December 4, 2025 8:50 PM December 4, 2025 8:50 PM

views 9

আজি বিয়লি ৩ বাজি ৫ মিনিটত প্ৰচাৰিত বিশেষ প্রাসঙ্গিক অনুষ্ঠানটি নিশা ৯ বাজি ১৫ মিনিটত পুনৰ প্ৰচাৰ

আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগৰ দ্বাৰা আজি বিয়লি ৩ বাজি ৫ মিনিটত প্ৰচাৰিত বিশেষ প্রাসঙ্গিক অনুষ্ঠানটি নিশা ৯ বাজি ১৫ মিনিটত পুনৰ প্ৰচাৰ কৰা হ'ব। গোৱালপাৰা জিলা অভিলাষী জিলাৰূপে পৰিগণিত হোৱা সন্দৰ্ভত গোৱালপাৰাৰ জিলা আয়ুক্ত প্ৰদীপ টিমুঙৰ সৈতে আমাৰ গোৱালপাৰা জিলাৰ সংবাদদাতা ৰছিদুল হুছেইনৰ এটা সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব।

December 4, 2025 8:40 PM December 4, 2025 8:40 PM

views 7

ভোটদাতাসকলৰ মাজত ৫০ কোটি ৫৭ লাখৰো অধিক গণনাপত্ৰ বিতৰণ কৰা হৈছেঃ নিৰ্বাচন আয়োগ

ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ দ্বিতীয় পৰ্যায় আৰম্ভ হোৱাৰে পৰা ভোটদাতাসকলৰ মাজত ৫০ কোটি ৫৭ লাখৰো অধিক গণনাপত্ৰ বিতৰণ কৰা হৈছে বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে । বিতৰণ কৰা প্ৰপত্ৰৰ সংখ্যা এই পৰ্যায়ত সামৰি ল'বলগীয়া ৫১ কোটি ভোটদাতাৰ প্ৰায় ৯৯ দশমিক ৮-৩ শতাংশ। আয়োগে প্রকাশ কৰা মতে বৰ্তমানলৈকে প্ৰায় ৪৭ কোটি প্ৰপত্ৰৰ ডিজিটেল ৰূপ প্ৰদানৰ কাম সম্পূৰ্ণ হৈছে। দেশৰ ৯খন ৰাজ্য আৰু তিনিটা কেন্দ্ৰীয় শাসিত অঞ্চলত ৪ নৱেম্বৰত আৰম্ভ হৈছিল। ১৪ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশেৰে এই প্ৰক্ৰিয...

December 4, 2025 8:38 PM December 4, 2025 8:38 PM

views 6

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ মৃত্যুত প্রধানমন্ত্ৰী মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ গভীৰ শোক প্রকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে। শ্রীমোদীয়ে আজি সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে প্রাক্তন ৰাজ্যপালগৰাকী এগৰাকী প্ৰসিদ্ধ অধিবক্তা আছিল আৰু তেওঁ অভাৱগ্ৰস্ত লোকৰ জীৱনৰ উন্নয়নৰ বাবে আইনী পেছাৰ ব্যৱহাৰত বিশ্বাস কৰিছিল। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে তেওঁ দেশৰ কনিষ্ঠতম ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰিছিল আৰু ৰাজ্যপালৰ কাৰ্যকালত মিজোৰামৰ জনমানসত মচিব নোৱাৰা চাপ এৰি থৈ যাবলৈ সমৰ্থ হৈছিল। সাংসদ হিচাপে স্বৰাজ...

December 4, 2025 8:03 PM December 4, 2025 8:03 PM

views 8

ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আন্দ্ৰেই বেলুছ’ভক ভাৰতৰ প্ৰতিৰক্ষা ৰাজ্য মন্ত্ৰী সঞ্জয় শেঠৰ নতুন দিল্লীত আদৰণি

ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আন্দ্ৰেই বেলুছ'ভক ভাৰতৰ প্ৰতিৰক্ষা ৰাজ্য মন্ত্ৰী সঞ্জয় শেঠে আজি নতুন দিল্লীত আদৰণি জনায়। ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত পুষ্পাঞ্জলি অর্পণ কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত প্ৰতিৰক্ষা মন্ত্রালয়ে কয় যে দুয়োখন দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী দুগৰাকীয়ে ২২ সংখ্যক ভাৰত ৰাছিয়া আন্তঃচৰকাৰী আয়োগৰ বৈঠকত সভাপতিত্ব কৰিব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতিত জনোৱা অনুসৰি বৈঠকৰ সময়ত দুয়োখন দ...

December 4, 2025 8:01 PM December 4, 2025 8:01 PM

views 9

কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা নতুন শ্রম সংহিতাই সমগ্ৰ দেশৰ শ্ৰমিকৰ জীৱিকাত সুস্থিৰতা প্ৰদান কৰাৰ আশা কৰা হৈছে

কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা নতুন শ্রম সংহিতাই সমগ্ৰ দেশৰ শ্ৰমিকৰ জীৱিকাত সুস্থিৰতা প্ৰদান কৰাৰ আশা কৰা হৈছে। আকাশবাণীৰ সংবাদদাতাই প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি এই নতুন সংস্কাৰে দেশৰ শ্ৰমিকসকলক প্ৰত্যক্ষ সুবিধা প্ৰদান কৰিছে। এই শ্রম সংস্কাৰৰ জৰিয়তে চৰকাৰে দেশৰ বিভিন্ন খণ্ডত শ্রমিক শাসন ব্যৱস্থা শক্তিশালী কৰিছে। এই সংস্কাৰৰ অধীনত কোনো নিয়োগকাৰীয়ে কৰ্মচাৰীক ন্যূনতম মজুৰিতকৈ কম দৰমহা দিব নোৱাৰিব। সাধাৰণ কৰ্ম সময়ৰ বাহিৰত কৰা কামৰ ক্ষেত্ৰত নিয়মীয়া মজুৰি হাৰতকৈ দুগুণ ক্ষতিপূৰণ দিব লাগিব। লগতে এই ...

December 4, 2025 7:59 PM December 4, 2025 7:59 PM

views 13

আফগানিস্তানত ইনফ্লুয়েঞ্জা আৰু মেনিনজাইটিছৰ প্ৰাদুৰ্ভাৱ ৰোধৰ উদ্দেশ্যে দেশখনলৈ প্ৰয়োজনীয় স্বাস্থ্য যতন সাহায্য ভাৰতৰ

আফগানিস্তানত ইনফ্লুয়েঞ্জা আৰু মেনিনজাইটিছৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাত সহায় কৰাৰ উদ্দেশ্যে ভাৰতে দেশখনলৈ প্ৰয়োজনীয় স্বাস্থ্য যতন সাহায্য আগবঢ়াইছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছোৱালে আজি কয় যে ভাৰতে কাবুললৈ ইনফ্লুয়েঞ্জা আৰু মেনিনজাইটিছৰ ৬৩ হাজাৰ ৭০০ৰো অধিক পালি প্ৰতিষেধক প্ৰদান কৰিছে। শ্ৰীজয়ছোৱালে সামাজিক মাধ্যমযোগে কয় যে আফগানিস্তানৰ জনস্বাস্থ্য ব্যৱস্থালৈ সহায় আগবঢ়াবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ পূৰ্বে যোৱা ২৮ নৱেম্বৰত ভাৰতে আফগানিস্তানৰ তাৎক্ষণিক চিকিৎসা আৱশ্যকতা পূৰণৰ ...

December 4, 2025 7:24 PM December 4, 2025 7:24 PM

views 8

ডিব্ৰুগড় জিলাৰ বৰবৰুৱা উন্নয়ন খণ্ডত অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযানৰ অধীনত কমিউনিটি কেডাৰসকলৰ মাজত স্কুটি বিতৰণ

ডিব্ৰুগড় জিলাৰ বৰবৰুৱা উন্নয়ন খণ্ডত আজি অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযানৰ অধীনত কমিউনিটি কেডাৰসকলৰ মাজত স্কুটি বিতৰণ কৰা হয়। ৰাজ্য চৰকাৰৰ মন্ত্ৰী প্ৰশান্ত ফুকনে এই স্কুটীসমূহ বিতৰণ কৰে। মন্ত্ৰীগৰাকীয়ে পি এম এফ এম ই আঁচনিৰ অধীনত আত্মসহায়ক গোটসমূহৰ মাজত চেকো বিতৰণ কৰে। অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযানৰ অধীনত এই আঁচনিখনে তৃণমূল পৰ্যায়ত কাম কৰা জীৱিকা সখী, কৃষি সখী, বেংক সখীসকলৰ কামকাজসমূহ সুচাৰুৰূপে ৰূপায়ণত সহায় কৰাৰ লগতে আত্মনিৰ্ভৰ গাঁও নিৰ্মাণৰ পথ প্রশস্ত কৰিব বুলি মন্ত্ৰী ফুকনে উল্লেখ ...

December 4, 2025 7:13 PM December 4, 2025 7:13 PM

views 7

ধেমাজি জিলাৰ চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত দ্বিজমূৰ আৰু ডেমগাঁৱৰ লোকসকলৰ ভূমি পট্টাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত

ধেমাজি জিলাৰ চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত দ্বিজমূৰ আৰু ডেমগাঁৱৰ লোকসকলে আজি ভূমি পট্টাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে। জিলাখনৰ দ্বিজমূৰ মিৰিপথাৰ, ডেমগাঁও আৰু বালিখুটি গাঁৱত মিছন বসুন্ধৰাৰ দ্বিতীয় পর্যায়ত জৰীপ কৰা হৈছিল যদিও তৃতীয় পর্যায়ত এই লোকসকল ভূমি পট্টা লাভৰ পৰা বঞ্চিত হোৱাত বৃহত্তৰ অঞ্চলটোৰ লোকসকলে প্ৰতিবাদ কৰে। আমাৰ ধেমাজিৰ সংবাদদাতাই জনোৱা মতে চৰকাৰে জৰীপ সম্পন্ন কৰা এই গাঁওকেইখন বৰ্তমান চিমেন চাপৰি আৰু জামজিং সংৰক্ষিত বনাঞ্চলত অন্তৰ্ভুক্ত হোৱাত গাঁওবাসীয়ে ভূমি পট্টাৰ বাবে আবেদন কৰ...

December 4, 2025 7:11 PM December 4, 2025 7:11 PM

views 9

একশৰণ ভাগৱতী সমাজৰ কলিয়াবৰত থকা কেন্দ্ৰীয় পালনাম থানৰ স্থায়ী কীৰ্তন গৃহৰ দুৱাৰ উন্মোচন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি একশৰণ ভাগৱতী সমাজৰ কলিয়াবৰত থকা কেন্দ্ৰীয় পালনাম থানৰ স্থায়ী কীৰ্তন গৃহৰ দুৱাৰ উন্মোচন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে নৱনিৰ্মিত কীৰ্তন গৃহত ৰাজ্যবাসীৰ কল্যাণার্থে সেৱা আগবঢ়ায়। কলিয়াবৰৰ নিজ চিলাবন্ধাত কালিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কেন্দ্ৰীয় পালনাম থানৰ গুৰু আসন আজি আচাৰ্য দেহেশ্বৰ বৰাই প্ৰতিষ্ঠা কৰে। এই কাৰ্যসূচীত বিভিন্ন জিলাৰ ধৰ্মীয় সংগঠনৰ পদাধিকাৰ, সত্ৰাধিকাৰকে ধৰি ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। অনুষ্ঠানত মন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ...

December 4, 2025 7:07 PM December 4, 2025 7:07 PM

views 6

ধুবুৰী ইউকো বেংকৰ গ্রামীন স্বনিয়োজন প্ৰতিষ্ঠানৰ উদ্যোগত ১৪ দিনীয়া গহণা প্ৰস্তুতকৰণ আৰু ৩১ দিনীয়া চিলাই প্রশিক্ষণ অনুষ্ঠিত

ধুবুৰী ইউকো বেংকৰ গ্রামীন স্বনিয়োজন প্ৰতিষ্ঠানৰ উদ্যোগত আজিৰে পৰা ১৪ দিনীয়াকৈ গহণা প্ৰস্তুতকৰণ আৰু ৩১ দিনীয়া চিলাই প্রশিক্ষণ অনুষ্ঠিত হৈছে। প্ৰতিষ্ঠানটোৱে ধুবুৰীৰ কমেও ৬০ গৰাকী মহিলাক বাচনি কৰি এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। কেইবাগৰাকীও সমল ব্যক্তিয়ে এই কাৰ্যসূচীত প্রশিক্ষণ প্ৰদান কৰিছে।