September 5, 2025 7:18 PM

views 74

ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটাৰে সন্মানিত বর্ষীয়ান ব্যক্তি ৰজত চন্দ্ৰ গোস্বামীক সম্বর্ধনা জ্ঞাপন ৰাজ্যপাল লক্ষ্মন প্রসাদ আচার্যৰ

সমগ্ৰ ৰাজ্যতে আজি বিভিন্ন কাৰ্যসূচীৰে শিক্ষক দিৱস উদযাপন কৰা হয়। ৰাজ্যপাল লক্ষ্মন প্রসাদ আচার্যই শিক্ষক দিৱস উপলক্ষে যোৰহাটৰ টীয়কৰ আধাৰসত্ৰত ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটাৰে সন্মানিত বর্ষীয়ান ব্যক্তি ৰজত চন্দ্ৰ গোস্বামীক সম্বর্ধনা জ্ঞাপন কৰে। ৰাজ্যপালগৰাকীয়ে শিক্ষকগৰাকীক সমাজৰ প্ৰতি আগবঢ়োৱা সেৱাৰ শলাগ লয়। মৰিগাওঁ জিলাৰ শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত আয়োজিত শিক্ষক দিৱসৰ কাৰ্যসূচীত জিলাখনৰ শ্ৰেষ্ঠ বিদ্যালয়ৰ বঁটা প্ৰদান কৰা হয়। মৰিগাওঁ মজলীয়া বিদ্যালয় আৰু মৰিসুঁতি টোপ নতুন প্ৰাথমি...

September 5, 2025 7:09 PM

views 21

সৰস মেলাৰ ২৭ সংখ্যক সংস্কৰণ আজি নতুন দিল্লীত আৰম্ভ

সৰস মেলাৰ ২৭ সংখ্যক সংস্কৰণ আজি নতুন দিল্লীত আৰম্ভ হৈছে। এই মেলাই গ্ৰামাঞ্চলৰ মহিলাসকলক নিজৰ সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰীৰ বাবে গুৰুত্বপূৰ্ণ বিপণন মঞ্চ প্ৰদান কৰি আহিছে। দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আত্মসহায়ক গোটৰ ৪০০ৰো অধিক মহিলাই এই মেলাত অংশগ্ৰহণ কৰিছে। এই বছৰ এই মেলাৰ মূল বিষয়বস্তু হৈছে— লাখপতি দিদিৰ বিকাশ – গ্ৰামাঞ্চলৰ মহিলাসকলক সফল উদ্যমী আৰু ভোকেল ফ'ৰ লোকেল অভিযানৰ হোতা হ'বলৈ সবল কৰি তোলা। প্ৰথমবাৰৰ বাবে এইবেলি লাখপতি দিদিসকলে সম্পূৰ্ণৰূপে সৰস মেলাৰ দায়িত্ব পালন কৰিব। ...

September 5, 2025 7:06 PM

views 37

ইনাৰ পাৰ্মিট কাৰ্যকৰীকৰণ ক্ষীপ্ৰতাৰে কৰিবলৈ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই গৃহমন্ত্রী অমিত শ্বাহক আহ্বান

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহক বাংলাদেশ সীমান্তত অবৈধ অনুপ্রবেশ ৰোধ কৰিবলৈ ৰাজ্যখনত ইনাৰ পাৰ্মিট কাৰ্যকৰীকৰণ ক্ষীপ্ৰতাৰে কৰিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত কালি মুখ্যমন্ত্রী চাংমাই শ্ৰীশ্বাহক সাক্ষাৎ কৰি এই কথা প্ৰকাশ কৰে। দুয়োগৰাকী নেতাৰ মাজত কালি অনুষ্ঠিত বৈঠকত অবৈধ প্ৰব্ৰজন নিৰীক্ষণ ব্যসস্থাৰ সমান্তৰালকৈ সীমান্ত ব্যৱস্থাপনা আৰু আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।

September 5, 2025 7:02 PM

views 30

দিল্লীত ভূটানৰ প্ৰধানমন্ত্রী শ্বেৰিং টবগেক বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ সাক্ষাৎ‍

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি নতুন দিল্লীত ভূটানৰ প্ৰধানমন্ত্রী শ্বেৰিং টবগেক সাক্ষাৎ‍ কৰে। ভূটানৰ প্ৰধানমন্ত্ৰী ৪ দিনীয়া ভ্রমণসূচী লৈ পৰহি ভাৰতত উপস্থিত হয়। তেওঁ উত্তৰ প্ৰদেশৰ অযোধ্যাত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় ৰাজধানীত উপস্থিত হোৱাৰ কথা ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে পত্নী ওম টাছি দোমাৰ সৈতে আজি অযোধ্যাৰ শ্ৰীৰাম জনমভূমি মন্দিৰ, হনুমানগড়ী মন্দিৰ আৰু কুবেৰটিলা দৰ্শন কৰে। এই ভ্ৰমণৰ কালছোৱাত ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্ৰীৰাম মন্দিৰত চলি থকা নিৰ্মাণ কাৰ্যৰ চূড়ান্ত পর্...

September 5, 2025 6:54 PM

views 24

ৰাষ্ট্ৰপতি মুৰ্মু আৰু প্ৰধানমন্ত্ৰী মোদীয়ে ওনাম উপলক্ষে দেশবাসী বিশেষকৈ কেৰালাৰ জনসাধাৰণক ওলগ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ওনাম উপলক্ষে দেশবাসী বিশেষকৈ কেৰালাৰ জনসাধাৰণক ওলগ জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে এই উপলক্ষে দিয়া এটা বাৰ্তাত কয়, যে এই উৎসৱ কেৰালাৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰাৰ অনন্য নিদর্শন। তেওঁ কয়, যে এই উৎসৱে জনসাধাৰণক সাংস্কৃতিক ধর্মীয় বিশ্বাসৰ উপৰি একতা, সহযোগিতা আৰু সমন্বয়ৰ গুৰুত্বৰ বিষয়ে সোঁৱৰাই দিয়ে। ওনাম দেশৰ কৃষকসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশৰ উপলক্ষ বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়...

September 5, 2025 6:49 PM

views 24

ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ মিলাদ-উন-নবী উদযাপন

ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদৰ আজি জন্মদিন। এই উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজিৰ দিনটো পৱিত্ৰ মিলাদ-উন-নবী হিচাপে উদযাপন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মিলাদ-উন-নবী উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্রীমতী মুর্মুৱে দেশবাসীক বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলক শুভেচ্ছা জনাইছে। পয়গম্বৰ মহম্মদে একতা আৰু মানৱতাৰ সেৱাৰ বাণী বিলাইছিল বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ বাৰ্তাত প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়...

September 5, 2025 6:45 PM

views 29

পৰোক্ষ কৰ ব্যৱস্থাত ৫%, ১২%, ১৮% আৰু ২৮% জি এছ টিত অনুমোদন জি এছ টি পৰিষদৰ

লালকিল্লাত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমাগত দীপাৱলীৰ পৰাই দেশত জি এছ টি ব্যৱস্থাৰ সংস্কাৰ সাধন কৰা হ'ব বুলি ঘোষণা কৰিছিল। প্রধানমন্ত্রী শ্রীমোদীয়ে অধিক কাৰ্যক্ষম আৰু নাগৰিক অনুকূল অর্থনীতি গঢ়াৰ লক্ষ্যৰে যোৱা পৰহিৰ পৰা জি এছ টি পৰিষদে সাধাৰণ মানুহৰ সুবিধাৰ অৰ্থে জি এছ টিৰ হাৰ সংস্কাৰত অনুমোদন জনায়। পৰিষদে পৰোক্ষ কৰ ব্যৱস্থাত ৫ শতাংশ, ১২ শতাংশ, ১৮ শতাংশ আৰু ২৮ শতাংশ জি এছ টিত অনুমোদন জনায়। ধঁপাত আৰু বিলাসী সামগ্ৰী আৰু নিৰ্বাচিত কিছু সামগ্ৰীৰ...

September 5, 2025 6:42 PM

views 32

দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটাসমূহ প্ৰদান ৰাষ্ট্ৰপতি মুর্মুৰ

সমগ্র দেশত আজি শিক্ষক দিৱস উদযাপন কৰা হৈছে। শিক্ষাবিদ তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে ৫ ছেপ্তেম্বৰত এই দিৱস পালন কৰা হয়। এই উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটাসমূহ প্ৰদান কৰে। এই বঁটা প্ৰদান অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীয়ে নাৰীসকলৰ উন্নতিৰ বাবে কন্যা সন্তানক শিক্ষা প্ৰদান কৰাত অধিক গুৰুত্ব আৰোপ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে কন্যা সন্তানৰ শিক্ষাৰ বিষয়টোৱে সৰ্বাধিক অগ্ৰাধিকাৰ...

September 5, 2025 6:36 PM

views 45

বিটিচি নিৰ্বাচনৰ বাবে ৩৮২ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ ঘোষণা

অসমত অহা ২২ ছেপ্তেম্বৰত অনুষ্ঠিত হ'বলগীয়া বিটিচি নিৰ্বাচনৰ বাবে ৩৮২ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ ঘোষণা কৰা হৈছে। ৪০টা সমষ্টিৰ বাবে মুঠ ৩৮৪গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰিছিল। বাক্সা জিলাৰ মুঠ ৬৪গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্র বৈধ ঘোষণা কৰা হৈছে। কোকৰাঝাৰ জিলাত ১৩২ গৰাকী আৰু তামুলপুৰ জিলাত মুঠ ৫০গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ হিচাপে বিবেচিত হয়। চিৰাং জিলাত ৬৩গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ বিবেচিত হৈছে। জিলাখনৰ এগৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ হয়। ওদালগুৰি জিলাত মুঠ ৭৪গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈ...

September 4, 2025 3:54 PM

views 21

জি এছ টিৰ সংশোধনৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা শেহতীয়া ব্যৱস্থাই সকলো পক্ষকে উপকৃত কৰিব

● সামগ্ৰী আৰু সেৱা কৰ জি এছ টিৰ সংশোধনৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা শেহতীয়া ব্যৱস্থাই সকলো পক্ষকে উপকৃত কৰিব বুলি দেশৰ বিভিন্ন শ্ৰেণীৰ জনসাধাৰণে মত প্ৰকাশ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাইও ইয়াৰ ফলত স্বাস্থ্য সেৱাৰ বাবে হোৱা ব্যয়ৰ পৰিমাণ হ্ৰাস পোৱাৰ লগতে জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নীত হ'ব বুলি আশা প্ৰকাশ কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্রীনাড্ডাই কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰ ব্যৱস্থাই দেশৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ স্বা...