August 4, 2025 8:26 PM August 4, 2025 8:26 PM

views 10

ফিলিপিনছৰ ৰাষ্ট্ৰপতি ফার্দিনান্দ ৰোমুঅ’লডেজ মাৰ্কোচ জুনিয়ৰ ৫ দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি নতুন দিল্লীত উপস্থিত

ফিলিপিনছৰ ৰাষ্ট্ৰপতি ফার্দিনান্দ ৰোমুঅ'লডেজ মাৰ্কোচ জুনিয়ৰ ৫ দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি নতুন দিল্লীত উপস্থিত হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে জানিবলৈ দিছে যে, ৰাষ্ট্ৰপতিগৰাকী নতুন দিল্লীত উপস্থিত হোৱাৰ পাছত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আদৰণি জনায়। ভাৰত আৰু ফিলিপিনছৰ মাজৰ কুটনৈতিক সম্বন্ধৰ ৭৫ বছৰ উদযাপনৰ সময়ত ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্রমণে দুয়োখন দেশৰ মাজৰ সম্বন্ধ আৰু অধিক সূদৃঢ় কৰিব।

August 4, 2025 8:20 PM August 4, 2025 8:20 PM

views 18

সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা আজি দিনটোৰ বাবে স্থগিত

সংসদৰ উভয় সদন আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। আজি পুৱা নতুন দিল্লীত দেহাৱসান ঘটা ঝাৰখণ্ড মুক্তি মৰ্চাৰ জ্যেষ্ঠ নেতা তথা সাংসদ শিবু চোৰেণৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছত ৰাজ্যসভাৰ কাম-কাজ স্থগিত ৰখা হয়। ইপিনে, বিৰোধী সাংসদসকলে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধন উঠাই লোৱাকে ধৰি অন্যান্য বিষয় লৈ হুলস্থুলীয়া পৰিবেশ অব্যাহত ৰখাৰ পৰিপ্ৰেক্ষিতত লোকসভাও স্থগিত ৰখা হয়। প্ৰথমবাৰ স্থগিত ৰখাৰ পাছত দিনৰ ২ বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী সাংসদসকলে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধন সম্পর্কে ...

August 4, 2025 8:08 PM August 4, 2025 8:08 PM

views 22

নগাঁৱৰ ছাপানলাৰ হদহদী জলপ্ৰপাতত গা ধুবলৈ গৈ এজন যুৱকৰ মৃত্যু

নগাঁও জিলাৰ ছাপানলাৰ হদহদী জলপ্ৰপাতত গা ধুবলৈ গৈ আজি পুৱা এজন যুৱকৰ মৃত্যু হয়। যুৱকজন নগাঁৱৰ লাওখোৱা ৰোডৰ ২১ বছৰীয়া ছনায়াম জৈন বুলি জানিব পৰা গৈছে। পুৱা গা ধুবলৈ গৈ যুৱকজন পানীত বুৰ যোৱাৰ পাছত এছ ডি আৰ এফৰ দলে ঘটনাস্থলীত উপস্থিত হৈ তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে।

August 4, 2025 8:04 PM August 4, 2025 8:04 PM

views 2

হোজাইত ভিন্ন সজাগতাৰে জিলা প্ৰশাসনৰ বিশেষ অভিযান ৰূপায়ণ

হোজাই জিলাত পথ সুৰক্ষাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ লগতে বাল্য বিবাহ, শিশু শ্ৰমিক আৰু মাদকদ্ৰব্যৰ বিৰুদ্ধে সজাগতাৰ সৃষ্টিৰ বাবে জিলা প্ৰশাসনে বিশেষ অভিযান ৰূপায়ণ কৰিছে। এই উপলক্ষে হোজাইৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত এখন বিশেষ বাহনৰ যাত্ৰাৰ শুভাৰম্ভ কৰা হয়। জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে এই যাত্ৰাৰ শুভাৰম্ভ কৰে।

August 4, 2025 7:51 PM August 4, 2025 7:51 PM

views 18

এআইইউডিএফৰ প্ৰতিনিধি দলৰ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আইন শৃংখলাৰ মহা পৰিদৰ্শক অখিলেশ সিঙক সাক্ষাৎ

উজনি অসমৰ কেইবাখনো জিলাত একাংশ দল-সংগঠনে বিশেষ সম্প্ৰদায়ৰ লোকৰ ওপৰত আতিশয্য চলোৱাৰ অভিযোগ তুলি আজি এ আই ইউ ডি এফৰ এটা প্ৰতিনিধি দলে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আইন শৃংখলাৰ মহা পৰিদৰ্শক অখিলেশ সিঙক সাক্ষাৎ কৰে। বিধায়ক ৰফিকুল ইছলাম, কৰিমউদ্দিন বৰভূঞা, সুজামুদ্দিন লস্কৰসহ প্রতিনিধি দলটোৱে আৰক্ষী মহাপৰিদৰ্শক গৰাকীক সাক্ষাৎ কৰি একাংশ দল- সংগঠনে সংগঠনটোৰ লোকক কৰা হাৰাশাস্তিৰ ঘটনা ৰোধ কৰিবলৈ আহ্বান জনায়। ইপিনে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি বজালী জিলাত সাংবাদিকৰ আগত কয়, যে এনেধৰণৰ কোনো আত...

August 4, 2025 7:47 PM August 4, 2025 7:47 PM

views 4

সমগ্ৰ শিক্ষা অসমে ৰাজ্যৰ ৩৯ হাজাৰ ৫১৫ খন প্রাথমিক বিদ্যালয়লৈ ২০২৫-২৬ বৰ্ষৰ বাবে ৫০ শতাংশ বার্ষিক অনুদান হিচাপে ৫৬ কোটি ৯৭ লাখ টকা মুকলি কৰিছে

সমগ্ৰ শিক্ষা অসমে ৰাজ্যৰ ৩৯ হাজাৰ ৫১৫ খন প্রাথমিক বিদ্যালয়লৈ ২০২৫-২৬ বৰ্ষৰ বাবে ৫০ শতাংশ বার্ষিক অনুদান হিচাপে ৫৬ কোটি ৯৭ লাখ টকা মুকলি কৰি দিছে। এই সন্দৰ্ভত জাৰি কৰা নিৰ্দেশনাৰ জৰিয়তে সমগ্র শিক্ষা অসমে এই ধনেৰে বিদ্যুতৰ মাচুল, ইণ্টাৰনেট মাচুল, বিদ্যালয় গৃহ মেৰামতিকে ধৰি আন্তঃগাঁথনিমূলক কাম-কাজ কৰিবলৈ পৰামৰ্শ দিছে। এই অনুদানৰ ধনৰ ১০ শতাংশ স্বচ্ছতা কার্যসূচী পৰিকল্পনাৰ অধীনত ব্যৱহাৰ কৰিবলৈ নিৰ্দেশনাত কোৱা হৈছে।

August 4, 2025 7:42 PM August 4, 2025 7:42 PM

views 14

ৰাজ্য চৰকাৰে আজি ৰাজ্যখনৰ অৰাজপত্ৰিত কৰ্মচাৰীসকলৰ উৎকৃষ্ট সেৱাৰ বাবে চলিত বছৰৰ ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰসমূহ ঘোষণা কৰিছে

ৰাজ্য চৰকাৰে আজি ৰাজ্যখনৰ অৰাজপত্ৰিত কৰ্মচাৰীসকলৰ উৎকৃষ্ট সেৱাৰ বাবে চলিত বছৰৰ ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰসমূহ ঘোষণা কৰিছে। ৰাজ্যিক পৰ্যায়ত অগ্নি আৰু জৰুৰীকালীন সেৱা বিভাগৰ দলপতি অংকুৰ নাৰায়ণ দাস, মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ মাল্টি টাস্কিন ষ্টাফ বীৰ বাহাদুৰ ৰায়, ক্রীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ জ্যেষ্ঠ সহায়ক চিন্ময় বৰা, বিত্ত বিভাগৰ সহকাৰী শাখা বিষয়া দ্বীপজ্যোতি বনিয়াকে ধৰি ১০ গৰাকী কৰ্মচাৰীলৈ ৰাজ্যিক পৰ্যায়ৰ লোকসেৱা বঁটা আগবঢ়াইছে। একেদৰে বৰপেটা জিলা আয়ুক্ত কাৰ্যালয়ৰ চতু...

August 4, 2025 7:16 PM August 4, 2025 7:16 PM

views 18

বি টি আৰৰ বিভিন্ন ঠাইত বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰি বিজেপিৰ কৰ্মকৰ্তাসকলৰ সৈতে মুখ্যমন্ত্রীৰ মত-বিনিময়

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বি টি আৰৰ বিভিন্ন ঠাইত বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰি বিজেপিৰ কৰ্মকৰ্তাসকলৰ সৈতে মত-বিনিময় কৰে। বাক্সা জিলাৰ অদালবাৰী, হাউলী মাজৰগাঁওত তৃণমূল পৰ্যায়ৰ বিজেপিৰ কৰ্মীৰ সৈতে বাৰ্তালাপ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই উন্নয়নৰ নতুন লক্ষ্যৰে শান্তিপূৰ্ণ বড়োলেণ্ডৰ বিপুল সম্ভাৱনাৰ দিশত কাম কৰিবলৈ দলটো প্ৰতিজ্ঞাবদ্ধ বুলি মন্তব্য কৰে। সমাগত বি টি আৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হোৱা এই ৰাজনৈতিক কুচকাৱাজৰ মাজতে অদালবাৰীৰ পৰা হাউলীলৈ যাত্ৰা কৰোতে বজা...

August 4, 2025 6:59 PM August 4, 2025 6:59 PM

views 15

স্বাস্থ্য পৰীক্ষাৰ আইনগত নথিপত্ৰ আৰু মৰণোত্তৰ পৰীক্ষাৰ নথিসমূহ সহজে পাব পৰাকৈ গোৱালপাৰাৰ ছহিদ নিধানুৰাম ৰাজবংশী অসামৰিক চিকিৎ‍সালয়ত প্ৰথমটো মডলেপাৰ (ModLEaPR) প’ৰ্টেল মুকলি

স্বাস্থ্য পৰীক্ষাৰ আইনগত নথিপত্ৰ আৰু মৰণোত্তৰ পৰীক্ষাৰ নথিসমূহ সহজে পাব পৰাকৈ আজি ৰাজ্যৰ স্বাস্থ্য বিভাগে গোৱালপাৰাৰ ছহিদ নিধানুৰাম ৰাজবংশী অসামৰিক চিকিৎ‍সালয়ত প্ৰথমটো মডলেপাৰ (ModLEaPR) প'ৰ্টেল আজি মুকলি কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত আৰক্ষীৰ বিশেষ সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। প'র্টেল মুকলি কৰি শ্ৰী গুপ্তাই কয়, যে প'ৰ্টেলটোৰ জৰিয়তে গুৰুত্বপূৰ্ণ নথিসমূহ সংৰক্ষণ কৰাটো সহজ হোৱাৰ লগতে আৰক্ষীৰ বাবে গোচৰসমূহ ক্ষীপ্ৰতাৰে সমাধাম কৰা সুবিধা হ'ব। স্বাস্থ্য বি...

August 4, 2025 6:53 PM August 4, 2025 6:53 PM

views 2

গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত ভূমিত আজিৰে পৰা গছপুলি ৰোপন আৰম্ভ

গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত ভূমিত আজিৰে পৰা গছপুলি ৰোপন কৰা হৈছে। যোৱা ১২ জুলাইত বন বিভাগ আৰু প্ৰশাসনে সংৰক্ষিত বনাঞ্চলখনত ১৩৮ হেক্টৰ ভূমি দখলমুক্ত কৰিছে। এই ভূমিৰ প্ৰতি হেক্টৰতে দুহেজাৰ ৫০০টাকৈ গছপুলি ৰোপনৰ বাবে বন বিভাগে লক্ষ্য লৈছে। এই গছপুলি ৰোপনৰ জৰিয়তে অঞ্চলটো সেউজীয়া আৰু প্ৰদূষণমুক্ত কৰাৰ উপৰি হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ ব্যৱস্থা কৰা হৈছে।