August 24, 2025 5:55 PM

views 40

মাৰ্ঘেৰিটাত আত্মসহায়ক গোটৰ সদস্যাৰ মাজত চেক বিতৰণ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

■ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ ১৮ হাজাৰ ৩৭০ গৰাকী সদস্যাৰ মাজত চেক বিতৰণ কৰে। মাৰ্ঘেৰিটাৰ বৰগোলাইৰ দিহিং ক্রীড়া প্ৰকল্পত এই উপলক্ষে আয়োজিত ৰাজহুৱা সভাত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয়, যে উদ্যোগী নাৰীসকলক ৰাজ্যৰ উত্তৰণমুখী যাত্ৰাৰ শক্তিশালী অংশীদাৰ ৰূপে গঢ়ি তুলিবলৈ চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেওঁ কয়, যে এই অভিযানৰ অধীনত ধন লাভ কৰা মহিলা উদ্যোগীসকলে দক্ষতা আহৰণৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত সফল হ'...

August 24, 2025 1:02 PM

views 31

ডুৰাণ্ড কাপত নর্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ পুনৰ খিতাপ জয়

■ নর্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবে ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত পুনৰ খিতাপ জয় কৰি দ্বিতীয়বাৰৰ বাবে এই প্ৰতিযোগিতাৰ ছেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰিছে। কলকাতাৰ ছৰ্ট লেক যুৱ ভাৰতী ক্রীড়াংগনত অনুষ্ঠিত ফাইনেলত কালি দলটোৱে ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাবক ৬–১ গ'লত পৰাস্ত কৰে। খেলৰ প্ৰথমাৰ্ধত নর্থ ইষ্ট ইউনাইটেডে দুটা গ'ল দি বিপক্ষক চাপত ৰাখিবলৈ সমৰ্থ হয়। ইয়াৰ পাছতে ৫০, ৬৮, ৮১ আৰু ৮৬ মিনিটত দলটোৱে বাকী গ'লকেইটা দিবলৈ সমৰ্থ হয়। ইয়াৰ মাজতে ৬৮ মিনিটত ডায়মণ্ড হাৰ্বাৰ দলে প্রথম আৰু একমাত্ৰ গ'লটো দিয়ে। ...

August 24, 2025 12:42 PM

views 14

কাছাৰৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ অগ্ৰগতি পর্যালোচনা ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যৰ

■ কাছাৰ জিলাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ অগ্ৰগতি পর্যালোচনা কৰি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই সন্তুষ্টি প্ৰকাশ কৰিছে। ৰাজ্যপালগৰাকীয়ে কালি শিলচৰৰ কাছাৰ জিলা প্ৰশাসনৰ কাৰ্যালয়ত অনুষ্ঠিত এখন পর্যালোচনা বৈঠকত বিভাগীয় বিষয়াসকলৰ সৈতে মিলিত হয়। পাছত তেওঁ সাংবাদিকৰ আগত কয়, যে কাছাৰৰ উন্নয়নমূলক কামকাজত তেওঁ সন্তুষ্টি লাভ কৰিছে। এই প্রচেষ্টাই অনাগত দিনত জিলাখনত অধিক উন্নয়নৰ পথ মুকলি কৰিব বুলিও তেওঁ আশা প্রকাশ কৰে। দুদিনীয়া ভ্ৰমণসূচীৰে শিলচৰলৈ যোৱা ৰাজ্যপালগৰৰাকীয়ে নিচামুক্ত সমাজ গঢ়াৰ বাবে ...

August 24, 2025 12:30 PM

views 23

ৰাজ্যত এইচ আই ভি পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগৰ ব্যাপক সজাগতা

■ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এইচ আই ভি পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে ব্যাপক সজাগতাৰ সৃষ্টি কৰিছে। ইয়াৰ বাবে জিলাই জিলাই এইচ আই ভি পৰীক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰতিদিনে নতুনকৈ ৫-৬ জন এইচ আই ভি পজিটিভ ৰোগী চিনাক্ত হৈছে। যোৱা বছৰত চিকিৎসা মহাবিদ্যালয়খনত নতুনকৈ ৯ হাজাৰ ১৫০ জন এইচ আই ভি পজিটিভ ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰে। ইয়াকে লৈ চিকিৎসা মহাবিদ্যালয়খনত বৰ্তমান প্রায় ১০ হাজাৰ এইচ আই ভি সংক্ৰ...

August 21, 2025 8:54 PM

views 17

বৰপেটা ৰোডৰ বিশিষ্ট চিকিৎসক, সাহিত্যিক ডাঃ প্রিয়ম্বদা দাসৰ দেহাৱসান

বৰপেটা ৰোডৰ বিশিষ্ট চিকিৎসক, সাহিত্যিক ডাঃ প্রিয়ম্বদা দাসৰ আজি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৮ বছৰ। এগৰাকী সুসাহিত্যিক হোৱাৰ উপৰি তেওঁ বৰপেটা ৰোডৰ সমাজ জীৱনৰ এগৰাকী অন্যতম পথ প্ৰদৰ্শক আছিল। তেওঁ বিয়োগত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

August 21, 2025 8:42 PM

views 7

পৰাক্ৰমী পূৰ্বোত্তৰ নাট মেলাত চন্দ্ৰপ্ৰভা নামৰ নাটখন মঞ্চস্থ

পৰাক্ৰমী পূৰ্বোত্তৰ নাট মেলাত আজি সামৰণি সন্ধিয়া নাট্যকাৰ সপোনজ্যোতি ঠাকুৰৰ ৰচনা আৰু সীমান্ত ফুকনৰ পৰিচালনাৰে ডেৰগাঁৱৰ নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীয়ে চন্দ্ৰপ্ৰভা নাটখন মঞ্চস্থ কৰিছে। বিয়লি ৫ বজাত নাটকখনৰ প্ৰথম দৰ্শনী হৈছে আৰু সন্ধিয়া চাৰে ৭ বজাত দ্বিতীয় দৰ্শনীৰ নাট মঞ্চস্থ হ'ব। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত পৰাক্ৰমী পূৰ্বোত্তৰ নাট মেলাত কালি কৰুণা ডেকা ৰচিত আৰু গুণাকৰ দেৱ গোস্বামী পৰিচালিত নাট অম্বিকাগিৰী অনির্বাপিত একুৰা জুই মঞ...

August 21, 2025 8:34 PM

views 27

বিত্তীয় প্ৰৱঞ্চনাৰ সৈতে জড়িতৰ অভিযোগত অসম আৰক্ষীয়ে দক্ষিণ দিল্লীত অনিৰ্বাণ দেউৰী নামৰ লোকক আটক

নগাঁও জিলাৰ বিভিন্ন ব্যক্তিৰ পৰা অধিক মুনাফা দিয়াৰ প্ৰতিশ্ৰুতিৰে বিত্তীয় প্ৰৱঞ্চনাৰ সৈতে জড়িত থকাৰ অভিযোগত অসম আৰক্ষীয়ে কালি দক্ষিণ দিল্লীত অনিৰ্বাণ দেউৰী নামৰ এজন লোকক আটক কৰে। ধৃত লোকজনে অনলাইন ট্রেডিঙৰ জৰিয়তে প্রায় ৮০ কোটি টকা আত্মসাৎ কৰি যোৱা দুমাহ ধৰি পলাতক হৈ আছিল। নগাঁও সদৰ আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আৰক্ষীৰ এটা দলে অনিৰ্বাণ দেউৰীক আটক কৰে। আৰক্ষীয়ে যোৱা নিশা দিল্লীৰ পৰা বিমানযোগে গুৱাহাটীলৈ অনাৰ পাছত অনিৰ্বাণ দেউৰীক আজি নগাঁও সদৰ থানাত হাজিৰ কৰোৱা হয়। নগাঁও আৰক্ষীয়ে অন...

August 21, 2025 8:31 PM

views 19

তেজপুৰস্থিত শোণিতপুৰ জিলা আদালত প্ৰাঙ্গনত ১৩ ছেপ্তেম্বৰত বিশেষ ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ’ব

তেজপুৰস্থিত শোণিতপুৰ জিলা আদালত প্ৰাঙ্গনত অহা ১৩ ছেপ্তেম্বৰত বিশেষ ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত আয়োজিত এই লোক আদালতত মটৰ দুৰ্ঘটনা গোচৰ, দেৱানী গোচৰ, যান-বাহন আৰু আবকাৰি গোচৰ, আপোচযোগ্য ফৌজদাৰী গোচৰৰ উপৰি বকেয়া ধন, ভূমি অধিগ্ৰহণ, ১০৭ ধাৰা, বেংক ঋণ, বি এচ এন এল, বিদ্যুৎ বিল, শ্রমিক সম্পৰ্কীয় আইনী ব্যৱস্থাৰ মাজলৈ নোযোৱাকৈ মীমাংসা কৰিব পৰা গোচৰ নিষ্পত্তি কৰা হ'ব। প্ৰাধিকৰণে লোক আদালতত অংশগ্ৰহণ কৰিবলৈ জিলাবাসীক আহ্বান জনাইছে।

August 21, 2025 7:47 PM

views 29

সমগ্ৰ দেশৰ কৃষিভূমিৰ জৰীপ চলাবলৈ কেন্দ্ৰীয় চৰকাৰৰ ব্যৱস্থা গ্ৰহণ

কেন্দ্ৰীয় চৰকাৰে বিগত বৰ্ষৰ দৰে এইবাৰো সমগ্ৰ দেশৰ কৃষিভূমিৰ জৰীপ চলাবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। এনে ব্যৱস্থাৰ অংশ হিচাপে যোৰহাট জিলাত জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ উদ্যোগত ১৬ আগষ্টৰ পৰা ডিজিটেল শস্য জৰীপ, খাৰিফ-২০২৫ আৰম্ভ হৈছে। ইয়াৰ অধীনত আজি উত্তৰ-পশ্চিম যোৰহাটত জৰীপ চলোৱা হয়। ডিজিটেল শস্য জৰীপ খাৰিফ-২০২৫ৰ জৰিয়তে কৃষকসকলৰ সামগ্রিক কল্যাণৰ উদ্দেশ্যে প্ৰযুক্তি ব্যৱস্থাৰ জৰিয়তে কৰা কৃষিজাত শস্যৰ তথ্য সংগ্ৰহৰ দিহা কৰা হৈছে। শস্য উৎপাদনৰ সঠিক তথ্যৰ পূৰ্বানুমান আৰু উন্নত পৰিকল্পনা, সংগৃহীত তথ্যৰ ভি...

August 21, 2025 7:14 PM

views 19

বাক্সাৰ ধনশ্ৰীপুৰত স্বেচ্ছাসেৱী সংস্থাৰ বিশেষ বিনামূলীয়া স্বাস্থ্য শিবিৰ মুকলি

বাক্সা জিলাৰ ধনশ্ৰীপুৰত আজি এটা স্বেচ্ছাসেৱী সংস্থাই বিশেষ বিনামূলীয়া স্বাস্থ্য শিবিৰ মুকলি কৰে। এই শিবিৰত কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকে ৰোগীৰ স্বাস্থ্যপৰীক্ষা কৰি পৰামৰ্শ দিয়ে। এ চি আৰ ডি নামৰ সংস্থাটোৱে পূৰ্বেও এনে ধৰণৰ স্বাস্থ্য শিবিৰ মুকলি কৰি আহিছে।