July 28, 2025 6:31 PM July 28, 2025 6:31 PM
18
বনভূমি অধিকাৰ আইন ২০০৬ৰ অধীনত বিশ্বনাথ জিলা প্ৰশাসনৰ বনভূমিত বসবাস কৰা ২,১৪৫জন লোকক ভূমিস্বত্ব প্রমাণ-পত্ৰ বিতৰণ
বনভূমি অধিকাৰ আইন ২০০৬ৰ অধীনত বিশ্বনাথ জিলা প্ৰশাসনে আজি জিলাখনৰ বনভূমিত বসবাস কৰা ২,১৪৫জন লোকক ভূমিস্বত্ব প্রমাণ-পত্ৰ বিতৰণ কৰে। বিশ্বনাথৰ কমলাকান্ত নাট্য সমাজত এই উপলক্ষে অনুষ্ঠিত সভাত বিশ্বনাথৰ অভিভাৱক মন্ত্ৰী অশোক সিংহল, বিধায়ক প্রমোদ বৰঠাকুৰকে ধৰি আন কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে। মন্ত্রী অশোক সিংহলে তেওঁৰ ভাষণত কয় যে অসমৰ খিলঞ্জীয়া লোকসকলক সামাজিক আৰু সাংস্কৃতিক দিশত সুৰক্ষিত কৰিবলৈ বন অধিকাৰ আইন, ২০০৬ৰ অধীনত ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। এই আইনৰ জৰিয়তে চৰকাৰে খিলঞ্জীয়া লোকক...