August 31, 2025 9:41 PM

views 22

২০২৫-২৬ বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা জুনলৈকে দেশৰ মুঠ ঘৰুৱা উৎপাদন, জি ডি পিৰ হাৰ ৭.৮ শতাংশলৈ বৃদ্ধি

২০২৫-২৬ বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা জুনলৈকে দেশৰ মুঠ ঘৰুৱা উৎপাদন, জি ডি পিৰ হাৰ ৭.৮ শতাংশলৈ বৃদ্ধি পাইছে। এই হাৰ বিগত তিনিমহীয়া চক্ৰতকৈ দশমিক ৪ শতাংশ বৃদ্ধি পাইছে।

August 31, 2025 9:58 PM

views 28

অভিৰুচি ক্ৰীড়া দিৱসৰ সৈতে সংগতি ৰাখি ৰংপুৰ জিলা ক্রীড়া সন্থাৰ দিনজোৰা কাৰ্যসূচীৰে আন্তঃক্লাব সাঁতোৰ প্ৰতিযোগিতাৰ আয়োজন

উত্তৰ-পূবৰ প্ৰথমগৰাকী অর্জুন বঁটা বিজয়ী এথলিট ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৩ ছেপ্তেম্বৰত উদযাপন কৰিবলগীয়া অভিৰুচি ক্ৰীড়া দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰংপুৰ জিলা ক্রীড়া সন্থাই শিৱসাগৰৰ জয়সাগৰত দিনজোৰা কাৰ্যসূচীৰে আন্তঃক্লাব সাঁতোৰ প্ৰতিযোগিতাৰ আয়োজন কৰে। ২০০৪ চনৰ এথেন্স অলিম্পিকত দেশক প্রতিনিধিত্ব কৰা ভাৰোত্তোলক প্ৰতিমা কুমাৰী দেৱীয়ে এই প্রতিযোগিতাৰ উদ্বোধন কৰে। প্ৰায় ডেৰ শতাধিক প্রতিযোগীয়ে এই প্রতিযোগিতাত অংশ লয়। এই অনুষ্ঠানতে ১৩ গৰাকী সমাজকৰ্মী আৰু সাংবাদিকক সম্বৰ্ধনা জনোৱা হয়।

August 31, 2025 9:53 PM

views 15

পুৰুষৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতৰ জাপানক ৩-২ গ’লত পৰাস্ত

বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত পুৰুষৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতে আজি জাপানক ৩-২ গ'লত পৰাস্ত কৰে। হৰমনপ্রীত সিঙে দুটা গ'ল কৰাৰ বিপৰীতে মনদীপ সিঙে এটা গ'ল দিয়ে। জাপানৰ হৈ কোচেই কাৱাবে দুটা গ'ল কৰে । ইয়াৰ পূৰ্বে অনুষ্ঠিত আন এখন খেলত চীনে কাজাখাস্তানক ১৩–১ গ'লত পৰাস্ত কৰে। এই প্ৰতিযোগিতাত বিজয়ী দলটোৱে ২০২৬ চনত হ'বলগা পুৰুষৰ হকী বিশ্বকাপৰ বাবে স্থান নিশ্চিত কৰিব। নিৰাপত্তাজনিত কাৰণত পাকিস্তানে আৰু বিত্তীয় অসুবিধাৰ বাবে অমানে প্রতিযোগিতাৰ পৰা নাম বাতিল কৰাত তেওঁলোকৰ স্থানত বাংলাদেশ আৰু কাজাখাস্তান...

August 31, 2025 10:09 PM

views 19

আহমেদাবাদ আৰু গান্ধীনগৰ ভ্ৰমণ গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে আজি আহমেদাবাদ আৰু গান্ধীনগৰ ভ্ৰমণ কৰে। জন-কল্যাণ আৰু নগৰ উন্নয়নৰ বিভিন্ন পদক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰি গৃহ মন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণ কৰে। শ্ৰীশ্বাহে আজি পুৱা গোটা আৰু চান্দলোডিয়া ৱাৰ্ডত নগৰীয়া স্বাস্থ্য কেন্দ্ৰ উদ্বোধন কৰাৰ লগতে গছপুলি ৰোপণ কৰে। তেওঁ লগতে ভদ্রকালী মন্দিৰতো পূজা কৰে। গৃহমন্ত্ৰীগৰাকীয়ে পুনৰনিৰ্মাণ কৰা চৰ্দাৰ বাগো উদ্বোধন কৰে।

August 29, 2025 2:40 PM

views 30

আজি ৰাষ্ট্ৰীয় ক্রীড়া দিৱস

● আজি ৰাষ্ট্ৰীয় ক্রীড়া দিৱস। কিংবদন্তি হকী খেলুৱৈ মেজৰ ধ্যানচন্দৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে ২৯ আগষ্টত এই দিৱস পালন কৰা হয়। এই বছৰ ৰাষ্ট্ৰীয় ক্রীড়া দিৱসৰ মূল বিষয়বস্তু হৈছে- শান্তিপূৰ্ণ আৰু সৰ্বাত্মক সমাজৰ প্ৰসাৰৰ বাবে খেল-ধেমালি। এই বিষয়বস্তুৰ জৰিয়তে খেল-ধেমালিয়ে কিদৰে দলীয় ভাৱনা শক্তিশালী আৰু ভাষা অথবা আঞ্চলিক বিভেদ দূৰ কৰি জনসাধাৰণক ঐক্যবদ্ধ কৰে সেই বিষয়ে আলোকপাত কৰা হৈছে। ইয়াৰ উপৰি এই বিষয়বস্তুৰ মাধ্যমেৰে শান্তি, সৰ্বাত্মকতা আৰু সদভাৱৰ আহিলা হিচাপে ক্ৰীড়াৰ ব্যৱহাৰত...

August 29, 2025 2:37 PM

views 34

আফগানিস্তানক গুৰুতৰ স্বাস্থ্য সংকটৰ সন্মুখীন হোৱা বুলি সকিয়নি বিশ্ব স্বাস্থ্য সংস্থাৰ

● আফগানিস্তানত ২ কোটি ২০ লাখ লোকক সম্প্ৰতি সাহায্যৰ প্ৰয়োজন হোৱাৰ বিষয়ে উল্লেখ কৰি বিশ্ব স্বাস্থ্য সংস্থাই দেশখন গুৰুতৰ স্বাস্থ্য সংকটৰ সন্মুখীন হোৱা বুলি সকিয়াই দিছে। সংস্থাটোৱে শেহতীয়া প্ৰতিবেদনত প্ৰকাশ কৰা মতে পুঁজিৰ সংকটৰ ফলস্বৰূপে দেশখনত স্বাস্থ্য প্রতিষ্ঠান বন্ধ কৰি দিব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে। তদুপৰি, ব্যাপক হাৰত শৰণাৰ্থী প্ৰত্যাৱৰ্তনৰ ফলত স্বাস্থ্য খণ্ডত গুৰুতৰ সংকটে দেখা দিছে বুলিও এই প্রতিবেদনত প্ৰকাশ পাইছে। চলিত বৰ্ষত আফগানিস্তানৰ ১ কোটি ৬০ লাখতকৈও অধিক লোকক জীৱন ৰক্ষামূলক সহায়...

August 29, 2025 2:33 PM

views 28

উচ্চতম ন্যায়ালয়ৰ দুগৰাকী নৱনিযুক্ত ন্যায়াধীশৰ কাৰ্যভাৰ গ্ৰহণ

● ভাৰতৰ মুখ্য ন্যায়াধীশ বি আৰ গৱাইয়ে আজি উচ্চতম ন্যায়ালয়ক দুগৰাকী নৱনিযুক্ত ন্যায়াধীশক কাৰ্যভাৰ গ্ৰহণৰ শপতবাক্য পাঠ কৰোৱায়। এই অনুষ্ঠানত ন্যায়াধীশ আলোক আৰাধে আৰু ন্যায়াধীশ মনোভাই পঞ্চোলিয়ে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। উল্লেখযোগ্য যে দুদিন পূৰ্বে তেওঁলোকক নিযুক্তি দিয়া হৈছিল। আজি নতুনকৈ দুগৰাকী ন্যায়াধীশৰ শপত গ্ৰহণৰ লগে লগে উচ্চতম ন্যায়ালয়ত নিযুক্ত ন্যায়াধীশৰ সংখ্যা নিৰ্ধাৰিত ৩৪লৈ বৃদ্ধি পালে।

August 29, 2025 2:31 PM

views 17

অসম ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ শাখা উদ্বোধন গৃহমন্ত্রী অমিত শ্বাহৰ

● কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি অসম ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ শাখা উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত ভাষণ দি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ এই উদ্বোধনী অনুষ্ঠান ৰাজ্যখনৰ বাবে শ্রীগণেশৰ আশীৰ্বাদ হিচাপে পৰিগণিত হৈছে। ভৱিষ্যতৰ অসমৰ সৈতে সংগতি ৰাখি এই ভৱনটো নিৰ্মাণ কৰা হৈছে বুলি মত প্ৰকাশ কৰি তেওঁ এই কামৰ বাবে ৰাজ্য চৰকাৰক ভূয়সী প্ৰশংসা কৰে। ৰাজ্যৰ বিকাশমুখী যাত্ৰাত নৱতম সংযোজন হিচাপে ৪১ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই নতুন ৰাজভৱনটো ৯ হাজাৰ ৬১৩ বৰ্গফুট পৰিসৰৰ। নতুন ৰাজভৱনটোত ৰাজ্যপালৰ কাৰ্যাল...

August 29, 2025 2:20 PM

views 25

জাপানক প্ৰযুক্তিৰ আৰু ভাৰত প্ৰতিভাৰ পাৱাৰহাউছঃ প্রধানমন্ত্ৰী মোদী

■■■ জাপানৰ প্ৰযুক্তি আৰু ভাৰতীয় প্ৰতিভাৰ সন্মিলিত প্রচেষ্টাই এই শতিকাৰ প্ৰযুক্তি বিপ্লৱক নেতৃত্ব দিব পাৰে। টকিঅ'ত অনুষ্ঠিত ভাৰত-জাপান অর্থনৈতিক মঞ্চ সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এইদৰে কয়। প্রধানমন্ত্ৰী শ্ৰীমোদীয়ে জাপানক প্ৰযুক্তিৰ আৰু ভাৰতক প্ৰতিভাৰ পাৱাৰহাউছ বুলি অভিহিত কৰে। ভাৰতে কৃত্রিম বুদ্ধিমত্তা, অর্ধপৰিবাহী, কোৱান্টাম কম্পিউটিং, জৈৱ প্ৰযুক্তি আৰু মহাকাশ খণ্ডত শক্তিশালী আৰু অভিলাষী পদক্ষেপ লৈছে। তেওঁ লগতে কয় যে ভাৰতে প্ৰতিৰক্ষা আৰু মহাকাশ খণ্ডৰ পাছতে পৰমাণু শক্তি খণ্ড...

August 29, 2025 2:15 PM

views 16

২০২২-২৩ বৰ্ষৰ স্কোপ উৎকর্ষতা বঁটা প্ৰদান ৰাষ্ট্ৰপতি মুৰ্মুৰ

■ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহক ২০২২-২৩ বৰ্ষৰ স্কোপ উৎকর্ষতা বঁটা প্ৰদান কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে স্বাধীনতাৰ সময়ৰে পৰা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহ অৰ্থনৈতিক বিকাশ আৰু সামাজিক অন্তৰ্ভুক্তিৰ শক্তিশালী কাৰক হিচাপে বিবেচিত হৈছে। ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহক তেওঁ ঔদ্যোগিকীকৰণ, আন্তঃগাঁথনি উন্নয়ন, সামাজিক উৎকৰ্ষতা আৰু সন্তুলিত আঞ্চলিক উন্নয়নৰ দিশৰ আধাৰ বুলিও অভিহিত কৰে। অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় বিত...