August 4, 2025 5:51 PM August 4, 2025 5:51 PM

views 9

ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাজ্যখনৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ পিতৃ শিবু চোৰেণৰ দেহাৱসান

ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাজ্যখনৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ পিতৃ শিবু চোৰেণৰ আজি নতুন দিল্লীত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮১ বছৰ। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী বৃক্ক ৰোগত ভূগি থকাৰ লগতে ডেৰমাহ পূৰ্বে ষ্ট্ৰোকত আক্ৰান্ত হৈছিল। যোৱা এমাহ ধৰি নতুন দিল্লীৰ চাৰ গংগাৰাম হাস্পতালত তেওঁক জীৱনদায়িনী ব্যৱস্থাৰে ৰখা হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰী মোদীয়ে চোৰেণক জনসাধাৰণৰ...

August 4, 2025 5:32 PM August 4, 2025 5:32 PM

views 11

হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত

বিৰোধী পক্ষৰ সদস্যসকলে বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ দুই বজালৈ স্থগিত ৰখা হয়। দিনৰ ১১ বজাত সদন মিলিত হোৱাৰ সময়ত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্রশ্নকাল আগবঢ়াই নিয়াৰ চেষ্টা চলায়। কিন্তু বিৰোধী সাংসদসকলে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধন উঠাই লোৱাকে ধৰি অন্যান্য বিষয়ত ধ্বনি দিবলৈ আৰম্ভ কৰে। শ্ৰী বিৰলাই প্ৰতিবাদৰত সদস্যসকলক প্রশ্নকাল চলাই নিয়াৰ অনুমতি দিবলৈ আৰু সকলোকে এই আলোচনাত অংশ ল'বলৈ আহ্বান জনায়। ইয়াৰ পাছতো বিৰোধী পক্ষৰ সদস্যসকলে প...

August 3, 2025 3:38 PM August 3, 2025 3:38 PM

views 27

জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত খনন কাৰ্যৰ সময়ত শিৱলিংগৰ লগতে বহু হিন্দু দেৱ-দেৱীৰ মূৰ্তি খোদিত ফলক উদ্ধাৰ

● জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত খনন কাৰ্যৰ সময়ত শিৱলিংগৰ লগতে বহু হিন্দু দেৱ-দেৱীৰ মূৰ্তি খোদিত ফলক উদ্ধাৰ কৰা হৈছে। চৰকাৰী সূত্ৰই জনোৱা মতে দক্ষিণ কাশ্মীৰ জিলাৰ আশিমোকামৰ চালিয়া অঞ্চলৰ কাৰুকুটনাগত এই মূর্তিসমূহ উদ্ধাৰ কৰা হৈছে। জম্মু-কাশ্মীৰৰ পুৰাতত্ব আৰু সংগ্ৰহালয় বিভাগৰ বিষয়াসকলে অঞ্চলটো পৰিদৰ্শন কৰিছে। তেওঁলোকে এই মূর্তিসমূহৰ সময় আৰু উৎপত্তিৰ পৰীক্ষা কৰিবলৈ এই ফলকসমূহ শ্ৰীনগৰলৈ পঠিয়াব। কাৰকুটা বংশৰ সৈতে জড়িত কাশ্মিৰী পণ্ডিতসকলৰ সৈতে এই ফলক উদ্ধাৰ হোৱা ঠাইসমূহৰ স্মৃতি জড়িত হৈ আছে।

August 3, 2025 2:37 PM August 3, 2025 2:37 PM

views 11

ভাৱনগৰ-অযোধ্যা কেন্টনমেণ্ট সাপ্তাহিক ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

■ ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি গুজৰাটৰ ভাৱনগৰ ষ্টেছনত পতাকা জোকাৰি ভাৱনগৰ-অযোধ্যা কেন্টনমেণ্ট সাপ্তাহিক ৰে'লগাড়ীখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে ৰেৱাৰ পৰা পুণে আৰু জববলপুৰৰ পৰা ৰায়পুৰলৈ চলাচল কৰিবলগীয়া আন দুখন ৰে'লগাড়ীৰো যাত্ৰা মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰতীয় ৰে'লৱেৰ সম্প্ৰতি চকুত লগা পৰিৱৰ্তন হৈছে আৰু বিগত এঘাৰ বছৰত দেশত ৩৪ হাজাৰ কিলোমিটাৰ নতুন ৰেলপথ নিৰ্মাণ কৰা হৈছে। ভাৱনগৰ ৰে'ল ষ্টেছনত আয়োজিত অনুষ্ঠানত শ্ৰীবৈষ্ণৱে কয়, যে ৰে'ল সেৱাক সুৰক্ষিত আৰু পৰিষ্কাৰ কৰি ...

August 3, 2025 2:29 PM August 3, 2025 2:29 PM

views 15

নির্বাচনী প্ৰক্ৰিয়াত জড়িত বুথ পৰ্যায়ত বিষয়া-বি এল অ’ৰ পাৰিতোষিক দুগুণলৈ বৃদ্ধি

■ নির্বাচন আয়োগে নির্বাচনী তালিকা প্ৰস্তুতি আৰু পৰ্যালোচনা প্ৰক্ৰিয়াত জড়িত বুথ পৰ্যায়ত বিষয়া-বি এল অ'ৰ পাৰিতোষিক দুগুণলৈ বৃদ্ধি কৰাৰ লগতে পর্যবেক্ষকসকলৰ পাৰিতোষিক বৃদ্ধি কৰিছে। নির্বাচনী সংস্থাটোৱে এটা বিবৃতিত জনাইছে যে, দৰমহাৰ সংশোধিত গাঁথনি অনুসৰি বি এল অসকলৰ বাৰ্ষিক পাৰিতোষিক ৬ হাজাৰৰ পৰা ১২ হাজাৰলৈ বৃদ্ধি কৰাৰ লগতে ভাট্টা ১ হাজাৰৰ পৰা ২ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে। একেদৰে নিৰ্বাচনী তালিকা প্রস্তুতি প্ৰক্ৰিয়াত বিশেষ ভূমিকা পালন কৰা পৰ্যবেক্ষকসকলৰ পূৰ্বৰ ১২ হাজাৰৰ পৰা পাৰিতোষিক ১৮ হাজাৰ ...

August 3, 2025 11:32 AM August 3, 2025 11:32 AM

views 11

নৱম আৰু দশম শ্ৰেণীৰ প্রথম গোট পৰীক্ষাৰ নম্বৰ মাৰ্কছ এন্ট্রি প’ৰ্টেলত আপলোড কৰিবলৈ নিৰ্দেশ

● ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ইয়াৰ অধীনৰ সকলো বিদ্যালয়ক নৱম আৰু দশম শ্ৰেণীৰ হৈ যোৱা প্রথম গোট পৰীক্ষাৰ নম্বৰ অহা ১০ আগষ্টৰ ভিতৰত মাৰ্কছ এন্ট্রি প’ৰ্টেলত আপলোড কৰিবলৈ নিৰ্দেশ দিছে। পৰিষদৰ সচিবে কালি এই বিষয়ে জাননী জাৰি কৰে। জাননীখনত প'ৰ্টেলত প্ৰথম গোটৰ পৰীক্ষাৰ নম্বৰ নথকা দশম শ্ৰেণীৰ শিক্ষাৰ্থীক ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে প্ৰ-পত্ৰ পূৰ্ণত অনুমতি দিয়া নহ’ব বুলি সকীয়াই দিয়া হৈছে। ইয়াৰ উপৰি ইতিমধ্যে প'ৰ্টেলত আপলোড কৰা ২০২৪-২৫ বৰ্ষৰ নৱম শ্ৰেণীৰ ছমহীয়া আৰু বছৰীয়া পৰীক্ষাৰ ...

August 3, 2025 11:25 AM August 3, 2025 11:25 AM

views 21

আগন্তুক ৩ দিনত গুৱাহাটীৰ লগতে ৰাজ্যৰ ঠাই বিশেষে বিজুলী-ঢেৰেকণিৰে প্ৰবল বৰষুণৰ সম্ভাৱনা

● ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ৩ দিনত গুৱাহাটীৰ লগতে ৰাজ্যৰ ঠাই বিশেষে বিজুলী- ঢেৰেকণিৰে প্ৰবল বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত গুৱাহাটীত ৭ৰ পৰা ১১ ছেণ্টিমিটাৰ বৰষুণ হোৱাৰ লগতে প্ৰতিঘণ্টাত ৪০ৰ ৫০ কিলোমিটাৰ বেগেৰে ধুমুহা বলাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগৰ এই আগজাননী চাই ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে গুৱাহাটীৰ জনসাধাৰণক সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। দূৰণিবতীয়া যাত্ৰীসকলক বৰষুণৰ সম্ভাৱনালৈ চাই যাত্ৰাৰ পৰিকল্পনা কৰিবলৈ আৰু বৃষ্ট...

August 3, 2025 11:21 AM August 3, 2025 11:21 AM

views 17

বিভাগীয় বিষয়াসকলৰ সৈতে খৰাং সদৃশ পৰিস্থিতিৰ সন্দৰ্ভত কৃষি মন্ত্ৰী অতুল বৰাৰ আলোচনা

● ৰাজ্যৰ শেহতীয়া খৰাং সদৃশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে কালি কৃষিমন্ত্ৰী অতুল বৰাই বিভাগীয় বিষয়াসকলৰ সৈতে আলোচনা কৰে। দিছপুৰত অনুষ্ঠিত পর্যালোচনা বৈঠকত তেওঁ লগতে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যথোচিত পদক্ষেপ গ্ৰহণৰ বাবে বিষয়াসকলক যাৱতীয় নিৰ্দেশনা দিয়ে। মন্ত্ৰীগৰাকীয়ে পি. এম. কিষাণ, প্রধানমন্ত্রী ফচল বীমা যোজনা, আৰ. আই. ডি. এফকে ধৰি বিভিন্ন কৃষি আঁচনিৰ অধীনৰ কাম-কাজৰ শেহতীয়া অগ্ৰগতি আৰু ৰূপায়ণৰ সবিৱেশ পৰ্যালোচনা কৰে। তদুপৰি আঁচনিসমূহৰ সফল ৰূপায়ণৰ দ্বাৰ...

August 3, 2025 11:05 AM August 3, 2025 11:05 AM

views 25

উৰিয়ামঘাটত প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযান সুকলমে সম্পন্ন

● গোলাঘাট জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযান সুকলমে সম্পন্ন হয়। প্রায় ১১ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰাৰ লক্ষ্যৰে চলোৱা এই অভিযানত ৪ হাজাৰ টা সাধাৰণ বাসগৃহ, ৪০০ দুমহলীয়া অট্টালিকা উচ্ছেদ কৰা হয়। তদুপৰি এই অভিযানত বিভিন্ন অপৰাধত জড়িত থকাৰ অভিযোগত কেইবাজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয় বুলি কালি প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযানৰ সামৰণিত বন বিভাগ আৰু প্ৰশাসনে এখন সংবাদমেলত প্ৰকাশ কৰে। বন বিভাগৰ হৈ প্ৰধান মুখ্য বন সংৰক্ষক এম. কে. যাদৱে কয়, যে আজিৰে পৰা দক্ষিণ নামবৰ ব...

August 1, 2025 9:05 PM August 1, 2025 9:05 PM

views 6

এন পি চি আয়ে আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ কেতবোৰ নতুন ইউ পি আই নীতি ৰূপায়ণ কৰিছে

এন পি চি আয়ে আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ কেতবোৰ নতুন ইউ পি আই নীতি ৰূপায়ণ কৰিছে। এই নীতি অনুসৰি ধনৰ প্ৰত্যেকবাৰ লেনদেনৰ পূৰ্বে গ্ৰাহকে প্রেৰকৰ নাম জানিব পাৰিব। প্ৰতিটো ইউ পি আই এপে দিনটোত গ্ৰাহকক নিজৰ বেংকত জমাধনৰ সবিশেষ ৫০ বাৰকৈ জনোৱাৰ অনুমতি দিছে। অৱশ্যে ব্যস্ততাপূর্ণ সময়ত ইউ পি আয়ে গ্ৰাহকৰ এই অনুৰোধ সীমিত বা বন্ধ কৰিবও পাৰে। ধনৰ লেনদেনৰ স্বয়ংক্রিয় প্রক্রিয়াও এন পি চি আয়ে ব্যস্ততা নথকা সময়তহে প্ৰক্ৰিয়াকৰণ কৰিব। গ্রাহকসকলে এতিয়াৰে পৰা মোবাইল নম্বৰৰ সৈতে সংযোগ থকা বেংকৰ তালিকাও চাব পাৰিব...