August 1, 2025 8:59 PM August 1, 2025 8:59 PM

views 2

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ মাণ্ডি উপত্যকালৈ শ্ৰী বুদ্ধ অমৰনাথ যাত্ৰাৰ বাবে আজি ত্রয়োদশ দিনটোতো তীর্থযাত্ৰীসকলৰ যাত্ৰা অব্যাহত

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ মাণ্ডি উপত্যকালৈ শ্ৰী বুদ্ধ অমৰনাথ যাত্ৰাৰ বাবে আজি ত্রয়োদশ দিনটোতো তীর্থযাত্ৰীসকলৰ যাত্ৰা অব্যাহত আছে। আজি পুৱাৰ ভাগত এহেজাৰ ৩৫২গৰাকী তীর্থযাত্ৰীৰ এটা দলে ভাগৱতী নগৰ শিবিৰৰ পৰা অমৰনাথলৈ যাত্ৰা কৰিছে। আকাশবাণীৰ জন্মৰ সংবাদদাতাই জনোৱা মতে এই তীর্থযাত্ৰীৰ দলটোত ৪৯২গৰাকী পুৰুষ, ৪৩৪গৰাকী মহিলা আৰু ২৬টি শিশু আছে। দলটোক ২৭খন গাড়ীৰে পুঞ্চ জিলাৰ মাণ্ডিলৈ লৈ যোৱা হৈছে। ইপিনে, আজি জন্মৰ পৰা কোনো নতুন তীর্থযাত্ৰীৰ দল অমৰনাথ যাত্ৰালৈ ৰাওনা হোৱা নাই। এইবেলি অমৰনাথ যাত্ৰালৈ যোৱা ত...

August 1, 2025 8:56 PM August 1, 2025 8:56 PM

views 7

ভাৰত আৰু ইউৰোপীয় সংঘৰ ২৭খন সদস্য-ৰাষ্ট্ৰৰ ক্ষেত্ৰত প্রযোজ্য হোৱাকৈ আৰোপ কৰা শুল্ক বিষয়ক এখন কাৰ্যকৰী নিৰ্দেশনাত ড’নাল্ড ট্রাম্পৰ স্বাক্ষৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে কালি ভাৰত আৰু ইউৰোপীয় সংঘৰ ২৭খন সদস্য-ৰাষ্ট্ৰৰ ক্ষেত্ৰত প্রযোজ্য হোৱাকৈ আৰোপ কৰা শুল্ক বিষয়ক এখন কাৰ্যকৰী নিৰ্দেশনাত স্বাক্ষৰ কৰিছে। ট্রাম্পৰ এই নিৰ্দেশনাত পাৰস্পৰিক শুল্কৰ হাৰ উন্নীতকৰণ হিচাপে নামাকৰণ কৰা হৈছে। অহা ৭ আগষ্টৰ পৰা ৪১ শতাংশ হাৰ বৃদ্ধিৰে এই ব্যৱস্থা কাৰ্যকৰী হ'ব। এই শুল্কনীতি হৈছে অনৈতিক বাণিজ্য ঘাটি আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত প্ৰত্যাহ্বান বুলি কৰা ডনাল্ড ট্রাম্পৰ ঘোষণাৰ অংশবিশেষ। চিৰিয়াৰ ক্ষেত্ৰত ৪১ শতাংশ, লাওচ আৰু ম্যানমাৰৰ ক্ষেত্ৰত ...

August 1, 2025 8:53 PM August 1, 2025 8:53 PM

views 9

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত আজি ক্রমাগত চতুর্থদিনৰ বাবে প্ৰশাসন তথা বন বিভাগৰ উচ্ছেদ অভিযান

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত আজি ক্রমাগত চতুর্থদিনৰ বাবে প্ৰশাসন তথা বন বিভাগৰ উচ্ছেদ অভিযান চলায়। বনাঞ্চলখনত থকা ২ নম্বৰ আৰু ৩ নম্বৰ দয়ালপুৰ, ৩ নম্বৰ দলনিপথাৰ খেৰবাৰী, ২ নম্বৰ মধুপুৰ আৰু বিদ্যাপুৰত আজি অভিযান চলে। অঞ্চলকেইটাত থকা বাসগৃহ, মাদ্রাছা, মছজিদ আৰু তামোলৰ বাৰীত প্রশাসনে বুলডজাৰ চলাই উচ্ছেদ কৰে। প্ৰশাসনে জনোৱা অনুসৰি উৰিয়াঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলখনত ৩ আগষ্ট অর্থাৎ পৰহিলৈকে উচ্ছেদ অভিযান চলিব।

August 1, 2025 9:23 PM August 1, 2025 9:23 PM

views 19

২ আগষ্টৰ নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ ২ আগষ্টৰ নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাত অনুষ্ঠানত ৰাজ্যখনৰ ৩ গৰাকী উদীয়মান চলচ্চিত্ৰ পৰিচালকৰ সৈতে এটা অন্তৰংগ আলাপ প্ৰচাৰ কৰিব। স্বাধীনচিতীয়া পৰিচালক হিচাপে পৰিচিত- অমৰদ্বীপ গগৈ, হিমজ্যোতি তালুকদাৰ আৰু ঝুলনকৃষ্ণ মহন্তৰ সৈতে অন্তৰংগ আলাপত ভাগ ল'ব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰে। এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ মহাবাহু চেনেলৰ লগতে বাতৰি বিভাগৰ ইউ টিউব চেনেল আৰু ফে'চবুক পেজ যোগেও পোনপটীয়াকৈ প্ৰচাৰিত হ'ব।

August 1, 2025 8:38 PM August 1, 2025 8:38 PM

views 13

ডিব্ৰুগড়ৰ গ্রাহাম বজাৰৰ তিনিকোণীয়াত সংঘটিত ভয়াবহ অগ্নিকাণ্ডত ইফটিকাৰ হুছেইন নামৰ এজন সাংবাদিকৰ বাসগৃহ সম্পূৰ্ণৰূপে জাহ

ডিব্ৰুগড়ৰ গ্রাহাম বজাৰৰ তিনিকোণীয়াত আজি সংঘটিত ভয়াবহ অগ্নিকাণ্ডৰ ফলত ইফটিকাৰ হুছেইন নামৰ এজন সাংবাদিকৰ বাসগৃহ সম্পূৰ্ণৰূপে জাহ যায়। বিদ্যুতৰ শ্বট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে। অগ্নিনির্বাপক বাহিনীয়ে জুই নির্বাপিত কৰাৰ পূৰ্বে সাংবাদিকগৰাকীৰ সকলো সম্পত্তি জুইত জাহ যায়। অৱশ্যে, অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই। অগ্নিকাণ্ডৰ ঘটনাৰ খবৰ লাভ কৰি অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা আৰু ডিব্ৰুগড়ৰ মেয়ৰ সৈকত পাত্রই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

August 1, 2025 8:29 PM August 1, 2025 8:29 PM

views 20

মাকাও অ’পেন বেডমিণ্টনৰ পুৰুষৰ ছিংগলছত ভাৰতৰ লক্ষ্য সেন ছেমি ফাইনেলত প্ৰবেশ

মাকাও অ'পেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত দ্বিতীয় বাছনিৰ ভাৰতৰ লক্ষ্য সেনে চীনৰ ঝু জুৱান চেনক ২১-১৪, ১৮-২১ আৰু ২১-১৪ গেমত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰবেশ কৰিছে। ছেমি ফাইনেলত ভাৰতীয় খেলুৱৈগৰাকী পঞ্চম বাছনিৰ ইণ্ডোনেছিয়াৰ আলৱি ফাৰহানৰ মুখামুখি হ'ব। আনগৰাকী ভাৰতীয় শ্বাটলাৰ তৰুণ মান্নেপাল্লি চীনৰ হু ঝে আনক ২১-১২, ১৩-২১ আৰু ২১-১৮ গেমত পৰাস্ত কৰি ইতিমধ্যে ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। আনহাতে, নৱম বাছনিৰ ভাৰতৰ সাত্বিক ছাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ চেট্টীৰ যুটীটো আজি প্রতিযোগিতাৰ ডাবলছৰ কোৱা...

August 1, 2025 8:24 PM August 1, 2025 8:24 PM

views 17

ভাৰতীয় অৰ্থনীতিৰ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ সমালোচনা

সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি ভাৰতীয় অৰ্থনীতিৰ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সমালোচনা কৰিছে। কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰতিবাৰে ভাৰত-বিৰোধী মন্তব্য কৰাটো উচিত নহয় বুলিও তেওঁ উল্লেখ কৰে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত শ্ৰীৰিজিজুৱে কয় যে ৰাহুল গান্ধীৰ এনে ধৰণৰ মন্তব্যক ভালেমান বিৰোধী নেতাইও গৰিহণা দিছে। তেওঁ লগতে বিৰোধী দলসমূহক চলিত লোকসভা আৰু ৰাজ্যসভা অধিবেশনৰ কাৰ্যক্ৰমণিকাত বাধা আৰোপ কৰাৰ বাবে সমালোচনা কৰিছে। শ্ৰীৰিজিজুৱে কয় যে সদন মিলিত হোৱাৰ সময...

August 1, 2025 8:21 PM August 1, 2025 8:21 PM

views 14

৯ ছেপ্তেম্বৰত উপ ৰাষ্ট্ৰপতি নির্বাচন অনুষ্ঠিত হ’ব

নির্বাচন আয়োগে অহা ৯ ছেপ্তেম্বৰত উপ ৰাষ্ট্ৰপতি নির্বাচন অনুষ্ঠিত হ'ব বুলি আজি ঘোষণা কৰিছে। নির্বাচন আয়োগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই নিৰ্বাচনৰ বাবে অহা ৭ আগষ্টত আনুষ্ঠানিক অধিসূচনা জাৰি কৰা হ'ব। ২১ আগষ্টৰ ভিতৰত মনোনয়ন পত্র দাখিল কৰিব লাগিব আৰু প্ৰয়োজন হ'লে ৯ ছেপ্তেম্বৰত ভোটগ্রহণ অনুষ্ঠিত হ'ব। উপ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিধি অনুযায়ী ভোটগ্রহণ সংসদ ভৱনত অনুষ্ঠিত হ'ব। লোকসভাৰ ৫৪২ গৰাকী নিৰ্বাচিত সাংসদ আৰু ৰাজ্যসভাৰ ২৩৩ গৰাকী নিৰ্বাচিত সাংসদে এই নির্বাচনত অংশগ্রহণ কৰিব পাৰিব। সমানুপাতিক প্ৰতিনিধিত...

August 1, 2025 8:18 PM August 1, 2025 8:18 PM

views 12

চলিত বৰ্ষৰ জুনলৈকে দেশৰ ভিন্ন প্ৰান্তৰ ৰে’ল ষ্টেচনত মুঠ ১০৬টা জনঔষধী কেন্দ্ৰ মুকলি কৰা হৈছেঃ অনুপ্রিয়া পেটেল

কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ ৰাজ্যমন্ত্ৰী অনুপ্রিয়া পেটেলে জানিবলৈ দিছে যে চলিত বৰ্ষৰ জুনলৈকে দেশৰ ভিন্ন প্ৰান্তৰ ৰে’ল ষ্টেচনত মুঠ ১০৬টা জনঔষধী কেন্দ্ৰ মুকলি কৰা হৈছে। ৰে’ল ষ্টেচনসমূহত জনসাধাৰণ তথা যাত্ৰীসকলৰ বাবে মানসম্পন্ন আৰু ব্যয়সাধ্য ঔষধৰ যোগান সুনিশ্চিত কৰাৰ উদ্দেশ্যে এই কেন্দ্ৰসমূহ মুকলি কৰা হৈছে। লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে প্রধানমন্ত্ৰী ভাৰতীয় জনঔষধী পৰিযোজনাৰ অধীনত সমগ্ৰ দেশতে মুঠ ১৬ হাজাৰ ৯১২টা এনে কেন্দ্ৰ মুকলি কৰা হৈছে। ইয়াৰে ৮ হাজাৰ ৬৬০টা কোন্...

August 1, 2025 8:14 PM August 1, 2025 8:14 PM

views 11

বিৰোধী পক্ষই বিভিন্ন বিষয়ক লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ ফলত সংসদৰ উভয় সদনৰ কাম-কাজ ব্যাহত

বিৰোধী পক্ষই বিভিন্ন বিষয়ক লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ ফলত সংসদৰ উভয় সদন আজি পুনৰ স্থগিত ৰাখিবলগীয়া হয়। ৰাজ্যসভাত দুপৰীয়া ১২ বজাত প্ৰথমবাৰ স্থগিতকৰণৰ পাছত সদন পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী পক্ষৰ সদস্যসকলে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধন আৰু অন্যান্য বিষয় সন্দৰ্ভত আলোচনাৰ দাবী জনাই শ্ল'গান দিবলৈ আৰম্ভ কৰে। সেই সময়ত সভাপতিৰ আসনত থকা ঘনশ্যাম তিৱাৰীয়ে প্ৰশ্নকাল আগবঢ়াই নিবলৈ চেষ্টা চলায় যদিও বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিৱেশৰ বাবে সদনৰ কাম-কাজ ব্যাহত হয়। এনে...