January 17, 2026 12:46 PM

views 37

অহা ৬ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ শুভাৰম্ভ কৰা হ’ব

অহা ৬ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ শুভাৰম্ভ কৰা হ'ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই কালি ফে'চবুক লাইভযোগে এই কথা প্ৰকাশ কৰি কয়, যে এই আঁচনিৰ জৰিয়তে ৭৫ হাজাৰ যুৱকে দুই লাখ টকাকৈ লাভ কৰিব। তেওঁ লগতে কয়, যে স্নাতক পৰীক্ষাত উত্তীর্ণসকলক আর্থিকভাৱে সহায়ৰ অৰ্থে ১১ ফেব্ৰুৱাৰীত জীৱন প্ৰেৰণা আঁচনি মুকলি কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে অহা ১০ ফেব্ৰুৱাৰীৰ ভিতৰত সকলোধৰণৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব বুলি জানিবলৈ দিয়ে। গুৱাহাটী আৰু যোৰহাটত নির্মীয়মান কেইবাখনো উৰণ সেতুও ফেব্ৰুৱাৰীতে ...

January 17, 2026 12:32 PM

views 16

১৬ ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ অধিবেশন

অসম বিধানসভা সচিবালয়ে অহা ১৬ ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ অধিবেশন অনুষ্ঠিত কৰাৰ অনুমতি বিচাৰি ৰাজ্যপাললৈ পত্ৰ প্ৰেৰণ কৰিছে। সেই অনুসৰি ৰাজ্যপালে অনুমতি দিলে চৰকাৰে এই সন্দৰ্ভত অধিসূচনা জাৰি কৰিব বুলি বিধানসভা সচিবালয়ৰ এটা সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে সমাগত অসম বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ বিধানসভাৰ অধিবেশনত পূৰ্ণাংগ বাজেটৰ পৰিৱৰ্তে লেখানুদান দাখিল কৰা যাব।

January 13, 2026 9:05 PM

views 21

ভাৰতে জৈৱ প্ৰযুক্তিৰ ক্ষেত্ৰত অভূতপূর্ব বৃদ্ধি লাভ কৰিছে: অমিত শ্বাহ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে কয়, যে ভাৰতে জৈৱ প্ৰযুক্তিৰ ক্ষেত্ৰত অভূতপূর্ব বৃদ্ধি লাভ কৰিছে, যিয়ে দেশৰ বাবে বিশেষ সুযোগ প্ৰদান কৰিছে। গান্ধীনগৰ জিলাৰ পেঠাপুৰত গুজৰাট বায়'টেকন'লজি ৰিচাৰ্ছ চেণ্টাৰৰ বি এছ এল ৪ বায়'কণ্টেইনমেণ্ট ফেচিলিটী উদ্বোধন কৰি শ্ৰীশ্বাহে এনেদৰে কয়। শ্ৰীশ্বাহে লগতে কয়, যে ২০১৪ চনত ভাৰতৰ জৈৱ অৰ্থনীতি ১০ বিলিয়ন ডলাৰ থকাৰ বিপৰীতে ২০২৪ চনৰ শেষলৈকে ১৬৬ বিলিয়ন ডলাৰলৈ বৃদ্ধি হয়।

January 13, 2026 9:03 PM

views 15

শক্তিশালী আৰু সুৰক্ষিত ভাৰত গঢ় দিয়াত যুৱ প্ৰজন্মৰ সক্ৰিয় অংশগ্রহণ অতি গুৰুত্বপূর্ণ: চীফ অৱ ডিফেন্স ষ্টাফ অনিল চৌহান

চীফ অৱ ডিফেন্স ষ্টাফ অনিল চৌহানে আজি কয়, যে শক্তিশালী আৰু সুৰক্ষিত ভাৰত গঢ় দিয়াত যুৱ প্ৰজন্মৰ সক্ৰিয় অংশগ্রহণ অতি গুৰুত্বপূর্ণ। নতুন দিল্লীত অনুষ্ঠিত হোৱা নেচনেল কেডেটছ কৰ্পছ চমুকৈ, এন চি চিৰ গণৰাজ্য দিৱসৰ কেম্প-২০২৬ৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰীচৌহানে যুৱক-যুৱতীসকলক ৰাষ্ট্ৰৰ উন্নয়নৰ বাবে জাতীয়তাবাদৰ মনোভাৱেৰে নিজৰ পথ আৰু লক্ষ্য নিৰ্ধাৰণ কৰি ল'বলৈ আহ্বান জনাইছে। তেওঁ কয়, যে জাতীয় মূল্যবোধ আৰু দায়ৱদ্ধতাৰ দ্বাৰা পৰিচালিত সঠিক পথ বাচি ল'লে কেডেটসকলে জাতিৰ উন্নয়নৰ দিশত অৰিহণা যোগোৱাৰ লগত...

January 13, 2026 8:57 PM

views 18

প্রখ্যাত অভিনেতা তথা গায়ক প্রশান্ত তামাঙৰ মৃত্যুত প্রধানমন্ত্ৰীৰ শোক প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্রখ্যাত অভিনেতা তথা গায়ক প্রশান্ত তামাঙৰ মৃত্যুত শোক প্ৰকাশ কৰিছে । তামাঙৰ পত্নী শ্ৰীমতী মার্থা আলে তামাঙক উদ্দেশ্যি এখন শোক পত্ৰত প্রধানমন্ত্রীয়ে কয় যে প্রশান্ত তামাঙে মনোৰঞ্জনৰ জগতখনত নিজৰ বাবে এক সুকীয়া স্থান খোদিত কৰিছিল। তামাঙক দৃঢ়তা আৰু অপৰিসীম প্রতিভাৰ প্ৰতীক বুলি অভিহিত কৰি মোদীয়ে উল্লেখ কৰে যে তেওঁৰ জীৱন আৰু কৃতিত্বই তেওঁৰ যাত্ৰাত নিজৰ আশা প্ৰতিফলিত হোৱা অগণন ব্যক্তিক অনুপ্ৰাণিত কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে প্রশান্ত তামাঙৰ জীৱন কাহিনীয়ে ...

January 13, 2026 8:52 PM

views 11

সন্ত্রাসবাদী সংস্থাৰে জড়িতৰ অভিযোগত ৫ গৰাকী চৰকাৰী কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন কৰিবলৈ জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল নিৰ্দেশ

  জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই নিষিদ্ধ সন্ত্রাসবাদী সংস্থাৰ লগত সক্ৰিয়ভাৱে জড়িত থকাৰ অভিযোগত ৫ গৰাকী চৰকাৰী কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন কৰিবলৈ নিৰ্দেশ দিছে। আকাশবাণী জম্মুৰ সংবাদদাতাৰ আগত শ্রীসিনহাই জনায় যে, নিলম্বিত কৰ্মচাৰীসকলৰ ভিতৰত এজন চৰকাৰী শিক্ষক, এজন লেবৰেটৰি টেকনিচিয়ান, এজন সহকাৰী লাইনমেন, এজন বন বিভাগৰ কৰ্মচাৰী আৰু স্বাস্থ্য আৰু চিকিৎসা বিভাগৰ এজন গাড়ীচালক আছে।

January 13, 2026 8:38 PM

views 22

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ৰাজ্য চৰকাৰৰ বিশেষ অধিবক্তা দল নিযুক্তি প্ৰস্তাৱত অনুমোদন ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্যৰ

ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্যই জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ৰাজ্য চৰকাৰৰ বিশেষ অধিবক্তা দল নিযুক্তি প্ৰস্তাৱত অনুমোদন জনাইছে। কেবিনেটৰ অনুমোদন মৰ্মে ৰাজ্যপালগৰাকীয়ে ৫গৰাকী অধিবক্তাক আজি বিশেষ ওকালতিৰ দায়িত্ব অর্পণ কৰে। কিংবদন্তি শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ ওকালতি কৰাৰ বাবে জিয়াউল কামাৰ ক বিশেষ লোক ফৰিয়াদি হিচাপে নিযুক্তিত অনুমোদন দিয়া হৈছে। একেদৰে তেওঁক সহায় কৰাৰ বাবে অতিৰিক্ত লোক ফৰিয়াদি হিচাপে ব্ৰজেন্দ্ৰ মোহন চৌধুৰী, সহকাৰী বিশেষ লোক ফৰিয়াদি হিচাপে কিশোৰ দত্ত, প্ৰাঞ্জল দত্ত আৰু ...

January 13, 2026 8:01 PM

views 173

আজি ভোগালী বিহুৰ উৰুকা

আজি ভোগালী বিহুৰ উৰুকা। পৰম্পৰা অনুসৰি মাঘৰ বিহুৰ উৰুকাৰ দিনা ৰাজ্যবাসীয়ে আজি নিশা সমূহীয়া ভোজ-ভাত খোৱাৰ দিহা কৰিছে। গ্রামাঞ্চলত মেজি আৰু ভেলাঘৰৰ তলত সমূহীয়া ভোজ-ভাতৰ প্রস্তুতি পুৱাতে আৰম্ভ হয়। গুৱাহাটীকে ধৰি ৰাজ্যখনৰ নগৰাঞ্চলৰ ৰাইজেও কংক্ৰিটৰ মজিয়াত একেলগে এসাঁজ খোৱাৰ বাবে প্রস্তুতি সম্পূৰ্ণ কৰিছে। ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ কেইবাখনো বিলত আজি গাঁওবাসীয়ে সমূহীয়াকৈ মাছ ধৰে। মাছৰ বজাৰসমূহত আজি পুৱতি নিশাৰে পৰা বিভিন্ন স্থানৰ পৰা মাছ ব্যৱসায়ীসকল উপস্থিত হোৱাৰ লগতে গ্রাহকৰো ভিৰ পৰিলক্ষিত হয়। মাজু...

January 13, 2026 6:26 PM

views 14

ৰাষ্ট্ৰীয় ক্রীড়া ফেডাৰেচনক নিজ সংস্থাৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু মেক ইন ইণ্ডিয়া ইন স্পোর্টচ সম্পর্কীয় উৎসর্গীত সমিতি গঠন কৰিবলৈ পৰামৰ্শ কেন্দ্ৰৰ

কেন্দ্ৰীয় চৰকাৰে সকলো স্বীকৃতিপ্রাপ্ত ৰাষ্ট্ৰীয় ক্রীড়া ফেডাৰেচনক নিজৰ নিজৰ সংস্থাৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু মেক ইন ইণ্ডিয়া ইন স্পোর্টচ সম্পর্কীয় উৎসর্গীত সমিতি গঠন কৰিবলৈ পৰামৰ্শ দিছে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে কয় যে এই সমিতিসমূহৰ গঠনে দেশৰ বিশ্বব্যাপী ক্রীড়া সংযোগ আৰু ক্ৰীড়া কূটনীতি শক্তিশালী কৰিব আৰু একে সময়তে আত্মনিৰ্ভৰ ভাৰতৰ সৈতে সংগতি ৰাখি ক্ৰীড়া থলুৱা সামৰ্থক উৎসাহ যোগাব। সমিতিখনত ফেডাৰেচনৰ জ্যেষ্ঠ সদস্য প্রাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ, প্রশিক্ষক, গোলকীয় ক্রী...

January 13, 2026 6:23 PM

views 17

বাংলাদেশৰ ফেনী জিলাত হিন্দু অটৰিক্সা চালক সমীৰ কুমাৰ দাসক নৃশংসভাৱে হত্যা

বাংলাদেশৰ ফেনী জিলাত দগণভূঞা উপ-জিলাত দেওবাৰে নিশা এজন ২৮ বছৰীয়া হিন্দু অটৰিক্সা চালক সমীৰ কুমাৰ দাসক নৃশংসভাৱে হত্যা কৰা হয় আৰু হত্যাকাণ্ডত জড়িত দুৰ্বৃত্তই ঘটনাস্থলীৰ পৰা তেওঁৰ বাহনখনৰ সৈতে পলায়ন কৰে। আৰক্ষী আৰু স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে দগণ ভূঞা উপ- জিলা স্বাস্থ্য চৌহদৰ সমীপত তেওঁক দেশীয় নির্মিত অস্ত্ৰ ব্যৱহাৰ কৰি তেওঁক চুৰিকাঘাট কৰা হয়। তেওঁৰ বেটাৰীচালিত অটৰিক্সাখনো দূর্বত্তই লৈ যায়। স্থানীয় ৰাইজে কালি পুৱতি নিশা ২ বজাত তেওঁৰ মৃতদেহ দক্ষিণ কৰিমপুৰ মুহুৰীবাৰীৰ সমীপত উদ্ধাৰ কৰে ...