July 28, 2025 5:28 PM July 28, 2025 5:28 PM
15
উত্তৰ প্ৰদেশৰ বাৰাবাংকিৰ ঔছনেশ্বৰ মহাদেৱ মন্দিৰৰ এখন টিঙৰ চালিত বৈদ্যুতিক তাঁৰ পৰি যোৱাৰ ফলত সৃষ্টি হোৱা ঠেলাহেঁচাত কমেও ২জন লোকৰ মৃত্যুৰ লগতে ১৭ জন লোক আহত
উত্তৰ প্ৰদেশৰ বাৰাবাংকিৰ ঔছনেশ্বৰ মহাদেৱ মন্দিৰৰ এখন টিঙৰ চালিত বৈদ্যুতিক তাঁৰ পৰি যোৱাৰ ফলত সৃষ্টি হোৱা ঠেলাহেচাত কমেও দুজন লোকৰ মৃত্যু হোৱাৰ লগতে ১৭ জন লোক আহত হয়। পৱিত্ৰ শাওণ মাহৰ আজি তৃতীয়টো সোমবাৰৰ দিনা ভক্তসকলে মন্দিৰত দৰ্শনৰ বাবে শাৰী পাতি থকাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে এই ঘটনাত শোক প্ৰকাশ কৰিছে। তেওঁ আহতসকলৰ প্ৰয়োজনীয় চিকিৎসা নিশ্চিত কৰিবলৈ বিষয়াসকলক নির্দেশ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে নিহতকেইজনৰ নিকতাত্মীয়লৈ পাঁচ লাখ টকাৰ এককালী...