তথা মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণে আজি নতুন দিল্লীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে উপৰাষ্ট্ৰপতি পদ এন ডি এ প্রার্থী শ্ৰীৰাধাকৃষ্ণণক শুভেচ্ছা জনাই কয় যে শ্ৰীৰাধাকৃষ্ণণৰ দীৰ্ঘদিনীয়া জনসেৱা আৰু বিভিন্ন ক্ষেত্ৰৰ অভিজ্ঞতাই ভাৰতক বহু পৰিমাণে সংদ্ধ কৰিব। শ্রীমোদীয়ে এতিয়াৰ দৰেই শ্ৰীৰাধাকৃষ্ণণক নিষ্ঠা আৰু সংকল্পৰে সৈতে জাতিৰ হ'কে সেৱা আগবঢ়াই যোৱাৰ আশা প্ৰকাশ কৰে।