September 8, 2025 10:39 PM

views 25

বিশ্ববন্দিত শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে অসমৰ প্ৰান্তে প্রান্তে বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন

বিশ্ববন্দিত শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে আজি অসমৰ প্ৰান্তে প্রান্তে বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গীতেৰে সমাজত মানৱতা আৰু সমন্বয়ৰ বাৰ্তা বিলাই বিশ্বৰ বুকুত উজ্বল নিদৰ্শন ৰাখি যোৱা গণ শিল্পীগৰাকীৰ জন্মদিনত আজি অসমবাসীয়ে ৰাজ্যৰ অঞ্চলে অঞ্চলে শ্রদ্ধা জ্ঞাপন কৰিছে। তদুপৰি দেশৰ অন্যান্য ৰাজ্য আৰু বিদেশতো শিল্পীগৰাকীৰ সোঁৱৰণত অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি জালুকবাৰীৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত স্মৃতি তৰ্পন আৰু সাংস্কৃতিক অনুষ...

September 8, 2025 9:39 PM

views 23

কাঠমাণ্ডুৰ বানেশ্বৰত নৱপ্ৰজন্মৰ বিক্ষোভকাৰীসকলক নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ গুলীচালনাত ১৪ জন লোকৰ মৃত্যুৰ লগতে ১০০ জনৰো অধিক লোক আহত

কাঠমাণ্ডুৰ বানেশ্বৰত আজি জেন জি অর্থাৎ নৱপ্ৰজন্মৰ বিক্ষোভকাৰীসকলক নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে চলোৱা গুলীচালনাত ১৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১০০ জনৰো অধিক লোক আহত হৈছে। প্ৰধানমন্ত্রী কে পি শর্মা অলীয়ে আজি সন্ধিয়া কাঠমাণ্ডুত নিজৰ বাসগৃহত মন্ত্ৰী পৰিষদ আৰু ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ মাজত জৰুৰী বৈঠকৰ আহ্বান কৰিছে। চৰকাৰে শেহতীয়াকৈ মুখ্য সামাজিক মাধ্যমৰ মঞ্চসমূহত নিষেধাজ্ঞা, আৰোপ কৰাৰ ফলত এই প্ৰতিবাদ তীব্ৰতৰ হৈ পৰে। নিৰাপত্তাৰক্ষীৰ লোকে প্রথমে কন্দুৱা গেছ, ৰাবাৰৰ গুলী ব্যৱহাৰ কৰি প্ৰতিবাদকাৰীসকলক ছত...

September 8, 2025 9:19 PM

views 43

ভাৰতক বিশ্বৰ ভিতৰতে জ্ঞান আৰু বাণিজ্যৰ অগ্ৰণী কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ দেশৰ জনসাধাৰণৰ প্ৰতি ৰাষ্ট্ৰপতি মুৰ্মুৰ আহ্বান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ভাৰতক বিশ্বৰ ভিতৰতে জ্ঞান আৰু বাণিজ্যৰ অগ্ৰণী কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ দেশৰ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। ৰাষ্ট্ৰপতিগৰাকীয়ে আজি নতুন দিল্লীত অভিযান্ত্ৰিক ৰপ্তানি বিকাশ পৰিষদ ই ই পি চিৰ মহাৰ্জত জয়ন্তী উদযাপন অনুষ্ঠানত দিয়া ভাষণত এনেদৰে প্ৰকাশ কৰে। শ্ৰীমতী মুৰ্মুৱে ভাৰতীয় অর্থনীতি আত্মনিৰ্ভৰ হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে ৰপ্তানিৰ ক্ষেত্ৰত উন্নয়ন সাধনৰ বাবে আহ্বান জনায়। তেওঁ লগতে কয়, যে দেশত উপলব্ধ অনন্য প্রতিভা তথা সামৰ্থসমূহৰ উপযুক্ত প্রয়োগেৰে ব...

September 8, 2025 11:17 PM

views 42

কেন্দ্ৰীয় চৰকাৰৰ অভিলাসী কার্যসূচী আদি কর্মযোগী অভিযান সম্পৰ্কত তিনিচুকীয়া জিলা পৰ্যায়ত প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত

তিনিচুকীয়া জিলাত আজি কেন্দ্ৰীয় চৰকাৰৰ অভিলাসী কার্যসূচী আদি কর্মযোগী অভিযান সম্পৰ্কত জিলা পৰ্যায়ত প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়। জিলা পৰ্যায়ত আয়োজিত জিলা পৰিষদৰ সভাকক্ষত অনুষ্ঠিত কাৰ্যসূচীত জিলা আয়ুক্ত পৱিত্ৰ কুমাৰ দাসে এই কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ সহযোগিতা কামনা কৰে। উল্লেখযোগ্য যে বীৰচা মুণ্ডাৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা এই অভিযানৰ অধীনত দেশৰ ভিতৰুৱা অঞ্চলৰ অনগ্ৰসৰ জনজাতীয় লোকসকলক আগুৱাই নিয়াৰ বাবে বিশেষ পদক্ষেপ গ্...

September 8, 2025 11:08 PM

views 117

ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে আজি ৰাজ্যৰ প্রান্তে প্রান্তে বৰ্ণাঢ্য কাৰ্যসূচী

গীতৰ হেজাৰ শ্ৰোতাৰ বাবে আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান গোৱা, প্ৰীতি দিগবলয়ত গতিশীল গীত গাই সমাজত নতুন সাহৰ সঞ্চাৰ কৰা বিশ্ববন্দিত শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে আজি ৰাজ্যৰ প্রান্তে প্রান্তে বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গীতেৰে সমাজত মানৱতা আৰু সমন্বয়ৰ বাৰ্তা বিলাই বিশ্বৰ বুকুত উজ্বল নিদৰ্শন ৰাখি যোৱা গণ শিল্পীগৰাকীৰ জন্মদিনত আজি কৃতজ্ঞ অসমবাসীয়ে ৰাজ্যৰ অঞ্চলে অঞ্চলে শ্রদ্ধা জ্ঞাপন কৰিছে। তদুপৰি দেশৰ অন্যান্য ৰাজ্য আৰু বিদেশতো শিল্পীগৰাকীৰ সোঁৱৰণত অনুষ্ঠানৰ আয়োজন...

September 8, 2025 9:27 PM

views 18

ব্যৱসায়ীসকলে স্বদেশী উৎপাদনৰ ওপৰত গুৰুত্ব দিব লাগেঃ পীযুষ গোৱেল

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযুষ গোৱেলে ব্যৱসায়ীসকলে স্বদেশী উৎপাদনৰ ওপৰত গুৰুত্ব দিব লাগে বুলি জোৰ দি কয়। ইয়াৰ ফলত দেশৰ উন্নয়নত সহায়ক হোৱাৰ লগতে আর্থিক সুৰক্ষাও শক্তিশালী হ'ব বুলি তেওঁ কয়। নতুন দিল্লীত আজি ভাৰতীয় অভিযান্ত্ৰিক ৰপ্তানি বিকাশ পৰিষদৰ ৫৬ সংখ্যক ৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠানত ভাষণ দি শ্রীগোৱেলে কয় যে প্ৰত্যাহ্বানপূর্ণ গোলকীয় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততো ভাৰত এখন ৰাষ্ট্ৰ হিচাপে একত্ৰিত হৈ আছে। মন্ত্ৰীগৰাকীয়ে ১৫ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্ভাৱনৰ ওপৰত গুৰুত্ব আৰোপ ...

September 8, 2025 7:20 PM

views 24

১৪ ছেপ্তেম্বৰত নুমলীগড় শোধনাগাৰত প্রধানমন্ত্ৰী মোদীয়ে টু জি ইথানল প্রকল্প মুকলি কৰিব

● নুমলীগড় শোধনাগাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বায়’ ইথানল প্রকল্প মুকলি কৰাৰ প্ৰস্তুতিৰ অংশ হিচাপে ৰাজ্যৰ মুখ্য সচিব ড° ৰবি কোটাই সবিশেষ বুজ লয়। উল্লেখযোগ্য যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ ছেপ্তেম্বৰত নুমলীগড় শোধনাগাৰত টু জি ইথানল প্রকল্প মুকলি কৰিব। ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাই আজি অস্থায়ী হেলিপেড আৰু ইথানল প্ৰকল্পটো পৰিদৰ্শন কৰাৰ লগতে এখন পর্যালোচনা সভাত অংশ লয়। সভাত জিলা আয়ুক্ত পুলক মহন্ত, আৰক্ষী মহা পৰিদৰ্শন ড° ভি শিৱপ্ৰসাদ গাঞ্জালা, আৰক্ষী অধীক্ষক ৰাজেন সিং, শোধনাগাৰৰ পৰিচালন...

September 8, 2025 11:39 PM

views 32

মৰিগাঁৱৰ তিৱা বসতি প্ৰধান অঞ্চলৰ ৬২ খন নিম্ন প্রাথমিক বিদ্যালয়ত তিৱা ভাষাত পাঠদান আৰম্ভ

ৰাজ্যৰ শিক্ষা বিভাগে নতুন শিক্ষা নীতিৰ অধীনত মৰিগাঁও জিলাৰ তিৱা বসতি প্ৰধান অঞ্চলৰ ৬২ খন নিম্ন প্রাথমিক বিদ্যালয়ত তিৱা ভাষাত পাঠদান আৰম্ভ কৰিছে। এই উপলক্ষে ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ উদ্যোগত আজিৰে পৰা মৰিগাওঁ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত ৪ দিনীয়া তিৱা ভাষা প্ৰশিক্ষণ শিবিৰ আৰম্ভ হয়। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এই প্ৰশিক্ষণ শিবিৰ আজি আনুষ্ঠানিকভাৱে মুকলি কৰে। ভাষণ প্ৰসংগত মন্ত্ৰী ডাঃ পেগুৱে ভাষা সংৰক্ষণ তথা মাতৃভাষাৰ জৰিয়তে শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত এনে প্রয়াসে নতুন দ...

September 8, 2025 11:13 PM

views 13

অভিনেত্রী নন্দিনী কাশ্যপৰ জামিন মঞ্জুৰ

কামৰূপ মহানগৰ জিলা ছেছন আদালতে পথ দুৰ্ঘটনাত ছামিউল হক নামৰ এজন ছাত্ৰৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত গ্রেপ্তাৰ কৰা অভিনেত্রী নন্দিনী কাশ্যপৰ জামিন মঞ্জুৰ কৰিছে। অভিযুক্ত পক্ষ আৰু চৰকাৰী পক্ষৰ ভাষ্য গ্রহণৰ পাছত আদালতে অভিনেত্ৰীগৰাকীক জামিন দিয়ে। উল্লেখযোগ্য যে যোৱা ২৫ জুলাইৰ নিশা অভিনেত্ৰীগৰাকীৰ গাড়ীৰ খুন্দাত নলবাৰী পলিটেকনিকৰ অভিযান্ত্ৰিক বিভাগৰ ছাত্ৰজনৰ মৃত্যু হৈছিল।

September 8, 2025 4:17 PM

views 30

বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে ৰাজ্যজুৰি আজি বৰ্ণাঢ্য কাৰ্যসূচী

■ বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে ৰাজ্যজুৰি আজি বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মানৱতা আৰু সমন্বয়ৰ বাৰ্তাৰে বিশ্বৰ বুকুত সাঁচ ৰাখি থৈ যোৱা গণ শিল্পীগৰাকীৰ জন্মদিনত আজি শদিয়াৰ পৰা ধুবুৰীলৈ তেওঁৰ প্ৰতি শ্ৰদ্ধা জনোৱা হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি জালুকবাৰীৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত স্মৃতি তৰ্পন আৰু সাংস্কৃতিক অনুষ্ঠানেৰে সুধাকণ্ঠৰ জন্মশতবাৰ্ষিকীৰ উদ্বোধন কৰা হয়। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ...