August 7, 2025 8:33 PM August 7, 2025 8:33 PM

views 7

পশ্চিমবংগত বিৰোধী দলৰ নেতা সুভেন্দু অধিকাৰীক টি এম চিৰ কৰ্মীসকলে অন্যায়ভাৱে আক্ৰমণ কৰা কাৰ্য্যৰ গৰিহনা জে পি নাড্ডাৰ

কেন্দ্রীয় স্বাস্থ্যমন্ত্রী তথা বি জে পি নেতা জগৎ প্রকাশ নাড্ডাই আজি পশ্চিমবংগত বিৰোধী দলৰ নেতা সুভেন্দু অধিকাৰীক টি এম চিৰ কৰ্মীসকলে অন্যায়ভাৱে আক্ৰমণ কৰা কাৰ্য্যৰ গৰিহনা দিয়ে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রী নাড্ডাই কয় যে এই আক্ৰমণ হৈছে গণতন্ত্ৰৰ প্ৰতি কৰা আক্ৰমণ। তেওঁ লগতে কয় যে আৰক্ষীৰ উপস্থিতিত হোৱা এই আক্রমনে ৰাজ্যখনত মমতা বেনাৰ্জী নেতৃতাধীন চৰকাৰখনৰ আইন শৃংখলাৰ শোচনীয় দিশটোকে প্ৰতিফলিত কৰিছে। ৰাজ্যখনত আইন-শৃংখলাহীন অৱস্থা আৰু ৰাজনৈতিক হিংসাত্মক ঘটনাৰ বাবে মুখ্যমন্ত্রী মমতা বেনাৰ্জীয...

August 7, 2025 8:28 PM August 7, 2025 8:28 PM

views 20

নৃপেন্দ্ৰ নাৰায়ণ সিংহ সোঁৱৰণী ছোৱালীৰ আন্তঃজিলা বিদ্যালয় ফুটবল প্রতিযোগিতাৰ ফাইনেলত গুৱাহাটীৰ বেতকুছি হাইস্কুল আৰু তিনিচুকীয়াৰ বৰুৱাহোলা হাইস্কুল

গুৱাহাটীৰ বেতকুছি হাইস্কুল আৰু তিনিচুকীয়াৰ বৰুৱাহোলা হাইস্কুলে ১৭ বছৰ অনুৰ্ধ নৃপেন্দ্ৰ নাৰায়ণ সিংহ সোঁৱৰণী ছোৱালীৰ আন্তঃজিলা বিদ্যালয় ফুটবল প্রতিযোগিতাৰ ফাইনেলত প্ৰবেশ কৰিছে। আজি বিয়লি অনুষ্ঠিত প্রতিযোগিতাৰ ছেমি ফাইনেলত কামৰূপ মহানগৰ জিলাক প্ৰতিনিধিত্ব কৰা বেতকুছি হাইস্কুলে শিৱসাগৰক ১-০ গলত পৰাস্ত কৰে। বেতকুছিৰ হৈ এছ বসুমতাৰীয়ে খেলৰ ২৫ মিনিটত বিজয়সূচক গলটো দিয়ে। ইপিনে, নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত আনখন ছেমি ফাইনেলত বৰুৱাহোলা হাইস্কুলে কোকৰাঝাৰক ২-০ গলত পৰাভূত কৰে। খেলৰ ১৯ মিনিটত ডলী গগৈয়ে ...

August 7, 2025 8:04 PM August 7, 2025 8:04 PM

views 8

আকাশবাণী গুৱাহাটীৰ বিষয়া-কৰ্মচাৰীসকলক ৰাখী বন্ধন প্রজাপিতা ব্ৰহ্মকুমাৰী ঐশ্বৰীয় বিশ্ববিদ্যালয়ৰ ভগ্নী আৰু আন বিষয়াববীয়া সকলৰ

প্রজাপিতা ব্ৰহ্মকুমাৰী ঐশ্বৰীয় বিশ্ববিদ্যালয়ৰ ভগ্নী আৰু আন বিষয়াববীয়া সকলৰ এটা দলে আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিষয়া-কৰ্মচাৰীসকলক ৰাখী পিন্ধায়। বিশ্ব ভাতৃত্ব আৰু শান্তিৰ বাণী কঢ়িয়াই অনা দলটোৰ এই প্ৰয়াসক আকাশবাণীৰ বিষয়া-কৰ্মচাৰী সকলে আন্তৰিকভাৱে প্ৰশংসা কৰে।

August 7, 2025 7:39 PM August 7, 2025 7:39 PM

views 12

৯ আগষ্টৰ নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত স্বাধীনতা সংগ্ৰামত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভূমিকা শীর্ষক বিশেষ আলোচনা প্ৰচাৰ

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কেইবাটাও বিশেষ অনুষ্ঠান প্ৰচাৰৰ দিহা কৰিছে। এনে অনুষ্ঠানসূচীৰ অংশ হিচাপে অহা ৯ আগষ্টৰ নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত স্বাধীনতা সংগ্ৰামত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভূমিকা শীর্ষক এটা বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। এই আলোচনাত কেন্দ্ৰীয় চৰকাৰৰ প্রকাশন বিভাগে প্রকাশ কৰা বহু সমাদৃত ইংৰাজী গ্ৰন্থ -Untold Stories of the Freedom struggle from North East India-ৰ ৰচক তথা বিশিষ্ট সাংবাদিক, নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচার্য্...

August 7, 2025 7:32 PM August 7, 2025 7:32 PM

views 13

দুৰ্ঘটনা ৰোধ কৰাৰ লক্ষ্যৰে বিশ্বনাথ জিলা পৰিবহণ বিভাগৰ যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ

দুৰ্ঘটনা ৰোধ কৰাৰ লক্ষ্যৰে বিশ্বনাথ জিলা পৰিবহণ বিভাগে যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈছে। পৰিবহণ বিভাগে হেলমেট পৰিধান নকৰা মটৰচাইকেল আৰোহী অথবা ৪ চকীয়া বাহনত ছিল্টবেল্ট ব্যৱহাৰ নকৰা চালকক জৰিমনা বিহিছে। চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা জুলাই মাহলৈ জিলা পৰিবহণ বিভাগে আইন উলংঘাকাৰীৰ বিৰুদ্ধে ই-চালান কাটি প্রায় ৭ কোটি ৯৫ লাখ টকাৰ ৰাজহ সংগ্ৰহ কৰিছে। সকলো চালককে যান-বাহন আইন মানি চলিবলৈ জিলা পৰিবহণ বিষয়া শৈলেন দাসে আহ্বান জনাইছে।

August 7, 2025 7:27 PM August 7, 2025 7:27 PM

views 11

দেশৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন

দেশৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই খণ্ডৰ সৈতে জড়িত লোকসকলক শুভেচ্ছা জ্ঞাপন কৰে। হস্ততাঁত খণ্ডৰ জৰিয়তে নাগৰিকৰ সৃষ্টিশীলতা প্রকাশ পাই বুলি তেওঁ কয়। নতুন দিল্লীত আয়োজিত কাৰ্যসূচীত কেন্দ্রীয় বস্ত্র মন্ত্রী গিৰিৰাজ সিঙে হস্ততাঁত খণ্ডত উল্লেখযোগ্য অৱদান আগবঢ়োৱা শিপিনীসকলক সন্ত কবিৰ হস্ততাঁত বঁটা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা প্ৰদান কৰে। দেশৰ প্ৰায় ৬৫০গৰাকী শিপিনী, বিদেশী ক্রেতা, বিশিষ্ট ব্যক্তি আৰু জ্যেষ্ঠ চৰকাৰী বিষয়াসকলে এই সমাৰ...

August 7, 2025 7:25 PM August 7, 2025 7:25 PM

views 10

নাওবৈচাৰ ফুকনদলনিৰ ২৩৪ বিঘা ভূমিত লখিমপুৰ জিলা প্ৰশাসনৰ উচ্ছেদ

লখিমপুৰ জিলা প্ৰশাসনে আজি নাওবৈচাৰ ফুকনদলনিৰ ২৩৪ বিঘা ভূমিত উচ্ছেদ চলায়। আৰক্ষী প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা মতে উচ্ছেদ অভিযান সুকলমে সম্পন্ন হয়। প্রশাসনে ফুকনদলনিৰ ১১৪টা পৰিয়াললৈ জাননী জাৰি কৰিছিল। উচ্ছেদৰ পূৰ্বে ৯০ শতাংশ পৰিয়ালে নিজৰ বাসগৃহ খালী কৰি অইন স্থানলৈ আঁতৰি যায়। জিলাখনত ৩ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰাৰ বাবে প্রশাসনে লক্ষ্য লৈছে। ইপিন, গোলাঘাট জিলা প্ৰশাসন আৰু বন বিভাগ কাইলৈ পুৱাৰে পৰা মেৰাপানী সীমান্তৰ দৈয়াং বনাঞ্চলৰ ২ নম্বৰ নেঘেৰীবিলত উচ্ছেদ চলাব। প্রায় ৭০খন এস্কেভেটৰৰ লগতে কেইব...

August 7, 2025 7:20 PM August 7, 2025 7:20 PM

views 4

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত ভাস্কৰ্য খোদিত দেৱাল স্থাপন

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত আজি অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক ঐতিহ্য প্ৰতিফলিত কৰা এখন ভাস্কৰ্য খোদিত দেৱাল স্থাপন কৰা হয়। শিল্পী জয়ন্ত চক্ৰৱৰ্তীয়ে খোদিত কৰা এই দেৱালখনত বিহুনৃত্যৰ লগতে বাগৰুম্বা, কাৰ্বি আৰু চাহ জনগোষ্ঠীয় ঝুমুইৰ নৃত্য ভংগিমা প্ৰদৰ্শিত হৈছে। আজি দুপৰীয়া আকাশবাণী গুৱাহাটীৰ অভিযান্ত্রিক শাখাৰ উপ-সঞ্চালক প্ৰধান ৱালিউল্লা খানে এই দেৱালখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে। অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন অনুষ্ঠান মূৰব্বী দিলীপ কুমাৰ দাসকে ধৰি কেইবা...

August 7, 2025 7:11 PM August 7, 2025 7:11 PM

views 51

আকাশবাণীৰ ৯০ বছৰীয়া বৰ্ণিল পৰিক্ৰমাক উদযাপনৰ উদ্দেশ্যে কনকলাল বৰুৱা প্ৰেক্ষাগৃহত বিশেষ কাৰ্যসূচীৰ আয়োজন

আকাশবাণীৰ ৯০ বছৰীয়া বৰ্ণিল পৰিক্ৰমাক উদযাপন কৰাৰ উদ্দেশ্যে গুৱাহাটীৰ যুৱবাণী শাখাৰ উদ্যোগত কাইলৈ অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত কেইটামান বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কাইলৈ পুৱা ৯.৩০ বজাৰ পৰা আকাশবাণীৰ ৯০ বছৰ শীৰ্ষক কুইজ প্রতিযোগিতা অনুষ্ঠিত হ'ব। এই প্রতিযোগিতাত প্ৰচাৰণ সেৱাৰ গৌৰৱোজ্জ্বল ৯০ বছৰীয়া পৰিক্ৰমা আৰু অসম তথা আমাৰ দেশৰ বিভিন্ন ঠাইত থকা আকাশবাণী কেন্দ্ৰসমূহৰ সৈতে জড়িত প্ৰশ্নাৱলী থাকিব। বিশিষ্ট কুইজ পৰিচালক দীপাংকৰ কৌশিক আৰু দিলীপ কুমাৰ শৰ্মাই এই প্রতিযোগিতা পৰিচ...

August 7, 2025 7:06 PM August 7, 2025 7:06 PM

views 10

বর্তমান ৰাজ্যত ৯৪ হাজাৰ ৪৭৭ গৰাকী ডি-ভোটাৰ আছেঃ ৰণজিৎ কুমাৰ দাস

ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে চুবুৰীয়া দেশৰ পৰা ভাৰতলৈ অহা হিন্দু, শিখ, বৌদ্ধ, খ্রীষ্টান, জৈন আৰু পাৰ্চি লোকৰ বিৰুদ্ধে বিদেশী ন্যায়াধীকৰণত ৰুজু হৈ থকা গোচৰ প্ৰত্যাহাৰ কৰাৰ সন্দৰ্ভত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি বৰপেটাত মতামত ব্যক্ত কৰে। তেওঁ কয়, যে বর্তমান ৰাজ্যত ৯৪ হাজাৰ ৪৭৭ গৰাকী ডি-ভোটাৰ আছে। ইয়াৰে একাংশ লোকৰ নামৰ বিপৰীতে ভোটাৰ তালিকাত সন্দেহযুক্ত বুলি উল্লেখ আছে যদিও তেওঁলোকৰ বিৰুদ্ধে ন্যায়াধীকৰণত কোনো গোচৰ নাই বুলি তেওঁ মন্তব্য কৰে । ৰাজ্য চৰকাৰে তেনে নামবোৰৰ বিপৰীতে...