August 21, 2025 7:10 PM
27
তামুলপুৰৰ ঔগুৰি আৰু কাৰিপাৰা গাঁৱত আফ্রিকান ছোৱাইন ফেভাৰৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনৰ গাহৰি নিধনৰ বাবে নিৰ্দেশনা জাৰি
তামুলপুৰ জিলাৰ ঔগুৰি আৰু কাৰিপাৰা গাঁৱত আফ্রিকান ছোৱাইন ফেভাৰৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে গাহৰি নিধনৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। জিলাখনৰ এই গাঁও দুখনত গাহৰিৰ দেহত এই ৰোগ ধৰা পৰাৰ পাছত তামুলপুৰ মহকুমাৰ পশুপালন আৰু পশু চিকিৎসা বিষয়াই সংক্রমিত অঞ্চলৰ গাহৰি নিধনৰ অনুমতি বিচাৰে। এই অনুসৰি জিলা আয়ুক্তই ভাৰতীয় ন্যয় সংহিতাৰ ১৬৩ নম্বৰ ধাৰাৰ অধীনত নিৰ্দেশ জাৰি কৰিছে। গাঁও দুখনৰ ১ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা অঞ্চলৰ গাহৰিসমূহ নিধন কৰিবলৈ আয়ুক্তই নিৰ্দেশ দিছে। তদুপৰি সংক্ৰমিত অঞ্চলসমূহৰ পৰা...