September 11, 2025 3:24 PM

views 30

দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ সন্ত্ৰাসবাদী সংগঠনৰ ঘাটি উৎখাতৰ লগতে ৫জন সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

■ দিল্লী আৰক্ষীৰ বিশেষ শাখাই সন্ত্ৰাসবাদী সংগঠনৰ ঘাটি উৎখাত কৰে আৰু বিভিন্ন ৰাজ্যৰ পৰা পাঁচজন সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে। নতুন দিল্লীত আজি এখন সংবাদমেলত বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত প্রমোদ সিং কুশ্বৱাহাই এই কথা প্ৰকাশ কৰি কয়, যে সন্ত্ৰাসবাদী কেইজনক দিল্লী, ঝাৰখণ্ড, তেলেংগানা আৰু মধ্য প্ৰদেশৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। দিল্লী আৰক্ষীয়ে সন্ত্ৰাসবাদী কেইজনৰ পৰা বিস্ফোৰক সামগ্ৰী নিৰ্মাণত ব্যৱহাৰ কৰা সামগ্রী উদ্ধাৰ কৰে বুলি অতিৰিক্ত আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে ঝাৰখ...

September 11, 2025 3:48 PM

views 21

পাকিস্তানৰ বিবৃতি ভুৱা আৰু ভিত্তিহীন বুলি ভাৰতৰ তীব্ৰ সমালোচনা

■ পাকিস্তানৰ বিবৃতি ভুৱা আৰু ভিত্তিহীন বুলি অভিহিত কৰি ভাৰতে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদত দেশখনক তীব্র সমালোচনা কৰিছে। জেনেভাত অনুষ্ঠিত পৰিষদৰ ৬০ সংখ্যক অধিৱেশনত ভাৰতৰ স্থায়ী মিছনৰ উপদেষ্টা ক্ষিতিশ ত্যাগীয়ে পাকিস্তানে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা আৰু অপ-প্ৰচাৰ চলোৱাৰ বাবে আন্তঃৰাষ্ট্ৰীয় মঞ্চসমূহৰ অপ ব্যৱহাৰ কৰা বুলি অভিযোগ তোলে। এই প্রসংগত তেওঁ পুলৱামা, উৰি, পাঠানকোট আৰু মুম্বাইৰ উপৰি অলপতে পেহেলগামত সংঘটিত আক্ৰমণৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয়, যে পাকিস্তানে সন্ত্রাসবাদী সংগঠন অল-কায়দাৰ মুৰব্বী...

September 11, 2025 12:52 PM

views 47

বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান অব্যাহত

■ আসন্ন বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে নিজ নিজ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। ওদালগুৰি জিলাৰ ভেৰগাঁও পৰিষদীয় সমষ্টিত কালি ইউ পি পি এল দলৰ এখন সংকল্প সভা অনুষ্ঠিত হয়। বিটিচিৰ খৈৰাবাৰী, ভেৰগাঁও, নোনাই ছেৰফাং, খালিংদুৱাৰ আৰু মুদৈবাৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীকেইগৰাকীৰ সমৰ্থনত চলোৱা এই প্ৰচাৰ সভাত দলৰ সভাপতি প্রমোদ বড়োৱে অংশগ্ৰহণ কৰে। তেওঁ বি টি আৰৰ ২৬ টা জনগোষ্ঠীৰ জনসাধাৰণৰ শান্তি-সম্প্ৰীতি আৰু প্ৰগতিৰ স্বাৰ্থত বি টি চিত পুনৰ ইউ পি পি এল দলক চৰকাৰ গঠনৰ সুযোগ দিয়...

September 11, 2025 12:55 PM

views 52

২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত জনজাতিকৰণৰ দাবীত পুনৰ আন্দোলন আৰম্ভ

● ২০২৬ চনত বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত জনজাতিকৰণৰ দাবীত আন্দোলন পুনৰ আৰম্ভ হৈছে। জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসনৰ দাবীত কালি তিনিচুকীয়া জিলাত সদৌ মৰাণ ছাত্ৰ সন্থাৰ নেতৃত্বত এটা বৃহৎ জোঁৰ সমদল উলিওৱা হয়। জনজাতিকৰণ মৰাণসকলৰ নাৰ্য্য প্রাপ্তি বুলি দাবী কৰি এই লৈ কোনোধৰণৰ ৰাজনৈতিক বঞ্চনা সহ্য কৰা নহ'ব বুলি জনগোষ্ঠীটোৰ হাজাৰ হাজাৰ প্ৰতিনিধিয়ে কালি তিনিচুকীয়া চহৰত এই প্রতিবাদত ভাগ লয়। তিনিচুকীয়া আই টি আই খেলপথাৰৰ পৰা নগৰখনৰ থানা চাৰিআলি লৈ প্ৰায় ৫ কিলোমিটাৰ পথজুৰি জোঁৰ সমদল কৰ...

September 11, 2025 12:37 PM

views 56

ভাৰতে পুৰুষৰ এছিয়া কাপ টী-২০ ক্রিকেটত জয়েৰে অভিযান আৰম্ভ

■ ভাৰতে পুৰুষৰ এছিয়া কাপ টী-২০ ক্রিকেট প্রতিযোগিতাত জয়েৰে অভিযান আৰম্ভ কৰিছে। গ্রুপ-এত নিজৰ প্ৰথমখন খেলত ভাৰতে যোৱা নিশা সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ- ইউ এ ইৰ বিৰুদ্ধে ৯ উইকেটত অনায়াসে জয়লাভ কৰে। ইউ এ ইৰ দলটোৱে প্ৰথমে বেট ধৰি ভাৰতৰ সন্মুখত ৫৮ ৰানৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰি দিয়ে। প্ৰত্যুত্তৰত ভাৰতে ৪ অভাৰ আৰু ৩টা বলত এটা উইকেটৰ বিনিময়ত ৬০ ৰান কৰি জয়লাভ কৰে। অ'পেনাৰ অভিষেক শৰ্মাই ১৬টা বলত দুটা 'চাৰি' আৰু তিনিটা 'ছয়'ৰে ৩০ ৰান কৰে। প্ৰাৰম্ভিক যুটীত শুভমন গীলৰ সৈতে অভিষেকে ৩ অভাৰ আৰু ৫টা বলত ৪৮ ৰান ...

September 9, 2025 2:50 PM

views 21

সামাজিক মাধ্যমৰ মঞ্চসমূহ বন্ধ কৰি দিয়াৰ বাবে নেপাল চৰকাৰৰ পূৰ্বে আৰোপ কৰা নিষেধাজ্ঞা বাতিল

■ সামাজিক মাধ্যমৰ মঞ্চসমূহ বন্ধ কৰি দিয়াৰ বাবে নেপাল চৰকাৰে পূৰ্বে আৰোপ কৰা নিষেধাজ্ঞা বাতিল কৰিছে। উল্লেখযোগ্য যে কালি সামাজিক মাধ্যমৰ মঞ্চসমূহ বন্ধ কৰি দিয়াৰ বাবে নেপাল চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিৰুদ্ধে নৱপ্ৰজন্মই বিক্ষোভ প্ৰদৰ্শন কৰিছিল। প্ৰশাসনে এই প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলোৱাৰ সময়তে কেতবোৰ বিক্ষিপ্ত ঘটনা ঘটে আৰু ১৯ গৰাকী লোক নিহত হোৱাৰ লগতে ৩০০ জনতকৈও অধিক লোক আহত হয়। নেপালৰ যোগাযোগ, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী পৃথ্বী গুৰুঙে কেবিনেটৰ জৰুৰী বৈঠকৰ পাছত চৰকাৰে সামাজিক মাধ্যমৰ মঞ...

September 9, 2025 2:38 PM

views 28

হিমাচল প্ৰদেশ আৰু পাঞ্জাব ভ্ৰমণ কৰি দুয়োখন ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ প্রধানমন্ত্ৰী মোদীৰ

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হিমাচল প্ৰদেশ আৰু পাঞ্জাব ভ্ৰমণ কৰি দুয়োখন ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থাৰ পৰ্যালোচনা কৰিবলৈ লৈছে। এই ভ্ৰমণসূচীৰ আৰম্ভণিতে পাঠানকোটত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকীক ৰাজ্যখনৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া, ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী অমন অৰোৰা আৰু জ্যেষ্ঠ বিষয়াবৰ্গই বিমান বন্দৰত আদৰণি জনায়। প্ৰথম পৰ্যায়ত তেওঁ হিমাচল প্ৰদেশৰ কাংৰা জিলাৰ ধৰ্মশালাত উপস্থিত হৈ ৰাজ্য চৰকাৰৰ এখন উচ্চ পৰ্যায়ৰ বৈ...

September 9, 2025 3:07 PM

views 33

কেৰালাত আয়োজন কৰা অ’নাম উৎসৱ উদযাপনৰ চৰকাৰী কাৰ্যসূচীৰ আজি সন্ধিয়া সামৰণি

● কেৰালাত আয়োজন কৰা অ’নাম উৎসৱ উদযাপনৰ চৰকাৰী কাৰ্যসূচীৰ আজি সন্ধিয়া সামৰণি পৰিব। ৰাজ্যখনৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আলেকাৰে আজি এই উদ্দেশ্যে আয়োজন কৰা সাংস্কৃতিক শোভাযাত্রা পতাকা জোকাৰি উদ্বোধন কৰিব। আজি বিয়লি চাৰে চাৰি বজাত আৰম্ভ হ'বলগীয়া এই শোভাযাত্ৰাই উৎসৱৰ সামৰণিৰ পৰ্যায়ৰ সূচনা কৰিব। আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে ৰাজ্যখনৰ সহস্ৰাধিক শিল্পীয়ে অংশগ্রহণ কৰিবলগীয়া এই সাংস্কৃতিক শোভাযাত্ৰাত কেৰালাৰ সংস্কৃতিৰ বিভিন্ন দিশৰ প্ৰতিফলন ঘটিব। তদুপৰি সেনাৰ ৰেণ্ডৰ লগতে ঝাৰখণ্ড, উত্তৰ প্...

September 9, 2025 2:46 PM

views 24

নেপালত ভাৰতীয় নাগৰিকক প্রয়োজনীয় সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

■ নেপালত আৰম্ভ হোৱা প্ৰতিবাদী কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত দেশখনত বসবাস কৰি থকা সকলো ভাৰতীয় নাগৰিককে প্রয়োজনীয় সাৱধানতা অৱলম্বন কৰাৰ লগতে চৰকাৰ-প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া নীতি-নির্দেশনা মানি চলিবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পৰামৰ্শ আগবঢ়াইছে। নতুন দিল্লীয়ে নেপালৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি তীক্ষ্ণ দৃষ্টিৰে নজৰ ৰাখি আহিছে বুলি উল্লেখ কৰি মন্ত্ৰালয়ে এটা বিবৃতিৰ জৰিয়তে দেশখনৰ এই পৰিস্থিতিত হোৱা প্ৰাণহানিৰ ঘটনাসমূহক লৈ দুখ ব্যক্ত কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে লগতে সংশ্লিষ্ট সকলো পক্ষকে শান্...

September 9, 2025 2:42 PM

views 23

দেশৰ পঞ্চদশগৰাকী উপ-ৰাষ্ট্ৰপতি পদৰ বাবে আজি নিৰ্বাচন অনুষ্ঠিত

■ দেশৰ পঞ্চদশগৰাকী উপ-ৰাষ্ট্ৰপতি পদৰ বাবে আজি নিৰ্বাচন অনুষ্ঠিত হৈছে। নতুন সংসদ ভৱনত জ্যেষ্ঠ বিজেপি নেতা আৰু প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমে ভোটদান কৰে। কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, অশ্বিনী বৈষ্ণৱ, জিতেন্দ্ৰ সিং, প্ৰহ্লাদ যোশী, ৰাজ্য সভাৰ উপ-সভাপতি হৰি বংশ, প্রাক্তন প্ৰধানমন্ত্ৰী আৰু জে ডি এছৰ সাংসদ এইচ ডি দেৱেগৌড়া, ৰাজ্যসভাৰ বিৰোধী দলপতি আৰু কংগ্ৰেছ সভাপতি মল্লিকার্জুন খার্গে, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, জ্যেষ্ঠ কংগ্ৰেছ সাংসদ ছোনিয়া গান্ধী, ডি এম কে সাংসদ দয়ানিধি মাৰান, সমাজবা...