August 4, 2025 6:40 PM August 4, 2025 6:40 PM

views 16

শাস্ত্রীয় সংগীতজ্ঞ, বিশিষ্ট বেহেলাবাদক, অৱসৰপ্ৰাপ্ত শিক্ষক সত্যকৃষ্ণ মিশ্ৰৰ দেহাৱসান

শাস্ত্রীয় সংগীতজ্ঞ, বিশিষ্ট বেহেলাবাদক, অৱসৰপ্ৰাপ্ত শিক্ষক সত্যকৃষ্ণ মিশ্ৰৰ আজি পুৱা বৰপেটাৰ গলিয়াহাটীৰ নিজ বাসগৃহত দেহাৱসান ঘটে। বৰপেটাৰ সমাজ জীৱনৰ অভিভাৱক স্বৰূপ মিশ্ৰৰ মৃত্যুৰ সময়ত বয়স হৈছিল ১০০ বছৰ। ১৯২৬ চনত বৰপেটাৰ এটা সংস্কৃতিবান পৰিয়ালত জন্মগ্ৰহণ কৰা মিশ্ৰ সৰুৰেপৰা সংগীত চৰ্চাত নিমগ্ন আছিল। এগৰাকী ফুটবল খেলুৱৈ আৰু অভিনেতা হিচাপে দক্ষতা থকা মিশ্ৰ বৰপেটা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰথমগৰাকী অধ্যক্ষ আছিল। দেশৰ কেইবাখনো ৰাজ্যৰ আগশাৰীৰ শাস্ত্রীয় সংগীতানুষ্ঠানত বেহেলা বাদন পৰিৱ...

August 4, 2025 6:38 PM August 4, 2025 6:38 PM

views 14

ডিব্ৰুগড়ৰ খোৱাং চাৰিআলিৰ নৱনিৰ্মিত উৰণ সেতুৰ ওপৰত সংঘটিত পথ দুৰ্ঘটনাত দুজন লোক নিহত

ডিব্ৰুগড় জিলাৰ খোৱাং চাৰিআলিৰ নৱনিৰ্মিত উৰণ সেতুৰ ওপৰত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত দুজন লোক নিহত হয়। নিহত লোকদুজন খোৱাং চাহ বাগিচাৰ গাড়ীচালক প্ৰণৱ দাস আৰু মণিপথাৰ নিবাসী ৰাহুল পাটৰ বুলি চিনাক্ত কৰা হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে বলবমলৈ যাবৰ বাবে নৱনিৰ্মিত উৰণ সেতুৰ কাষত ৰখাই থোৱা দুখন বাহনক গুৱাহাটীৰ পৰা যোৱা এখন নৈশ বাছে খুন্দিওৱাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত আন ছজন লোক গুৰুতৰভাৱে আহত হয়। আহতসকলক অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। উল্লেখযোগ্য যে দুর্ঘটনা ...

August 4, 2025 6:35 PM August 4, 2025 6:35 PM

views 11

আকাশবাণী গুৱাহাটীৰ উদ্যোগত ৯০ বছৰীয়া বৰ্ণিল পৰিক্ৰমা উদযাপনৰ উদ্দেশ্যে যুৱবাণী শাখাৰ দ্বাৰা কুইজ প্রতিযোগিতাৰ আয়োজন

আকাশবাণী গুৱাহাটীৰ উদ্যোগত অহা ৮ আগষ্টত অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত আকাশবাণীৰ ৯০ বছৰীয়া বৰ্ণিল পৰিক্ৰমা উদযাপন কৰাৰ উদ্দেশ্যে যুৱবাণী শাখাৰ দ্বাৰা এখন কুইজ প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। ‘আকাশবাণীৰ ৯০ বছৰ’ এই কুইজ প্ৰতিযোগিতাত আকাশবাণীৰ প্ৰচাৰণ সেৱাৰ গৌৰৱোজ্জ্বল ৯০ বছৰীয়া পৰিক্ৰমা আৰু অসম তথা আমাৰ দেশৰ বিভিন্ন ঠাইত থকা আকাশবাণী কেন্দ্ৰসমূহৰ সৈতে জড়িত প্রশ্ন থাকিব। প্ৰতিযোগিতাৰ প্ৰতিটো দলত দুজনকৈ সদস্য থাকিব। সেইদিনাই দুপৰীয়া ১ বজাৰ পৰা আকাশবাণীৰ ৯০ বছৰীয়া পৰিক্ৰমা, ভাৰত...

August 4, 2025 6:29 PM August 4, 2025 6:29 PM

views 7

প্ৰসিদ্ধ গীতিকাৰ আনন্দিৰাম দাসৰ পূণ্য তিথি উপলক্ষে শ্রদ্ধা নিবেদন

প্ৰসিদ্ধ গীতিকাৰ আনন্দিৰাম দাসৰ পূণ্য তিথি উপলক্ষে আজি তেওঁৰ স্মৃতিত শ্রদ্ধা নিবেদন কৰা হৈছে। বন কোঁৱৰ উপাধিৰে সন্মানিত দাসক বনগীতৰ স্ৰষ্টা বুলিও অভিহিত কৰা হৈছিল। অসমীয়া চলচ্চিত্ৰ বদন বৰফুকন, লাচিত বৰফুকন, পাঘাট আৰু ভক্ত প্ৰহ্লাদৰ বাবে গীত ৰচনা কৰা গীতিকাৰ গৰাকীয়ে বিৰহী আৰু সুৰ নিজৰা নামৰ দুখন প্ৰকাশিত গীতৰ সংকলনেৰে অসমীয়া গীতি সাহিত্যক চহকী কৰি থৈ গৈছে। ১৯৫৯ চনত গুৱাহাটীৰ প্ৰগতি শিল্পী সংঘই তেওঁক বনকোঁৱৰ আৰু নিউয়ৰ্ক প্লেয়াৰ্ছে বনগীতৰ ওজা উপাধিৰে সন্মানিত কৰিছিল। মুখ্যমন্ত্রী ড° হিমন্ত বিশ...

August 4, 2025 6:27 PM August 4, 2025 6:27 PM

views 21

নুমলীগড় শোধনাগাৰ লিমিটেডৰ সৈতে বি এছ এন এলৰ দেশৰ প্ৰথমখন ফাইভ-জি কেপ্টিভ নন পাব্লিক নেটৱৰ্ক স্থাপনৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ

বি এছ এন এলে নুমলীগড় শোধনাগাৰ লিমিটেডৰ সৈতে দেশৰ প্ৰথমখন ফাইভ-জি কেপ্টিভ নন পাব্লিক নেটৱৰ্ক স্থাপনৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰিছে। এই পদক্ষেপ ডিজিটেল অসম আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হিচাপে পৰিগণিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্রকাশ কৰিছে।

August 4, 2025 6:22 PM August 4, 2025 6:22 PM

views 27

গুৱাহাটীৰ সংৰক্ষিত বনাঞ্চলৰ দখলকাৰীৰ কৱলত প্ৰায় ৪,২৪০ হেক্টৰ ভূমি ২০২৬ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত দখলমুক্ত কৰিবলৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ অসম চৰকাৰলৈ নিৰ্দেশ

  ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে গুৱাহাটীৰ সংৰক্ষিত বনাঞ্চলত দখলকাৰীৰ কৱলত থকা প্ৰায় ৪ হাজাৰ ২৪০ হেক্টৰ ভূমি ২০২৬ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত দখলমুক্ত কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। উল্লেখযোগ্য যে কিছুদিন পূর্বে বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষকে গুৱাহাটীৰ সংৰক্ষিত বনাঞ্চলসমূহৰ বৃহৎ পৰিমাণৰ ভূমি দখলকাৰীৰ কৱলত আছে বুলি ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণত প্রতিবেদন দাখিল কৰিছিল। প্ৰতিবেদনত উল্লেখ কৰা মতে কামৰূপ মহানগৰ জিলাৰ ১২ খন সংৰক্ষিত বনাঞ্চলৰ ৮ খনৰ বৃহৎ পৰিমাণৰ ভূমি অবৈধভাৱে দখল কৰা হৈছে। ইয়াৰ ভি...

August 4, 2025 6:08 PM August 4, 2025 6:08 PM

views 10

প্ৰথমবাৰৰ বাবে BIMSTECত পৰম্পৰাগত সংগীত মহোৎসৱৰ আয়োজন

নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি সন্ধিয়া প্ৰথমবাৰৰ বাবে BIMSTEC পৰম্পৰাগত সংগীত মহোৎসৱৰ আয়োজন কৰা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে এই মহোৎসৱ উদ্বোধন কৰিব। ভাৰত, বাংলাদেশ, ভূটান, ম্যানমাৰ, নেপাল, শ্ৰীলংকা আৰু থাইলেণ্ডৰ শিল্পীসকলে এই সংগীত মহোৎসৱত গীত পৰিৱেশন কৰিব। ভাৰতীয় সাংস্কৃতিক সম্পর্ক পৰিষদে আয়োজন কৰা সপ্ত সুৰঃ ৭খন ৰাষ্ট্ৰ, এটা ৰাগ শীৰ্ষক এই মহোৎসৱত BIMSTECৰ সাতখন ৰাষ্ট্ৰৰ ভিন ভিন সংগীত পৰম্পৰা উদযাপন কৰা হ'ব। মহোৎসৱৰ উদ্বোধনী কাৰ্যসূচীক BIMSTEC সহযোগিতাৰ গুৰুত্বপূৰ্ণ সাংস্কৃতি...

August 4, 2025 6:04 PM August 4, 2025 6:04 PM

views 8

ফিলিপিনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনেও আৰ মাৰ্কোছ জুনিয়ৰ ৫ দিনীয়া ভাৰত ভ্ৰমণসূচীৰে আজি সন্ধিয়া নতুন দিল্লীত উপস্থিত হ’ব

ফিলিপিনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনেও আৰ মাৰ্কোছ জুনিয়ৰ ৫ দিনীয়া ভাৰত ভ্ৰমণসূচীৰে আজি সন্ধিয়া নতুন দিল্লীত উপস্থিত হ'ব। ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে তেওঁৰ পত্নী লুইছ আৰানেটা মাৰ্কোছ আৰু কেইবাগৰাকীও কেবিনেট মন্ত্রী, জ্যেষ্ঠ বিষয়া আৰু ব্যৱসায়িক প্ৰতিনিধিৰ এটা উচ্চ পৰ্যায়ৰ দলো আহিব। উল্লেখযোগ্য যে ফিলিপিনছৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত শ্ৰীমাৰ্কোছৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ। ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফিলিপিনছৰ ৰাষ্ট্ৰপতিগৰাকী দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। শ্রীমার্কোছে ৰাষ্...

August 4, 2025 5:59 PM August 4, 2025 5:59 PM

views 15

ভাৰত-আমেৰিকাৰ মাজৰ শুল্ক সম্পৰ্কীয় শেহতীয়া ব্যৱস্থাসমূহক লৈ ভুৱা দাবী অথবা বাতৰি প্ৰচাৰ নকৰিবলৈ সামাজিক মাধ্যমৰ একাউণ্টসমূহলৈ প্ৰেছ ইনফৰমেচন ব্যুৰ’ আহ্বান

প্ৰেছ ইনফৰমেচন ব্যুৰ’ পি আই বিৰ তথ্য পৰীক্ষণ গোটে ভাৰত আৰু আমেৰিকাৰ মাজৰ শুল্ক সম্পৰ্কীয় শেহতীয়া ব্যৱস্থাসমূহক লৈ ভুৱা দাবী অথবা বাতৰি প্ৰচাৰ নকৰিবলৈ সামাজিক মাধ্যমৰ একাউণ্টসমূহক আহ্বান জনাইছে। এনে একাংশ একাউণ্টৰ জৰিয়তে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ কেতবোৰ বিবৃতি বিকৃত ৰূপত প্ৰচাৰ কৰা বুলি অভিযোগ উত্থাপিত হৈছে। পি আই বিৰ তথ্য পৰীক্ষণ গোটে অনলাইন মাধ্যমত প্ৰচাৰিত এনেধৰণৰ ভুল তথ্য তথা ভুৱা প্ৰচাৰৰ পৰা আঁতৰি থাকিবলৈ সংশ্লিষ্ট সকলোকে সকিয়াই দিছে। গোটটোৱে লগ...

August 4, 2025 5:55 PM August 4, 2025 5:55 PM

views 16

নিয়োগ মেলাৰ জৰিয়তে যোৱা ১৬ টা মাহত দেশত ১১ লাখৰো অধিক প্ৰাৰ্থীয়ে চাকৰি লাভ কৰিছেঃ মনসুখ মন্দাভিয়া

নিয়োগ মেলাৰ জৰিয়তে যোৱা ১৬ টা মাহত দেশত ১১ লাখৰো অধিক প্ৰাৰ্থীয়ে চাকৰি লাভ কৰিছে বুলি কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী মনসুখ মন্দাভিয়াই প্ৰকাশ কৰিছে। লোকসভাত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদন অনুসৰি বিগত দশকটোত ১৭ কোটিৰো অধিক যুৱক-যুৱতীয়ে নিযুক্তি লাভ কৰিছে। ইউ পি এ চৰকাৰৰ শাসনকালৰ ১০ বছৰত মাত্ৰ তিনি কোটি প্রার্থীয়েহে নিযুক্তি লাভ কৰিছিল বুলি তেওঁ মন্তব্য কৰে। শ্ৰী মন্দাভিয়াই লগতে কয়, যে প্রধানমন্ত্রী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ...