August 11, 2025 12:09 PM August 11, 2025 12:09 PM

views 32

অসম সাহিত্য সভাৰ উদ্যোগত সদৌ অসম ভিত্তিত কবিতা আবৃত্তি আৰু তৰ্ক প্ৰতিযোগিতা সম্পন্ন

● অসম সাহিত্য সভাৰ উদ্যোগত আয়োজিত সদৌ অসম ভিত্তিত স্ব-নির্বাচিত কবিতা আবৃত্তি আৰু তৰ্ক প্ৰতিযোগিতাত গুৱাহাটীৰ ৰাগিনী কাশ্যপ ‘ক’ শাখাৰ শ্রেষ্ঠ আবৃত্তিকাৰ আৰু তৰ্ক প্ৰতিযোগিতাত পাঠশালাৰ হিয়া কলিতা শ্রেষ্ঠ তার্কিক হিচাপে নিৰ্বাচিত হৈছে। একেদৰে ‘খ’ শাখাত জুচিপৰ্ণা ডেকা শ্রেষ্ঠ আবৃত্তিকাৰ আৰু যোৰহাটৰ প্ৰাঞ্জলজ্যোতি ভূঞা শ্রেষ্ঠ তার্কিক হিচাপে নির্বাচিত হয়। অসম সাহিত্য সভাৰ কুঁহি, ৰামধেনু, তথ্য প্ৰযুক্তি আৰু আবৃত্তি কলা তথা হাস্য-ব্যংগ উপ-সমিতিৰ সহযোগত গুৱাহাটীৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত আয...

August 11, 2025 11:56 AM August 11, 2025 11:56 AM

views 10

স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কটকটীয়া নিৰাপত্তা ব্যৱস্থা

● স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। স্বাধীনতা দিৱসৰ সময়ছোৱাত যাতে উগ্ৰপন্থী সংগঠনসমূহে কোনো ধৰণৰ কূটাঘাটমূল কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে উজনি অসমৰ লগতে গুৱাহাটী মহানগৰী আৰু নামনি অসমৰ বিভিন্ন স্থানত আৰক্ষীয়ে কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। বিশেষকৈ পাইপলাইন, ৰে'ল পথ, ৰে'ল ষ্টেচন, বাছ আস্থান, দলং আদিৰ দৰে স্পৰ্শকাতৰ স্থানসমূহত নিৰাপত্তাৰক্ষীয়ে কঠোৰ দৃষ্টি ৰাখিছে। একেদৰে অসম সংলগ্ন আন্তঃৰাষ্ট্ৰীয় আৰু আন্তর্জাতিক সীমান্...

August 11, 2025 11:49 AM August 11, 2025 11:49 AM

views 19

ইটানগৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী বিচাৰপীঠৰ নতুন ভৱন মুকলি

● ইটানগৰত কালি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী বিচাৰপীঠৰ নতুন ভৱন মুকলি কৰা হয়। এই ভৱন মুকলি অনুষ্ঠানত অংশগ্রহণ কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গাভায়ে ন্যায় প্রদান ব্যৱস্থাক শাসক আৰু ক্ষমতাশালীৰ মাজত আৱদ্ধ নাৰাখি জনতাৰ দৰবাৰলৈ নিব লাগে বুলি মন্তব্য কৰে। মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, যে জনসাধাৰণে সহজে ন্যায় পোৱাটো নিশ্চিত কৰিব লাগিব। অৰুণাচল প্ৰদেশ আৰু উত্তৰ-পূবৰ অন্যান্য ৰাজ্যত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভূমিকাক প্ৰশংসা কৰি তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়...

August 8, 2025 3:08 PM August 8, 2025 3:08 PM

views 7

দেশৰ উপ-ৰাষ্ট্ৰপতি পদৰ বাবে অহা ৯ ছেপ্তেম্বৰত নিৰ্বাচন

■ দেশৰ উপ-ৰাষ্ট্ৰপতি পদৰ বাবে অহা ৯ ছেপ্তেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। ইয়াৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ২১ আগষ্ট ধাৰ্য কৰা হৈছে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কালি নতুন দিল্লীত এখন সংবাদ মেলযোগে এই বিষয়ে প্ৰকাশ কৰে। অহা ৯ ছেপ্তেম্বৰতেই নিৰ্বাচনৰ ভোটগণনাও কৰা হব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। এন ডি এ-য়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যসভাৰ নেতা জে পি নাড্ডাক মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বাছনি কৰাৰ দায়িত্ব অর্পণ কৰিছে। সংসদীয় চৌহদত অনুষ্ঠিত এন ডি এৰ সংসদীয় দলৰ...

August 8, 2025 1:14 PM August 8, 2025 1:14 PM

views 9

বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰত নৱনিৰ্মিত দ্বিতীয়টো টার্মিনেল ভৱনলৈ আন্তঃৰাষ্ট্ৰীয় স্থাপত্য বঁটা, ২০২৫

বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰত নৱনিৰ্মিত দ্বিতীয়টো টার্মিনেল ভৱনলৈ আন্তঃৰাষ্ট্ৰীয় স্থাপত্য বঁটা, ২০২৫ আগবঢ়োৱা হৈছে। পৰিবহণ শিতানত টার্মিনেল ভৱনটোৱে এই স্বীকৃতি লাভ কৰিছে। বিমান বন্দৰটোৱে অলংকৰণ আৰু সাংস্কৃতিক প্ৰতিনিধিত্বৰ ক্ষেত্ৰত এই সন্মান লাভ কৰিবলৈ সমৰ্থ হৈছে। দ্বিতীয় টার্মিনেল ভৱনটো নিৰ্মাণত বাঁহ আৰু কপৌ ফুলৰ নমুনা সংগ্ৰহ কৰা হৈছে। অসমৰ জৈৱ বৈচিত্ৰ পৰম্পৰাক ভৱনটোৰ ৰূপ আৰু আৰ্হিৰ সৈতে সংলগ্ন কৰি ন-ৰূপত প্ৰদৰ্শন কৰা হৈছে। ১.৪০ লাখ বর্গমিটাৰ এলেকাজোৰা নৱনিৰ্মিত দ্ব...

August 7, 2025 9:19 PM August 7, 2025 9:19 PM

views 14

জে পি নাড্ডাক মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বাছনি কৰাৰ দায়িত্ব অর্পণ

এন ডি এ-য়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যসভাৰ নেতা জে পি নাড্ডাক মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বাছনি কৰাৰ দায়িত্ব অর্পণ কৰিছে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি নতুন দিল্লীত এখন সংবাদ মেলযোগে এই বিষয়ে প্ৰকাশ কৰি কয়, যে সংসদীয় চৌহদত অনুষ্ঠিত এন ডি এৰ সংসদীয় দলৰ নেতাসকলৰ এখন বৈঠকত আজি সর্বসম্মতিক্রমে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। দেশৰ উপ-ৰাষ্ট্ৰপতি পদৰ বাবে অহা ৯ ছেপ্তেম্বৰত নিৰ্বাচন অনুষ্ঠিত হব। এই পদৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ২১ আগষ্ট ধাৰ্য কৰা হৈছে। ...

August 7, 2025 9:18 PM August 7, 2025 9:18 PM

views 10

হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সংসদৰ উভয় সদনৰ কামকাজ ব্যাহত

বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধন আৰু অন্যান্য বিষয় সন্দৰ্ভত বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি এই সপ্তাহৰ চতুৰ্থ দিনাও সংসদৰ উভয় সদনৰ কামকাজ ব্যাহত হয়। দ্বিতীয়বাৰ স্থগিতকৰণৰ পাছত দিনৰ ২ বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী সাংসদসকলে ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ বিষয়টো আলোচনাৰ দাবী জনাই সদনৰ মজিয়ালৈ উঠি আহি ধ্বনি দিবলৈ আৰম্ভ কৰে। সেই সময়ত অধ্যক্ষৰ আসনত থকা সদস্যগৰাকীয়ে কয়, যে ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ বিষয়টো নিৰ্বাচন আয়োগৰ অধীনত আছে আৰু ...

August 7, 2025 9:14 PM August 7, 2025 9:14 PM

views 13

দেশৰ বৰ্ণাঢ্য বয়ন পৰম্পৰাক স্বীকৃতি দি আজি বিভিন্ন অংশত একাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন

দেশৰ বৰ্ণাঢ্য বয়ন পৰম্পৰাক স্বীকৃতি দি আজি বিভিন্ন অংশত একাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰা হয়। ব্ৰিটিছ শাসনক প্রতিহত কৰাৰ অংশ হিচাপে ১৯০৫ চনৰ ৭ আগষ্টত আৰম্ভ কৰা ঐতিহাসিক স্বদেশী আন্দোলনৰ প্ৰতি সন্মান জনাই এই দিৱস পালন কৰা হয়। এই আন্দোলনে থলুৱা উদ্যোগ, বিশেষকৈ হস্ততাঁতশিল্পৰ প্ৰসাৰ ঘটাইছিল। কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰীৰাজ সিঙে আজি নতুন দিল্লীত সন্ত কবিৰ হস্ততাঁত বঁটা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা ২০২৫ প্ৰদান কৰে। সন্ত কবিৰ বঁটাত ৩ লাখ ৫০ হাজাৰ টকা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত ২ লাখ টক...

August 7, 2025 8:49 PM August 7, 2025 8:49 PM

views 12

ৰাজ্য সভাৰ অনুমোদনৰ পিছতে আজি সংসদত উপকূলীয় জাহাজ বিধেয়ক- ২০২৫ গৃহীত

ৰাজ্য সভাৰ অনুমোদনৰ পিছতে আজি সংসদত উপকূলীয় জাহাজ বিধেয়ক- ২০২৫ গৃহীত হয়। বিধেয়কখন ইয়াৰ পূর্বে লোকসভাত অনুমোদিত হৈছিল। এই বিধেয়কখনৰ জৰিয়তে দেশৰ জলসীমাৰ ভিতৰত বাণিজ্যৰ সৈতে জড়িত জাহাজসমূহক সামৰি লোৱা হ'ব। উপকূলীয় জাহাজ পৰিবহন নিয়ন্ত্ৰণৰ সৈতে জড়িত আইনসমূহ একত্ৰিত আৰু সংশোধন, উপকূলীয় বাণিজ্য আৰু ঘৰুৱা অংশীদাৰীত্বক উৎসাহিত কৰাটো এই আইনখনৰ মূল লক্ষ্য। এই বিধেয়কখনে ৰাষ্ট্ৰীয় সুৰক্ষা আৰু ব্যৱসায়িক প্ৰয়াজনীয়তাৰ বাবে দেশৰ নাগৰিকৰ মালিকনাধীন আৰু পৰিচালনাৰ দিশটো নিশ্চিত কৰিব। বিধেয়কখন সন্দ...

August 7, 2025 8:40 PM August 7, 2025 8:40 PM

views 24

এছিয়া মহাদেশৰ বিকাশ আৰু সমৃদ্ধিৰ বাবে ভাৰতৰ সৈতে অংশীদাৰিত্ব কামনা ফিলিপাইনছৰ ৰাষ্ট্ৰপতিৰ

ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফার্ডিনাণ্ড ৰোমনালডেজ মাৰ্কোছ জুনিয়ৰে এছিয়া মহাদেশৰ বিকাশ আৰু সমৃদ্ধিৰ বাবে ভাৰতৰ সৈতে অংশীদাৰিত্ব কামনা কৰিছে। বেংগালুৰত আজি ফিলিপাইনছ-ভাৰত ব্যৱসায় মঞ্চত অংশগ্ৰহণ কৰি দিয়া ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে দুয়োখন দেশে আঞ্চলিক জ্ঞানৰ আদান-প্রদান, যোগান শৃংখলা সুদৃঢ় কৰা আৰু এই খণ্ডত ব্যাপক উদ্ভাৱন সুনিশ্চিত কৰাৰ ক্ষেত্ৰত একেলগে কাম কৰিব পাৰে। তেওঁ বৈদ্যুতিক বাহন, উন্নত বৈদ্যুতিক সামগ্ৰী, পুনৰ নৱীকৰণযোগ্য শক্তি, কৃষি, স্বাস্থ্য আৰু ছাইবাৰ সুৰক্ষা- এই ৬টা খণ্ডত দীঘলীয়া স...