August 1, 2025 8:09 PM August 1, 2025 8:09 PM

views 13

২০৪৭ চনৰ বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি আহ্বান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ২০৪৭ চনৰ বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি আহ্বান জনায়। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ধানবাদস্থিত ভাৰতীয় খনি বিদ্যালয়, আই আই টি-আই এছ এম, ধানবাদৰ ৪৫ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰি আজি শ্ৰীমতী মুৰ্মুৱে প্ৰতিষ্ঠানখনৰ কৃতি শিক্ষাৰ্থীসকলক এই আহ্বান জনায়। অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীয়ে এগৰাকী ছাত্ৰক ৰাষ্ট্ৰপতিৰ সোণৰ পদক প্রদান কৰাৰ লগতে প্ৰতিষ্ঠানখনৰ প্ৰতিষ্ঠাৰ গৌৰৱপূৰ্ণ শতবৰ্ষ উপলক্ষে এ...

August 1, 2025 6:56 PM August 1, 2025 6:56 PM

views 4

ভাষাবিদ টাবুৰাম টাইডৰ ৮৩ সংখ্যক জন্ম দিৱস উপলক্ষে টাবুৰাম টাইড স্মাৰক সংগ্ৰহালয় আৰু পুঁথিভঁৰাল আনুষ্ঠানিকভাৱে মুকলি

ভাষাবিদ টাবুৰাম টাইডৰ ৮৩ সংখ্যক জন্ম দিৱস উপলক্ষে আজি টাবুৰাম টাইড স্মৃতি ন্যাসৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ সহযোগত গোগামুখত প্ৰয়াত টাবুৰাম টাইডৰ সমাধিক্ষেত্ৰত প্ৰতিষ্ঠা কৰা টাবুৰাম টাইড স্মাৰক সংগ্ৰহালয় আৰু পুঁথিভঁৰাল আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। মন্ত্ৰী ৰণোজ পেগুৱে স্মাৰক সংগ্ৰহালয় আৰু পুঁথিভঁৰালটো মুকলি কৰি অনাগত দিনত অসমৰ সকলো ভাষা সাহিত্য সংস্কৃতিৰ সুৰক্ষা আৰু সমৃদ্ধিৰ ক্ষেত্ৰত এই সংগ্ৰহালয় আৰু পুঁথিভঁৰালটোৱে উল্লেখযোগ্য ভূমিকা পালন কৰিব বুলি আশা প্রকাশ কৰে। টাবুৰাম টাইড স্মাৰক সংগ্ৰহালয়...

August 1, 2025 6:46 PM August 1, 2025 6:46 PM

views 26

ড° ভূপেন হাজৰিকা বছৰযোৰা জন্ম শতবার্ষিকী উদযাপনৰ অংশ হিচাপে লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আনুষ্ঠানিকভাৱে পোৰ্টেল মুকলি

ড° ভূপেন হাজৰিকা বছৰযোৰা জন্ম শতবার্ষিকী উদযাপনৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত আনুষ্ঠানিকভাৱে এটা পোৰ্টেল মুকলি কৰে। পোৰ্টেল মুকলিৰ পূৰ্বে সাংবাদিকক সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই ৫ ছেপ্তেম্বৰত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত বিয়লি ৫.৩০ বজাত হ'বলগীয়া ভূপেন হাজৰিকা জন্ম শতবার্ষিকীৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বুলি প্ৰকাশ কৰে। এই অনুষ্ঠানতে প্রধানমন্ত্ৰীগৰাকীয়ে কেইবাটাও ভাষাত লিখি উলিওৱা ভূপেন হ...

August 1, 2025 6:36 PM August 1, 2025 6:36 PM

views 14

ৰাজ্যত জুন মাহত চাহৰ উৎপাদন যোৱা বছৰৰ তুলনাত ১২ শতাংশ হ্ৰাস

ৰাজ্যত জুনত চাহৰ উৎপাদন যোৱা বছৰৰ তুলনাত ১২ শতাংশ হ্ৰাস পাইছে। বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাৰ বাবে এনে হোৱা বুলি কোৱা হৈছে। ভাৰতীয় চাহ সংস্থাৰ অসম শাখাৰ সচিব মাধুৰ্য বৰুৱাই কালি কয়, যে জুলাইত ৰাজ্যত বৰষুণৰ পৰিমাণ স্বাভাৱিকতকৈ ৩০ৰ পৰা ৪০ শতাংশ হ্ৰাস পাইছে আৰু ইয়াৰ ফলত অনাগত সময়ত চাহৰ উৎপাদন আৰু হ্ৰাস পোৱাৰ সম্ভাৱনাই দেখা দিছে। ভাৰতীয় চাহ পৰিষদৰ অধ্যক্ষ সর্বেশ চহৰীয়াই চাহ উদ্যোগৰ বাবে পৰিস্থিতি উদ্বেগজনক হৈ পৰা বুলি প্ৰকাশ কৰিছে। অধিক চাহ উৎপাদন হোৱা উজনি অসমৰ পানীতোলা, টেঙাখাত আৰু ডুমডুমাৰ দৰে এ...

August 1, 2025 6:31 PM August 1, 2025 6:31 PM

views 5

বৰপেটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উৎকোচৰ অপৰাধত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলে আনোৱাৰ হুচেইন নামৰ এজন লাট মণ্ডলক হাতে লোটে ধৰা পেলায়

বৰপেটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উৎকোচ লোৱাৰ অপৰাধত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলে আজি আনোৱাৰ হুচেইন নামৰ এজন লাট মণ্ডলক হাতে লোটে ধৰা পেলায়। অভিযোগ অনুসৰি কয়াকুছিৰ এজন লোকৰ ভূমি সংক্রান্তীয় কাম কৰি দিয়াৰ বিনিময়ত মণ্ডল জনে প্রথমে ২০ হাজাৰ টকাৰ উৎকোচ দাবী কৰিছিল। ভুক্তভোগী লোকজনে এই কথা জনাই দুর্নীতি নিবাৰক আৰু তদাৰকী শাখাত এই সন্দৰ্ভত অভিযোগ দাখিল কৰে। সেই অভিযোগৰ ভিত্তিত শাখাটোৰ এটা দলে অভিযান চলাই লাট মণ্ডলজনক উৎকোচ লৈ থকাৰ সময়তে কৌশলেৰে ধৰা পেলায়। পাছত আৰক্ষীয়ে অভিযুক্ত আনোৱা...

August 1, 2025 6:27 PM August 1, 2025 6:27 PM

views 9

বিশিষ্ট সংগীত প্রযোজক তথা সুৰকাৰ বিপুল বৰুৱাক আকাশবাণীৰ সৰ্বোচ্চ সংগীত প্রযোজকৰ স্বীকৃতি প্রদান

বিশিষ্ট সংগীত প্রযোজক তথা সুৰকাৰ বিপুল বৰুৱাক আকাশবাণীৰ সৰ্বোচ্চ সংগীত প্রযোজকৰ স্বীকৃতি প্রদান কৰা হৈছে। আকাশবাণীৰ সঞ্চালকালয়ে শ্ৰীবৰুৱাক সংগীতৰ প্ৰযোজনাৰ ক্ষেত্ৰত সৰ্বোচ্চ স্বীকৃতি প্ৰদান কৰা পত্ৰ খন আজি আকাশবাণী গুৱাহাটীত কেন্দ্ৰত আয়োজিত এটা অনুষ্ঠানত তেওঁক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। উল্লেখযোগ্য যে, বিশিষ্ট সংগীত প্রযোজক তথা সুৰকাৰ অনুপম চৌধুৰীৰ পাছত এই স্বীকৃতি লাভ কৰা শ্ৰীবিপুল বৰুৱা হৈছে অসমৰ দ্বিতীয়গৰাকী সংগীত শিল্পী। সু-প্রসিদ্ধ সুৰকাৰ মুকুল বৰুৱাৰ পুত্ৰ শ্ৰীবিপুল বৰুৱাই আকাশবাণীৰ...

July 28, 2025 9:25 PM July 28, 2025 9:25 PM

views 1

সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্য্যৰ আজি ওপজা দিন

দেশ বুলিলে আদেশ নালাগে বুলি কোৱা, প্ৰতিটো কাম প্ৰতিটো চিন্তাৰে স্বদেশৰ শ‍ইচ সোণোৱালী ভৱিষ্যতৰ সপোন ৰচা, সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্য্যৰ আজি ওপজা দিন। মৃত্যুৰ মাজতো শৈল্পিক ৰূপৰ সন্ধান কৰা কবিগৰাকীৰ কবিতাত সাৱলীল ৰূপত মূৰ্ত হৈছিল শাশ্বত প্ৰেম, বিপ্লৱ, বঞ্চিতজনৰ হাহাকাৰ, আবেগ, প্ৰকৃতি আৰু জীৱনৰ অপাৰ ৰহস্যময়তা। অসমীয়া ভাষাত ১৩ খন কাব্যগ্ৰন্থ আৰু বঙালী ভাষাত দুখনকৈ কাব্যপুথি অনুদিত হোৱা কবিগৰাকীৰ ১৯৯২ চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত হৈছিল। প্ৰেম আৰু ৰ'দালিৰ কবি বুলিও পৰিচিত কবিগৰাকীৰ কব...

July 28, 2025 9:23 PM July 28, 2025 9:23 PM

views 24

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অঞ্জনমণি কলিতা আৰু ৰাজেশ মজুমদাৰ, ন্যায়িক বিষয়া প্ৰাঞ্জল দাস আৰু সঞ্জীৱ কুমাৰ শৰ্মাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অঞ্জনমণি কলিতা আৰু ৰাজেশ মজুমদাৰ, ন্যায়িক বিষয়া প্ৰাঞ্জল দাস আৰু সঞ্জীৱ কুমাৰ শৰ্মাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা প্রকাশ কৰিছে।

July 28, 2025 9:18 PM July 28, 2025 9:18 PM

views 10

ফিডে মহিলা বিশ্বকাপত খিতাপ দখল কৰা ভাৰতীয় দবা খেলুৱৈ দিব্যা দেশমুখ আৰু প্ৰতিযোগিতাৰ ৰাণাৰ আপ কনেৰু হাম্পিক ৰাষ্ট্ৰপতি মুর্মুৰ অভিনন্দন জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে ফিডে মহিলা বিশ্বকাপত খিতাপ দখল কৰা ভাৰতীয় দবা খেলুৱৈ দিব্যা দেশমুখ আৰু প্ৰতিযোগিতাৰ ৰাণাৰ আপ কনেৰু হাম্পিক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমতী মুৰ্মুৱে ১৯ বছৰ বয়সত এই খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা দবা খেলুৱৈ হিচাপে বিবেচিত হোৱা দিব্যাৰ শলাগ লয়। শ্ৰীমতী মুৰ্মুৱে কনেৰু হাম্পিকো উন্নত প্ৰদৰ্শনৰ বাবে অভিনন্দন জ্ঞাপন কৰে। এই দুয়োগৰাকী খেলুৱৈয়ে ভৱিষ্যতেও দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰিব বুলি শ্রীমতী মুৰ্ম...

July 28, 2025 9:12 PM July 28, 2025 9:12 PM

views 10

ফিডে মহিলা বিশ্বকাপত ভাৰতৰ দিব্যা দেশমুখৰ খিতাপ অৰ্জন

ফিডে মহিলা বিশ্বকাপত ভাৰতৰ দিব্যা দেশমুখে খিতাপ অৰ্জন কৰিছে। জর্জিয়াৰ বাটুমিত অনুষ্ঠিত প্রতিযোগিতাৰ ফাইনেলত দিব্যা দেশমুখে স্বদেশৰেই কনেৰু হাম্পিক পৰাভূত কৰি খিতাপ দখল কৰে। তিনিদিন ধৰি চলা খেলখনত দিব্যাই টাই ব্ৰেকাৰৰ সহায়ত ২.৫১.৫ ফলাফলত জয়লাভ কৰে। কালি আৰু পৰহি হোৱা ফাইনেল খেল দুখন ড্র' হোৱাৰ পাছত টাই ব্ৰেকাৰৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷