September 5, 2025 9:14 PM

views 27

ইউ এছ অ’পেন টেনিছৰ মহিলাৰ একক শাখাৰ ফাইনেলত এমাণ্ডা এনিছিমোভাই বৰ্তমানৰ চেম্পিয়ন এৰিনা ছেভেলেংকাৰ মুখামুখি

ইউ এছ অ'পেন টেনিছ প্রতিযোগিতাৰ মহিলাৰ একক শাখাৰ ফাইনেলত এমাণ্ডা এনিছিমোভাই বৰ্তমানৰ চেম্পিয়ন এৰিনা ছেভেলেংকাৰ মুখামুখি হ'ব। আমেৰিকাৰ এনিছিমোভাই প্রতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত নাওমী অছাকাক পৰাস্ত কৰে। ইফালে, প্রথমখন ছেমি ফাইলেনত বেলাৰুচৰ ছেভেলেংকাই আমেৰিকাৰ জেছিকা পেগুলাক পৰাস্ত কৰে। পুৰুষৰ একক শাখাৰ এখন ছেমি ফাইনেলত বিশ্বৰ ১ নম্বৰ স্থানৰ ইটালীৰ বৰ্তমানৰ চেম্পিয়ন জেনিক চিনাৰ কানাডাৰ ফেলিক্স উগেৰ এলিয়াছিমেৰ মুখামুখি হ'ব। আনখন ছেমি ফাইনেলত নভাক জ'ক'ভিচে স্পেইনৰ কাৰ্লোৰ্ছ আলকাৰাজৰ মুখামুখি ...

September 5, 2025 9:12 PM

views 51

ইউক্রেইনত নিয়োজিত পশ্চিমীয়া দেশসমূহৰ সেনাও মস্কোৰ আক্ৰমণৰ লক্ষ্য হ’বঃ ভ্লাডিমিৰ পুটিন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে কৈছে যে ইউক্রেইনত নিয়োজিত পশ্চিমীয়া দেশসমূহৰ সেনাও মস্কোৰ আক্ৰমণৰ লক্ষ্য হ'ব। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৱে এদিন পূর্বে ইউক্রেইনক ২৬খন দেশে সুৰক্ষা নিশ্চয়তা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল। ইয়াৰ পাছতে ভ্লাডিমিৰ পুটিনে ভ্লাডিভষ্টকত অনুষ্ঠিত এখন অর্থনৈতিক মঞ্চত আজি এই কথা ঘোষণা কৰে। তেওঁ লগতে এই কথাও কয় যে নাটোৱে কীভক সদস্য হিচাপে গ্ৰহণ কৰাৰ লগতে ইউক্রেইনত সেনা নিয়োগ কৰাৰ বাবেই ৰাছিয়াই ইউক্রেইন আক্ৰমণ কৰিছিল।

September 5, 2025 9:09 PM

views 30

পাঞ্জাৱৰ শেহতীয়া বান পৰিস্থিতিক লৈ কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ গভীৰ উদ্বেগ প্রকাশ

কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে পাঞ্জাৱৰ শেহতীয়া বান পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্রকাশ কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে বানৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বিশদ প্রতিবেদন প্রধানমন্ত্ৰীক শীঘ্ৰেই দাখিল কৰিব। বাৰ্তাটোত তেওঁ লগতে কয় যে ৰাজ্যখনৰ এই সংকট নিৰাময়ৰ বাবে কেন্দ্ৰীয় চৰকাৰে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিব। উল্লেখযোগ্য যে কৃষি মন্ত্রী শিৱৰাজ সিং চৌহানে কালি পাঞ্জাৱৰ বান প্রভাৱিত এলেকাসমূহ পৰিদৰ্শন কৰাৰ লগতে অঞ্চলসমূহ পুনৰনিৰ্মাণৰ বাবে হ্রস্ব, মধ্যমীয়া আ...

September 5, 2025 9:07 PM

views 24

শক্তিৰ ব্যৱহাৰ সীমিত কৰাৰ লক্ষ্যৰে এটা নতুন ভূতাপীয় শক্তি নীতি যুগুতৰ বাবে মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলক নির্দেশ কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীৰ

কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীয়ে শক্তিৰ ব্যৱহাৰ সীমিত কৰাৰ লক্ষ্যৰে এটা নতুন ভূতাপীয় শক্তি নীতি যুগুত কৰাৰ বাবে নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলক নির্দেশ দিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীযোশীয়ে কয় যে ভাৰতৰ নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত এই নতুন নীতিয়ে ভূতাপীয় শক্তি উপযুক্তভাৱে ব্যৱহাৰ তথা সুচল কৰা আৰু উদ্যোগৰ বাবে উপযোগী কৰি গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। নতুন দিল্লীত আজি ভূতাপীয় শক্তিৰ সম্ভাৱনা সন্দৰ্ভত অনুষ্ঠিত এখন বৈঠকত তেওঁ মন্ত্ৰালয়ৰ বিষয়াসকলক এই নির্দেশ দ...

September 5, 2025 9:04 PM

views 19

৮ দিনীয়া ভ্রমণসূচীৰে অহা ৯ ছেপ্তেম্বৰত নতুন দিল্লীত উপস্থিত হ’ব মৰিছাছৰ প্রধামন্ত্ৰী নবীন চন্দ্ৰ ৰামগোলাম

মৰিছাছৰ প্রধামন্ত্ৰী নবীন চন্দ্ৰ ৰামগোলাম ৮ দিনীয়া ভ্রমণসূচীৰে অহা ৯ ছেপ্তেম্বৰত নতুন দিল্লীত উপস্থিত হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছৱালে কয় যে নবীন চন্দ্ৰ ৰামগোলামৰ এয়া প্ৰথমটো ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ছোৱাত মৰিছাছৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে মুম্বাই, বাৰানসী, অযোধ্যা আৰু তিৰুপতি ভ্ৰমণ কৰিব। ভাৰতীয় লোকৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াত হোৱা প্ৰতিবাদক লৈ সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত জয়ছৱালে কয় যে অষ্ট্ৰেলিয়াৰ বহু চহৰত অনুপ্রবেশ বিৰোধী প্রতিবাদ সংঘটিত হৈছিল আৰু এই সন্দৰ্ভত ভাৰ...

September 5, 2025 8:56 PM

views 33

নতুন সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থাই জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিবঃ বিত্তমন্ত্রী

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে কৈছে যে নতুন সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থাই জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিব আৰু এই ব্যৱস্থাই মূলধনী ব্যয়ত প্ৰভাৱ নেপেলায়। এটা ব্যক্তিগত সংবাদ মাধ্যমৰ সাক্ষাৎকাৰত শ্ৰীমতী সীতাৰৰ্মনে কয় যে ৯৯% সামগ্ৰী আৰু সেৱা কৰ হয় শূন্য, নহয় ৫ৰ পৰা ১৮%  ভিতৰত ৰখা হৈছে। তেওঁ জানিবলৈ দিয়ে যে কেন্দ্ৰীয় চৰকাৰে প্ৰথমবাৰৰ বাবে সামগ্ৰী আৰু সেৱা কৰৰ ক্ষতিপূৰণ শুল্ক আৰু বিস্তৃত প্ৰস্তাৱ গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে পেট্ৰ'লিয়ামজাত সামগ্ৰী আৰু সুৰাৰ সামগ্ৰীক বৰ্তম...

September 5, 2025 8:52 PM

views 22

প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সমগ্ৰ দেশত সাহায্য আৰু উদ্ধাৰ অভিযানত জড়িত হোৱা লোকসকলৰ কৰ্মস্পৃহাক ৰাষ্ট্ৰপতি মুৰ্মুৰ প্ৰশংসা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সমগ্ৰ দেশত সাহায্য আৰু উদ্ধাৰ অভিযানত জড়িত হোৱা লোকসকলৰ কৰ্মস্পৃহাক প্ৰশংসা কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে চলিত বৰ্ষৰ বৰ্ষাকালৰ এই সময়ছোৱাত প্ৰাকৃতিক দুৰ্যোগৰ ঘটনাসমূহক লৈ গভীৰ উদ্বেগ প্রকাশ কৰিছে। দেশৰ উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, জম্মু আৰু কাশ্মীৰ, পাঞ্জাৱ আৰু অসমকে ধৰি বিভিন্ন প্ৰান্তৰ পাহাৰীয়া অঞ্চলত হোৱা ডাৱৰ বিস্ফোৰণ আৰু ভৈয়াম অঞ্চলত হোৱা বানৰ ফলত ভালেমান লোকে প্ৰাণ হেৰুওৱাক লৈ ৰাষ্ট্ৰপতিগৰাকীযে দুখ প্ৰকাশ ...

September 5, 2025 8:44 PM

views 32

NAAC-ৰ মূল্যায়ণত এ-গ্রেড লাভ কৰা ৬খন মহাবিদ্যালয়ৰ অধ্যক্ষসকলক সম্বৰ্ধনা

প্রসিদ্ধ শিক্ষাবিদ, দার্শনিক তথা প্রাক্তন ৰাষ্ট্ৰপতি ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্ম বার্ষিকীৰ লগত সংগতি ৰাখি আজি সমগ্ৰ দেশতে শিক্ষক দিৱস উদযাপন কৰা হয়। তেজপুৰ বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত শিক্ষক দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত আজি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ৰাজ্যৰ ১৫ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক কৃতী শিক্ষক বঁটাৰে সন্মানিত কৰে। এই অনুষ্ঠানতে ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যায়ন পৰিষদ, NAAC-ৰ মূল্যায়ণত এ-গ্রেড লাভ কৰা ৬খন মহাবিদ্যালয়ৰ অধ্যক্ষসকলক সম্বৰ্ধনা জনোৱা ...

September 5, 2025 7:56 PM

views 30

গোলাপ শ‍ইকীয়াৰ পঞ্চম মৃত্যু বার্ষিকী উপলক্ষে আকাশবাণী গুৱাহাটীৰ অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতা

আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োঁতা গোলাপ শ‍ইকীয়াৰ পঞ্চম মৃত্যু বার্ষিকী উপলক্ষে অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অসমীয়াত অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইচ্ছুক প্রতিযোগীয়ে সাম্প্রতিক ঘটনাৱলী সম্পৰ্কীয় ১ মিনিটৰ বাতৰিৰ অ'ডিঅ' মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডাৰত ৰেকৰ্ড কৰি ২৪ ছেপ্তেম্বৰৰ পূৰ্বে এম-পি থ্ৰী ৰূপত হোৱাট্‌ছএপযোগে পঠিয়াব লাগিব। হোৱাট্‌ছএপ নম্বৰকে ধৰি প্ৰতিযোগিতাৰ সবিশেষ জানিবলৈ ইচ্ছুক প্রতিযোগীয়ে আমাৰ ফেচবুক পেজ এ আই আৰ নিউজ গুৱাহাটী চাব পাৰে।

September 5, 2025 7:21 PM

views 32

ৰাজ্য চৰকাৰৰ মাতৃ-পিতৃ বন্দনা আঁচনিৰ অধীনত ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে বিশেষ নৈমিত্তিক ছুটি মঞ্জুৰ

ৰাজ্য চৰকাৰৰ মাতৃ-পিতৃ বন্দনা আঁচনিৰ অধীনত ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে বিশেষ নৈমিত্তিক ছুটি মঞ্জুৰ কৰা হৈছে। এই সন্দৰ্ভত সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰা নিৰ্দেশ অনুসৰি অহা ১৪ আৰু ১৫ নৱেম্বৰত কৰ্মচাৰীসকলে এই বিশেষ নৈমিত্তিক ছুটি লাভ কৰিব। কৰ্মচাৰীসকলে ১৬ নৱেম্বৰ অৰ্থাৎ দেওবাৰৰ দিনটোও মাতৃ-পিতৃ- বন্দনাৰ বাবে ব্যৱহাৰ কৰিব পাৰিব বুলি নিৰ্দেশটোত উল্লেখ কৰা হৈছে।